Close

ভয়ক অতিক্ৰম কৰাৰ বিষয়ে চেনেকাৰ মত

দুর্ভাগ্যৰ পৰা নিজকে ৰক্ষা কৰাৰ খাটাং ষ্ট্ৰেটেজী

চেনেকা আছিল এক মহান ৰোমান দার্শনিক আৰু নিৰৱধি জ্ঞানৰ ভৰাল৷ চেনেকাই কেনেদৰে ভয়ক অতিক্ৰম কৰিব পাৰি আৰু দুর্ভাগ্যৰ পৰা নিজকে ৰক্ষা কৰাৰ খাটাং ষ্ট্ৰেটেজী কি সেই বিষয়ে লিখিছিল৷ তেওঁৰ বন্ধু লুছিয়াচ জুনিয়ৰলৈ লিখা এখন চিঠিত তেওঁ এই বিষয়ে লিখিছিল যি “লেটাৰছ ফ্ৰম এ ষ্টইক” নামৰ গ্ৰন্থত সন্নিবিষ্ট কৰা আছে৷

মানসিক দৃঢ়তা আৰু নৈতিক স্থিতিস্থাপকতাৰ এক ৰেচিপি তেওঁ দিছিল নিজৰ বন্ধুক-

কেইদিনমান আতৰাই ৰাখিবা যিকেইদিনত তুমি আটাইতকৈ কমদামী বস্তুৰে, মোটা আৰু ৰুক্ষ পোছাকেৰে সন্তুষ্ট হ’বা, আৰু অনবৰতে নিজকে ক’বাঃ “এইটো অৱস্থাকে মই ভয় কৰিছিলোঁ নেকি?” যত্নৰ পৰা সুৰক্ষা লাভ কৰা সময়তে আমাৰ আত্মাবোৰ ডাঙৰ সমস্যাৰ বাবে কঠিন কৰি তুলিব লাগিব আৰু সৌভাগ্যই লগ দিয়া সময়তে ই নিজকে তাইৰ হিংসাৰ বিৰুদ্ধে মজবুত কৰিব লাগিব৷ শান্তিৰ দিনবোৰত কোনো শত্ৰু নেদেখাকৈ সৈন্যবোৰে ৰণকৌশল চর্চা কৰে, গড় বান্ধে, ভিত্তিহীন খাটনিৰে নিজকে ক্লান্ত কৰে যাতে তেওঁ অনিবার্য কষ্টৰ সমান হয়৷ আপুনি যদি সঙ্কট অহাৰ সময়ত এজন মানুহে পশ্চাদপসৰণ কৰাটো নিবিচাৰে, ই অহাৰ আগতে তেওঁক প্ৰশিক্ষিত কৰি তোলা৷

শয্যাখন সঁচা এখন হওক, কাপোৰসাজ খহটা, ব্ৰেডটুকুৰা টান মিলন হওক৷ এই সকলোবোৰ দুই-তিনিদিনৰ বাবে সহ্য কৰা, কেতিয়াবা বেছিদিনৰ বাবে যাতে ই কেৱল এক হবী নহৈ এক পৰীক্ষা হওক৷ তেতিয়া মৰমৰ লুছিয়াছ মই নিশ্চিত কৰোঁ যে অকণমান খাদ্য পালেই তুমি আনন্দতে জপিয়াই উঠিবা আৰু বুজি পাবা যে মানুহ এজনৰ মনৰ শান্তি সৌভাগ্যৰ ওপৰত নির্ভৰ নকৰে; কাৰণ তাই খঙত থাকিলেও আমাৰ প্ৰয়োজনৰ বাবে যথেষ্ট প্ৰদান কৰে৷

চেনেকাই আৰু কয়ঃ

কিন্তু তুমি কিবা মহান কাম কৰিছোঁ বুলি ভবাৰ কোনো কাৰণ নাই; কাৰণ তুমি তাকেহে কৰিছে যি হাজাৰ হাজাৰ ভৃত্য আৰু দুখীয়া মানুহে প্ৰতিদিনে কৰি আছে৷ কিন্তু তুমি নিজকে এই কৃতিত্ব দিব পাৰা- তুমি বাধ্য হৈ এই কাম নকৰা আৰু এই পৰীক্ষাটো মাজে-সময়ে কৰা বা সদায়ৰ বাবে সহ্য কৰাটো তোমাৰ একে সমান হ’ব৷ আমি আমাৰ তৰোৱালৰ পৰীক্ষা পুতলা এটাৰ ওপৰতে কৰোঁ আহা; আমি দৰিদ্ৰতাৰ লগত অন্তৰঙ্গ হও আহা, যাতে সৌভাগ্যই আমাক অসাৱধান অৱস্থাত হেঁচা মাৰি ধৰিব নোৱাৰে৷ আমি বেছি আৰামাৰ দ্বাৰা চহকী হ’ব পাৰিম যদি আমি শিকো দৰিদ্ৰতা এক বোজাৰ পৰা কিমান আতৰত৷

গতিকে মৰমৰ লুছিয়াচ, কেইদিনমান বেলেগকৈ ৰাখিবলৈ আৰম্ভ কৰা যিকেইদিন তুমি তোমাৰ কামৰ পৰা আতৰি আহিবা আৰু অত্যন্ত কম বস্তুৰে সন্তুষ্ট হ’বা৷ দৰিদ্ৰতাৰ লগত এক ব্যৱসায়িক সম্পর্ক স্থাপন কৰা৷

এয়া এনে এক পদ্ধতি যিটো আপুনিও চেষ্টা কৰিব পাৰে যিয়ে আপোনাক আপোনাৰ ভয়ক অতিক্ৰম কৰিবলৈ শিকাব আৰু আপোনাক বজ্ৰকঠিন কৰি তুলিব যাতে কেতিয়াবা দুর্ভাগ্য আহিলেও আপুনি হেলাৰঙে সেয়া সহ্য কৰিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top