Close

আজি নহয়, কাইলৈ কৰিম

“Procrastination is the most common manifestation of resistance because it’s the easiest to rationalize. We don’t tell ourselves, “I’m never going to write that book.” Instead we say, “I’m going to do it tomorrow.” And tomorrow never comes.”

Author Steven Pressfield, The War of Art

“হ’ব দিয়া, কাইলৈ কৰিম৷”

আপুনি বহু সময়ত এই কথাষাৰ কিজানি শুনিছে৷ কেতিয়াবা হয়তো আপুনি নিজেও এইষাৰ কথা কৈছে৷ কেতিয়াবা হয়তো কিবা কাৰণত আমি এই কথাটো ক’ব লগা হয়৷ কিছুমানৰ এনেদৰে কোৱাটো এক অভ্যাস হৈ পৰে৷ কিন্তু এই “কাইলৈ” টো কেতিয়াও নাহে৷ ফলত আমি কৰিবলগীয়া প্ৰয়োজনীয় কামবোৰো কৰা আৰু হৈ নুঠে৷ আৰু কৰা হলেও সময়ত নকৰিলে কামবোৰৰ কোনো মূল্য কমি যায় বা একেবাৰে মূল্য নাথাকে৷

কথাটো এনেকুৱা নহয় যে কামবোৰ এনেদৰে পেলাই থৈ আপোনাৰ ভাল লাগে৷ এনেদৰে পিছলৈ পেলাই থোৱা বাবে আপোনাৰ মনটো বেয়া লাগে, দোষী, দোষী ভাৱ এটাই মনটোক ক্ৰিয়া কৰি থাকে৷ আৰু এনে স্বভাৱ এটাই আপোনাক শান্তিতো থাকিবলৈ নিদিয়ে৷

জেইগাৰনিক এফেক্ট

এই সূত্ৰমতে আপুনি যদি কিবা এটা নকৰাকৈ থৈ দিয়ে তেন্তে আপুনি এয়া কৰি শেষ নকৰালৈকে ই আপোনাক অশান্তি দি থাকিব৷ মানুহৰ প্ৰকৃতি অনুসৰি মানুহে আৰম্ভ কৰা কাম এটা শেষ কৰিব বিচাৰে আৰু শেষ নকৰালৈকে মনত কিবা এটা অশান্তি লাগি থাকে৷ এই অশান্তিটো বিভিন্ন ধৰণে প্ৰকাশ হ’ব পাৰে যাৰ এটা ৰূপ হ’ল দীর্ঘসূত্ৰিতা বা কাম পিছলৈ পেলাই থোৱা৷

জেছমিনৰ পৰীক্ষালৈ আৰু তিনিমাহ আছে৷ জেছমিন হোষ্টেলত থাকে, মাক-দেউতাক লগত নাথাকে, গতিকে নিজৰ পঢ়াৰ কথা জেছমিনে নিজে চাব লাগে৷ হ’ব তিনিমাহ আছে পঢ়িম৷ এমাহমান সময় গ’ল৷ কিন্তু হাতত তেতিয়াও দুমাহ আছে৷ তাৰ পিছত আহিল কলেজ উইক (মহাবিদ্যালয় সপ্তাহ), তাৰ পিছত আহিল ৱাল মেগাজিনখন উলিওৱাৰ সময়, তাৰ পিছত আন কিবা৷ গতিকে দুটা মাহ প্ৰায় পাৰ হও হও৷ পৰীক্ষালৈ মাত্ৰ এসপ্তাহ বাকী৷ সকলোৱে পঢ়াত লাগিল, গতিকে জেছমিনৰো মনত পৰিল যে পঢ়িব লাগিছিল৷ ক্লাছ নকৰা লেকচাৰৰ নোটবোৰ, কিতাপৰ পৰা ফটোটেষ্ট আদি কৰোতে জেছমিনৰ আৰু দুদিন লাগিল৷ এতিয়া কিন্তু জেছমিনৰ ভয় লাগিল৷ হাতত মাত্ৰ পাঁচ দিন বাকী আৰু পঢ়িবলৈ আছে ইমানবোৰ৷ তাতে মেজৰৰ পঢ়াখিনি আছেই৷ গতিকে একমাত্ৰ সহায় হ’ল ভগৱান বা আল্লা৷ পৰীক্ষা হৈ গ’ল৷ জেছমিনৰ পৰীক্ষা সিমান ভাল নহ’ল৷ জেছমিনে “কছম” খালে অহাবাৰ তাই পৰীক্ষা ভাল কৰিবই, আগৰে পৰা পঢ়িব, সব ৰেডী কৰি থব৷ কিন্তু পিছৰবাৰো একেই অৱস্থা৷ পৰীক্ষাৰ সময়ত আকৌ ষ্ট্ৰেছ৷

