Close

মৰাৰ আগতে জীয়াই থাকো আহক

আমি বহুতে মৰি মৰি জীয়াই থাকো৷ আমাৰ বহুতৰে জীৱনত একো আনন্দ, উৎসাহ নাই, আমাৰ বহুতেই জীৱনৰ যে এক বেলেগ ধৰণৰ মাধুর্য থাকে সেয়া এতিয়ালৈ গমেই পোৱা নাই৷ কাৰণ আমি কোনোমতে বাচি আছো, আমি জীয়াই থকা নাই৷ আমি নাজানো কেনেদৰে জীয়াই থাকিব পাৰি৷ কিন্তু জীৱনটো জানো মাত্ৰ সেয়া? জীৱনত আন বহু কিবা কিবি নাই জানো?

মৰাৰ নিচিনাকৈ জীয়াই নাথাকি কেনেদৰে ভালদৰে জীৱনটো জীয়াই থাকিব পাৰি সেয়া চাও আহকচোন৷

আজি যদি মোৰ জীৱনৰ শেষ দিন

এই কথাটোৱে আপোনাক যথেষ্ট সহায় কৰিব৷ আপুনি যদি সদায় নিজকে এই প্ৰশ্নটো কৰে- “আজি যদি মোৰ জীৱনৰ শেষ দিন, তেন্তে?” এই প্ৰশ্নটো আপুনি বিভিন্ন ধৰণে কৰিব পাৰে আৰু তাৰ পৰা আপুনি সদায় সহায় পাব৷ আপুনি নিজকে ৰাতিপুৱাই সুধিব পাৰে- “আজি যদি মোৰ জীৱনৰ শেষ দিন, তেন্তে মই আজিৰ দিনটো কেনেদৰে জীয়াই থাকিম?” ই আপোনাক দিনটো আপুুনি কেনেদৰে কটাব পাৰে তাৰ উত্তৰ দিব৷ লগতে ই আপোনাৰ মন বেয়া লগা, ডিপ্ৰেচন আদিৰ পৰাও আপোনাক আতৰাই ৰাখিব৷ তেনেদৰে আপুনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো এই প্ৰশ্নটো ব্যৱহাৰ কৰি পাৰে৷ আপুনি যি কাম কৰি আছে সেয়া কৰি থাকিব নে নাই সেই বিষয়ে সিদ্ধান্ত ল’ব লাগিলে আপুনি নিজকে সুধিব পাৰে- “আজি যদি মোৰ জীৱনৰ শেষ দিন, মই এই কামটো কৰিম নে নাই?” যদি উত্তৰটো ‘না’ বা ‘নহয়’ হয়, তেন্তে সম্ভৱত আপুনি নিজৰ কামটো সলনি কৰাই ভাল হ’ব৷

আপুনি যি কৰিব বিচাৰে তাকে কৰক

নিবিচৰা ধৰণৰ কাম এটা গোটেই জীৱনটো কৰি থাকি সময়ে সময়ে আৰু বিশেষকৈ জীৱনৰ শেষ সময়ত অনুতাপ কৰি কিবা লাভ আছে নেকি? তেতিয়াহ’লে আপুনি কেতিয়ানো জীয়াই থাকিল? আপুনি জীয়াই থাকি জীৱনৰ যি এক অতুলনীয় মাধুর্য আছে সেয়া পালে জানো? আনহাতে আপুনি যেতিয়া নিজৰ মনে বিচৰা কামটো কৰে আপুনি কামটো বেছি ভালকৈ কৰিব পাৰে৷ কামটো কৰিবলৈ আপোনাৰ মটিভেচন থাকে, ফলত কামটো বেছি মনোযোগেৰে আপুনি কৰে, ফলত তাৰ ফলাফল ভাল হয় আৰু আপুনি সঁচাকৈয়ে আশ্বর্যকৰ পর্যায়লৈ এনে কামবোৰ কৰিব পাৰে৷ তাৰ ফলত আপুনি সন্তুষ্টি লাভ কৰে, মানুহে আপোনাৰ কাম লক্ষ্য কৰা আৰম্ভ কৰে আৰু মানুহে আপোনাক চিনি পোৱা হয়৷ এই আটাইবোৰ কথাই মিলি আপোনাক সুখ আৰু শান্তি প্ৰদান কৰে৷ আপুনি কেৱল কৰিব লাগে কাৰণে কাম নকৰে, বৰঞ্চ আপুনি কামটো উপভোগ কৰে আৰু তাৰ পৰা সুখ, শান্তি, সন্মান, নাম আদি নানা ধৰণৰ বাই প্ৰডাক্টো লাভ কৰে৷

