Close

আমাৰ আশাবোৰ

সূর্যটো কাইলৈ ৰাতিপুৱা আকৌ উদয় হ’ব বুলি ভাবিয়েই জানো আমি আজি শুবলৈ নাযাও? যদি কাইলৈ আমি বাচি নাথাকিম বুলি জানিলোঁহেঁতেন তেন্তে আমি জানো শান্তিৰে শুবলৈ যাব পাৰিলোঁহেঁতেন? একমাত্ৰ কাইলৈৰ বাবে আশা আছে বাবেহে আমি বাচি থাকো৷

আমি সদায় আশা কৰো যে কাইলৈৰ দিনটো বেলেগ হ’ব আৰু বেছি ভাল হ’ব৷ এই আশাটো আছে বাবেহে আমাৰ জীৱনবোৰ আছে আৰু আমি নতুন নতুন কাম, কথা চিন্তা কৰিছো আৰু সেয়া কার্যত পৰিণত কৰিছোঁ৷ আশা নথকা হ’লে কিহৰ বাবে আমি কৰিবলগীয়া কামবোৰ কৰিলোঁহেঁতেন বা কৰিলেও কিমান ইচ্ছাৰে কৰিলোঁহেঁতেন?

আশা অবিহনে কি আছে?

আশা আৰু আত্মবিশ্বাস অবিহনে আপুনি কি লাভ কৰিব পাৰিব?  আশাই আমাক জীয়াই ৰাখে৷ আজি যদি মই ভবা মতে একো হোৱা নাই বা মোৰ জীৱনত একো ভাল হোৱা নাই তথাপিও একমাত্ৰ আশাৰ বাবেই মই মোৰ জীৱনটো জীয়াই থাকিব পাৰিছোঁ৷

এনে এক অন্ধকাৰ দিন বা সমস্যা নাই যাৰ সমিধান নাই যিয়ে ৰাতিপুৱা বা আশাক পৰাজিত কৰিব পাৰে৷ ৰাতিটোক বা আন্ধাৰক বা কলা ৰঙক যদি কোনোবাই হতাশাৰ লগত তুলনা কৰে, তেন্তে  ৰাতিপুৱা, দিনটোক, পোহৰক বা বগা ৰঙক আশাৰ লগত তুলনা কৰিব লাগিব৷ আৰু যেনেদৰে ৰাতিপুৱাৰ পোহৰে আমাৰ জীৱনবোৰ পোহৰাই তোলে তেনেদৰে আশাইও আমাৰ জীৱনবোৰ পোহৰাই তোলে৷

ৰাতিটো যিমানে অন্ধকাৰ নহওক কিয় তাৰ পিছত ৰাতিপুৱা বা পোহৰ হ’বই৷ তেনেদৰে যিমানে ডাঙৰ সমস্যা নহওক কিয়, তাৰ পৰা আপুনি বাহিৰ ওলাই আহিবই আৰু তাৰ কিবা এটা সমাধান আপুনি বিচাৰি পাবই৷

আশাৰ শক্তি

এই আশা থকাৰ বাবেই নানা ধৰণৰ বেমাৰত ভূগা, চিকিৎসকে চিকিৎসকে আৰু চিকিৎসা নাই বুলি হাত দাঙি দিয়া বেমাৰীয়েও নিজৰ মনোবল আৰু আশাৰ জৰিয়তে নিজকে সুস্থ কৰি তুলিব পাৰিছে৷ আশা থকা বাবেই প্ৰায় হাৰো হাৰো হোৱা খেলতো জিকি খেলুৱৈসকলে দেশৰ সন্মান ৰক্ষা কৰিছে৷ এক ভাল দিনৰ আশা থকা বাবেই দুখ-কষ্টৰে জর্জৰিত দুখীয়া জীৱন কটাইও মানুহে নিজৰ জীৱনবোৰ চলাই লৈ গৈ আছে৷ আশা আছে বাবেই এবাৰ কিবা এটা কাম নোৱাৰিলেও বা বিচৰা ফলাফল নাপালেও আমি সেই কামটোত লাগি থাকিব পাৰিছোঁ আৰু সেই এদিন বিচৰা ফলাফলটো লাভ কৰিব পাৰিছোঁ৷

জীৱনৰ আন আন ক্ষেত্ৰত থকাৰ দৰেই সমস্যাৰ ক্ষেত্ৰতো আশাৰ এক ডাঙৰ ভূমিকা আছে৷ কি সেয়া ভূমিকা?

