জীৱনটো ধ্বংস কৰিব খোজে নেকি – তেন্তে নীচাত্মিকা বোধক আকোৱালি লওক
নিজৰ জীৱনটো ধ্বংস কৰিবলৈ হ’লে আপোনাক আনৰ সাহায্যৰ প্ৰয়োজন নাই, সেয়া আপুনি নিজেই কৰিব পাৰে৷ মাত্ৰ মনত নীচাত্মিকা বোধক অকণমান ঠাই দিয়ক৷
আপোনাৰ হাজাৰ টেলেন্ট থাকক, মনত ইচ্ছা থাকক নানা কাম কৰিবলৈ, আপুনি একোকে কৰিব নোৱাৰিব যদিহে নীচাত্মিকাবোধ নামৰ এই ভয়ানক বেমাৰটোৱে ভিতৰৰ পৰা আপোনাক খুলি খুলি খাই থাকে৷
কেতিয়াবা কেতিয়াবা বিভিন্ন কাৰণত আমাৰ মনত নিজকে আনৰ তুলনাত তলৰ বা তলখাপৰ যেন অনুভৱ হ’ব পাৰে৷ আপোনাৰ এনে লাগে যেন আপুনি যিমান হ’ব লাগিছিল, সিমান হ’ব পৰা নাই৷ এনেধৰণৰ আৰু তাৰ লগত সংযুক্ত আন কিছুমান চিন্তাকে একেলগে নীচাত্মিকা বোধ বা ইনফিৰিয়ৰিটি কমপ্লেক্স বুলি কোৱা হয়৷ আপোনাৰ ভাব হয় যেন কিবা এটা বা ততোধিক ক্ষেত্ৰত আপুনি আন কাৰোবাতকৈ পিছ পৰি আছে৷ আৰু এই ভাৱটো যিকোনো সময়ত, যিকোনো বয়স, লিংগ, মানুহৰ মাজত দেখা দিব পাৰে৷ আৰু এবাৰ দেখা দিলে আতৰাই নেপেলোৱালৈকে ই আপোনাৰ জীৱনটো বিষময় কৰি তুলিব৷
কি কাৰণে এনে নীচাত্মিকাবোধে আপোনাৰ মাজত দেখা দিব পাৰে?
নীচাত্মিকাবোধৰ কাৰণবোৰ
আনৰ লগত তুলনা
আমি যেতিয়া নিজকে আনৰ লগত তুলনা কৰোঁ তেতিয়া নীচাত্মিকা ভাবৰ সৃষ্টি হয়৷ আনৰ লগত তুলনা কৰি আমি বিচাৰ কৰোঁ মই তেওঁতকৈ কিছুমান নির্দিষ্ট ক্ষেত্ৰত বেছি ভাল নে বেয়া৷ আৰু এনে তুলনা আমি কৰোঁ অন্যায়ভাৱে অর্থাৎ আনজন মানুহৰ লগত অঅমাৰ কোনোধৰণৰ মিল নাথাকিলেও আমি নিজকে তেওঁৰ লগত তুলনা কৰোঁ৷
এই কার্যত হাত উজান দিয়ে চচিয়েল মিডিয়া, টিভি, বাতৰি কাকত আদিয়ে৷ এইবোৰে অনবৰতে দেখিবলৈ ধুনীয়া, ধনী, টেলেন্টেড মানুহ কিছুমানৰ ছবি আমাৰ মাজত হেলি ঠেলি সুমুৱাই থাকে৷ এইবোৰে কিছুমান কাল্পনিক ষ্টেণ্ডার্ড আমাৰ মনৰ মাজত সুমুৱাই দিয়ে যাৰ ওপৰত নির্ভৰ কৰি আমি নিজকে বিচাৰ কৰোঁ৷ আমি অন্যায়ভাৱে নিজকে আন কিছুমান মানুহৰ লগত তুলনা কৰোঁ আৰু ফলত দেখো যে আমি আনতকৈ দেখোন বহু পিছ পৰি আছোঁ৷
নিজৰ মনত আত্মবিশ্বাসৰ অভাৱ