নিজকে বাধা দিয়াটো আতৰাও আহক

আচলতে নিজৰ জীৱনটো জীয়াই থকাত আৰু সফল হোৱাত আপুনি নিজকে বাধা দি আছে নেকি? বহু ক্ষেত্ৰত দেখা যায় যে মানুহে নিজে নিজৰ উন্নতি, সফলতা, সুখ, শান্তি আদিক বাধা দি থাকে৷ কেতিয়াবা তেওঁ তেনে কৰে জানি, কেতিয়াবা নজনাকৈ৷ আপোনাৰ মনটো যদি প্ৰস্তুত নহয়, তেন্তে আপুনি বিচৰা ধৰণৰ ফলাফল কেনেদৰে লাভ কৰিব? আপোনাৰ মনত থকা এটা বা ততোধিক “লিমিটিং বিলিফ” (বাধা প্ৰদানকাৰী বিশ্বাস) ৰ বাবে বিভিন্ন সময়ত আপুনি নিজকে বাধা দি থৈ দিয়ে৷ এনেধৰণৰ বিশ্বাস বিভিন্ন জনৰ ক্ষেত্ৰত বিভিন্ন হ’ব পাৰে৷  “মোৰ দ্বাৰা নহ’ব,” “মই সকলো কামতে হাৰি যাও,” “মোৰ প্ৰয়োজনীয় শিক্ষা-দীক্ষা, সামর্থ নাই,” “মোৰ মনটো শক্তিশালী নহয়,” “টকা-পইছা বেয়া বস্তু,” “ব্যৱসায় আৰম্ভ কৰিবলৈ বহুত টকা লাগে,” “মই অসমীয়া মাধ্যমত পঢ়া, সেয়ে মই ইংৰাজী ক’ব নোৱাৰো,” ইত্যাদি কিছুমান সচৰাচৰ দেখা যোৱা লিমিটিং বিলিফ৷ এনে বিশ্বাসৰ লিষ্টখনৰ কোনো সীমা নাই৷

আনে বাধা দিয়াতকৈ আপুনি নিজে দিয়া বাধাটো বেছি ভয়ংকৰ৷ কিয়? আনে বাধা দিলে, আপুনি মনৰ শক্তিৰে সেই বাধা অতিক্ৰম কৰিব পাৰিব৷ কিন্তু নিজে যেতিয়া নিজকে বাধা দিয়ে তেতিয়া আপুনি নিজকে ইতিমধ্যে বিশ্বাস কৰোৱাই পেলাইছে যে কথাটো সঁচা- আপুনি নোৱাৰে৷ তেতিয়া ইয়াক অতিক্ৰম কৰাটো টান হৈ পৰে৷ কাৰণ ই আপোনাৰ মনটো অধিকাৰ কৰি তাক নিয়ন্ত্ৰণ কৰি আছে৷

ভয় বাদ দিব পাৰি নেকি?

আচলতে নানা ধৰণৰ ভয়ে আপোনাক জীৱনটো জীয়াই থকাত বাধা দি থাকে৷ আৰু এই ভয়বোৰৰ কাৰণেই আপুনি কৰিব বিচৰা কামবোৰ নকৰে, মনে বিচৰা কাম নকৰি আন এটা চাকৰি কৰে, কৰিবলৈ ইচ্ছা নাথাকিলেও আনৰ তলত কাম কৰি থাকে, নিজে যিহত ভাল সেয়া বাদ দি আন কিবা কাম এটা কৰি জীৱনটো কটাই দিয়ে৷ যদি মই চাকৰিটো নকৰো কি খাম, যদি মই মনে বিচৰা কাম কৰো মোৰ লগৰ ল’ৰা-ছোৱালীতকৈ মোৰ উপার্জন কম হ’ব, এই কামটো কৰিলে সমাজত মোৰ মান-সন্মান আৰু ষ্টেটাচ কম হ’ব, মোৰ পৰিয়াল আৰু আত্মীয়-কুটুমে মোক কাম নাইকিয়া বুলি  হাঁহিব- এনেধৰণৰ নানা ভয়ে আপোনাক ভয় খুৱাই থাকে আৰু তাৰ মতে জীৱনটো চলাই থাকিবলৈ বাধ্য কৰে৷