সমস্যাবোৰক অলপ বেলেগ ধৰণে চাও আহক

সমস্যাবোৰ যেতিয়া হয়, তেতিয়া আমাৰ মানসিক অৱস্থা বেয়া হৈ থাকে আৰু কোনো কথাই সহজে আমাক শান্তি দিব নোৱাৰে৷ কিন্তু যদি আপুনি এই সমস্যাবোৰক অলপ বেলেগ ধৰণে চাবলৈ শিকে আৰু তেনেদৰে চাবলৈ আৰম্ভ কৰে, তেন্তে ইয়াৰ মাজতো আপুনি কিছুমান ভাল কথা বিচাৰি পাব৷ মই অকল পজিটিভ চিন্তা কৰিবলৈ কোৱা নাই৷ মই কৈছো আপোনাৰ দৃষ্টিভংগীটোক অলপ সলনি কৰাৰ কথা৷ যেতিয়া সমস্যাটোৰ পৰা পোৱা আঘাতৰ অলপ উপশম হয়, তেতিয়া ভালদৰে চিন্তা কৰি চাওকচোন৷ তাৰ পৰা আজি কষ্ট হলেও দীর্ঘদিনৰ কথা মন কৰিলে আপোনাৰ কিবা কামত আহিব নেকি? আপুনি নতুন কিবা কথা বাধ্যত পৰি হলেও শিকিবলগীয়া হৈছে নেকি? আপুনি মানসিক ভাবে আৰু বেছি শক্তিশালী হৈছে নেকি? যদি আপোনাৰ কিবা লাভ হৈছে, তেন্তে অলপ কষ্ট পালেও বা অশান্তি পালেও ই আপোনাৰ বাবে ভাল নহ’ল জানো?

আপুনি কিবা এটা ভুল সিদ্ধান্ত ল’লে আৰু তাৰ ফলত টকা-পইচাৰ ক্ষেত্ৰত আপুনি বিৰাট অসুবিধাত পৰিল৷ নিজৰ ভুলৰ বাবে আপুনি আজি নানা অশান্তি আৰু কষ্ট ভোগ কৰিবলগীয়া হৈছে৷ এই অৱস্থাত আপুনি লাহে লাহে প্ৰতিটো টকাৰ সদব্যৱহাৰ শিকিব লগীয়া হ’ল কাৰণ আপোনাৰ হাতত এই বস্তুটো বৰ কম৷ আপুনি এই সময়তে মন কৰা আৰম্ভ কৰিলে যে আপুনি কিছুমান অদৰকাৰী বস্তুত বহু টকা-পইচা খৰছ কৰি আহিছে আৰু তাৰে কেইটামান নহলেও আপোনাৰ বা পৰিয়ালৰ একো অসুবিধা নহয়৷ আপুনি নিজকে আৰু জীৱনটোক আৰু ভালদৰে চাবলৈ শিকিলে লগতে অযথা কিছুমান খৰছৰ অভ্যাসবোৰো সলালে৷ ইমানদিনে যিবোৰ টকা-পইচা সংক্ৰান্তীয় কথা আপুনি মন কৰা নাছিল সেইবোৰ এতিয়া আপুনি মন কৰিলে অঅৰু ফলত আপোনাৰ বিত্তীয় অব্যৱস্থাটো এক শক্তিশালী ব্যৱস্থাত পৰিণত হ’ল৷ এতিয়া এই ক্ষেত্ৰত আপোনাৰ লগত ভাল হ’ল নে বেয়া হ’ল?

