Close

আপুনি ৰাতিপুৱা কিয় বিছনাৰ পৰা উঠে?

আপুনি ৰাতিপুৱা কিয় বিছনাৰ পৰা উঠে?

প্ৰশ্নটো শুনি আপোনালোকৰ বহুতৰে হাঁহি উঠিব পাৰে৷ কোনোবাই হাঁহি ক’ব পাৰে- “ৰাতিপুৱা সাৰ পাও সেইবাবে উঠো৷”  কোনোবাই ক’ব, “বাথৰুমলৈ যাব লাগে সেয়ে উঠো৷” আন কোনোবাই হয়তো ক’ব, “নুঠিলে মোৰ হৈ অফিচলৈ তুমি যাবা নেকি?” তেওঁলোকৰ কথাবোৰ সঁচা, কিন্তু মই সেই কথা ক’ব খোজা নাই৷ কাৰোবাৰ যদি কিবা টোপনি নহা বেমাৰ আছে তাৰ কথাও মই ক’ব খোজা নাই৷ মই ক’ব খুজিছো কিহে আপোনাক ৰাতিপুৱা বিচনাৰ পৰা উঠিবলৈ অনুপ্ৰেৰণা (মটিভেট কৰে) যোগায়?

বেলেগ বেলেগ মানুহক বেলেগ কথাই ৰাতিপুৱা সোনকালে উঠিবলৈ আৰু সাৰ পোৱাৰ লগে লগে জাপ মাৰি বিচনাৰ পৰা উঠিবলৈ অনুপ্ৰেৰণা যোগাব পাৰে৷ তাৰে দুটামান সাধাৰণতে দেখা কাৰণৰ বিষয়ে জানো আহক৷

সপোন

বহুতকে ৰাতিপুৱা বিছনাৰ পৰা উঠিবলৈ বাধ্য কৰা কাৰণটো হ’ল সপোন৷ এই সপোনটো বা সপোনবোৰ তেওঁৰ নিজৰ সপোন৷ এ, পি, যে আব্দুল কালামে এটা খুব সাৰুৱা কথা কৈ গৈছিল- “সেইবোৰ সপোন নহয় যিবোৰে আপুনি ৰাতি টোপনিত দেখে, সপোন সেইবোৰ যিবোৰে আপোনাৰ ৰাতি শুবলৈ নিদিয়ে৷”

ৰাতিপুৱা এই সপোনবোৰ পূৰণ কৰিবলৈ আৰু পূৰণ কৰাৰ বাবে কাম কৰিবলৈ এইবোৰে আপোনাক বিছনাৰ ৰা উঠি নিজৰ কামত লাগি যাবলৈ প্ৰেৰণা যোগায়৷  আপোনাৰ সপোনবোৰ আপোনাৰ  জীৱনটোৰ বাবে অতি গুৰুত্বপূর্ণ৷ এইবোৰ তেতিয়াহে আপোনাৰ সপোন যদি এইবোৰৰ কথা অনবৰতে আপোনাৰ মনলৈ আহি থাকে৷ আৰু এই সপোনবোৰ অনবৰতে আপোনাৰ মনলৈ আহি থাকি আপোনাক জীৱনটো আৰু উন্নত কৰিবলৈ যেতিয়া ঠেলি থাকিব তেতিয়া আপুনি সাৰ পোৱাৰ পিছতো এনেয়ে বিছনাত বাগৰি থাকি সময় নষ্ট কৰাৰ নিচিনা ভয়ংকৰ কাম কেতিয়াও নকৰে৷ আপুনি বৰঞ্চ পুণের্াদ্যমে নিজৰ কামত লাগি যাব৷ ইয়াৰ মানে এয়া নহয় যে আপুনি টোপনি মাৰিব নোৱাৰিব বা কমকৈ টোপনি আহিব৷ ইয়াৰ অর্থ হ’ল আপুনি সদায় এক নতুন উদ্যমেৰে নিজৰ কামত লাগিবলৈ উৎসাহ পাব৷