আত্মবিশ্বাসৰ অভাৱ নীচাত্মিকাবোধৰ এক প্ৰধান কাৰণ৷ নানা কাৰণত মানুহ এজনৰ মনৰ পৰা আত্মবিশ্বাস কমি যাব পাৰে বা নোহোৱা হৈ যাব পাৰে৷ যি কাৰণতে নহওক, যেতিয়া আপোনাৰ মনত আত্মবিশ্বাস নাথাকে, তেতিয়া আপুনি নিজকে আনৰ লগত তুলনা কৰি আপুনি কিমান ভাল, আপুনি কিমানৰ মানুহ সেয়া চাব খোজে৷ আত্মবিশ্বাস নাথাকিলে আপুনি বিচৰা আৰু আনে ইতিমধ্যে কৰি থকা কিছুমান কাম কৰিব নোৱাৰে, আৰু কামবোৰ কৰিব নোৱাৰিলে লাহে লাহে আপোনাৰ মনত নিজৰ বিষয়ে এক নিম্ন মানৰ ধাৰণাৰ সৃষ্টি হয়, যিয়ে আপোনাৰ মনত নীচাত্মিকা ভাৱৰ জন্ম দিয়ে৷
ছালৰ ৰঙ ক’লা হোৱা
অসমত তথা ভাৰতত এইটো এটা বৰ ডাঙৰ কথা আৰু বহুতৰে নীচাত্মিক ভাবৰ কাৰণ হ’ল গাৰ ছালৰ ৰঙ ক’লা হোৱাটো৷ বহুতে গাৰ ৰঙ বগা কৰিবলৈ ফেয়াৰনেছ ক্ৰীম ঘহে, কাৰণ আমৰ সমাজত বগা ছালৰ কদৰ বেছি৷ আৰু কাৰোবাৰ যদি ছাল ক’লা তেওঁ প্ৰায়ে নিজকে আনতকৈ তলৰ বুলি গণ্য কৰে৷ কথাটো সঁচা হোৱা হ’লে কিন্তু আফ্ৰিকা বা তেনে ক’লা ছালৰ মানুহ থকা ঠাইৰ প্ৰায়বোৰ মানুহ আনতকৈ তলৰ হ’লহেঁতেন৷ সেয়া হয় জানো? এই কথাটো সম্ভৱত সামাজিক ব্যৱস্থাৰ কাৰণেই ছোৱালী আৰু মহিলা সকলৰ মাজত বেছি দেখা যায়৷ অবশ্যে ইয়াৰ মানে এইটো নহয় যে পুৰুষসকল এই সমস্যাত নুভূগে৷
অর্থনৈতিক বা সামাজিকভাবে তলৰ শ্ৰেণীত জন্মলাভ
অর্থনৈতিক আৰু সামাজিক অৱস্থানৰ ওপৰত নির্ভৰ কৰি বহু সময়ত বহুতে নিজকে আনতকৈ তলৰ বুলি গণ্য কৰে৷ সামাজিক ব্যৱস্থাৰ কাৰণেি হওক বা কিছুমান মানুহৰ সৰু মনৰ চিন্তাৰ কাৰণেই হওক, আপুনি বেলেগ বেলেগ সময়ত এনে ধৰণৰ সমস্যাৰ মুখামুখি হ’ব পাৰে৷ বিশেষকৈ অর্থনৈতিক অৱস্থা এটাই সহজে আপোনাৰ মনত নীচাত্মিকাবোধৰ সৃষ্টি কৰিব পাৰে৷
নিগেটিভ কথাবোৰ
শিক্ষকে গৰু, গাধ, তোৰ কাম নাই জাতীয় নিগেটিভ কথা কোৱা বাবেও বহুতৰে মনৰ নীচাত্মিকা ভাভে দেখা দিয়ে৷ তেনেদৰে মাক-দেউতাক বা আত্মীয় কুটুম বা ওচৰ-চুবুৰীয়াই গৰু, গাধ, তোৰ কাম নাই জাতীয় নিগেটিভ কথা কোৱা বাবে আন কিছুমানৰ মনত নিজৰ ওপৰত বিশ্বাস কমি যায় আৰ ই লাহে লাহে নীচাত্মিকবোধৰ জন্ম দিয়ে৷
শাৰীৰিকভাৱে দুর্বল হ’লে
