Close

লাইফ ষ্টাইল ডিজাইন

Portrait of healthy woman in pink sports clothing raised her arms and meditating while sitting on green grass in lotus position outdoors

আপুনি নিজৰ জীৱনটো নিজে বিচৰা মতে সজাই ল’ব পাৰেনে? নিজৰ পছন্দৰ জীৱন এটা সৃষ্টি কৰি লোৱাটো সম্ভৱনে? আপুনি ভালপোৱা ধৰণে জীৱনটো জীয়াই থকা সম্ভৱনে? কথাটো সম্ভৱ৷ বহু মানুহে এনে কৰিছিল, কৰিছে আৰু আগলৈকেও কৰি থাকিব৷ ইয়াকে লাইফষ্টাইল ডিজাইন বুলি কোৱা হয়৷

লাইফষ্টাইল ডিজাইন মানে আপুনি নিজে বিচৰা ধৰণে জীৱনটো গঢ়ি তোলা যাতে আপুনি বিচৰা মতে জীৱন এটা জীয়াই থাকিবলৈ পায়৷

আপোনাৰ মা-দেউতাই যেনেধৰণে বাস কৰিছিল, আজি আপুনিও তেনেদৰেই জীয়াই থাকিব লাগিব বুলি কোনো কথা নাই৷ আপোনাৰ বন্ধুসকল বা চিনাকি লোকসকল যেনেদৰে জীয়াই আছে, আপুনিও তেনেদৰেই জীয়াই থাকিব লাগিব বুলি কোনো কথা নাই৷ আপুনি ভালপোৱা বস্তুবোৰ, আপুনি কৰিব বিচৰা কামবোৰ, তাতোকৈ ডাঙৰ কথা আপোনাৰ জীৱনটো আনতকৈ সম্পূর্ণ বেলেগ হ’ব পাৰে৷ আপুনি যদি তেনে এক জীৱনৰ সুবিধা পোৱা নাই, তেন্তে আপুনি তেনে জীৱন এটা নিজৰ বাবে সৃষ্টি কৰি ল’ব লাগিব৷  আপোনাৰ আশা-আকাঙ্খাবোৰ বেলেগ, আপোনাৰপছন্দবোৰ বেলেগ, গতিকে আপুনি আনৰ আশা, আনৰ পছন্দ মতে জীয়াই থাকিব কিয়? আপুনি নিজৰ মতে নিজৰ জীৱনটো গঢ়িব৷ আৰু সেয়াই লাইফষ্টাইল ডিজাইন৷

অৱশ্যে এটা কথা ইয়াত স্পষ্ট কৰি দিয়াটো ভাল হ’ব যে আপুনি বিচৰা আৰু আপুনি কৰাৰ মাজত এটা বৃহৎ পার্থক্য আছে৷ আপুনি কেৱল শুই শুই সুন্দৰ লাইফষ্টাইল এটাৰ সপোন দেখিলেই নহ’ব, যদি আপুনি তাৰবাবে হাতে কামে একো নকৰে, তেন্তে আপোনাৰ সপোনৰ লাইফষ্টাইলটো নিজে নিজেই হৈ নাযায়৷ লগতে অলপ পৰীক্ষা-নিৰীক্ষা চলাব লাগিব কাৰণ তেতিয়াহে আপুনি গম পাব কোনবোৰ বস্তুৱে আপোনাৰ ক্ষেত্ৰত কাম কৰে আৰু কোনবোৰে নকৰে আৰু সেইমতে আপুনি প্ৰয়োজনীয় সালসলনিবোৰ কৰি ল’ব পাৰিব৷ নিজৰ জীৱনধাৰণৰ প্ৰণালী (লাইফষ্টাইল) নিজৰ মতে কৰিবলৈ হ’লে আপুনি নিজে সেয়া কৰিব লাগিব, আনে নকৰা কামো হয়তো কৰিব লাগিব আৰু কথাবোৰ অকণমান নতুনকৈ ভাবিবলৈ চেষ্টা কৰিব লাগিব৷