উদ্দেশ্য

যিসকলে নিজৰ সপোনতকৈ আৰু অলপ ওপৰলৈ উঠি আনৰ কথা ভাবে, তেওঁলোকক উদ্বুদ্ধ কৰে তেওঁলোকৰ জীৱনৰ উদ্দেশ্যই৷ এই উদ্দেশ্য লাভৰ বাবে যিবোৰ কাম কৰিবলগীয়া আছে, সেইবোৰ কামে আপোনাক এক এলেহুৱা, কোনো ধৰণৰ প্ৰেৰণা নথকা জীৱন জীয়াই থকাৰ সলনি  সুন্দৰ, উত্তেজনাপূর্ণ আৰু অনুপ্ৰেৰণাৰে ভৰপূৰ  এক জীৱন প্ৰদান কৰিব৷ এই উদ্দেশ্যবোৰে আপোনাক সদায় ৰাতিপুৱা বিচনাৰ পৰা উঠি নিজৰ কামত ধৰিবলৈ প্ৰয়োজনীয় উৎসাহ আৰু মটিভেচন যোগাব৷ তাৰবাবে আপুনি আপোনাৰ জীৱনৰ উদ্দেশ্য টো (বোৰ) বিচাৰি পাব লাগিব৷

লক্ষ্য

অনুপ্ৰেৰণামূলক, আপোনাৰ বাবে অতি প্ৰয়োজনীয়,জীৱনৰ সকলো দিশ সামৰি লোৱা দীর্ঘদিনীয়া লক্ষ্যবোৰক যেতিয়া আপুনি হ্ৰস্যম্যাদী কিছুমান লক্ষ্য হিচাপে ভাগ কৰি লয়, সেইবোৰে আপোনাক সদায় ৰাতিপুৱা এক দৃঢ় সকল্পৰে বিছনাৰ পৰা উঠি আনন্দমনেৰে নিজৰ কামত লাগিবলৈ সহায় কৰে৷

নিজৰ জীৱনৰ শেষ মনত ৰাখি ঠিক কৰা আপোনাৰ সকলো দীর্ঘদিনীয়া লক্ষ্যবোৰক কিছুমান নির্দিষ্ট, অগ্ৰাধিকাৰ অনুুসৰি সজাই লোৱা আৰু কৰিব পৰা কাম কিছুমানত ভগাই ল’লে এইবোৰে আপোনাক ৰাতিপুৱা বিছনাৰ পৰা জাপ মাৰি নামি নিজৰ কামত লাগিবলৈ অনুপ্ৰেৰণা যোগাই থাকিব৷ এই কামবোৰ কৰি গলে আপুনি আপোনাৰ লক্ষ্যৰ ওচৰলৈ ক্ৰমান্বয়ে গৈ থাকিব আৰু কামবোৰ কৰাৰ ফলত লাভ কৰা ফলাফলেও আপোনাক আৰু কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰি থাকিব৷

আপুনি বিশেষ

আপুনি বিশেষ কাৰণ আপোনাৰ মাজত কিবা এটা বিশেষ আছে, যিটো আনৰ মাজত নাই৷ আপুনি যদি সেই বিশেষ গুণ, যোগ্যতা বা কথাটো বিচাৰি উলিয়াব পাৰে, তেন্তে ই আপোনাক শুবলৈয়ে নিদিব৷ এই বিশেষ কিবাটোৱে সকলো ধৰণৰ বাধা আৰু সীমা অতিক্ৰম কৰি আনে অসম্ভৱ বুলি ভবা কাম সফলতাৰে সম্পন্ন কৰাত আপোনাক সহায় কৰে৷ যদি আপুনি ইয়াক বিচাৰি পায় আপুনি ৰাতিপুৱা সাৰ পাই বিচনাৰ পৰা উঠি আহিবলৈ আৰু বাহিৰৰ পৰা মটিভেচন বিচৰাৰ প্ৰয়োজনেই নহ’ব৷ নিজৰ মাজত থকা এই বিশেষ কিবাটো বিচৰাৰ কাম আপোনাৰ নিজৰ৷ বিচাৰি পোৱাটো টান হ’ব পাৰে, কিন্তু অসম্ভৱ নহয়৷