শংকৰৰ আকৌ কথাটো বেলেগ৷ শংকৰে ভাবে যে তেওঁ অফিচত খুব ভাল কৰিব৷ এনে উচ্ছ গুণগত মানৰ কাম কৰিব যে সকলো আচৰিত হৈ যাব, বচে সকলোৰে সন্মুখত শংকৰৰ প্ৰশংসা কৰিব৷ শংকৰে অফিচত কিছুমান ৰিপর্ট তৈয়াৰ কৰিব লাগে৷ সদায় শংকৰে ভাবে যে এইবাৰ ৰিপর্টটো খুব ভাল কৰিব, সুন্দৰকৈ ফর্মেটিঙ কৰি মেলি এটা প্ৰফেচনেল ৰিপর্ট বচৰ সন্মুখত জমা কৰিব৷ কিন্তু কামটো খুব ভাল নহ’ব নেকি, কালিলৈ চাওচোন আৰু ভালকৈ কৰিব পাৰোঁ নেকি বুলি ভাবি থাকোতে শংকৰৰ কামটো কৰা হৈ নুঠে৷ শেহত সময় নথকা বাবে দৌৰাদৌৰিকৈ কিবা এটা কৰি জমা দিয়ে, গতিকে কামৰ মান ইমান ভাল নহয়৷ গতিকে তেওঁৰ ভাগ্যত বচ আৰু সহকৰ্মীৰ প্ৰশংসা আজিলৈকে ঘটা নাই৷

এনে আপোনাৰো হৈ থাকে নেকি৷ ঘৰৰ কৰিবলগীয়া কামবোৰ যেনে, বজাৰ কৰা, বালব এটা বদলোৱা, বস্তু এটা বিচাৰি উলিওৱা আৰু অন্যান্য কাম সদায় থাকি যায় নেকি? অফিচৰ কামো তেনেদৰে পিচলৈ থওতে থওতে এদিন দৌৰাদৌৰিকৈ শেষ কৰিবলগীয়া হয় নেকি? ছাত্ৰ-ছাত্ৰীসকলে সদায় ঘৰৰ কাম বা পৰীক্ষাৰ বাবে পঢ়িবলগীয়া কামবোৰ সময় শেষ হও হও অৱস্থাত কৰিবলগীয়া হয় নেকি? যদি হয়, তেতিয়াহ’লে আপোনাৰ এই অভ্যাস আজি সলাবৰ সময় হৈছে, নহ’লে কষ্ট কৰাৰ পিছতো আপুনি ভাবি থকা ধৰণে কামৰ ফলাফল হয়তো আপুনি নাপাব৷

মানুহে কিয় কাম পিছলৈ পেলাই থয়?