সাধাৰণতে বহুতে লাইফষ্টাইল ডিজাইন বুলি ক’লে তাৰ লগত অনলাইন বিজনেচ আৰু অৱস্থানৰ পৰা স্বাধীনতাক বুজে৷ কিছুমানে ভাবে যে নিজে নিজে চলি থকা অললাইন বিজনেচ এটাৰ সৃষ্টি কৰি পৃথিৱী ভ্ৰমি ফুৰিব পৰাটোৱেই লাইফষ্টাইল ডিজাইন৷ দুয়োটা বস্তু লাইফষ্টাইল ডিজাইনৰ অন্তর্গত হ’ব পাৰে, কিন্তু অকল এই দুটাই লাইফষ্টাইল ডিজাইন নহয়৷ তাত আন বহু বস্তু থাকিব পাৰে৷ আনকি আপুনি যত আছে তাতে থাকি নিজৰ পছন্দৰ জীৱন এটা সৃষ্টি কৰা কামটোও লাইফষ্টাইল ডিজাইনৰ অন্তর্গত৷

আন এক নাম

লাইফষ্টাইল ডিজাইন বহ আগৰে পৰা চলি আহিছে৷ বহুতে আকৌ এই লাইফষ্টাইল ডিজাইন কামটোক আন এক নামেৰেও জানে৷ সেয়া হ’ল “নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি পোৱা৷” কোনোবা নহয় কোনোবা সময়ত আমি এই প্ৰশ্নবোৰৰ সন্মুখীন হওঁ- “মই এই পৃথিৱীলৈ কিয় আহিছোঁ? এই পৃথিৱীত মই কি কি লাভ কৰিব বিচাৰোঁ? মই কি কৰি আটাইতকৈ বেছি ভাল পাওঁ? মই যি কাম কৰি আছোঁ বা কৰিব বিচাৰো, তাৰ দ্বাৰা মই আন মানুহৰ জীৱনৰ ওপৰত কেনে প্ৰভাৱ পৰাটো বিচাৰো?” এই প্ৰশ্নবোৰৰ উত্তৰবোৰে আপোনাক কেনেধৰণৰ জীৱন এটা আপুনি বিচাৰে সেই কথাটো স্পষ্ট কৰাত সহায় কৰিব৷

এয়া আপোনাৰ কথা

ই সম্পূর্ণৰূপে আপোনাৰ কথা, আপোনাৰ জীৱনটোৰ কথা৷ আপুনি কি কৰিব বিচাৰে, কেনেকৈ কৰিব বিচাৰে, কেনেকৈ জীৱনটো কটাব বিচাৰে, কেনেদৰে জীৱনৰ পৰা সুখ আৰু শান্তি আৰু সন্তুষ্টি আহৰণ কৰিব বিচাৰে তাৰ কথা৷

এয়া পছন্দবোৰৰ কথা

আপোনাৰ জীৱনটো কেনে হ’ব, ইয়াৰ ডিজাইন কেনে হ’ব সেয়া নির্ভৰ কৰিব আপোনাৰ পছন্দবোৰৰ ওপৰত৷ আপুনি কি ভাল পায়, কি বেয়া পায়, কোনবোৰ বস্তু বিচাৰে, কোনবোৰ কাম কৰিবলৈ আৰু কোনবোৰ বস্তু জীৱনলৈ আদৰি আনে এই সকলোবোৰ নির্ভৰ কৰিব আপোনাৰ পছন্দৰ ওপৰত৷ আৰু আপোনাৰ পছন্দবোৰৰ ওপৰত নির্ভৰ কৰি আপোনাৰ জীৱনটোৱে গঢ় ল’ব৷

ই কামৰ কথা

ই কাম নকৰাকৈ অনায়াসে টকা-পইচা ঘটি পৃথিৱী ভ্ৰমণ কৰাৰ স্বপ্ন নহয়, বৰঞ্চ ই হ’ল আপুনি ভালপোৱা কাম ইমান ভালকৈ কৰাৰ কথা যাতে কামৰ ভাল ফলাফল দেখি মানুহ অঅচৰিত হৈ যায় অঅৰু অঅপুনি ফলাফলৰ পৰা সন্তুষ্টি লাভ কৰিব পাৰে৷ আপুনি যি কাম ভাল পায় তাকে ভালকৈ কৰক আৰু তাৰ পৰাই যি ধন-সম্পত্তি আৰু যিমান ঘটিব বিচাৰে সিমান ঘতক৷ কিন্তু তাত আপোনাৰ সন্তুষ্টি নিহিত হৈ থকাটো বৰ জৰুৰী৷