শাৰীৰিক ভাৱে দুর্বল হ’লে বা শাৰীৰিক বিসংগতি থাকিলেও কোনোবাই নীচাত্মিকাবোধত ভূগিব পাৰে৷ এই বোধ মিান শক্তিশালী হ’ব সেয়া ঠাই, সমাজ অঅৰু ওচৰ-পাজৰৰ লোকৰ ওপৰত বহুখিনি নির্ভৰ কৰিব৷ খুব ক্ষীণ হ’লে, বেছি শকত হ’লে, চাপৰ, হ’লে, বা তেনেধৰণৰ আন শাৰীৰিক অৱস্থাৰ বাবেও মানুহে ঠাট্টা-মস্কৰা কৰিলেও এই ভাৱে সংগোপনে আহি অঅপোনাৰ মনত ঘৰ কৰি ল’ব পাৰে৷
দেখাত ভাল নহ’লে
আন এটা নীচাত্মিকাবোধ সৃষ্টিৰ প্ৰধান কাৰণ৷ নহুতো ল’ৰা-ছোৱালী, ডেকা-গাভৰু, আনকি বয়সীয়া পুৰুষ-মহিলাও এই কাৰনটোৰ বাবে নীচাত্মিকবোধৰ চিকাৰ হৈ পৰে৷ কিছুমানৰ গোটেই জীৱন জুৰি এই ভাৱটোৱে একো কাম কৰিব নিদিয়ে, শান্তিও লাভ কৰিবলৈ নিদিয়ে৷ তাকে সাৱটি লৈ কিছুমানৰ জীৱনটো নৰকৰ মাজেৰে গৈ শেষ হয়৷
নীচাত্মিকাবোধৰ প্ৰধান কাৰণটো হ’ল আপোনাৰ মনত নিজৰ প্ৰতি থকা ধাৰণা৷ আপুনি নিজকে যদি আনতকৈ কম বা তলৰ বুলি ভাবে তেতিয়াহে এই সমস্যাটোৰ সৃষ্টি হয়৷ কিন্তু চাব দেই এই ধাৰণাটো সাধাৰণতে প্ৰায় মানুহৰে ক্ষেত্ৰত সঁচা নহয়, কাৰণ আপুনি নিজকে আচলতে ভালদৰে চিনি নাপায়৷
নীচাত্মিকাবোধৰ চিনবোৰ
নীচাত্মিকাবোধৰ কিছুমান চিন সাধাৰণতে এই সমস্যাত ভূগা মানুহৰ ক্ষেত্ৰত দেখা যায়৷ এই চিনবোৰে আপোনাক সহায় কৰিব আপুনি এই সমস্যাত আক্ৰান্ত হয় নে নহয় সেই কথা জনাত৷ এই চিনবোৰ হ’ল-
(1) আন মানুহৰ মতামতৰ বিষয়ে বেছিকৈ চিন্তা কৰা, তেওঁলোকৰ মতামতৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হোৱা
(2) আনৰ দোষ খোচৰা
(3) সামাজিক পৰিবেশ, সামাজিক অনুষ্ঠানৰ পৰা আতৰি থকা
(4) আনে কৰা তোষামোদত সহজে ভোল যোৱা
(5) কাম পিছলৈ পেলাই থোৱা বা কাম একেবাৰে নকৰা
(6) সৰু সৰু কথাতে উদ্বিগ্নতা আৰু অশান্তি পোৱা
(7) অতিমাত্ৰা বিনয়ী হোৱা
(8) আন মানুহক বেছিকৈ বিচাৰ কৰা, তেওঁৰ বিষয়ে কিছুমান ধাৰণা ততালিকে কৰি লোৱা
(9) নিজৰ দোষ ঢাকিবলৈ চেষ্টা কৰা আৰু নিজৰ দোষৰ পৰা আন মানুহৰ মনোযোগ আনফালে হাল খুৱাবলৈ চেষ্টা কৰা
(10) আনক নকৰিবলৈ পৰমার্শ দিয়া কামবোৰ নিজে কৰা
নীচাত্মিকা ভাৱটো সঁচানে? আপুনি সঁচাকৈ আন কাৰোবাতকৈ তলখাপৰ নেকি?