বেয়াৰ মাজত কি ভাল আছে সেয়া চাব জনাটোও এক ডাঙৰ কথা কাৰণ ই আপোনাৰ জীৱনটো সম্পূর্ণৰূপে সলনি কৰি পেলাব পাৰে৷ ই এটা এটিটিউড আৰু যাৰ এই এটিটিউডটো আছে তাক কোনেও জীৱনত সফল হোৱাৰ পৰা আৰু জীৱনটোক সম্পূর্ণৰূপে উপভোগ কৰাৰ পৰা আতৰাই ৰাখিব নোৱাৰে৷ ই বৃদ্ধি কৰিব আপোনাৰ আশাবোৰ আৰু জীৱনৰ প্ৰতি এক পজিটিভ দৃষ্টিভংগী৷ আশাবোৰ থাকিলেহে আপুনি এনে এক পজিটিভ এটিটিউডৰ কথা চিন্তা কৰিব পাৰিব৷

“Only in the darkness can you see the stars.” – Martin Luther King Jr. আপোনাৰ সমস্যাবোৰ হোৱা বাবেহে হয়তো আপুনি নিজৰ মাজত থকা ভাল, শক্তিশালী কথাবোৰ দেখিবলৈ আৰম্ভ কৰিছে৷ আকোৱালি লও আহক এই সমস্যাবোৰক অঅৰু তাৰ লগত যুক্ত কৰো আমাৰ আশাবোৰ৷

আশাবোৰৰ পৰা শক্তি গোটাই লও আহক

যদি আপোনাৰ কেতিয়াবা ভাব হয় যে আপুনি একেবাৰে অন্তিম অৱস্থাত আহি উপনীত হৈছে, তেন্তে তাতে অলপ সময় ধৰি চুপ চাপ বহি থাকক, আশা এৰি নিদিব৷ বেয়া সময়খিনি পাৰ হৈ যোৱালৈ ধৈর্য ধৰি তাতে ৰওক আৰু আপোনাৰ হাতত অৱস্থাটো ভাললৈ সলনি কৰিবলৈ যি যি কৰিব পৰা কাম আছে (আপুনি কি কি কৰিব পাৰে) তাকে কৰক৷

যদি আপোনাৰ জীৱনত আশাবোৰ আছে, তেন্তে আপুনি যিকোনো ধৰণৰ পৰিস্থিতিতে খাপ খুৱাই চলিব পাৰিব, কিন্তু যদি আপোনাৰ কোনো ধৰণৰ আশা নাই, তেন্তে যিকোনো সৰু পৰিস্থিতিতে আপুনি হতাশ হৈ পৰিব আৰু হাত দাঙি নিজৰ পৰাজয় স্বীকাৰ কৰি ল’ব৷ আৰু এবাৰ পৰাজয় স্বীকাৰ কৰি লোৱাৰ পিছত আপোনাৰ জীৱনটো কেনে হ’ব? হতাশা আৰু নিৰাশাৰ অটল গহ্বৰত হেৰাই যোৱাৰ পৰা আমাক ৰক্ষা কৰি থাকে এই আশাবোৰে৷ এই আশাবোৰে নিশ্চিত কৰে যে প্ৰতিটো পৰাজয়ৰ পিছত আমি আকৌ মাটিৰ পৰা, আঠু কাঢ়ি থকাৰ পৰা থিয় হ’ম আৰু আমাৰ জীৱনবোৰ আকৌ নতুনকৈ আৰম্ভ কৰিম৷ এই নতুন যাত্ৰাৰ দিশ নির্ণয়ক হ’ব আমাৰ আশাবোৰ৷

গতিকে সুখী হৈ থাকক, পজিটিভ হৈ থাকক৷ নিজৰ কৰিবলগীয়া কামবোৰ এশ শতাংশ দি কৰক, কষ্ট কৰক, আৰু কেতিয়াও হাত দাঙি নিদিব৷ আৰু তেতিয়া আপুনি দেখিবলৈ পাব আমাৰ আশাবোৰে আমাক কিমান দূৰ আগুৱাই নিব পাৰে৷ চেষ্টা কৰো আহক৷

ভিক্তৰ ফ্ৰেংকলৰ কাহিনী

ভিক্তৰ ফ্ৰেংকল নাজী কনচেনট্ৰেচন কেম্পত কাৰাবন্দী হৈ আছিল৷ এনে কেম্পবোৰতে লাখ লাখ ঈহুদীৰ গেচ চেম্বাৰ, গুলী, দুখ-যন্ত্ৰণা আৰু নানা ধৰণৰ অত্যাচাৰত মৃত্যু হৈছিল৷ তাতে তেওঁৰ মাক, দেউতাক, ভ্ৰাতৃ আৰু গর্ভৱতী পত্নীৰ মৃত্যু হৈছিল৷ তেওঁ এখন কিতাপ লিখিছিল- “মেনচ চার্চ ফৰ মিনিঙ” যি এখন প্ৰখ্যাত কিতাপ আৰু কোটি কোটি মানুহে এই কিতাপখন পঢ়িছে৷ আশাৰ বিষয়ে কিছু কথা তেওঁৰ কাহিনীৰ পৰা জানিব পাৰি৷

