“আপুনি এইটো কৰিব নোৱাৰে,” “তুমি এয়া কৰিব নোৱাৰা,” – এনেধৰণৰ কথা আপুনি কেতিয়াবা নহয় কেতিয়াবা, কৰবাত নহয় কৰবাত নিশ্চয় শুনিছে৷ আপোনাৰ পৰিয়ালৰ কোনোবা, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া বা আন কোনোবাই আপোনাক কেতিয়াবা এই কথাটো কৈছে নহয় জানো?
তেনে মানুহ সদায় ওলাব৷ আপুনি পঢ়ি থাকোতে, আপুনি চাকৰি কৰি থাকোতে, আপুনি আন কাম কৰি থাকোতে, নানা সময়ত আপুনি এনে মানুহ লগ পাব৷ তেওঁলোকে আপোনাক জনাবলৈ অলপো সময় নষ্ট নকৰে যে যিটো কাম কৰিবলৈ আপুনি সাজু হৈছে সেই কামটো আপুনি কৰিব নোৱাৰে৷ কিয়? তাৰ কাৰণবোৰৰ কথাও তেওঁলোকে আপোনাক ক’ব৷ তেওঁলোকৰ কথালৈ কাণ নিদিব৷ আৰু এই কথাটো হয় বুলি ধৰিও নল’ব৷
কিয় বাৰু মানুহে নোৱাৰিব বুলি কয়?
মানুহে কিয় কয় আপুনি নোৱাৰে বুলি?
মানুহে কয় কাৰণ তেওঁলোকে সেয়া নিজে কৰিব পৰা নাই৷ বহু মানুহে কিছুমান কাম চেষ্টা কৰে, কিন্তু কৰিব নোৱাৰে৷ আন বহুতেই আকৌ কাম এটা কৰিবলৈ চেষ্টাও নকৰে, কিন্তু তেওঁলোকে আপোনাক প্ৰথমতে ক’ব আপুনি কাম এটা কৰিব নোৱাৰে আৰু কিয় কৰিব নোৱাৰে সেয়াও তেওঁলোকে আপোনাক বুজাই ক’ব৷ চিৰাচৰিত ভাৱে কিবা এটা কাম যদি কোনোবাই কৰিব পৰা নাই, তেওঁ নিবিচাৰে আন মানুহে সেই কামটো সফলতাৰে সম্পন্ন কৰক৷ যদি তেনেকুৱা মানুহে সদায় আপোনাক নোৱাৰিবই বুলি কয়, আপুনি তেনে মানুহৰ সংগ ত্যাগ কৰাটো আপোনাৰ বাবে ভাল হ’ব৷
আন কোনোবাই হয়তো আপোনাৰ সামর্থ নাই বুলি ভাবে৷ আন কোনোবাই হয়তো অভ্যাসবশত (কাৰণ তেওঁৰ মনটো আৰু এটিটিউড নিগেটিভ) কয়৷ এই ধৰণৰ মানুহৰ পৰাই আপুনি সাৱধানে থাকিব লাগিব৷ নহ’লে তেওঁ আপোনাৰ সমগ্ৰ জীৱনটো নিগেটিভ কৰি ইয়াক ধ্বংস কৰিব পাৰে৷
আন যি কাৰণতেই মানুহে আপোনাক কিবা কৰিব নোৱাৰিব বুলি কওক লাগে, আপুনি কিন্তু সেই কথাবোৰত গুৰুত্ব দিব নালাগে৷ কাৰণ যিসকলে আপোনাক কথাটো কৈছে, তেওঁলোক কেনেকৈ এশ শতাংশ নিশ্চিত যে আপুনি নোৱাৰিব? তেওঁলোক ভগৱান নে বহু ডাঙৰ আৰু সঁচা ভবিষ্যতবক্তা? যদি সেয়া নহয়, তেন্তে তেওঁলোকে কেনেকৈ জানিলে যে সফল হোৱাৰ সম্ভাৱনা নির্ভৰ কৰা নানা ধ্ৰুবক (ভেৰিয়েবল) থকাৰ পিছতো আপুনি বিফলহে হ’ব?
আগতে কোনেও কৰা নাই বাবে আপুনিও নোৱাৰিব নেকি?
