Close

সফলতা, সার্থকতা আৰু সুখ

আমি প্ৰায়ে সফলতাত বেছিকৈ গুৰুত্ব দিও৷ কেনেদৰে সফল হ’ব পাৰি, কেনেকৈ কি কৰিলে সফল হ’ব পাৰি সেই কথাবোৰ আমি বিচাৰোঁ, কাৰণ সফল মানুহককে সমাজে গুৰুত্ব দিয়ে৷ যদিও সকলোৰে বাবে সফলতা মানে কি সেয়া বেলেগ বেলেগ হ’ব পাৰে, তথাপি আমি বহুতেই সফলতাহে আন সকলো কথাতকৈ গুৰুত্ব বেছিকৈ দিও৷ কিন্তু আমি আন দুটা কথাক একেবাৰে গুৰুত্ব নিদিও৷ সেই দুটা কথা হ’ল – সার্থকতা আৰু সুখ

সার্থকতা

সফলতা অতিক্ৰম কৰি গৈ আমি সার্থকতা লাভ কৰিব পাৰোঁ৷ সফলতা কেতিয়াবা অকল মোৰ ক্ষেত্ৰত হ’ব পাৰে যেনে মই টকা-পইচা ঘটি কোটিপতি হ’লোঁ, বা গোটেই অমসত জনপ্ৰিয় হ’লোঁ, অসমৰ ভিতৰতে এগৰাকী নাম কৰা গায়ক বা খেলুৱৈ হ’লোঁ বা ভাল চাকৰি এটা কৰি, ধুনীয়া ঘৰ এটা বনাই, দুটা ল’ৰা-ছোৱালীৰে সুন্দৰ সংসাৰ এখন গঢ়িলোঁ৷ কিন্তু আপুনি মন কৰিলে দেখিব যে এই সকলোবোৰ মোৰ নিজৰ বাবেহে কৰা হ’ল৷ আনৰ বাবে ইয়াত পোনপটিয়াকৈ কাম কৰা নাই৷ কিন্তু যদি মোৰ যিমান সামর্থ আছে সিমানেৰে মই এনে কিছু কাম কৰিলোঁ যিবোৰে অকল মোৰ বাবেই ভাল নহয়, লগতে আন মানুহৰ বাবেও ভাল আৰু সেই কামটো কৰা বাবে মোৰ নিজৰ গর্ব হয়, জীৱনটো কামত অহা যেন লাগে তেতিয়াহ’লে সম্ভৱত মোৰ জীৱনটো সার্থক হ’ল, মই সার্থকতা লাভ কৰিলোঁ৷ আপুনি সফলতা লাভ কৰিও সার্থকতা লাভ নকৰাকৈ থাকিব পাৰে৷ তেতিয়া আপুনি সফল ব্যক্তি কিন্তু আপোনাৰ নিজৰ মনত কিবা এটাৰ অভাৱ আপুনি অনুভৱ কৰিব আৰু সি এই সার্থকতা যি আপুনি সফল হোৱাৰ পিছতো লাভ কৰা নাই৷ সার্থকতা লাভ কৰিবলৈ হ’লে আপোনাৰ কামে অকল আপোনাৰে নহয়, আন মানুহৰ, এই পৃথিৱীৰ ভালৰ বাবে কিবা এটা অৱদান দিবই লাগিব৷

এতিয়া আহো সুখৰ কথালৈ

সুখ

অমি সুখ বিচাৰোঁ, কিন্তু সুখ আমাৰ বহুতৰে বাবে আটাইতকৈ গুৰুত্বপূর্ণ বিষয় নহয়৷ তাতোকৈ সফলতা বা টকা-পইচা, নাম-সন্মান, সমাজৰ ষ্টেটাচ আদি আমাৰ বহুতৰে বাবে বেছি প্ৰয়োজনীয়৷ সেইবোৰ লাভ কৰাৰ পিছত অমি সুখ বিচাৰোঁ৷ কথাটো সঁচা নোহোৱা হ’লে আমি ল’ৰা-ছোৱালীক যিটো কেৰিয়াৰত টকা-পইচা বেছি, যত নাম-সন্মান বা জনপ্ৰিয়তা বেছি সেই কেৰিয়াৰটো বাচি ল’বলৈ জোৰ নকৰিলোঁহেঁতেন৷ নহয় জানো? কোনোবাই যদি বছৰত ২-৩ লাখ টকা ঘটে কিন্তু আন নানা সামাজিক কামত জৰিত হৈ জীৱনটো কটাই সুখী হয়, তেওঁ আন এজন মানুহতকৈ যি বছৰত ২৪ লাখ টকা ঘটে কিন্তু তেওঁৰ অলপ সময় নাই, সুখ নাই, তেনে এজন মানুহতকৈ বেছি সুখী হ’ব পাৰে৷ কোনোবা এজন স্কুলৰ শিক্ষক এজন খুব জনপ্ৰিয় অভিনেতাতকৈও বেছি সুখী হ’ব নোৱাৰে জানো? কথাটো হ’ল আপুনি কি কৰি সুখী হয় সেইমতে আপোনাৰ জীৱনটো সৃষ্টি কৰি ল’লে আপুনি সুখী হোৱাটো সহজ হ’ব৷ সুখ আহিব