(1) মোৰ এতিয়া কামটো কৰিবলৈ মন যোৱা নাই

কেতিয়াবা কোনো সময়ত কিছুমান কাম কৰিবলৈ আপোনাৰ মন নাযাব পাৰে৷ কিন্তু বহুতে এই কথাটোক এটা অজুহাত হিচাপে ব্যৱহাৰ কৰে আৰু সকলো কাম কৰাৰ সময়তে ইয়াক অজুহাত হিচাপে ব্যৱহাৰ কৰে৷

(2) অসফল হোৱাৰ ভয়

বহু সময়ত আমি সফল হ’ব নোৱাৰিম বুলি ভয় কৰি আমি কামবোৰ নকৰাকৈ থাকো৷ বিফল হম বুলি ভাবিলে আমি যিমান পাৰো সিমানে কামটো পিছুৱাই গৈ থাকো৷ তেতিয়ালৈ আমি এনে কৰো যেতিয়ালৈ কামটো কৰাৰ শেষ সীমা আহি নপৰে বা কামটো কৰাৰ আৰু কোনো প্ৰয়োজন নাথাকে৷

(3) কেনেকৈ কামটো কৰিব পাৰি মই নাজানো

যিটো কাম মোক কৰিবলৈ দিয়া হৈছে, আপুনি সেই বিষয়ে একো নাজানে৷ তেনেহ’লে কামটো আপুনি পিছলৈ পেলাই থোৱাৰ সম্ভাৱনা বেছি৷

(4) সফল হোৱাৰ ভয়

সফল হোৱাৰ ভয় বিফল হোৱাৰ ভয়তকৈ বেছি ডাঙৰ৷ বহুতে সফল হ’ব বুলি ভয় কৰে আৰু ফলত কাম নকৰি পেলাই থৈ নিজে নিজৰ সফলতাক কুঠাৰাঘাত কৰে৷ সফল হ’লে কাম, ষ্ট্ৰেছ আৰু দ্বায়িত্ব বাঢ়ি যাব বুলি বহুতে ভয় খায় আৰু ফলত মনে মনে নিজৰ সফলতা নিবিচাৰে৷ আপোনাৰ মনৰ অভ্যন্তৰৰ এনে চিন্তাৰ প্ৰতিফলন ঘটে আপোনাৰ কাম আৰু ব্যৱহাৰত আৰু সেইবাবে আপুনি সফল হোৱাৰ ভয়তে কামবোৰ পিছলৈ পেলাই গৈ থাকে৷

(5) ইন্টাৰেষ্ট নোহোৱা বাবে

কিবা এটা কাম কৰিবলৈ যদি আপোনাৰ একেবোৰে ইন্টাৰেষ্ট নাই, তেন্তে আপুনি সেই কামটো নকৰি পিছুৱাবলৈ চেষ্টা কৰে৷ পঢ়ি ভাল নালাগিলে ল’ৰা-ছোৱালীয়ে, অফিচত বা ঘৰত কাম কৰি ভাল নালাগিলে ডাঙৰ মানুহে সেই কাম নকৰি পিছুৱাই থবলৈ ইচ্ছা কৰে৷ কামবোৰ একেঘেয়ামিৰে ভৰা হলেও এবোৰ কৰিবলৈ অশান্তি পাই বহুতে কামবোৰ পিছলৈ পেলাই থৈ দিয়ে৷

(7] বিদ্ৰোহ কৰিবলৈ আৰু বাধা দিবলৈ

কেতিয়াবা কোনোবাই আপোনাক জোৰকৈ কিবা এটা কাম কৰাবলৈ চেষ্টা কৰিলে আপুনি সেই কামটো নকৰাকৈ থাকি পিচলৈ পেলাই থয়৷ ছাত্ৰ-ছাত্ৰী, ল’ৰা-ছোৱালীয়ে এনে কৰে কিন্তু লগতে ডাঙৰ মানুহেও এনেকুৱা কৰে৷  আপুনি আপোনাৰ ল’ৰা-ছোৱালীক, নিজৰ পতি-পত্নী বা আন কাৰোবাক কিবা এটা কৰিবলৈ ক’লে, কিন্তু যদি তেওঁৰ কামটো কৰিবলৈ মন নাই, বা আপোনাৰ ব্যৱহাৰ বেয়া পাই বা আন যিকোনো কাৰণতে আপোনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ তেওঁলোকে কামটো নকৰিব পাৰে৷ কাৰেবাক বাধা দিবলৈও আপুনি কাম এটা নকৰাকৈ পেলাই থব পাৰে৷

