Close

আপুনি ambivert নেকি?

Ambivert মানে কি নো?

Ambivert সেইজন মানুহ যাৰ গাত এক্সট্ৰ’ভার্ট আৰু ইন্ট্ৰ’ভার্ট দুয়োজনৰ গুণসমূহ বেলেঞ্চ পৰিমাণত থাকে৷ মানে একেজন মানুহৰে মাজত এজন অর্ন্তমুখী মানুহ আৰু এজন বর্হিমুখী মানুহৰ গুণ বা লক্ষণসমূহ দেখা যায়৷ আমি প্ৰায়ে নিজকে হয়তো বর্হিমুখী অর্থাৎ এক্সট্ৰ’ভার্ট বা অর্ন্তমুখী অর্থাৎ ইন্ট্ৰ’ভার্ট বুলি চিনাক্ত কৰোঁ৷ কিন্তু এনে শ্ৰেণীবিভাগ ইমান অনমনীয় বা ইনক্লেক্সিবল ভাৱে কৰিব নোৱাৰি৷  উদাহৰণ স্বৰূপে, মই নিজৰ ক্ষেত্ৰতে দেখো যে মই কিতাপ পঢ়ি, অকলে থাকি, চাৰিওফালৰ কথাবোৰ মন কৰি বেছি ভাল পাও, মোৰ বন্ধু বান্ধৱ কম, কথা কম কৈ ভাল পাও, কিন্তু কেতিয়াবা প্ৰয়োজনত মই যথেষ্ট কথা ক’ব পাৰোঁ, কেতিয়াবা মানুহৰ সংগ ভাল পাও, সহজে মানুহৰ লগত কথাবতৰা পাতিব পাৰোঁ৷ এনেধৰণৰ অনুভৱ আন কাৰোবাৰো হ’ব পাৰে৷ সম্ভৱত এই দুই ধৰণৰ লক্ষণসমূহ থকা মানুহবোৰকে আমি Ambivert বুলি কও৷ এনে ধৰণৰ মানুহৰ কিছুমান নির্দষ্ট লক্ষণ থাকে৷

কথাবতৰা পাতোতে সমতা ৰক্ষা

এনে মানুহবোৰ খুব ভাল শ্ৰোতা৷ তেওঁলোকে কথাবোৰ মন কৰিব পাৰে৷ কিন্তু অকল ভালদৰে শুনাই নহয় তেওঁলোকে নিজৰ মনৰ কথাবোৰে সুন্দৰকৈ আনৰ আগত প্ৰকাশ কৰিব পাৰে৷ কথাবোৰ ক’বলৈ যাওতে তেওঁলোকে অসুবিধা নাপায় বা হেহোনেহো নকৰে৷

সীমিত নির্জনতা বা একাকীত্ব

বর্হিমুখী মানুহে বেছিকৈ মানুহৰ সংগ বিচাৰে আৰু অর্ন্তমুখী মানুহে বেছিকৈ নির্জনতা ভাল পায়৷ আনহাতে Ambivert মানুহে নির্জনতা বা একাকীত্ব বিচাৰে কিন্তু এক সীমাৰ ভিতৰত৷ অর্ন্তমুখী মানুহৰ দৰে বেছিকৈ নির্জনতা নিবিচাৰে৷ অনবৰতে, সকলো সময়তে নির্জনতা তেওঁলোকে নিবিচাৰে৷

বন্ধুত্ব

বর্হিমুখী মানুহৰ বন্ধু অসংখ্য, আনহাতে অর্ন্তমুখী মানুহৰ বন্ধু বৰ কম৷ কিন্তু বন্ধুত্বত Ambivert এ কোৱালিটি আৰু কোৱানটিটি দুইটাই বিচাৰে৷ তেওঁলোকে বিভিন্ন ধৰণৰ মানুহক জানে কিন্তু কেইজনমানৰ লগতহে খুব গাঢ় বন্ধুত্ব থাকে৷

তেওঁলোকৰ ব্যক্তিত্ব পৰিস্থিতি সাপেক্ষ

পৰিস্থিতি অনুযায়ী তেওঁলোকে নিজৰ ব্যক্তিত্বৰ বেলেগ বেলেগ ৰূপ দেখুৱাব পাৰে৷ তাৰমানে তেওঁলোকৰ ব্যক্তিত্ব ফ্লেক্সিবল, ই সলনি হ’ব পাৰে৷

কাম কৰাৰ ধৰণ

বর্হিমুখী মানুহে অকলে কাম কৰাত ভাল নহয়, কিন্তু গ্ৰুপ একেলগে কাম কৰাত ভাল৷ আনহাতে অর্ন্তমুখী মানুহে অকলে বেছি ভাল কাম কৰে কিন্তু আনৰ লগত গ্ৰুপত বেছি ভালদৰে কাম কৰিব নোৱাৰে৷ Ambivert সকল অকলেও কাম কৰাত ভাল আৰু তেওঁলোকে আনৰ লগত মিলি কাম কৰিব লগীয়া হলেও সেয়াও ভালদৰে কৰিব পাৰে৷

সিদ্ধান্ত লওতে অসুবিধা

এনে মানুহৰ প্ৰায়ে সিদ্ধান্ত লওতে অসুবিধা হয়৷ তেওঁলোক নিজৰ অর্ন্তমুখী আৰু বর্হিমুখী চৰিত্ৰ দুটা বেলেন্স কৰোতে যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয় আৰু তাৰ প্ৰভাৱ সিদ্ধান্ত লওতে পৰে৷

শান্ত আৰু ধীৰ

Ambivert মানুহবোৰ সাধাৰণতে শান্ত আৰু ধীৰ হয়৷ তেওঁলোকে লাহে ধীৰে কাম কৰে আৰু সহজে চিন্তাত নপৰে৷ কিন্তু তেনে মানুহৰ এটা সমস্যা হ’ল তেওঁলোকে কাম এটা বা কাৰোবাৰ লগত কথা পতা কামটোৰ আৰম্ভণি নকৰে৷ এবাৰ কোনোবাই আৰম্ভ কৰি দিলে তেওঁলোকে কামটো ভালদৰে কৰিব পাৰে৷ কিন্তু কামবোৰ আৰম্ভ কৰিবলৈ তেওঁলোকে টান পায়৷

Ambivert মানুহবোৰ যি লক্ষণ বা চিন থাকে, আপোনাৰ আছে নেকি এনে লক্ষণ?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top