নীচাত্মিকা ভাৱৰ সৃষ্টি হয় আপোনাৰ ধাৰণা বা উপলব্ধি (perception) ৰ পৰা ৷ আৰু ধাৰণাৰ বিষয়ে এটা ডাঙৰ কথা হ’ল ই সঁচা নহ’বও পাৰে৷ মানে আপোনাৰ নিজৰ বিষয়ে যি এক নীচাত্মিকা ভাব আছে সেয়া সঁচা নহ’বও পাৰে৷ অর্থাৎ সম্ভৱত এক ভুল আৰু অস্তিত্ব নথকা নীচাত্মিকা ভাৱ আপুনি সদায় লগতে লৈ ঘূৰি আছে, যাৰ বাবে আপোনাৰ কেইবাটাও বহুমূল্য বছৰ নষ্ট হ’ল, সেই চিন্তাটো সম্ভৱত এটা চিন্তাহে, বাস্তৱত তাৰ কোনো অত্ব্স্ত্বিই নাই৷
আপুনি নিজে নিজকে তলৰ খাপৰ বুলি ভাবিবলৈ বাধ্য নকৰালৈকে আন কোনেও কিন্তু আপোনাক তলৰ বুলি ভাবিবলৈ বাধ্য কৰাব নোৱাৰে৷
আপুনি নিজক আনতকৈ কিবা কাৰণত তলৰ বুলি জানিলে সমস্যা নহয়, কিন্তু সমস্যাটো তেতিয়াহে হয় যেতিয়া আপুনি নিজকে আনতকৈ তলৰ বুলি “অনুভৱ কৰে৷” আপুনি বা মই জানো যে বুদ্ধিৰ ক্ষেত্ৰত আপুনি আৰু মই হয়তো এ, পি, যে আব্দুল কালামতকৈ কম বা ধুনীয়া দেখাৰ ক্ষেত্ৰত আমি চিনেমাৰ ষ্টাৰ এজনতকৈ কম৷ সেই কথাটো জানিলেও সমস্যা নহয়৷ সমস্যা আৰম্ভ হয় যেতিয়া আমি “অনুভৱ কৰোঁ” যে আমি আনতকৈ কম বা তলৰ৷
নীচাত্মিকাবোধ নোহোৱা কৰাৰ উপায়
আত্মবিশ্বাস বৃদ্ধি
নীচাত্মিকা বোধ নোহোৱা কৰাৰ প্ৰধান উপায় হ’ল আত্মবিশ্বাস বৃদ্ধি৷ আত্মবিশ্বাস নীচাত্মিকা বোধৰ একেবাৰে বিপৰীত৷ যিকোনো প্ৰকাৰে যদি আপুনি আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিছে, তেন্তে আপোনাৰ নীচাত্মিকাবোধ নাইকিয়া হৈ যাব৷ যিমানে আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰি আহিব, সিমানে আপোনাৰ নীচাত্মিকাবোধ কমি আহি থাকিব৷
আত্মবিশ্বাস বৃদ্ধি কেনেকৈ কৰিব পাৰি সেই বিষয়ে মই আগতেও লিখিছোঁ৷ আপোনাৰ সুবিধাৰ বাবে দুটামান সহজ উপায়ৰ কথা ইয়াত কোৱা যাওক-
(ক) কামবোৰ সৰুকৈ আৰম্ভ কৰক
আপুনি যি কাম কৰিব খুজিছে সেয়া সৰুকৈ আৰম্ভ কৰক৷ সৰু হ’লে কামটো আপুনি বেছি ভালকৈ কৰিব পাৰিব আৰু তেতিয়া তাত সফল হোৱাৰ সম্ভাৱনা বেছি হ’ব৷ যদি আপুনি সফল হয়, তেন্তে ই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু লগতে আৰু অলপ ডাঙৰকৈ কৰিবলৈ আপোনাক সাহস যোগাব৷ এনেদৰে আপোনাৰ সাহস আৰু নিজৰ ওপৰত বিশ্বাস বাঢ়ি গৈ থাকিব৷
(খ) নিজকে পুৰস্কৃত কৰক