যি কাৰণতে আপুনি কামবোৰ পিছলৈ পেলাই নথওক কিয়, এই অভ্যাসটোৱে কিন্তু আপোনাৰ বাবে নানা সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ আপোনাৰ জীৱনত যিবোৰ লক্ষ্য আছে, সফল হোৱাৰ যি ইচ্ছা আছে তাক এই এটা অভ্যাসে কিন্তু সম্পূর্ণৰূপে মষিমূৰ কৰি পেলাব পাৰে৷ পিছলৈ কাম পেলাই থলে আপুনি কিদৰে সফল হ’ম বুলি আৰু লক্ষ্যবোৰ লাভ কৰিম বুলি ভাবিব পাৰে? পৰিয়াল একোটাত এই স্বভাৱটোৱে নানা অশান্তিৰ সৃষ্টি কৰাৰ লগতে সম্পর্কবোৰ নষ্ট কৰাত এক মুখ্য ভূমিকা ল’ব পাৰে৷

পিছলৈ পেলাই থোৱা অভ্যাসটো আতৰ কৰক

সফলতা, লক্ষ্য লাভ, সুখ আৰু শান্তিৰ বাবে আপুনি এনে ধ্বংসকাৰী অভ্যাস এটা বাদ দিবই লাগিব৷ কেনেদৰে এই পিছলৈ পেলাই থোৱা অভ্যাসটো আতৰ কৰিব? তলৰ উপায়কেইটাই আপোনাক এনে কৰাত সহায় কৰিব- 

নিজকে পুৰষ্কাৰ দিয়ক

আপুনি যেতিয়া কিবা এটা অভ্যাসৰ বাবে নিজকে পুৰষ্কৃত কৰে, তেতিয়া সেই অভ্যাসটো আগলৈও কৰি থকাৰ বাবে আপুনি বেছিকৈ অনুপ্ৰাণিত হয় আৰু ই এক স্থায়ী অভ্যাসত পৰিণত হয়৷ নিজকে পুৰষ্কৃত কৰিলে সুখানুভূতি প্ৰদান কৰা ডপামাইন নামৰ নিউৰ’ট্ৰেনছমিটাৰটোৰ প্ৰবাহ আৰম্ভ কৰে৷ লাহে লাহে এই অভ্যাসটোৰ সহায়ত আপুনি  নিজৰ কামৰ লগত আনন্দৰ অনুভূতিক সংযোগ কৰিব পাৰে আৰু এনে কৰিব পাৰিলে ‘কামটো’ কাম হৈ নাথাকি আপোনাৰ বাবে এক আনন্দৰ বস্তু হৈ পৰিব৷ তেতিয়া কৰিবলৈ মন নোযোৱা কামবোৰো আপুনি কৰিবলৈ ল’ব৷

সৰু কাম এটা বা ডাঙৰ কাম এটাৰ সৰু অংশ এটা সম্পন্ন হ’লে নিজকে পুৰষ্কৃত কৰক৷ এনে পুৰষ্কাৰ আপুনি ভালপোৱা যিকোনো বস্তু হ’ব পাৰে- এটা চকলেট, 10 মিনিট গেম এটা খেলা, 10 মিনিট টিভি চোৱা, 5 মিনিট কিতাপ এখন পঢ়া, বা আন কিবা৷ এই অভ্যাসটোৱে আপোনাক টান কামবোৰো কৰিবলৈ সহায় কৰিব৷

