Close

কেনেকৈ নিয়মিত ব্যায়ামে উদ্বিগ্নতা কমাব পাৰে?

আজিকালি চাৰিওফালে সকলো ক্ষেত্ৰতে সকলোৱে ষ্ট্ৰেছ অনুভৱ কৰে। সাধাৰণ জীৱন-যাত্ৰাত আপুনি প্ৰায়ে ষ্ট্ৰেছ বা মনৰ চাপৰ সন্মুখীন হয় আৰু তেনে ষ্ট্ৰেছৰ পৰা মুক্ত হোৱাৰ চেষ্টাও কৰে। আপুনি ষ্ট্ৰেছক নিজৰ জীৱনৰ পৰা বাহিৰ কৰি দি শান্তিৰে জীৱন অতিবাহিত কৰিব পাৰে মাত্ৰ এটা উপায় অৱলম্বন কৰি –

    নিয়মিত ব্যায়াম কৰি।

যদি আপুনি নিয়মিতভাৱে ব্যায়াম কৰে, তেনেহ’ল আপুনি সহজভাবে ষ্ট্ৰেছ আৰু উদ্বিগ্নতাৰ পৰা হাত সাৰি থাকিব পাৰে। সদায় অলপ সময় ব্যায়াম কৰিলে আপোনাৰ মনটো শান্ত হৈ থাকিব। ব্যায়াম কৰিলে আপোনাৰ শৰীৰটো ভালে ৰাখিব অতিৰিক্ত চৰ্বি নোহোৱা কৰি, তাৰ লগতে আপোনাৰ শৰীৰ মজবুত কৰিব আৰু তেজৰ চলাচল ভালদৰে হোৱাত সহায় কৰিব। ই মগজুৰ ষ্ট্ৰেছ চম্ভালা অংশটো সলনি কৰি আপোনাক ষ্ট্ৰেছ চম্ভালাত সহায় কৰে।

The Journal of Neuroscience ৰ মতে যিবিলাক এন্দুৰে নিয়মিতভাবে ব্যায়াম কৰাৰ সুবিধা লাভ কৰে, সেইবোৰে তেনে ব্যায়ামৰ সুবিধা লাভ নকৰা এন্দুৰবোৰতকৈ উদ্বিগ্নতা আৰু ষ্ট্ৰেছ বেছি ভালকৈ আৰু সহজে চম্ভালি ল’ব পাৰে। সেই সুবিধা লাভ নকৰা এন্দুৰবোৰ প্ৰথমবোৰতকৈ বেছি দেৰিলৈ ষ্ট্ৰেছ আৰু উদ্বিগ্নতাৰ চিকাৰ হৈ থাকে।

নিয়মিত ব্যায়াম কৰিলে আপোনাৰ মগজুৰ এক নতুন ধৰণে বিন্যাস হয় আৰু ফলত আপুনি ষ্ট্ৰেছ আৰু উদ্বিগ্নতা বেছি ভালদৰে চম্ভালি ল’ব পাৰে। আন কিছুমান পৰীক্ষা-নিৰীক্ষাত পোৱা গৈছে যে শাৰীৰিক ব্যায়াম আৰু ষ্ট্ৰেছ আৰু উদ্বিগ্নতাৰ লেভেলৰ মাজত এক পোনপটীয়া সম্পৰ্ক আছে। শাৰীৰিক ব্যায়ামৰ পৰিমাণ বাঢ়ি গলে ষ্ট্ৰেছ আৰু উদ্বিগ্নতাৰ পৰিমাণ কমি যায়।

ষ্ট্ৰেছে সকলোৰে ওপৰত প্ৰভাৱ পেলায় কিন্তু যিসকলে নিয়মিতভাৱে ব্যায়াম কৰে, তেনে লোকৰ ওপৰত ষ্ট্ৰেছৰ বেয়া প্ৰভাৱ বহু কম হয়। ব্যায়ামৰ দ্বাৰা নিজৰ মগজুটোক এনে ষ্ট্ৰেছ চম্ভালি ল’বলৈ আপুনি ভালদৰে সাজু কৰিব পাৰে।

মই ঘৰতে বনাই লোৱা “হোম জীম” (Home Gym) ত নিয়মিতভাবে বয়ায়াম কৰোঁ। মই নতুনকৈ যোগাভ্যাস (Yoga) কৰাও আেম।ভ কৰিছোঁ আৰু যোৱা কেইমাহত বহুকেইটা আসন কৰিব পৰা হৈছোঁ। মোৰ নিজৰ ব্যক্তিগত অনুভবৰ পৰা মই ক’ব পাৰোঁ যে ৰাতিপুৱা ব্যায়াম বা যোগাভ্যাস কৰাৰ পিছৰ পৰা মই যথেষ্ট শান্তি আৰু সুখ অনুভব কৰিছোঁ। মোৰ মনটোৱেও আগতকৈ ভালকৈ আৰু বেছি কাম কৰা আৰম্ভ কৰিছে। মোৰ মনটোক শান্ত কৰি ৰখাটো আগৰ দৰে আৰু টান নহয়। আপুনি বডীবিল্ডাৰ হ’বলৈ শাৰীৰিক ব্যায়াম কৰিব নালাগে, মাত্ৰ নিজৰ শৰীৰটো ঠিকে ৰাখিবলৈ আপুনি নিয়মিতভাবে আপোনাৰ ভাল লগা এবিধ ব্যায়াম কৰিলেই হ’ল। আপুনি দৌৰা, খোজকঢ়া, যোগ, ফ্ৰি হেণ্ড ব্যায়াম, বা কিবা এবিধ খেল-ধেমালি কৰিব পাৰে। মাত্ৰ এনে ব্যায়াম বা খেলা-ধূলাই আপোনাৰ শৰীৰৰ বিভিন্ন অংশত কাম কৰি আপোনাক সুস্বাস্থ্যৰ অধিকাৰী কৰি তুলিব লাগে।

মাত্ৰ অকণমান ব্যায়াম কৰি ষ্ট্ৰেছ আৰু উদ্বিগ্নতা আতৰত ৰখাৰ লগতে এক সুন্দৰ শৰীৰৰ অধিকাৰী হ’ব পাৰিলে আপোনাৰ জানো ভাল নালাগিব?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top