পৃথিৱীখন সলনি কৰক

আপুনি যদি সেই বিশেষ মানুহজন বা মানুহগৰাকী যিয়ে পৃথিৱীখন সলনি কৰিব পাৰে, তেন্তে আপোনাক আৰু ৰাতিপুৱা উঠিবলৈ বেলেগ মটিভেচনৰ প্ৰয়োজন নহ’ব৷ কাৰণ ৰাতিপুৱা  সাৰ পায়েই জাপ মাৰি উঠি নিজৰ কাম লাগিব কাৰণ আপোনাৰ গোটেই পৃথিৱীখনকে সলনি কৰাৰ কাম আছে৷ আপুনি হয়নে সেই মানুহজন বা মানুহগৰাকী? নহয় বুলি নাভাবিব কাৰণ সৰু সৰু ঠাইৰ পৰা, সৰু সৰু মানুহে, বহু টকা-পইচা মানুহেও পৃথিৱীখন নানা ধৰণে ভাললৈ সলনি কৰিছে৷ আপুনিও তেনে এজন হ’ব নোৱাৰাৰ কিবা কথা আছে জানো? যদি আপুনি পৃথিৱীখন সলনি কৰাৰ কথা ভাবে, ইয়াক আৰু ভাল কৰি তুলিবলৈ আপোনাৰ মন আছে, তেন্তে ৰাতিপুৱা সোনকালে শুই উঠি নিজৰ কামত ধৰাৰ বাবে ই এক ডাঙৰ মটিভেচন হ’ব৷

এয়া এক নতুন দিন

কালিৰ দিনটোতকৈ আজিৰ দিনটো বেলেগ কাৰণ আজিৰ দিনটো এক নতুন দিন৷ গতিকে এই নতুন দিনটোত নতুন নতুন আৰু পজিটিভ ঘটনা ঘটাৰ সম্ভাৱনা আছে নহয় জানো? কালি যদিও কিবা বেয়া, কিবা নিগেটিভ ঘটিছিল, সেয়া আজিও হ’ব বুলি যদি আপুনি ভাবে বা কালিৰ (অতীতৰ) কথাকে যদি আপুনি আজিও কঢ়িয়াই লৈ ফুৰে, তেন্তে আজিৰ দিনটোও নষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে৷ কিন্তু আজিৰ দিনটো কালিতকৈ বেলেগ হ’ব পাৰে আৰু সেয়া আপুনি জানে৷ আজিৰ দিনটো সম্ভাৱনাৰে গর্ভৱতী এক দিন৷ সেইবাবে এই দিনটোৰ পৰা যিমান সম্ভৱ সিমান জীৱনৰ সম্ভাৰ লাভ কৰিবলৈ চেষ্টা কৰক৷ এই নতুন দিনটো সম্পূর্ণভাৱে ব্যৱহাৰ কৰি, আপুনি বিচৰা সফলতা লাভ কৰি, সুখ আৰু শান্তি লাভ কৰি, ফূর্তি কৰি দিনটোক আপোনাৰ জীৱনৰ এক মনত ৰাখিবলগীয়া দিন আপুনি কৰি তুলিব পাৰে৷ সেয়া কিন্তু সম্পূর্ণৰূপে আপোনাৰ হাতত৷ কাৰণ যদিও কিছুমান কথা আপুনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা আপোনাৰ সাধ্যৰ বাহিৰৰ, তথাপি এইবোৰৰ প্ৰতি আপোনাৰ ব্যৱহাৰ বা প্ৰতিক্ৰিয়া কেনে হ’ব সেয়া আপুনি নিজে ঠিক কৰিব পাৰে৷ নতুন দিনটোৰ পৰা আপোনাৰ জীৱনৰ বাবে যিমান সম্ভৱ সিমান মৌ সংগ্ৰহ কৰাটো সম্ভৱ মাত্ৰ আপুনি তাক নতুন হিচাপে গ্ৰহণ কৰিব পাৰিব লাগিব৷

আপুনি যেনেদৰে ভাবে জীৱনটোৱে তেনেদৰেই গঢ় লয়, গতিকে শুই উঠাৰ লগে লগে আপুনি যি চিন্তা কৰে সি আপোনাৰ জীৱনটোৰ গতি বহুখিনি নির্ণয় কৰিব পাৰে৷ সেইবাবে শুই উঠিয়েই পজিটিভ কথা ভাবিবলৈ শিকক আৰু জীৱনটোক পজিটিভ হোৱাত সহায় কৰক৷

শুই উঠাৰ পিছত আপোনাৰ মনোভাৱ কেনে হয়?