ডাঙৰ কাম এটাক সৰু কৰি লওক

যদি আপোনাৰ ডাঙৰ কাম এটা কৰিবলগীয়া হৈ আছে আৰু সেইবাবে আপুনি এইটো কৰিব পৰা নাই, তেন্তে তাক সৰু সৰু টুকুৰাত ভাঙি লওক৷ ইয়াক ভাগ ভাগ কৰি ল’লে কৰিবলৈ সুবিধা হ’ব৷ এতিয়া আৰম্ভণিৰ সৰু কাম এটা লৈ সেই কামটো কৰি শেষ কৰক৷ এইটো শেষ হ’লে তাৰ পিছৰ সৰু কামটো লওক৷ এনেদেৰে কৰি গ’লে আপোনাৰ কামটো কৰিবলৈ মনো যাব আৰু আপুনি কৰি আহোতে সৰু সৰু কামবোৰ মিলি ডাঙৰ কামটোও শেষ হ’ব৷

পৰিবেশটো সজাই লওক

যদি আপুনি পাৰে ধ্যান ভংগকাৰী কাৰকবোৰ (মানুহ, বস্তু ইত্যাদি) নথকা এটা পৰিবেশ বাচি লওক৷ কাম এটা কৰোতে যদি সন্মুখত টিভিটো চলি থাকে ই আপোনাৰ কামটোৰ প্ৰতি মনোযোগ ভংগ কৰিব পাৰে৷ তেনেদৰে কোনেবাই কথা পাতি থাকিলেও আপেনাৰ কাম এটা কৰাত দিগদাৰি হ’ব পাৰে৷ তেনেদৰে কাম এটা কৰিবলৈ লওতে যদি ফোনটো হাতত থাকে তেতিয়াও কামতো এৰি আপুনি ফোনটোত মনোযোগ দিব পাৰে৷ এই মনোযোগ ভংগকাৰী কাৰকবোৰ পৰিবেশৰ পৰা আতৰাই লওক৷ যদি সেইবোৰ আতৰ কৰিব নোৱাৰি, তেন্তে  আপুনি আন এক ঠাইলৈ আতৰি গৈ কামটো কৰিব পাৰে নেকি?

কামটো পিছলৈ পেলাই থবলৈ মন নাযাব যদিহে আপুনি কামটো কৰি আনন্দ পায় আৰু কাম কৰাৰ পৰিবেশটো ভাল কৰিলে আনন্দ সহজে পাব পৰা যায়৷

মাত্ৰ আৰম্ভ কৰক

যদি কাম এটা কৰিবলগীয়া আছে, কামটো মাত্ৰ আৰম্ভ কৰাটোৰ ওপৰত জোৰ দিয়ক৷ আৰম্ভ কৰিব পাৰিলে আপুনি কামটো কৰি থকাৰ আৰু কৰি শেষ কৰাৰ সম্ভাৱনাও বহু বেছি৷ এবাৰ আৰম্ভ কৰিলে আপুনি কামটো অবিৰত ভাৱে কৰি যাবলৈ নিজকে জোৰ কৰিব পাৰিব৷ আৰম্ভ কৰা মানে কামটোৰ আধাখিনি হোৱা বুলি ডাঙৰ মানুহে কৈ থৈ গৈছে৷ কথাটো সঁচা৷ অঅৰম্ভ কৰা কামটো শেষ নকৰালৈ আপোনাৰ মনটো উগুল-থুগুল লাগি থাকিব আৰু ই আপোনাক কামটো শেষ কৰিবলৈ হেচুকি থাকিব৷

কাম এটা আৰম্ভ কৰোতে প্ৰথমতে সৰু ষ্টেপ এটা লওক৷ প্ৰথমতে কৰিবলগীয়া ষ্টেপটোৰ ক্ষেত্ৰত একেবাৰে সহজ কাম এটা ল’ব যাতে আপুনি পলকতে তাক কৰিব পাৰে৷ তেনে কৰিলে তাৰ পিছৰ ষ্টেপ বা পর্যায়টো কৰিবলৈ মন যাব৷