যদি আপুনি নিজকে সৰু কাম এটা ভালদৰে কৰাৰ বাবে পুৰস্কৃত কৰে, তেন্তে আপোনৰ মগজুৱে আৰু কাম কৰিবলৈ আপোনাক উৎসাহ দিব৷ ই আপোনাৰ আত্মবিশ্বাস বঢ়াব কাৰণ আপুনি বুজি পাব যে আপুনিও কামবোৰ ভালদৰে কৰিব পাৰে৷
(খ) ভয় কৰা কামবোৰ কৰক
সাহস আৰু আত্মবিশ্বাস বঢ়াবলৈ যি কাম কৰিবলৈ ভয় লাগে, সেয়া কাম আপুনি কৰিব লাগিব৷ যদি আপোনাৰ আনৰ লগত কথা পাতিবলৈ বা আনৰ আগত কথা ক’বলৈ ভয় লাগে, জোৰ কৰি সেয়া আপুনি কৰিব লাগিব৷ যদি আপোনাৰ আনৰ আগত ঠিয় হ’বলৈ ভয় লাগে, আপুনি যিমান পাৰে সিমান এই কামটো কৰিব লাগিব৷ লাহে লাহে ভয়টো নোহোৱা হ’ব আৰু আপোনাৰ মনত নিজৰ ওপৰত থকা বিশ্বাস ঘনীভূত হ’ব৷ ই অতি কম সময়তে আপোনাৰ আত্মবিশ্বাস প্ৰচুৰ পৰিমাণে বঢ়াই তুলিব৷
(গ) মার্চিয়েল আর্ট শিকক
মার্চিয়েল আর্টে আপোনাক সহজে আৰু কম সময়তে গভীৰ ভাৱে আত্মবিশ্বাসী কৰি তুলিব পাৰে৷ কাৰটে, কুংফু, টাইকোৱানডো, জুডো বা আন যিকোনো মার্চিয়েল আর্ট শিকিলেই ই আপোনাক সহায় কৰিব৷ আনকি আপুনি যদি নিয়মীয়াকৈ জিমলৈ যায় বা এবিধ খেল খুব ভালদৰে খেলে, তেন্তে এইবোৰেও আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত সহায় কৰিব৷
আমি সকলোৱে কিবা নহয় কিবা ধৰণে আনতকৈ তলৰ
আপুনি সকলো ক্ষেত্ৰতে সকলোতকৈ ভাল হ’ব নোৱাৰে৷ আনকি খুব ধনীলোকসকল, চিনেমাৰ ষ্টাৰসকল, দেখাত ধুনীয়া মানুহবোৰো সকলোফালেই আন সকলোতকৈ ডাঙৰ হ’ব নোৱাৰে৷ কোনোবা ক্ষেত্ৰত যদি তেওঁলোক আনতকৈ আগত, হয়তো আন কোনোবা ক্ষেত্ৰত তেওঁ আনতকৈ পিছত৷ এয়া সকলোৰে ক্ষেত্ৰত হয়৷ কিন্তু আপুনি এটা গুৰুত্বপূর্ণ কথা পাহৰি গৈছে– আপুনি আন বহুতো ক্ষেত্ৰত আন বহুমানুহতকৈ বেছিভাল৷
আপুনি হয়তো দেখাত খুব ধুনীয়া নহয়, কিন্তু আপোনাৰ এক পজিটিভ মন আছে আৰু সকলোৱে আপোনাৰ লগত কথা পাতি ভাল পায়, পজিটিভ অনুভৱ কৰে৷ আপুনি হয়তো খুব ডাঙৰ ইউনিভার্চিটী বা ইন্সষ্টিটিউটৰ পৰা পাছ কৰা নাই, কিন্তু অফিচৰ কামত আপোনাৰ সমান ভাল আৰু আন কোনোৱেই নাই, আপুনি সহজেই সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াব পাৰে৷