কেতিয়াবা মানুহে ক’ব- “এই কামটো কোনেও আগতে কৰা নাই, গতিকে তুমি কিদৰে পাৰিবা, তুমিও নোৱাৰা৷” প্ৰতিটো কামেই কোনোবাই কৰাৰ আগতে মানুহে অসম্ভৱ বা কোনেও কৰিব নোৱাৰে বুলি ভাবিছিল৷ এৰোপ্লেনৰ আৱিস্কাৰৰ আগতে মানুহে ভাবিছিল যে মানুহ কেতিয়াও আকাশত উৰিব নোৱাৰিব৷ মটৰগাড়ী আৱিস্কাৰৰ আগতে সকলোৱে ভাবিছিল যে ঘোৰা নোহোৱাকৈ গাড়ী এখন চলাটো অসম্ভৱ৷ আজি যে বজাৰৰ লিষ্টখন আপোনাৰ হোৱাটছ এপ বা এছ এম এছ ৰ জৰিয়তে আপোনাৰ ফোনত আহি উপস্থিত হয়, সেয়া জানো আগতে আপুনি ভাবিছিল? গতিকে যদিও কিবা এটা কাম আপোনাৰ আগতে কোনেও কৰা নাই, তথাপিও তাৰ মানে এয়া নহয় যে আপুনিও সেইটো নোৱাৰিব৷ কোনেও হয়তো আপোনাৰ সমান কষ্টৰে আৰু যত্নৰে চেষ্টা কৰাই নাছিল৷
আপোনাৰ সপোনটো অসম্ভৱ হেনো
বহু মানুহে আপোনাক ক’ব, আপোনাৰ সপোনটো অসম্ভৱ৷ তেওঁলোকে ক’ব আপুনি বাস্তৱিক হ’ব লাগে৷ কিন্তু ভালদৰে মন কৰিলে আপুনি দেখিব যে বাস্তৱিক হৈ সেই মানুহজনৰ কিন্তু খুব এটা লাভ হোৱা নাই৷ সম্ভৱত তেওঁ নিজেও একো কৰিব পৰা নাই কাৰণ অসফল মানুহেহে আনক নোৱাৰিবা বুলি কয়৷ সফল মানুহে আন মানুহক সপোন লাভ কৰিব নোৱাৰিব বুলি কেতিয়াও নিৰুৎসাহ নকৰে৷ গতিকে তেনে বাস্তৱবাদী হৈ সাধাৰণ জীৱন এটা জীয়াই থকাতকৈ আপুনি নিজৰ সপোনৰ পিছে পিছে গৈ বেছি সন্তুষ্টি থকা এটা জীৱন লাভ কৰিব৷
স্কুলত হয়তো আপুনি শিকিছিল যে মানুহৰ সপোন থাকিব লাগে, ডাঙৰ ডাঙৰ সপোন থাকিব লাগে৷ আৰু এতিয়া আপুনি আন মানুহে কোৱা শুনিছে যে ডাঙৰ সপোনৰ কথা চিন্তা কৰি লাভ নাই, এয়া অসম্ভৱ৷ দুটা পৰস্পৰ বিৰোধী কথা শুনি আপুনি বিমোৰত নপৰিব৷ সাধাৰণ মানুহ এজনে নিজৰ সপোনটো বাদ দি এটা সাধাৰণ জীৱন আকোৱালি ল’ব কাৰণ সেইটোৱে সহজ আৰু কম কষ্টৰ পথ৷ কিন্তু আপুনি যদি এই লিখাটো পঢ়ি আছে, তেন্তে আপুনি সাধাৰণ মানুহ নহয়, আপুনি আনতকৈ বেলেগ৷ গতিকে আপুনি সাধাৰণ মানুহৰ নিচিনাকৈ সহজ ৰাস্তা লোৱাতকৈ আপোনাৰ সপোনবোৰ সঁচা কৰিবলৈ অসুবিধা হলেও কষ্টকৰ পথটোৱে বাচি ল’ব আৰু ডাঙৰ সপোনবোৰ পূৰণ কৰিবলৈ কাম কৰিবলৈ আৰম্ভ কৰিব৷
আনক নিজৰ জীৱনৰ দ্বায়িত্ব নিদিব
জীৱনত আটাইতকৈ ডাঙৰ আনন্দবোৰৰ এটা হ’ব পাৰে সেই কামটো কৰা যিটো মানুহে কয় আপুনি কৰিব নোৱাৰে৷ কামটো কৰি দেখুৱাই দিয়ক৷ নোৱাৰা বুলি কোৱা মানুহবোৰৰ আশ্চর্যচকিত কৰি দিয়ক৷ মানুহবোৰক ভুল প্ৰমাণিত কৰক আপুনি কৰিব নোৱাৰা বুলি ভবা কামবোৰ কৰি৷ আনে মানুহক কেতিয়াও আপুনি কি কৰিব পাৰে, কি কৰিব নোৱাৰে সেয়া খাটাং কৰিবলৈ নিদিব৷ আপুনি কি পাৰিব, কি নোৱাৰে সেয়া থিৰাং কৰাৰ সিদ্ধান্তটো সম্পূর্ণৰূপে আপোনাৰ৷ আনক কেতিয়াও সেই দ্বায়িত্বটো ল’বলৈ নিদিব৷
আনে নোৱাৰিব বুলি ক’লে কি কৰিব পাৰি সেয়া বাৰু আপুনি গম পালে, কিন্তু যদি নোৱাৰিম বুলি এটা ভাব আপোনাৰ মাজৰ পৰাই আহে তেতিয়া?
