Close

তীব্ৰ ফ’কাছ কেনেদৰে সৃষ্টি কৰিব পাৰি?

ভাল কাম কৰিবলৈ হ’লে, সাংঘাটিক কাম কৰিবলৈ হ’লে, মৃত্যুৰ পিছতো লিগচী হিচাপে থাকি যোৱা কাম কৰিবলৈ হ’লে আমি সম্পূর্ণ ফ’কাছেৰে, তীব্ৰ ফ’কাছেৰে কাম কৰিব পাৰিব লাগিব৷ তেনে কাম নির্ভৰ কৰে আমি কামটোৰ বাবে দিয়া সময় আৰু কিমান তীব্ৰ ফ’কাছেৰে সৈতে আমি কামটো কৰিছোঁ৷

বতর্মান সময়ত আমাৰ ফ’কাছৰ বেছি প্ৰয়োজন কাৰণ আজিকালি ডিচট্ৰেকচন ৰ সংখ্যা ইমান বেছি আৰু সেইবোৰৰ আকর্ষণ ইমান বেছি যে ভালদৰে, ক’কাছ কৰি কাম কৰটো বেছি টান৷ এনে সময়তো যিহেতু খুব ভাল কাম কৰিবলৈ আমাক তীব্ৰ ফ’কাছ লাগিব সেয়া কেনেদৰে লাভ কৰিব পাৰি তাকে চাও আহক৷

এটা মাত্ৰ ফ’কাছ টার্গট বিচাৰি লওক

এটা সময়ত মাত্ৰ এটাহে ফ’কাছ টার্গেট বিচাৰি লওক৷ এক নির্দিষ্ট সময়ত মাত্ৰ এটা কামতহে ফ’কাছ কৰক৷ দুই তিনিটা কাম একেলগে কেতিয়াও কৰিবলৈ চেষ্টা নকৰিব? এটা সময়ত এটাহে কাম ভালদৰে আৰু ষ্ট্ৰেছ নোহোৱাকৈ  কৰিব পাৰি৷ তীব্ৰ ফ’কাছ কৰিবলৈ হ’লে  যি কামেই আপুনি হাতত লৈছে সম্পুর্ণভাৱে সমগ্ৰ মনটো তাতে দিব লাগিব৷ কাম এটা বাচি লওক আৰু সেই কামটোত কিমান সময় দিব সেয়া ঠিক কৰি লওক আৰু তাৰপিছত একাত্তচিত্তে সেই কামটো কৰিলৈ লাগি যাওক৷ তেনেদৰে মাত্ৰ এটা কাম কৰিবলৈ ল’লে আপুনি আন একো কথাই চিন্তা কৰিবলগীয়া নাথাকে আৰু তেতিয়া সম্পূর্ণভাৱে ফ’কাছ কৰা সম্ভৱ হয়, যাৰ ফলত কামটোৰ কোৱালিটি বহুত ভাল হ’ব৷

যদি আপোনাৰ টু ডু লিষ্ট আছে সেইখন চাই তাৰপৰা একেলগে দুই তিনিটা কাম বাচি নল’ব৷ তাৰে মাত্ৰ এটা কাম বাচি লওক আৰু যিমান সময় আপুনি ঠিক কৰি লৈছে সিমান সময় সেই কামটো কৰক৷ আন কথাত মন নিদিব৷ সেই সময়খিনিৰ ভিতৰত কেতিয়াবা কামটো শেষ হ’বও পাৰে, নহ’বও পাৰে৷