ই উৎসর্গাৰ কথা

নিজৰ মতে নিজৰ জীৱনটো গঢ়ি লোৱাটো ইমান সহজ কাম নহয় আৰু এয়া কৰিবলৈ যাওতে নানাধৰনৰ বাধা আৰু সমস্যাৰ আপুনি সন্মুখীন হ’ব পাৰে কাৰণ আপোনৰ জীৱনটোৰ লগত সমাজ, পৰিবেশ আৰু তেনে নানাধৰণৰ কথা জড়িত হৈ আছে যিবোৰ আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ তাৰোপৰি বহু সময়ত ই সোতৰ বিপৰীতে কৰা কামৰ নিচিনা৷ গতিকে ই আপোনাৰ পৰা উৎসর্গাৰ মনোভাৱ দাবী কৰিব৷ যদি আপুনি নিজৰ জীৱনটো নিজে ডিজাইন কৰিম বুলি বদ্ধপৰিকৰ, তেনেহলেহে আপুনি এয়া কৰিব পাৰিব৷ জীৱনটো নিজৰ মতে কিয় গঢ়িব নোৱাৰিলে সেই বিষয়ে আপুনি অসফল মানুহৰ পৰা নানা ধৰণৰ “বাহানা’ শুনিবই৷

কেনেদৰে আৰম্ভ কৰিব নিজৰ লাইফষ্টাইল ডিজাইন

প্ৰথমতে আপুনি কেনেদৰে লাইফষ্টাইল বিচাৰে সেয়া আপুনি থিৰাং কৰিব লাগিব, কষ্ট কৰিবলৈ সাজু হওক, এটা প্লেন কৰি লওক আৰু কাম আৰম্ভ কৰক৷ আপুনি বিচৰা লাইফষ্টাইলটো থিৰাং কৰোতে আপুনি বহুকেইটা দৰকাৰী বস্তুৰ কথা ভাবিব লাগিব- কেনেকুৱা জীৱন প্ৰনালী আপুনি বিচাৰে, আপোনাৰ বর্তমান বা ভবিষ্যত পৰিয়ালৰ সৈতে ইয়াক কেনেদৰে খাপ খুৱাই ল’ব পাৰি, কি কি সালসলনি কৰিব লাগিব, বর্তমানৰ আপোনাৰ চিন্তা-চর্চাৰ কিবা সালসলনি কৰিব লাগিব নেকি, আপুনি নতুন কিবা স্কিল শিকিব লাগিব নেকি, সময়ৰ মেনেজমেন্ট (টাইম মেনেজমেন্ট) কেনেদৰে কৰিব লাগিব, তাৰবাবে কিমান টকা-পইচাৰ প্ৰয়োজন হ’ব, আপোনাৰ জীৱনৰ লগত যুক্ত হৈ থকা আন মানুহবোৰৰ জীৱনত কেনে প্ৰভাৱ পেলাব আৰু সেই প্ৰভাৱ যদি নিগেটিভ তাক কেনেদৰে নোহোৱা কৰিব পাৰি বা কমাব পাৰি ইত্যাদি কথা আপুনি থিৰাং কৰি ল’ব লাগিব৷

