Discomfort is uncontrollable but suffering is a choice
আমি যন্ত্ৰণাক নিয়ন্ত্ৰণ কৰিব নোৱাৰো কিন্তু যন্ত্ৰণা ভোগ কৰা বা নকৰাটো আমাৰ নিজৰ পচন্দ৷
অস্বস্তি বা অসুবিধাৰ পৰা আমি সাধাৰণতে যন্ত্ৰণা পাও৷ যন্ত্ৰণাৰ সৃষ্টি দুটা বস্তুৰ পৰা হয়৷
ভবিষ্যতৰ বাবে ভয় আৰু অতীতৰ পৰা পোৱা দুখ
Suffering= Fear (Future) + Pain (Past)
আপোনাৰ জীৱনত কষ্ট, দুখ, ভয় থাকিবই৷ সেয়া আমাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ কথা৷ কষ্ট, দুখ, ভয় নহাটো আমি কৰিব নোৱাৰোঁ, কাৰণ জীৱনৰ সকলোবোৰ কথা আমাৰ নিয়ন্ত্ৰণত নাথাকে৷ কেতিয়াবা বেমাৰ-আজাৰৰ বাবে কষ্ট, দুখ, ভয় আহিব পাৰে, বা আনে এৰি থৈ যোৱা বাবে, আনৰ ব্যৱহাৰৰ বাবে, পৰিবেশৰ বাবে, টকা-পইচা নথকাৰ বাবে, বা কেতিয়াবা আন কিবা কথাৰ বাবে হ’ব পাৰে৷ কিন্তু এই কষ্ট, দুখ, ভয় আদিক আমি যন্ত্ৰণালৈ পৰিৱর্তিত হ’বলৈ নিদিয়াকৈ ৰাখিব পাৰোঁ৷
পার্থক্যটো কি?
শাৰীৰিক কষ্টৰ বায়’লজি আৰু চাইক’ল’জি দুয়োটা ভাগ থাকে৷ যেতিয়া আপুনি কিবা এটা শাৰীৰিক কষ্ট পায় তেতিয়া তাৰ এটা ৰেচপনছ বা প্ৰতিক্ৰিয়া আমাৰ শৰীৰে কৰে৷ আপুনি কৰবাত শাৰীৰিক দুখ পালে সেই কথা আপোনাৰ মগজু চেন্ট্ৰেল নার্ভাছ চিষ্টেমলৈ গ’ল যে শৰীৰত কিবা এটা সমস্যা হৈছে৷ সেয়া হ’ল এই কষ্টৰ বায়’ল’জি৷ কিন্তু ইয়াৰ চাইক’ল’জি হ’ল এই যে এই বিষ বা কষ্টক আমি এটা অর্থ দিও, ব্যাখ্যা দিও৷ আমাৰ মনৰ বিশ্বাস আৰু চেলফ টকে নির্ণয় কৰে আমি কেনেদৰে এই সমস্যাটোৰ ব্যাখ্যা দিও আৰু ইয়াৰ অর্থ উলিয়াও৷ আৰু এয়াই যন্ত্ৰণা৷
যন্ত্ৰণা হ’ল দুখ, কষ্ট, ভয়ৰ প্ৰতি আমাৰ মানসিক আৰু আৱেগিক প্ৰতিক্ৰিয়া বা ৰিয়েকচন৷ তাৰমানে যদিও শাৰীৰিক বা মানসিক, কিবা এটা কাৰণে আমি দুখ, কষ্ট, ভয় আদি অনুভৱ কৰিব পাৰোঁ, তাক আমি কেনেদৰে ব্যাখ্যা কৰোঁ, কি অর্থ দিও সেয়া আমাৰ নিজৰ হাতত আছে৷ আমাৰ বিশ্বাস আৰু চেলফ টক দুয়োটাৰ ওপৰত এই কথা নির্ভৰ কৰিব৷
বুদ্ধৰ মতে দুখ, কষ্ট
বুদ্ধই দুখ, কষ্ট ক এডাল কাড়ৰ লগত তুলনা কৰিছিল৷ তেওঁ কৈছিল যে মানুহ এজনে যেতিয়া শাৰীৰিক বা আৱেগিক দুখ-কষ্ট অনুভৱ কৰাটো তেওঁক এডাল কাড়ে বিন্ধাৰ নিচিনা কথা৷ কিন্তু বেছিভাগ কাড়ে বিন্ধা মানুহে তাতেই ৰৈ দিয়াতকৈ, ঘূৰি নিজকে দ্বিতীয় এডাল কাড় মাৰে৷ সেই দ্বিতীয় কাড় ডাল হ’ল-এই অভিজ্ঞতাটোৰ ব্যাখ্যা আৰু তাৰ প্ৰতি প্ৰতিক্ৰিয়া আৰু তাক বাধা দিয়াৰ চেষ্টা৷ তেওঁলোকে বাৰে বাৰে সেই কথাটোকে পাগুলি থাকে, দুঃচিন্তা কৰি থাকে যে ই কেতিয়াও শেষ নহ’বই, ই অভিজ্ঞতাই তেওঁলোকৰ নিজৰ বিষয়ে কি বুজায় সেয়া ব্যাখ্যা কৰি থাকে, এই অভিজ্ঞতাটোক বাধা দিয়াৰ চেষ্টা কৰে আৰু নিজকে কাম নাই বুলি ভাবে৷
প্ৰথম কাড় ডাল দুখ-কষ্ট, দ্বিতীয় কাড় ডাল যন্ত্ৰণা৷
দুখ-কষ্ট আদি জীৱনত থাকিবই আৰু সেইবোৰ আহিলে আমি অশান্তি, দুখ, অসুবিধা পামেই৷ কিন্তু সেইবোৰক যন্ত্ৰণালৈ ৰূপান্তৰিত কৰিম নে নকৰিম সেয়া আমাৰ নিজৰ পচন্দ৷ কথাটো ইমান সহজ নহয়, কিন্তু সেয়া কৰিব নিশ্চয় পাৰি৷
এটা কথাই আপোনাক সহায় কৰিব পাৰে৷ এই পৃথিৱীত সকলোবোৰ অনিত্য৷ অর্থাৎ কোনো বস্তুৱে চিৰকাল নাথাকে৷ কোনো মানুহ, ভাল দিন, বস্তু এটা চিৰকাল নাথাকে৷ তেনেদৰেই আপোনাৰ দুখ-কষ্টবোৰো অনিত্য৷ এইবোৰ আহিব, কিছু সময় থাকিব আৰু এটা সময়ত নিজে নিজে নোহোৱা হৈ যাব৷