কাৰোবাৰ আকৌ মৰাৰ ভয়৷ তেওঁ কেৱল সেইটো ভয়তে বিতত হৈ জীৱনটো যে এতিয়াও শেষ হোৱা নাই সেই কথাটো পাহৰিয়ে যায়৷

আৰু এটা ডাঙৰ ভয় আছে- প্ৰত্যাখ্যানৰ ভয়৷ এই বাবে বহুতে কাৰোবাক ভাল পালেও মনৰ কথা খুলি ক’ব নোৱাৰে৷ এই ভয়টো চেলছৰ কাম কৰা সকলোৰো আছে আৰু লগতে আন সকলো মানুহৰে থাকিব পাৰে৷ কিছুমান মানুহে কয় “মই এই কামটো কৰিব নোৱাৰো৷” এনে যিকোনো কথাৰ মূলতে হ’ল প্ৰত্যাখিত হোৱাৰ ভয়৷ গতিকে জীৱনত আপুনি বিচৰা কামবোৰ কৰোতে যদি প্ৰত্যাখিত হোৱাৰ সম্ভাৱনা থাকে বহুতে সেই কাম নকৰে৷

“মানুহে কি ক’ব”- এই কথাষাৰেও বহুতৰে জীৱন নষ্ট কৰিছে৷ বহুতে নিজে বিচৰা কামবোৰ নকৰে, আনক মিছা কথা কৈ অনবৰতে ধৰা পৰাৰ ভয়ত সন্ত্ৰস্ত হৈ থাকে, বা জীৱনটো জীয়াই থাকিবলৈ সমর্থ নহয় কাৰণ তেওঁৰ অনবৰতে চিন্তা মানুহে কি ক’ব৷ এই মানুহ ওচৰ-চুুবুৰীয়া, আত্মীয়-কুটুম বা অচিনাকি কোনোবাও হ’ব পাৰে৷

এই ভয়বোৰ লাহে লাহে যদি বাদ দিব পাৰে, তেন্তে আপোনাৰ জীৱনটো খোলা হৈ পৰিব আৰু তেতিয়াহে নিজৰ পাখি মেলি আপোনাৰ প্ৰকৃত জীৱনটো আপুনি জীয়াই থাকিব আৰু উপভোগ কৰিব পাৰিব৷

অকণমান এডভেঞ্চাৰ

জীৱনটো জীয়াই থকাৰ উপলব্ধি কৰিবলৈ সহজ যদি আপুনি অকণমান এডভেঞ্চাৰ নিজৰ জীৱনটোত যোগ দিব পাৰে৷ এই এডভেঞ্চাৰটো বেলেগে বেলেগ মানুহৰ বাবে বেলেগে বেলেগ হ’ব পাৰে৷ নতুন কিবা এটা কৰা, আনে নকৰা কিবা এটা কৰা, আনে কৰিবলৈ সাহস নকৰা কিবা এটা কৰা, নতুন কিবা এটা শিকা, ফুৰিবলৈ যোৱা, এডভেঞ্চাৰ স্পর্টছত অংশগ্ৰহণ কৰা ইত্যাদিয়ে আপোনাৰ জীৱনত অলপ এডভেঞ্চাৰ যোগ কৰিব পাৰে৷ ই আপুনি যে জীয়াই আছে সেয়া অনুভৱ কৰাত আপোনাক সহায় কৰিব৷

আমি সকলো এদিন মৰিম

আমি সকলোৱে এদিন মৰিমেই৷ কোনো ইয়াৰ হাতৰ পৰা সাৰি যাব নোৱাৰে৷ গতিকে মৰাৰ কথা চিন্তা কৰি ভয় খালেনো কি লাভ হ’ব?  তাতোকৈ ‘এদিন মৰিমেই’ সত্যটো আকোৱালি লৈ জীয়াই থকা প্ৰতিটো পলকেই সুন্দৰভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰো আহক যাতে যিখিনি সময় আমি পালো সেয়া এক মনত ৰাখিবলগীয়া সময় হয় আৰু এই সময়বোৰেৰে গঠিত আমাৰ জীৱনৰ কাহিনীটো আনে শুনিব আৰু জানিব বিচৰা এক আকর্ষণীয় কাহিনী হয়৷