শুই উঠাৰ পিছতে আপোনাৰ মনোভাৱ পজিটিভ নে নিগেটিভ সেয়া আপুনি অকণমান লক্ষ্য কৰিলেই বুজিব পাৰিব৷ এই কথাটো কিন্তু গুৰুত্বপূর্ণ৷ কিয়? কাৰণ যদি আপোনাৰ মনোভাৱ ৰাতিপুৱাৰ পৰাই নিগেটিভ তেন্তে গোটেই দিনটো ই নিগেটিভেই হৈ থকাৰ সম্ভাৱনা অধিক৷ আনহাতে যদি ই পজিটিভ তেন্তে আপুনি দিনটোৰ ভিতৰত পজিটিভ মনোভাৱেৰে দিনটো আপোনৰ বাবে প্ৰডাক্টিভ কৰি তুলিব আৰু এটা সুন্দৰ দিন লাভ কৰিব৷

ৰাতিপুৱা শুই উঠি যদি আপুনি মেডিটেচন কৰিব পাৰে, সেয়া খুব ভাল কথা৷ ইয়াৰ নানা ধৰণৰ লাভৰ কথা আপুনি জানেই৷ তাৰোপৰি আন এটা গুৰুত্বপূর্ণ লাভ হ’ল আপুনি নিজৰ শৰীৰ আৰু মনটো খুব ভালদৰে লক্ষ্য কৰিবলৈ শিকিব৷ এই ধৰণৰ সচেতনতা (এৱেৰনেছ) আপোনাৰ বাবে অতি প্ৰয়োজনীয়৷ কেতিয়াবা নিগেটিভ মনোভাৱে ঘৰ কৰি ললেও আপুনি এই কথা গম পালে (সচেতন হ’লে) তাক সহজতে আতৰ কৰিব পাৰিব৷

টোপনিৰ পৰা সাৰ পাই উঠিয়েই যদি আপোনাৰ জাপ মাৰি উঠি, ফূর্তি মনে কাম কৰিবলৈ মন যায়, তেন্তে ভাল নালাগিবনে? যদি ৰাতিপুৱা বিছনাত থাকোতেই আপোনাৰ মনত আনন্দ লাগে “আজিৰ দিনটো ভাল হ’ব দেই” বা “আজি বহুত কাম কৰিব পাৰিম” বা “আজি দিনটো মোৰ বাবে স্পেচিয়েল দিন”, তেতিয়া ভাল নালাগিবনে? নিশ্চয় লাগিব৷ কিন্তু ৰাতিপুৱা শুই উঠিয়েই এনেধৰণৰ আনন্দ লাগিব কেনেকৈ? তাৰবাবে আপুনি নিজৰ চিন্তাবোৰ অলপ সলনি কৰিব লাগিব আৰু নতুন ধৰণে চিন্তা কৰিবলৈ প্ৰয়োজন হ’লে শিকিব আৰু চেষ্টা কৰিব লাগিব৷

হৰিণ আৰু সিংহ

“Every morning in Africa, a Gazelle wakes up. It knows it must run faster than the fastest lion or it will be killed. Every morning a Lion wakes up. It knows it must outrun the slowest Gazelle or it will starve to death. It doesn’t matter whether you are a Lion or a Gazelle… when the sun comes up, you’d better be running.”

~ Author Unknown

শেহত আপোনালৈ মোৰ মাত্ৰ এটাই প্ৰশ্ন-

ৰাতিপুৱা কিহে আপোনাক টোপনিৰ পৰা জগায়- আপোনাৰ সপোনবোৰে নে অফিচলৈ দেৰি হোৱাৰ ভয়ে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top