কামটো এটা ড্ৰাফট হিচাপে কৰক

ধৰি লওক আপোনাৰ চিঠি এখন লিখিব লগীয়া আছিল, কিন্তু আপুনি কামটো পিছলৈ পেলাই থৈছে৷ তাকে নকৰি এবাৰ বহোতেই চিঠিখনৰ এটা ড্ৰাফট (খচৰা) লিখি উলিৱাওক৷ হয় ড্ৰাফটটো প্ৰথমবাৰতে ভাল নহ’ব পাৰে৷ কিন্তু আপোনাৰ চিঠিখনে মোটামুটি এটা ৰূপ পালে৷ এতিয়া এই ড্ৰাফটটোকে আপুনি আৰু অলপ উন্নত কৰক৷ তেতিয়ালৈকে আপুনি ইায়ক আৰু অলপ উন্নীত কৰি গৈ থাকিব পাৰে যেতিয়ালৈকে ই আপোনাৰ বাবে গ্ৰহণযোগ্য নহয়৷

এই পদ্ধতিটো আপুনি আন কিছুমান কামতো ব্যৱহাৰ কৰিব পাৰে৷ ৰিপর্ট লিখা, কিতাপ লিখা, প্ৰৱন্ধ লিখা, কিবা যন্ত্ৰ এটা বনোৱা, ছবি অকা, প্ৰেজেন্টেচন বনোৱা আৰু তেনে আন নানা কামত আপুনি এই পদ্ধতিটো সহজতে ব্যৱহাৰ কৰিব পাৰে৷

লিষ্ট এখন বনাওক আৰু কাম কৰি যাওক

নিজৰ কৰিবলগীয়া কামবোৰৰ এখন তালিকা কৰি লওক আৰু তালিকাখন মতে কামবোৰ কৰা আৰম্ভ কৰক৷ দেখাত সৰু হলেও এই উপায়টো কিন্তু খুব প্ৰয়োজনীয় আৰু কামত অহা৷ তালিকাখন সদায় ৰাতিপুৱা হাতত লওক আৰু তাৰ কামবোৰ কৰি যাওক৷ কাম পিছলৈ পেলাই থোৱাৰ পৰা আতৰি আহিবলৈ ই এটা কার্যকৰী উপায়৷ মন নগলেও আপুনি তালিকাত থকা কামবোৰ কৰি যাব লাগিব৷ তালিকাত যদি লিখা আছে তেতিয়া আপুনি যিহেতু কামটো কৰিবই, ই লাহে লাহে পিছলৈ পেলাই থোৱা অভ্যাসটো নোহোৱা কৰিব৷ এবাৰ অভ্যাসটো আতৰি গ’লে আপুনি মাত্ৰ তালিকাখন কৰা কামটোত অলপ চকু ফুৰাব লাগিব আৰু পিছলৈ দুই এটা সালসলনি কৰিব লাগিব যাতে তালিকাখনে আপোনাৰ বাবে ষ্ট্ৰেছৰ সৃষ্টি নকৰে৷

ইয়াৰ আন এটা সুবিধা আছে৷ আপোনাৰ আটাইবোৰ কাম তালিকাবদ্ধ কৰি ৰাখিলে আপুনি কামবোৰ পাহৰি নাযায়৷ ফলত আপোনাৰ যিমানবোৰ কৰিবলগীয়া কাম আছে আপুনি সকলোবোৰ কৰি শেষ কৰে৷

এই কেইটামান সহজ উপায়েৰে আপুনি সহজে কামবোৰ পিছলৈ পেলাই থোৱা অভ্যাসটো এৰিব পাৰিব৷ এই অভ্যাসটো এৰিব পাৰিলে, কামবোৰ সময়মতে কৰি আপোনাৰ মনটো বহু ভাল লাগিব আৰু কাম কৰিলে তাৰ ফলাফলো আপুনি লাভ কৰা আৰম্ভ কৰিব৷ কাম পিছলৈ পেলাই থোৱা  অভ্যাসটোৰ সলনি “আজিৰ কাম আজিয়েই” – এই মেজিক ফর্মূলাটো ব্যৱহাৰ কৰক আৰু চাওকচোন আপোনাৰ জীৱনটোতো কিমান মেজিকৰ সৃষ্টি হয়৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top