যিটো বস্তু নাই যদি সেইটো প্ৰয়োজনীয়, তেন্তে আপুনি সেই স্কিলটো লাভ কৰিবলৈ এশ শতাংশ দি চেষ্টা কৰিব৷ কিন্তু লগতে নিজৰ যি গুণ বা স্কিল আছে তাৰ ওপৰতো আপুনি গুৰুত্ব দিব লাগিব, কাৰণ আপোনাৰ সেয়া গুণ বা স্কিল হয়তো আনতকৈ বহু ওপৰৰ৷
পজিটিভ মানুহৰ সংগী হওক
আপোনাৰ জীৱনটো কেনে হ’ব সেয়া বহুখিনি নির্ভ কৰে, আপোনাৰ সংগী বা বন্ধুসকলৰ ওপৰত৷ কিয়? কাৰণ তেওঁলোকে প্ৰায়ে যিবোৰ কথা কৈ থাকে সেইবোৰ সদায় শুনি শুনি আপোনাৰ চাবকনচিয়াছ মনটোও তেনেকুৱা হৈ পৰিব৷ যদি তেওঁলোকে সদায় নিগেটিভ কথাহে আলোচনা কৰে, তেন্তে আপোনাৰ মনটো নিগেটিভ হৈ পৰিব৷ বন্ধুসকলৰ চিন্তা, কথা, আচাৰ-ব্যৱহাৰে সদায় আমাক নানা ধৰণে প্ৰভাৱিত কৰে৷ পজিটিভ মানুহে কিন্তু অঅপোনা ৰজীৱনটো পজিটিভ কৰি তুলিব পাৰে৷ যদি আপুনি নীচাত্মিকা ভাবত ভূগি আছে, আপুনি কিছুমান পজিটিভ চিন্তা কৰা বন্ধু বিচাৰি ল’ব লাগিব৷ তেওঁলোকৰ পৰা আপুনি শিকিব লাগিব তেওঁলোক কি আৰু কেনেদৰে চিন্তা কৰে৷ তেওঁলোকৰ লগত নিজকে তুলান কৰিব নালাগে, আপুনি মাত্ৰ তেওঁলোকৰ লগত থাকিব লাগে আৰু তেওঁলোকে কেনেদৰে চিন্তা কৰে সেয়া শিকিব লাগে৷
নিজৰ লগত পজিটিভ কথা পাতক
আপোনাক মই পজিটিভ চিন্তা কৰক বুলি কলেও লাভ নহ’ব কাৰণ এয়া ক’বলৈ সহজ, কৰাটো টান৷ কিন্তু আপুনি যদি নিজকে কিছুমান নিগেটিভ কথা কৈ আছে, এয়া বন্ধ কৰাটো কিন্তু সম্ভৱ৷ আমি নিজৰ লগত কথা পাতো৷ কেতিয়াবা আমি কথাটো মন কৰোঁ, কেতিয়াবা নকৰোঁ৷ নিজৰ লগত নিজে কথা পাতোতে আপুনি মন কৰিব লাগিব যে আপুনি যাতে সেই সময়ত নিজৰ লগত পজিটিভ কথাহে পাতে৷ এয়া সম্ভৱনে? নিশ্চয় সম্ভৱ৷ যেতিয়া আপুনি ইনফিৰিয়ৰিটী কমপ্লেক্সত ভূগি থাকে তেতিয়া আপুনি মন কৰিব যে আপুনি নিজকে কোৱা কথাবোৰ প্ৰায়বোৰেই নিগেটিভ৷ আপুনি কিন্তু ইচছা কৰি চেতন মনটো ব্যৱহাৰ কৰি এই কথাবোৰ পজিটিভলৈ সলাব পাৰে৷ আৰু যদি আপুনি তেনেদৰে নিজকে পজিটিভ কথা ক’ব পাৰে, তেন্তে কেইদিনমানৰ ভিতৰতে আপুনি দেখিব যে আপোনাৰ নীচাত্মিকাবোধৰ শক্তি কমি আহিছে৷
আমি সকলোৱে গম পোৱা বা নোপোৱাকৈ নিজৰ লগত কথা পাতো৷ আৰু এই কথাৰ আপোনাৰ ওপৰত এক গভীৰ প্ৰভাৱ থাকে৷ গতিকে যদি আপুনি নিজৰ লগত কথা পাতোতে সদায় নিগেটিভ কথাহে পাতে, নিজকে নিগেটিভ কথাহে কয়, তেন্তে ই আপোনাৰ মনটোক নিগেটিভ কৰি তুলিব, আপোনাৰ আত্মবিশ্বাস কমাই তুলিব৷ সেইবাবে আপুনি নিজৰ লগত কথা পাতোতে সদায় কথাবোৰ পজিটিভ হ’ব লাগিব৷