আপুনি নিজে ভাবে যে আপুনি কাম এটা কৰিব নোৱাৰে
আন মানুহে আপুনি কাম এটা কৰিব নোৱাৰে বুলি ক’লে তাৰ মোকাবিলা আপুনি কৰিব পাৰিব৷ এতিয়া যদি তেনে এটা কথা আপোনাৰ মনটোৱে আপোনাক কয়, তেতিয়া? তেতিয়া কি কৰিব?
যদি আপোনাৰ মনটোৱে বা ভিতৰৰ কিবা এটা মাতে (অন্তৰাত্মাৰ মাত?) আপুনি কাম এটা কৰিব নোৱাৰে বুলি কয়, তেন্তে আপুনি সেই কামটো কৰিবই৷ কৰিবলৈ চেষ্টা কৰিব৷ কিয়? আপুনি নোৱাৰিম বুলি ভবা কাম এটা যেতিয়া আপুনি কৰে ই আপোনাক নানা ধৰণে সহায় কৰিব৷ প্ৰথমতে ই আপোনাৰ মনোবল বঢ়াব৷ কাৰণ নোৱাৰো বুলি ভবা কাম এটা কৰিবলৈ যাওতে আপোনাক মনোবল লাগিবই৷ তাৰোপৰি ই নিজৰ বাবে আপোনাৰ মনত আত্মসন্মান আৰু শ্ৰদ্ধা বৃদ্ধি কৰিব৷ যদি কামটো আপুনি কৰিব পাৰে , তেন্তে ই আপোনাৰ আত্মবিশ্বাস অভাৱনীয় ভাৱে বৃদ্ধি কৰিব৷ বিচৰা ফলাফল নাপালেও আপুনি যে চেষ্টা কৰিছিল সেই কথাটোৱে আপোনাক সদায় সন্তুষ্টি দি থাকিব৷ আৰু কামটো কৰিব পাৰিলেতো কথাই নাই৷ দুয়োফালে আপোনাৰেই লাভ৷
আপুনি নিজৰ সপোনবোৰ সফল কৰিবলৈ সক্ষম
আন মানুহে যিয়ে নকওক লাগে, আপুনি কিন্তু দৰাচলতে নিজৰ সপোনবোৰ সঁচা কৰিবলৈ সম্পূর্ণৰূপে সক্ষম৷ তাৰবাবে আপোনাক লাগে সেই সপোনবোৰ পূৰণ কৰিবলৈ এক তীব্ৰ ইচ্ছা৷ যদি আপোনাৰ কিবা এটা সপোন আছে আপুনি মাত্ৰ সেইফালে আগবাঢ়ি যাব লাগে আৰু সেই সপোনটো পূৰণ কৰিব লাগে৷ তাৰ বাহিৰে আন একো কথা নাই৷
এটা ভেকুলীৰ কাহিনী
এটা কুৱাত বহু ভেকুলীয়ে বাস কৰিছিল৷ কুৱাটোৰ কাষবোৰ শিলৰ আছিল যিবোৰ বগাবলৈ বৰ টান আছিল৷ কিন্তু কোনোবাই সেইবোৰ বগাব পাৰিলে সি বাহিৰৰ পৃথিৱীখন দেখা পালেহেঁতেন৷ আচলতে কোনো ভেকুলীয়ে সেইটো বগাবলৈ চেষ্টা কৰাই নাছিল, কিন্তু সিহঁতে তেনেকৈয়ে ধৰি লৈছিল যে পাৰটো বগাব নোৱাৰি৷