সুখ আৰু সার্থকতা লাভ কৰিবলৈ হ’লে আপোনাক দুটা বস্তু লাগিব- আত্মসচেতনতা আৰু ধৈর্য

চেলফ এৱেৰনেছ বা আত্মসচেতনতা

সার্থকতা আৰু সুখ লাভ কৰিবলৈ আপোনাক আত্মসচেতনতা লাগিব৷ কিয় ? কাৰণ আপুনি যদি নিজকে নাজানে তেনেহ’লে আপুনি কি কাম কৰিব, কোনফালে নিজৰ কেৰিয়াৰ গঢ়িব? আপুনি নিজকে নাজানিলে কি কাম কৰি আপুনি ভাল পায় সেয়াও নাজানিব আৰু তেতিয়া আপুনি ভুল কাম এটা বাচি লোৱাৰ সম্ভাৱনা আছে৷ তেনে ভুল কাম এটা বাচি ল’লে সেই কামটো সাংঘাটিক ভাল কোৱালিটিৰে বছৰৰ পিছত বছৰ কৰি থাকিব পাৰিবনে? আপোনাৰ কামটোৰ পৰা সুখ শান্তি অহাতকৈ অশান্তি, দুখ, ডিপ্ৰেচন আদিহে নাহিবনে? আৰু যদি কামটো কৰি আপুনি ভাল নাপায়, খুব ভালদৰে কামটো কৰিবলৈ মন নাযায় আৰু কৰিব নোৱাৰে তেন্তে তাৰ পৰা সার্থকতা ক’ৰ পৰা আহিব?

আপুনি যদি ভুল কেৰিয়াৰ, ভুল চাকৰি বাচি ল’লে তেতিয়া আপুনি সুখী হ’ব কেনেকৈ? তাতোকৈ ডাঙৰ কথা আপুনি জানিব লাগিব কি কি বস্তুৱে, কি কি কথাই, কি কি পৰিবেশ-পৰিস্থিতিয়ে আপোনাক সুখী কৰিব৷ যদি সেয়াই নাজানে আপুনি সুখী হ’বলৈ কেনেকৈ চেষ্টা কৰিব? মানুহে নিজকে নাজানে বাবেই দামী দামী গাড়ী কিনি, বেছি ধন-সম্পত্তি গোটাই, বহু ঘৰ-দুৱাৰ কিনি নিজকে সুখী কৰিবলৈ চেষ্টা কৰে৷ কোনোবাই আকৌ বেছিকৈ নাম কৰি, সন্মান ঘটি, জনপ্ৰিয় হৈ সেয়া কৰিবলৈ চেষ্টা কৰে৷ কাৰোবাক সেই বস্তুবোৰে সুখী কৰিবও পাৰে, কিন্তু সেইবোৰে আপোনাক সুখী কৰিবনে নাই সেয়া জানো আপুনি জানে?

ধৈর্য

জীৱনত সার্থকতা লাভ কৰিবলৈ আৰু সুখী হ’বলৈ হ’লে আপোনাক বহুত ধৈর্য লাগিব৷ কাৰণ আপুনি সার্থকতা লাভ কৰিবলৈ আৰু সুখী হ’বলৈ বহু কাম কৰিব লাগিব আৰু তাৰবাবে সময়ো লাগিব৷ এদিনতে সার্থকতা লাভ কৰাটো সাধাৰণতে সম্ভৱ নহয়৷ অক্লান্তভাৱে বহুবছৰ কাম কৰাৰ পিছতহে আপুনি সার্থকতা লাভ কৰাটো সম্ভৱ হ’ব পাৰে আৰু তেনে কামৰ পৰা সুখ আহিব৷ কিন্তু যদি আপুনি এদিনতে, এমাহতে বা এবছৰতে তেনে ফলাফল বিচাৰে তেন্তে আপুনি হতাশ হোৱাৰ সম্ভাৱনা বেছি৷ এনেদৰে নিজৰ কাম বছৰৰ পিছত বছৰ কৰি গৈ থাকিবলৈ আপোনাক বহুত ধৈর্য লাগিব৷ আছেনে আপোনাৰ তেনে ধৈর্য? সুখী হ’বলৈও আপুনি নিজৰ ওপৰত, নিজৰ মনৰ ক্ষেত্ৰত বহু কাম কৰিব লাগিব৷ সেইবোৰ কাম কৰিবলৈ আপোনাক ধৈর্য লাগিব৷

সফলতা, সার্থকতা আৰু সুখৰ এটা লাভ কৰিলে আনটো লাভ কৰিব নোৱাৰিব বুলি কোনো কথা নাই৷ বৰঞ্চ এটাই আনটোক লাভ কৰাত সহায়হে কৰিব পাৰে৷

আত্মসচেতনতা লাভ কৰি যদি আপুনি ধৈর্যৰে সৈতে নিজে বিচৰা কামবোৰ কৰি যাব পাৰে তেন্তে সফলতা, সার্থকতা আৰু সুখ আটাইকেইটাকে লাভ কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top