ডিচট্ৰেকচনবোৰ নোহোৱা কৰক

ডিচট্ৰেকচন বোৰো নোহোৱা কৰিলেহে আপুনি কাম এটা কৰোতে খুব ইনটেনচিটিৰে তাত ফ’কাছ কৰিব পাৰিব৷ নহ’লে এই ডিচট্ৰেকচনবোৰে আপোনাৰ মনটো ইফালৰ পৰা সিফালে লৈ গৈ থাকিব৷ আপোনাৰ মনটো যদি এবাৰ ইফালে যায় এবাৰ সিফালে যায় তেতিয়া আপুনি কেনেদৰে কৰি থকা কামটোত সম্পূর্ণভাৱে ফ’কাছ কৰিব পাৰিব বাৰু? সেয়া সম্ভৱ নহ’ব৷ এনে ডিচট্ৰেকচনবোৰ হ’ল মবাইল ফোন, টিভি, কিতাপ এখন, কোনোবাই কথা কৈ থকা বা আন যিকোনো বস্তু যি কৰি থকা কামটোৰ বাবে প্ৰয়োজনীয় নহয়৷ এটা বস্তু যি আন এটা কামৰ বাবে প্ৰয়োজনীয় হ’ব পাৰে সি কৰি থকা কামটোৰ বাবে ডিচট্ৰেকচন হ’ব পাৰে৷ মবাইল ফোনটো আটাইতকৈ ডাঙৰ ডিচট্ৰেকচন৷ মবাইল ফোনটো কেতিয়াও আপুনি কাম কৰি থকা টেবলখন বা ঠাই টুকুৰাত নথব৷ যদি পাৰি ফোনটো মিউট কৰি থব, নটিফিকেচনবোৰ নহা কৰি থব৷

কোনোবাই ক’ব পাৰোঁ যে মই শক্তিশালী আৰু সেয়ে ডিচট্ৰেকচনবোৰৰ লগত মই যুঁজিব পাৰোঁ, সেইবোৰ মোৰ ওচৰত থাকিলেও একো নহয়৷ কথাটো হ’ব পাৰে, আপুনি হয়তো বহুত শক্তিশালী, কিন্তু ডিচট্ৰেকচনবোৰ আতৰাই থলে আপুনি সেইবোৰৰ লগত যুদ্ধ কৰি নিজৰ মনোবল আৰু শক্তিবোৰৰ অলপো সেইবোৰৰ লগত ক্ষয় কৰিব নালাগে৷ ডিচট্ৰেকচন আতৰাই থলে যদি আমাৰ শক্তি আৰু মনোবল কাম এটা কৰাৰ আগতে ১০০% হৈ থাকে তেতিয়াহ’লে তাকেই কৰোঁ আহক৷

এক পৱিত্ৰ ঠাইৰ সৃষ্টি কৰি লওক

আপুনি যি ঠাইত কাম কৰে সেই ঠাই টুকুৰাক এক পৱিত্ৰ ঠাই বুলি গণ্য কৰিব পাৰিলে আপোনাৰ তীব্ৰ ফ’কাছ কৰাটো সম্ভৱ হ’ব৷ কিয়? কাৰণ তেতিয়া আপুনি সেই ঠাইখন চাফাকৈ ৰাখিব, তাত অলাগতিয়াল বস্তু নথয় আৰু তাত সেই সময়ত কামত নলগা বস্তুবোৰো নথয়৷ আনকি ডিচট্ৰেকচনবোৰো সেই ঠাই বা টেবুলত ঠাই নিদিয়ে৷ তেতিয়া আপোনাৰ ফ’কাছ আনফালে যোৱাৰ সম্ভাৱনা বহুত কম৷ এই ঠাইটুকুৰাক মই এইবাবেই পৱিত্ৰ বুলি কৈছোঁ কাৰণ তেতিয়া আমি সেই ঠাইটুকুৰাক শ্ৰদ্ধা কৰা সম্ভৱ আৰু তাত পৰিষ্কাৰ কৰি ৰখা সম্ভৱ৷ এনে হ’লে আপোনাৰ মনটো কাম কৰাৰ সময়ত ভাল লগাৰ লগতে আন একো কথাই আপোনাক আমনি কৰিব নোৱাৰে৷   

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top