Close

যেতিয়া কোনেও আপোনাক সহায় নকৰে, চাপর্ট নকৰে, আপুনি কি কৰিব?

যেতিয়া কোনেও মোক সহায় নকৰে, চাপর্ট নকৰে তেতিয়া মোৰ হাতত দুটা উপায় আছে-

কামটো সম্পূর্ণৰূপে বাদ দি সেই মানুহবিলাকে যি কয় তাকে কৰা

অথবা

কোনেও সাহায্য নকৰিলেও মই যি কৰিব বিচাৰো তাকে কৰা৷

এই দুটা পচন্দ আপোনাৰ হাতত সদায় থাকিব৷ আৰু তাৰে যিটো আপুনি বাচি লয় তাৰ ওপৰত নির্ভৰ কৰি আপোনাৰ জীৱনটো তেনেকুৱাই হ’ব৷ এই যে জীৱনটো বেলেগ হৈ গ’ল সেয়া আপুনি এটা সময়ত গম পাব, জীৱনৰ পিছৰ এছোৱাত৷

কোনেও আপোনাক সহায় নকৰিলে, আপোনাৰ কাষত থিয় নিদিলে আপুনি নিজে নিজৰ বাবে এটা সাহায্য বা চাপর্ট চিষ্টেম বনাই লওক৷ পাৰিনে তেনে কৰিব? নিশ্চয় পাৰি৷

কি কি থাকিব এই চাপর্ট চিষ্টেমটোত?

এক মটিভেচনেল ৰিচ’র্চ-

ইয়াত থাকিব মটিভেচনেল কিতাপ, চিনেমা, ভিডিও, কথা, ছবি, ব্লগ, ৱেবচাইট ইত্যাদি৷ এই মটিভেচনেল সম্পদবিলাকে আপোনাক প্ৰতিদিনে মটিভেট কৰি থাকিব, অনুপ্ৰাণিত কৰি থাকিব৷ আপোনাৰ যদি মনটো বেয়া লগিছে তেন্তে ইয়াৰ পৰা ভিডিঅ এটা চাই, অডিঅ এটা শুনি, লিখা এটা পঢ়ি আপোনাৰ মনটো ততালিকে আকৌ সজীৱ হৈ উঠিব, আপুনি আকৌ কাম কৰিবলৈ শক্তি আৰু সাহস পাব৷ এইবোৰেই সদায় আপোনাক আকৌ যুদ্ধ কৰিবলৈ সাহস দিব, সাজু কৰি তুলিব৷ এনে বস্তুবোৰ থাকিলে আপোনাক আৰু আনৰ সহায়ৰ দৰকাৰ নহ’ব৷

চেলফ টক

আপুনি নিজৰ লগত কথা পাতিব লাগিব৷ মাত্ৰ সাৱধান হ’ব ই সম্পূর্ণৰূপে পজিটিভ হ’ব লাগিব৷ নিজে নিজকে অনুপ্ৰাণিত কৰিব লাগিব আপুনি যি কৰিব বিচাৰে সেয়া কৰাৰ বাবে, যি কৰি আছে সেয়া কৰি থকাৰ বাবে৷

কেতিয়াবা আপুনি কিবা এটা কাম কৰিলে কিন্তু বিচৰা ফলাফল নাপালে৷ এতিয়া নিজৰ লগত কথা পাতোতে আপুনি নিজকে গালি-শপনি পাৰি, ‘মোৰ কাম নাই,’ ‘মই আগতেও নোৱাৰো আজিও নোৱাৰোঁ’ আদি কথা নিজকে ক’ব নালাগে৷ বৰঞ্চ আপুনি নিজকে সুধিব পাৰে, ‘কিয় কামটো বিচৰামতে নহ’ল,” ‘কি ভুল কৰিলোঁ’ বুলি সুধিব পাৰে৷ অৰু যি ভুল কৰিলে সেয়া গম পোৱাৰ পিছত ‘আকৌ এই ভুলটো আৰু ৰিপিট নকৰোঁ,’ বুলি নিজৰ আগত দৃঢ়তাৰে প্ৰতিজ্ঞা কৰিব পাৰে৷ নিজকে সুধিব পাৰে ‘এতিয়া কি কৰিব পাৰোঁ,’৷ লগতে আপুনি নিজকে ক’ব পাৰে ‘ভাই, বেছি চিন্তা নকৰিবি, এইবাৰ নোৱাৰিলি, একো কথা নাই, অহাবাৰ তই পাৰিবিয়েই৷ মই জানো৷ এইবাৰ নাই হোৱা কি ডাঙৰ কথা হ’ল, আকৌ এবাৰ কৰোঁ, এইবাৰ কৰিহে এৰিম৷ ব’ল কামটো আকৌ কৰোঁ” বুলি ক’ব পাৰে৷

আপোনাৰ চেলফ টক পজিটিভ নে নিগেটিভ তাৰ ওপৰত নির্ভৰ কৰিব আপোনাৰ মানসিক অৱস্থা কেনে হ’ব৷ গতিকে সাৱধান হ’ব৷

আৰু এটা ডাঙৰ কথা আছে-

আনৰ পৰা টকা-পইচা লোৱা বাদ দিয়ক-

নিজে ঘটিবলৈ আৰম্ভ কৰক৷ অর্থনৈতিক স্বাৱলম্বন আপোনাৰ বাবে প্ৰথম খোজ৷

কোনোবাই যদি আপোনাক চাপর্ট নকৰে, জোৰকৈ আন কিবা কৰিবলৈ কয়, তেওঁৰ পৰা টকা-পইচা লোৱাতকৈ আপুনি নিজে উপার্জন কৰিবলৈ আৰম্ভ কৰক৷ কমকৈ, সৰুকৈ হলেও আৰম্ভ কৰক আৰু তেতিয়া তেওঁৰ কথা আৰু আাপুনি শুনিব নালাগে৷

নিজৰ চাপর্ট চিষ্টেম এটা নিজে বনাই লওক যাতে আপুনি আনৰ ওপৰত নির্ভৰ কৰিব নালাগে৷ নিজে নিজৰ ওপৰত নির্ভৰ কৰক আৰু আন কোনেও আপোনাক ৰখাব নোৱাৰে, আপোনাৰ গতি ৰূদ্ধ কৰিব নোৱাৰে৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top