এবাৰ সৰু পোৱালী ভেকুলী কিছুমানে তাত বগাবলৈ ধৰিলে৷ সিহঁত আছিল সৰু, গতিকে সিহঁতে তেতিয়ালৈকে এই পাৰবোৰ বগাই যে ওপৰলৈ উঠিব নোৱাৰি সেই কথাটো আন ভেকুলীবোৰৰ পৰা গম পোৱা নাছিল৷ সিহঁতক বগোৱা দেখি ডাঙৰ ভেকুলীবোৰে তলৰ পৰা চিঞৰা আৰম্ভ কৰিলে
“তহতে বগাব নোৱাৰ৷”
প্ৰথমতে কথাটো শুনাৰ লগে লগে বগাই থকা পোৱালী ভেকুলীবোৰে একো ধৰিব পৰা নাছিল৷ গতিকে সিহঁতে বগোৱাত লাগি গ’ল৷
“পাৰবোৰ বৰ থিয়, সেইবোৰ বগাব নোৱাৰি৷ তহঁত পৰি যাবি৷”- তলৰ পৰা ভেকুলীবোৰে চিঞৰিব ধৰিলে৷
বগাই থকা পোৱালীবোৰৰ যিকেইটা আটাইতকৈ তলত আছিল, সিহঁতে কথাবোৰ ভালদৰে শুনিছিল৷ সিহঁতে ভাবিলে যে তলৰ ভেকুলীবোৰে কৈছে যেতিয়া সঁচাকৈয়ে বগাব নোৱাৰি কিজানি৷ সিহঁতে বগোৱা বাদ দি নামি আহিল৷ কিন্তু তেতিয়াও কেইটামান পোৱালীয়ে বগাবলৈ এৰা নাছিল৷
ক্ৰমান্বয়ে তলৰ চিঞৰ-বাখৰবোৰ বেছি হৈ আহিল৷ আৰু বেছি ভেকুলীয়ে চিঞৰত যোগ দিলে৷
“কোনেও সেই কুঁৱাটো বগাই পাৰ পাব নোৱাৰে৷ তহঁত পৰি যাবি৷”
ইমান চিঞৰ-বাখৰ শুনি দুটামান পোৱালী ইমানেই নিৰুৎসাহ হ’ল যে সিহঁতৰ খোপনি হেৰাল আৰু সিহঁত সৰি পৰিল৷
এনেকৈ চিঞৰ-বাখৰ আৰু বাঢ়িল আৰু লাহে লাহে বাকীবোৰ পোৱালী ভেকুলীবোৰো হয়তো বগোৱা বাদ দিলে বা তললৈ সৰি পৰিল৷ কিন্তু তাৰ মাজতে এটা পোৱালী ভেকুলীয়ে ওপৰলৈ বগাই গৈ থাকিল৷ সি যিমানে ওপৰলৈ গৈ থাকিল, সিমানে তলৰ ভেকুলীবোৰৰ চিঞৰ-বাখৰ বাঢ়িল৷
“তই কৰিব নোৱাৰ”
“তই পৰি যাবি”
“কোনেও কৰিব নোৱাৰে”
“মান দিনে কোনেও পৰা নাছিল, তইও নোৱাৰ”
কিন্তু সেই ভেকুলীটো আছিল কলা অর্থাৎ সি কাণেৰে নুশুনে৷ গতিকে সি গমেই নাপালে যে ইমানবোৰ মানুহে তাক “তই নোৱাৰ, তই নোৱাৰ” বুলি কৈ আছিল৷ সি তলৰ ভেকুলীবোৰে জাপ মাৰি কিবা কিবি কৈ থকা দেখি ভাবিছিল যে আন ভেকুলীবোৰে তাক উৎসাহ যোগাইছে, গতিকে সি পুনৰ উৎসাহেৰে বগোৱাত লাগিল৷ আৰু বগাই বগাই সি কুঁৱাৰ একেবাৰে ওপৰ পালেগৈ৷
এখন নতুন পৃথিৱী দেখাৰ সৌভাগ্য এই ভেকুলী পোৱালিটোৰ প্ৰথম হ’ল৷ কাৰণ সি আনবোৰৰ “নোৱাৰিবি” বুলি কোৱা কথাবোৰ শুনা নাছিল৷