Close

জীৱনৰ বাবে প্ৰয়োজনীয় ৫ খন কিতাপ

আপোনাৰ হাতত যদি সময় আছে তেনেহ’লে এই কেইখন কিতাপ আপুনি পঢ়ি চাব পাৰে৷ ভাল ভাল কিতাপ বহু আছে কিন্তু তাৰ ভিতৰত এই কেইখনৰ নাম নল’লে নহ’ব৷ এই কিতাপকেইখন আপোনাৰ জীৱনৰ বিষয়ে, জীৱন জীয়াই থকাৰ বিষয়ে আৰু উদযাপন কৰাৰ বিষয়ে৷

Alchemist

এই কিতাপখন এখন বেষ্টচেলাৰ আৰু বেষ্টচেলাৰ হোৱাৰ কাৰণ আছে৷ ভেৰাৰখীয়া ল’ৰা এজনৰ জীৱনক লৈ বৰ সুন্দৰভাৱে লিখকে মানুহে ইচ্ছা কৰিলে আৰু চেষ্টা কৰিলে কেনেদৰে নিজৰ সপোনবোৰ লাভ কৰিব পাৰে সেই বিষয়ে বর্ণনা কৰিছে৷ “আপুনি যেতিয়া কিবা এটা বিচাৰে তেতিয়া গোটেই বিশ্বব্ৰহ্মাণ্ডই ইয়াক পোৱাত আপোনাক সহায় কৰিবলৈ চক্ৰান্ত কৰে”- এয়া হ’ল কিতাপখনৰ এটা মূল কথা৷ উপন্যাসৰ নিচিনা এই কিতাপখনে আপোনাৰ সপোনৰ কথা, জীৱনৰ কথা এবাৰ পঢ়িলে এৰিব নোৱাৰাকৈ ব্যখ্যা কৰিছে৷

Rich Dad Poor Dad

ই টকা-পইছা সম্পর্কে মোৰ চিন্তা-ভাৱনাবোৰ সলাই পেলাইছে৷ আগতে বুজি নোপোৱা বহু কথা মই এতিয়া বুজি পাইছোঁ৷ টকা-পইচা সম্পর্কীয় সমস্যাবোৰ কিয় হয়, আৰু এইবোৰৰ বিষয়ে কি কৰিব পাৰি সেয়া মই শিকিব পাৰিছো ইয়াৰ পৰা৷ আমি কিমান কথা ভুলকৈ শিকি আছো আৰু সেইবোৰৰ ঠাইত আমি দৰাচলতে কি কি জানিব লাগে সেই কথাবোৰ মই ইয়াৰ পৰা শিকিছোঁ৷ অতি সহজ-সুন্দৰকৈ, কাহিনীৰ ৰূপত আপুনি টকা-পইছা বিষয়ক বহু দৈনন্দিন, প্ৰেকটিকেল কথা ইয়াত শিকিব পাৰিব৷ কেনেদৰে আপোনাৰ মানসিকতা সলালে ই আপোনাৰ টক-পইচাৰ সমস্যাবোৰ সমাধান কৰিব পাৰে, কেনেদৰে ফাইনেনচিয়েলি ফ্ৰি হ’ব পাৰে এই কথাবোৰ আপুনি ইয়াত শিকিব পাৰিব৷

On The Shortness of Life

চেনেকাৰ এই কিতাপখনে জীৱনৰ দৃষ্টিভংগী সলাই পেলাব পাৰে৷ এইখন পঢ়াৰ পিছত আপুনি জীৱনৰ নানা ধৰণৰ সৰু সৰু কথাকে এপ্ৰিচিয়েট কৰিবলৈ শিকিব৷ আত্মসচেতনতা, মাইণ্ডফুলনেছ, সামগ্ৰিক জীৱনটো কেনেদৰে চাব পাৰি এই কথাবোৰৰ বিষয়ে আপুনি জানিব পাৰিব৷ আমাৰ জীৱনটো চুটই নহয় কিন্তু আমি ইয়াৰ বেছিখনি নষ্ট কৰোঁ৷ আমি নিচাত থকা মানুহৰ দৰে, সপোনত খোজ কৰা মানুহৰ দৰে কোনোমতে জীৱনটো শেষ কৰোঁ৷ বয়স হোৱাৰ পিছত হঠাতে এদিন সাৰ পাই আমি নিজকে প্ৰশ্ন কৰোঁ- “জীৱনটো ক’লৈ গ’ল৷ জীৱনটো ক’ত শেষ হ’ল?” এনে নকৰিবলৈ এই কিতাপখনে আপোনাক সহায় কৰিব৷

Mastery মাষ্টাৰি

আপুনি যদি নাজানে আপুনি কি কৰিব বিচাৰে, তেন্তে এই কিতাপখনে আপোনাক সহায় কৰিব পাৰে৷ কেনেদৰে নিজৰ পেচন বিচাৰি পাব, কেনেদৰে নিজৰ পেচনত আৰু ভাল হ’ব পাৰিব সেয়া এই কিতাপখনে ক’ব পাৰিব৷ আপোনাৰ যি পেচন তাত সাংঘাটিক ভাল হৈ কেনেদৰে আপুনি সফলতা পাব পাৰিব সেই বিষয়ে ইয়াত বহু কথা আছে৷ আভ্যন্তৰিক সফলতাৰ কথা ইয়াত ভালদৰে বুজাই কোৱা হৈছে৷ জীৱনৰ লক্ষ্য কি আৰু কেনেদৰে সেয়া লাভ কৰিব পাৰি তাৰ বিষয়ে ই আলোচনা কৰিছে৷

The 4 Hour Workweek

ই আপোনাৰ প্ৰফেচনেল জীৱনটো আগতকৈ বেলেগ কৰি তুলিব পাৰে৷ আপুনি অনলাইন বিজনেচ, বা টকা-পইচা ঘটা কামটোক কেনেদৰে চায় সেয়া এই কিতাপখনে সলনি কৰি দিব পাৰে৷ আপুনি ইয়াত গম পাব যে আপুনি এনে কিছুমান চিষ্টেম বনাই ল’ব পাৰে যিবোৰে আপুনি নাথাকিলেও নিজে নিজে টকা-পইচা আপোনাৰ বাবে ঘটি থাকিব পাৰে৷ ইয়াত বহুত উদাৰণ আছে যিবোৰ আংশিকভাৱে বা পূৰাকৈ আপুনি নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰিব৷ আপুনি শুই থাকোতেও যদি আপোনাৰ বিজনেছে নিজে নিজে টকা-পইচা ঘটি থাকে সেয়া ভাল নহ’বনে? এইখন পঢ়ি চাব৷

কিন্তু অকল কিতাপখন পঢ়িলেই হ’বনে?

অকল কিতাপখন পঢ়িলে আৰু পঢ়ি ফূর্তি পালে তাতেই শেষ নকৰিব৷ কিতাপ এখন পঢ়ি তাৰ পৰা যিকোনো এটা হলেও কথা ল’ব আৰু সেয়া নিজৰ জীৱনত ব্যৱহাৰ কৰিব৷ তেতিয়াহে কিতাপখন পঢ়াৰ পৰা আপুনি পাব পৰা সকলোবোৰ সুবিধা আপুনি গ্ৰহণ কৰা হ’ব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top