Close

কেনেদৰে পজিটিভ মানসিকতা এটা আহৰণ কৰিব

এটা পজিটিভ মানসিকতাৰ বিভিন্ন লাভ আছে- ই আপোনাৰ আত্মবিশ্বাস বঢ়াব পাৰে, আপোনাৰ মুড ঠিক কৰিব পাৰে আৰু হাইপাৰটেনচন, ডিপ্ৰেচন আৰু আন ষ্ট্ৰেছৰ পৰা হোৱা বেমাৰৰ পৰা বচাই ৰাখিব পাৰে৷

দিনটোৰ আৰম্ভণি কৰক এক পজিটিভ এফাৰমেচনেৰে

মানসিকতা পজিটিভ কৰি ৰাখিবলৈ ই সাংঘাটিক ধৰণে সহায় কৰিব৷ পজিটিভ এফৰমেচন হ’ল এটা পজিটিভ কথাক বাৰে বাৰে ৰিপিট কৰি থকা এক নির্দিষ্ট সময়লৈকে৷ আপোনাৰ নিজৰ পচন্দ আৰু প্ৰয়োজন অনুসৰি আপুনি পজিটিভ বাক্য এটা ল’ব পাৰে আৰু সেই বাক্যটোক বাৰে বাৰে ৰিপিট কৰি থাকিব পাৰে৷ ৫ মিনিটৰ বাবে সেয়া কৰক৷ এনে কৰিলে আপুনি বাচি লোৱা বাক্যটোত থকা কথাবোৰ আপুনি লাহে লাহে বিশ্বাস কৰিবলৈ ল’ব৷ এনেদৰে কথা এটা ৰিপিট কৰি থাকিলে আপোনাৰ চাবকনচিয়াছ মনটোৱে লাহে লাহে সেই কথাটো মানি লয় আৰু সেইমতে নিজৰ চিন্তা আৰু ব্যৱহাৰ সলাই পেলায়৷ আপোনাৰ চিন্তাবোৰ পজিটিভ কৰিবলৈ, মনটো পজিটিভ কৰিবলৈ ই বৰ কাম কৰে৷

ভাল কথাবোৰত গুৰুত্ব দিয়ক

আপুনি যদি নিজৰ মানসিকতা পজিটিভ কৰিব বিচাৰিছে তেতিয়া আপুনি আপোনাৰ লগত ঘটা, আপোনাৰ জীৱনত ঘটা ভাল কথাবোৰত মন দিব লাগিব৷ লাগিলে সেই ভাল কথাটো একেবাৰেই সৰুৱেই নহওক কিয়৷ এনেদৰে ভাল কথাবোৰ মন কৰিলে, সেইবোৰ ভাবিলে, সেইবোৰ লিখি ল’লে ই আপোনাক দেখুৱাব যে আপুনি দৰাচলতে কিমান ভাগ্যৱান, আপোনাৰ জীৱনতো কিমান ভাল লগা ঘটনা, ভাল কথা আদি আছে৷ এনে কথাবোৰে আপোনাৰ মনটো ভাল কৰিব, মুড ভাল কৰিব আৰু পজিটিভ কথাবোৰত ফ’কাছ কৰিবলৈ শিকাব৷

নিজকে হাঁহিবলৈ শিকক

কেতিয়াবা কিবা কথাত ভুল হ’লে, জটিল অৱস্থাত পৰিলে, লাজ পালে নিজকে হাঁহিবলৈ শিকক৷ এই কথাটো এইবাবেই জৰুৰী, কাৰণ তেতিয়া আপুনি নিজে কৰা ভুলবোৰক বহুত ডাঙৰ কিবা কথা বুলি নলয়৷ বেয়া অৱস্থা পৰিলেও বা লাজ পালেও নিজকে তাৰবাবে দোষী সাব্যস্ত কৰি মাৰি মাটিত মিহলি কৰি নিদিয়ে৷ আৰু জীৱনত ভুল হ’বই, বেয়া অৱস্থাত আপুনি পৰিবই৷ তেনে অৱস্থাবোৰক ভালদৰে চম্ভালি ল’ব পাৰিলে এনে কথাবোৰে আপোনাৰ মনটো বেয়া কৰিব নোৱাৰে, আপোনাৰ আত্মবিশ্বাস নোহোৱা কৰিব দিব নোৱাৰে৷

চেলফ টক সলাওক

আপোনাৰ যদি আজি মনটো নিগেটিভ তাৰ এটা প্ৰধান কাৰণ হ’ল আপোনাৰ চেলফ টক৷ নিগেটিভ চেলফ টকে সদায় আপোনাৰ মনটো আৰু মানসিকতাক নিগেটিভেই কৰি তুলিব৷ নিজৰ লগত কথা পাতোতে সেয়ে আপুনি পজিটিভ কথাবোৰ ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব৷ আৰু এনে কৰা সম্ভৱ৷ মাত্ৰ অলপমান অভ্যাস লাগিব৷ সদায়, যিকোনো পৰিস্থিতিতে আপুনি নিজৰ লগত কথা পাতোতে পজিটিভ ভাৱে কথা পাতিব পাৰে কাৰণ আপোনাৰ নিজৰ বিষয়ে মনত যি ধাৰণা আছে সি এটা পৰিস্থিতিৰ ওপৰত নির্ভৰ নকৰে৷ আপুনি যদি নিজকে সন্মান কৰিব পাৰে, আপোনাৰ যদি চেলফ এষ্টিম পজিটিভ তেতিয়া বেয়া পৰিস্থিতি এটাতো আপুনি নিজৰ লগত পজিটিভ কথা পাতিব পাৰিব৷

পজিটিভ মানুহৰ লগত থাকক

কথাটো দেখাত সৰু যেন লাগিব পাৰে কিন্তু ই সঁচা কথা৷ আপোনাৰ বন্ধু বা সংগীসকলৰ ওপৰত আপোনাৰ জীৱনটো বহুখিনি নির্ভৰ কৰে৷ গতিকে আপোনাৰ মানসিকতা জানো তেনে মানুহবোৰৰ ওপৰত অলপো নির্ভৰ নকৰিব? আপুনি যদি পজিটিভ মানুহৰ লগত থাকে আপুনি তেওঁলোকৰ পৰা সহায় পাব৷ মনটো বেয়া লাগি থাকিলেও তেওঁলোকে আপোনাৰ মনটো বেয়া লাগি থাকিব নিদিয়ে৷  তেনে মানুহৰ লগত থাকিলে তেওঁলোকৰ পৰা আপোনাৰ গালৈকো অলপ হলেও পজিটিভ চিন্তা আৰু ভাৱ সুচৰিব৷ আপোনাৰ মানসিকতা নিগেটিভ হ’ব নোৱাৰে কাৰণ আপুনি দেখিব যে তেনে মানুহবোৰে বেয়া অৱস্থাতো হাৰ মনা নাই, সমস্যাৰ হলেও তাক পজিটিভ ধৰণেৰে লৈ সমাধান বিচাৰি পাইছে৷ এনে কথাবোৰে আপোনাক অনুপ্ৰাণিত কৰিব৷ তেনে ধৰণৰ মানুহৰ লগত থাকিলে গম নোপোৱাকৈয়ে নিগেটিভ মানসিকতা সলনি হৈ এক পজিটিভ মানসিকতাই গঢ় লৈ উঠিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top