কাউঞ্চেলিঙৰ সহায় লওক
যদি আপুনি অকলে এনে নীচাত্মিকা ভাবৰ পৰা বাহিৰ ওলাব পৰা নাই, তেন্তে এজন ভাল কাউঞ্চেলৰৰ সহায় লওক৷ নীচাত্মিকা ভাবৰ পৰা মুক্ত হোৱাটো বহুত সহজ, যদিহে আপুনি জানে আপুনি কি কৰি আছে৷ আৰু কাউঞ্চেলৰ গৰাকীয়ে আপোনাক নিজকে এক নতুন ৰূপত চাবলৈ সহায় কৰিব, তেওঁ আপোনাক নানা ধৰণৰ কৌশল শিকাব পাৰিব যিবোৰে আপোনাক এনে ধৰণৰ ইনফিৰিয়ৰিটী কমপ্লেক্সৰ পৰা বাহিৰ ওলাই আহিবলৈ সহায় কৰিব৷
ভয় লগা কামবোৰ কৰক
আপোনাৰ ভয় নোহোৱা কৰাৰ বাবে আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে আপুনি যিবোৰ কাম ভয় কৰে সেইবোৰ কৰাটো জৰুৰী৷ এনে কৰিলে আপোনাৰ ভয়বোৰ নোহোৱা হ’ব আৰু আপুনি কৰিব বিচৰা কামবোৰ কৰিব পাৰিব৷ ই আপোনাৰ আত্মবিশ্বাস আৰু বৃদ্ধি কৰিব৷ তেতিয়া আপোনাৰ নীচাত্মিকা ভাবটো লাহে লাহে নোহোৱা হৈ যাব৷
আপুনি ইতিমধ্যে এজন যুজাৰু
বিজ্ঞানীসকলৰ মতে প্ৰায় 500 মিলিয়ন স্পার্মক পৰাস্ত কৰিহে আপোনাৰ জন্ম হৈছে৷ ইমানবোৰ স্পার্মৰ লগত প্ৰতিযোগিতা কৰি জয়ী হোৱা বাবে আপুনি এই পৃথিৱীলৈ আহিছে৷ গতিকে আপুনি জানো যুঁজাৰু নহয়, আপুনি জানো ইতিমধ্যে জিকি অহা নাই? তেনেহ’লে এতিয়ানো কিয় হাৰ মানি দিয়ে আপুনি? নীচাত্মিকাবোধ আচলতে মনৰ সৃষ্টি এটাহে গতিকে বাহিৰৰ পৃথিৱীত ইয়াৰ কোনো অস্তিত্ব নাই আৰু তেনে অস্তিত্ব নথকা বস্তু এটা নোহোৱা কৰাটো আপোনাৰ বাবে বৰ সহজ৷ এতিয়াও অকণমান যুঁজকচোন৷
নীচাত্মিকাবোধক কিয় আপোনাৰ জীৱনটো ধ্বংস কৰিবলৈ দিয়ে নো? এই জীৱনটো আৰু সুন্দৰ হৈ পৰিব যদিহে আপুনি নিজৰ ইচ্ছামতে, নিজে বিচৰা কামবোৰ কৰি, সময়বোৰ উপভোগ কৰিব পাৰে৷ তাৰ বাবে কিন্তু মনটোক আপুনি সকলো ধৰণৰ নীচাত্মিকাবোধৰ পৰা আতৰাই ৰাখিব লাগিব যাতে আপুনি প্ৰচণ্ড আত্মবিশ্বাসেৰে এইবোৰ কৰিব পাৰে আৰু জীৱনটো উদযাপন কৰিব পাৰে৷
বিকাশৰ কাহিনী