মৰাৰ আগতে জীৱনটো ভালদৰে জীয়াই থাকো আহকচোন৷ যিবোৰ কাম কৰিব বিচাৰো সেইবোৰ কৰো, যেনেদৰে জীৱনটো জীয়াই থাকিব বিচাৰো তেনেদৰে জীৱনটো জীয়াই থাকো আৰু জীৱনটোক এটা অর্থ দিবলৈ চেষ্টা কৰোঁ আহক৷

ৱিৰালী শ্বাহ

দহ বছৰ আগতে এটা দুর্ঘটনাৰ পিছত ৱিৰালী শ্বাহৰ জীৱনটো যেন স্তব্ধ হৈ পৰিছিল৷ নিজৰ জন্মদিনৰ দিনা ক’মাত থকা ৱিৰালী বিচনাত পৰি আছিল৷ তাই যে জীয়াই থাকিব তাৰ কোনো নিশ্চয়তা নাছিল৷

কিন্তু যোৱা দহ বছৰত বহু কিবা কিবি সলনি হ’ল৷ ৱিৰালীৰ নিজৰ কথা মতে- “যোৱা দহ বছৰত মই আগতকৈ বহু বেছি আত্মবিশ্বাস লাভ কৰিলোঁ, আৰু 2014 চনত The Miss Wheelchair India সন্মানো লাভ কৰিলোঁ৷ “কোৰা“ নামৰ এক ইন্টাৰনেটৰ ৱেবচাইটত নিজৰ অভিজ্ঞতাৰ কথা লিখা আৰম্ভ কৰিলোঁ আৰু 58,000 ফেন গোটালোঁ যি মোৰ কথাৰ পৰা অনুপ্ৰাণিত হয়৷ মই এতিয়া এগৰাকী মটিভেচনেল স্পিকাৰ, মই মডেলিং আৰু এক্টিঙো আৰম্ভ কৰিছোঁ৷ লগতে মই বিকলাংগতাৰ বিষয়ে ভাৰতত সচেতনতা অনাৰ কামত লাগি আছোঁ৷ ”

দুর্ঘটনাটোৱে যদিও তাইৰ পৃথিৱীখন উলট-পালট কৰি পেলালে, ই কিন্তু তাইক বেছি সাহসী, শক্তিশালী কৰি তুলিলে আৰু লক্ষ্যমুখি এক জীৱনৰ পিনে লৈ গ’ল৷ তাইৰ মতে- “আনতকৈ আপুনি নিজে বেছি গুৰুত্বপূর্ণ৷ নিজৰ ওপৰত ফ’কাছ কৰা আৰম্ভ কৰক, ই আপোনাক সমাজৰ সকলোকে সুখী কৰাৰ চেষ্টা কৰোতে যিমান সুখী হ’ব তাতোকৈ বেছি সুখী কৰি তুলিব৷”

ৱিৰালীৰ মতে- “বিকলাংগতা প্ৰকৃততে এক বিকলাংগত নহয়৷ সেইবিলাক মানুহহে আচলতে বিকলাংগ যিবোৰ মানুহে মৰম আৰু আনৰ প্ৰতি দয়া অনুভৱ কৰিব নোৱাৰে৷ ধর্ষণকাৰী, হত্যাকাৰীবোৰহে প্ৰকৃততে বিকলাংগ৷ বিকলাংগতাই আপোনাক নিজৰ সপোনবোৰ পূৰণ কৰাৰ পৰা ৰখাব নোৱাৰে৷ মই এগৰাকী অভিনেত্ৰী হ’ব বিচাৰোঁ৷ মই মোৰ পেচন (অভিনয়) অনুসৰণ কৰাৰ অধিকাৰৰ বাবে সদায় যুদ্ধ কৰি যাম৷ মোৰ ভৰি দুকনে কাম নকৰে মানে মোৰ জীয়াই থকাৰ অধিকাৰ শেষ হৈ যোৱা নাই৷”

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top