লাইফষ্টাইল ডিজাইনৰ এটা গুৰুত্বপূর্ণ অংশ হল অৱস্থানৰ পৰা মুক্তি বা স্বাধীনতা

লাইফষ্টাইল ডিজাইনক কিছুমানে একো কাম কৰিব নলগাকৈ, যত ইচ্ছা তাত ঘূৰি ফুৰিব পৰা, দেশ-বিদেশ ভ্ৰমণ কৰিব পৰা, এটা অৱস্থা বুলি ধৰি লয় যত আপুনি টকা-পইচা ৰ কথা চিন্তা কৰিব নালাগে৷ কিন্তু কথাটো প্ৰকৃততে তেনে নহয়৷ কাম নকৰাকৈ আপুনি বেছি দিন থাকিব নোৱাৰিব আৰু ঠাই এটুকুৰা যিমানে ভাল নহওক কিয় এটা সময়ৰ পিছত সি বিৰক্তিকৰ হৈ পৰিব পাৰে৷ গতিকে লাইফষ্টাইল ডিজাইন মানে আচলতে আপুনি বিচৰা ধৰণৰ এনে এটা জীৱন সৃষ্টি কৰা যত আপুনি যি কাম কৰিব বিচাৰে সেই কাম আপুনি বিচৰা ধৰণেৰে কৰিব পৰাটোহে যাতে আপুনি সুখ আৰু শান্তিৰে জীৱনটো কটাব পাৰে৷ ইয়াত মুখ্য কথা হ’ল সুখ আৰু শান্তি৷ ইয়াত প্ৰধান কথা হ’ল জীৱনত সন্তুষ্টি লাভ কৰাটো৷ কামৰ পৰা বা দ্বায়িত্বৰ পৰা পলোৱাটো নহয়৷

অকল নানা ঠাই ভ্ৰমণ কৰিলেই আপুনি সুখী হ’ব নোৱাৰে৷ আপুনি কেতিয়াবা মন কৰিছেনে যে এঠাইৰ পৰা আন এঠাইলৈ গলেও আপোনাৰ দুখ, কষ্টৰ, বেদনাৰ কোনো সালসলনি নহয়, কাৰণ এইবোৰ আপোনাৰ মনৰ ওপৰতহে নির্ভৰ কৰে, ঠাই টুকুৰাৰ ওপৰত নকৰে৷

গতিকে নিজৰ লাইফষ্টাইল ডিজাইন কৰোতে আপুনি কিছুমান কথা মনৰ ৰাখিব লাগিব৷ আপোনাৰ বাবে প্ৰকৃততে কি কি গুৰুত্বপূর্ণ বা মানুহ সুখী হ’বলৈ হ’লে কি কি কথাৰ প্ৰয়োজন সেই কথা জানিলে আপোনাৰ সুবিধা হ’ব৷ এনেবোৰ কথাৰ ভিতৰত- আন মানুহৰ লগত নিকট আৰু অর্থপূর্ণ সম্বন্ধ, নিজে ভাল পোৱা কাম এটা কৰিবলৈ পোৱাটো, হবি, ইত্যাদি৷ আটাইতকৈ ডাঙৰ কথাবোৰ আমি সুখী মানুহবোৰৰ পৰা শিকিব পাৰোঁ, যিবোৰ কথা হ’ল- জীৱনটোক সহজভাৱে লোৱা, মূহুর্তবোৰ উপভোগ কৰা আৰু জীৱনটোক বৰ বেছি গুৰুত্ব প্ৰদান নকৰা৷

যদি আপুনি নিজৰ বর্তমানৰ জীৱনটো ভাল নাপায় বা বর্তমানতকৈ  ভাল এটা জীৱন নিজৰ আৰু পৰিয়ালৰ বাবে বিচাৰে, তেন্তে তাৰ উপায় হ’ল লাইফষ্টাইল ডিজাইন৷ আপুনি বিচৰা জীৱন এটা সৃষ্টি কৰিবলৈ কি কি লাগে সেয়া বিচাৰি উলয়াওক আৰু সেইবোৰ নিজৰ জীৱনলৈ আনিবলৈ চেষ্টা আৰম্ভ কৰক৷ নিজৰ মতে, নিজে বিচৰা ধৰণৰ এটা জীৱন জীয়াই থকাতকৈ আৰু বেছি আনন্দ, সুখ, সন্তুষ্টি আৰু শান্তি আন কিহে দিব পাৰে? আৰু অকণমান চেষ্টা কৰিলে আপুনিও নিজৰ জীৱনটো নিজে বিচৰা ধৰণে গঢ়ি ল’ব পাৰিব৷ কিয়? কাৰণ বহু মানুহে ইতিমধ্যে সেয়া কৰি লৈছে আৰু তেওঁলোকে যদি পাৰে আপুনি নোৱাৰাৰ কিবা কথা আছে নেকি? এবাৰ হলেও সম্পূর্ণ শক্তিৰে তাকে কৰিবলৈ চেষ্টা কৰি চাও আহকচোন, কিজানিবা আপুনি পাৰেই৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top