কলেজৰ এখন মিটিঙত বিকাশ বহি আছিল৷ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কি কি কাম কৰিব পাৰি সেয়া আলোচনা কৰিবলৈ এই মিটিঙখন পতা হৈছিল৷ বছা বছা কিছুমান ছাত্ৰ-ছাত্ৰী তাত বহি আছিল৷ যিহেতু তাত নানা ঠাইৰ পৰা ল’ৰা-ছোৱালীবোৰ আহিছিল, গতিকে ইংৰাজীতে কথা-বতৰা চলি আছিল৷ নানজনে নানা ধৰণৰ আইডিয়া দিলে৷ সেই আইডিয়াবোৰ এখন ৰেজিষ্টাৰত লিখা হ’ল৷ বিকাশৰ মনত কেইবাটাও আইডিয়া আহিছিল, কিন্তু সি খুলি কথাটো ক’ব নোৱাৰে৷ ক’বলৈ গলেই কিহবাই যেন তাৰ ডিঙিটো সোপা মাৰি ধৰে৷ ইংৰাজীতে ক’বলৈ গলেই যেন তাৰ ভুল হ’ব আনে হাঁহিব, আনে ঠাট্টা কৰিব৷ গতিকে সি মনে মনে থাকিল৷ লাহে লাহে তাৰ মনটো বেয়া লাগি আহিবলৈ ধৰিলে৷ আনে ইমান ধুনীয়াকৈ ইংৰাজী কৈছে, ইমান সুন্দৰকৈ হাঁহি-মাতি আনৰ লগত কথা পাতিছে৷ কিন্তু সি ইমানকৈ ক’ব বিচৰা স্বত্বেও এটা শ্বদও ক’ব পৰা নাছিল৷ মনৰ ভিতৰত সি ঠিকেই কৈ আছে, কিন্তু মুখ খুলি এটা শব্দও সি ক’ব নোৱাৰিলে৷ মিটিঙৰ শেষৰ ফালে এজনে তাক সুধিলে- “কি হ’ল, তুমি একো নোকোৱা নেকি?”
তাৰ হেহো-নেহো লাগিল৷ কথা ক’ব নে নক’ব৷ মুখেৰে দেখোন শব্দ এটাও ওলাবই নোখোজে৷ অৱশেষত তাৰ আগৰজনে যি বাক্যটো কৈছিল, তাকে সি পুনৰাবৃত্তি কৰিলে, তাকো কওতে তাৰ লাগি ধৰিলে আৰু বাক্যটোও অলপ ভুল হ’ল৷ কোনেও একো নক’লে, বা তাক নাহাঁহিলে, কিন্তু সি যেন কোচ খাই গ’ল৷ বাকী সময়খিনিত সি মাত্ৰ চুপ চাপ বহি থাকিল৷ তাৰ মনটো বিৰাট বেয়া লাগিল, তাৰ খুব লাজ লাগিল, লাজ-দুখত সি ম্ৰিয়মান হৈ পৰিল৷ তাৰ মনটোত মাত্ৰ এটা কথাই চলি থাকিল- “তোৰ কাম নাই, তোতকৈ এই ল’ৰা-ছোৱালীবোৰ ইমান ওপৰত৷ তই ইহঁতৰ সমানেই নহয়৷”
সেই মিটিঙখন কিন্তু বিকাশৰ বাবে এক টার্নিং পইন্ট হৈ পৰিল৷
সেইদিনাই ঘূৰি গৈ সি শপত খালে যে সি ইংৰাজী ক’বলৈ আৰম্ভ কৰিব৷ ভুল হলেও ক’ব৷ আৰু সি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, নিজকে আৰু স্মার্ট কৰি তুলিব৷ তাৰবাবে যি কৰিব লাগে, যিমান কষ্ট কৰিব লাগে সিমান কষ্ট সি কৰিব, কিন্তু সেইদিনাৰ পৰা সি আৰু এনে পৰিস্থিতিত দ্বিতীয় বাৰৰ বাবে নপৰে৷ আৰু বিকাশে কৰিলে৷ কলেজ এৰাৰ সময়লৈকে সি এক আগতকৈ স্মার্ট, ইংৰাজী ক’ব পৰা, প্ৰছণ্ড আত্মবিশ্বাসী এক নতুন মানুহ হৈ পৰিল৷ তাৰবাবে সময় লাগিল, কষ্ট হ’ল কিন্তু বিকাশে আৰু কাহানিও নীচাত্মিকাবোধৰ প্ৰভাৱত পৰি কষ্ট পাবলগীয়া নহ’ল৷ তাৰ আৰু কেতিয়াও নিজকে আনতকৈ কম বা সৰু যেন নালাগিল৷