যেতিয়া এবাৰ কনচেনট্ৰেচন কেম্পৰ ৰুটিন জীৱন মানি চলা আৰম্ভ কৰে, তেতিয়া আঘাতৰ পৰা তেওঁ উদাসীন অৱস্থালৈ গতি কৰে৷ সকলো ধৰণৰ ভ্ৰম নোহোৱা হৈ তেওঁলোক কেম্পৰ আঘাত আৰম্ভ হয়৷ কয়দীসকলে শিকে যে যদি তেওঁলোকে যদি কোনোধৰণৰ আৱেগ প্ৰকাশ নকৰে, যন্ত্ৰণা আৰু মৃত্যুৰ প্ৰতি যদি তেওঁলোকে উদাসীনতা প্ৰকাশ কৰে তেনেহ’লে তেওঁলোক জীয়াই থকা সম্ভাৱনা বেছি হৈ পৰে৷ কিছু সময় পাৰ হোৱাৰ পিছত কিছুমান কাৰাবন্দী উদাসীনতাৰ পৰা হতাশাগ্ৰস্ত অৱস্থালৈ গতি কৰে৷ তেওঁলোক ইমান গভীৰ হতাশাৰ কবলত পৰে যে তেওঁলোকে লৰচৰ কৰিব নোৱাৰা হৈ পৰে, গা-ধোৱা-কাপোৰ ধোৱাৰ নিচিনা কামো কৰিব নোৱাৰা হয়, আৰু কাৰাবন্দীসকলে বাধ্যতামূলকভাৱে কৰিবলগীয়া মার্চো কৰিব নোৱাৰা হৈ পৰে৷ কোনো যুক্তি, কোনো কথা, কোনো আদেশ বা কোনো শাস্তিয়ে তেওঁলোকক এই কামবোৰ কৰিবলৈ বাধ্য কৰিব নোৱাৰে৷ ফ্ৰেংকল আৰু আন কিছুমান লোকে, যিয়ে হতাশা আতৰাব পাৰিছিল তেওঁলোকে আন কাৰাবন্দীসকলক মনত পেলাই দিছিল যে জীৱনে তেওঁলোকৰ পৰা এতিয়াও কিবা আশা কৰিছিল, তেওঁলোকৰ জীৱনত এতিয়াও কিবা আশা বাকী আছিল৷ কাৰোবাৰ বাবে হয়তো পৰিবাৰ, কাৰোবাৰ বাবে হয়তো নিজৰ সন্তানে জেলৰ বাহিৰত অপেক্ষা কৰি আছিল৷ কাৰোবাৰ বাবে হয়তো কৰিবলগীয়া কামবোৰে অপেক্ষা কৰি আছিল৷

ফ্ৰেংকলে লিখা মতে কেম্পত এজন কাৰাবন্দী কি হৈ পৰিব সেয়া নির্ভৰ কৰিছিল “আন্তৰিক এক সিদ্ধান্তৰ বাবে, কেবল কেম্পৰ পৰিস্থিতিৰ বাবে নহয়৷” ডিপ্ৰেচন আতৰাই ৰাখিবৰ বাবে তেওঁলোকে ইজনে সিজনক খাদ্যৰ কথা নাপাতিবলৈ শিকাইছিল যত প্ৰতিদিনে খাদ্যাভাৱত মৃত্যু হোৱাটো এক নৈমিত্তিক কথা আছিল৷ ইজনে সিজনক তেওঁলোকৰ মূল্যবান চিন্তা আৰু স্মৃতিবোৰ মনত পেলাবলৈ জোৰ দিছিল৷ এনেদৰে তেওঁলোক জীয়াই আছিল৷ তেনে পৰিস্থিতিত হাৰ নমনাকৈ জীয়াই থকা কথাটো সম্ভৱ হৈছিল একমাত্ৰ ভবিষ্যতৰ বাবে তেওঁলোকৰ আশাবোৰৰ বাবে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top