Close

কিছুমান কথা এৰি দিয়ক, মুক্ত হৈ পৰক

আপুনি যদি কিছুমান অভ্যাস, কিছুমান কথা এৰি দিব পাৰে তেতিয়াহ’লে আপুনি মুক্ত হৈ পৰিব পাৰিব৷ এই কথাবোৰে, এই অভ্যাসবোৰে আপোনাক বন্দী কৰি ৰাখিছে৷ এইবোৰে আপোনাক সুখী হ’বলৈ নিদিয়াকৈ ৰাখি থৈছে৷

কিন্তু এনে কি কথা, চিন্তা বা অভ্যাস আছে যিবোৰে আপোনাক বন্দী কৰি ৰাখিছে, যিবোৰে আপোনাক জীৱনটো ভালদৰে জীয়াই থকাত বাধা দি আছে?

আনক দোষ দিয়া অভ্যাস এৰি দিয়ক

এই অভ্যাসটো এৰি দিব পাৰিলে আপুনি সাংঘাটিক ধৰণে অগ্ৰগতি লাভ কৰিব পাৰিব৷ আনক দোষ দিয়া মানে আপুনি নিজৰ জীৱনৰ দ্বায়িত্ব নিজৰ ওপৰত লোৱাই নাই আৰু নিজৰ জীৱনৰ দ্বায়িত্ব যদি আপুনি লোৱা নাই তেতিয়াহ’লে কেনেদৰে জীৱনটো ভাল হ’ব, কেনেদৰে ই আপুনি বিচৰা ধৰণৰ হ’ব?

আনক দোষ দিবলৈ হ’লে আমাৰ সকলো ফ’কাছ কেৱল দোষ আৰু ভুলৰ ওপৰতে থাকিব৷ আৰু আমি যিহত ফ’কাছ কৰোঁ আমি সেয়াই বেছিকৈ পাবলৈ আৰম্ভ কৰোঁ৷ আপুনি আনক দোষ দি থাকিলে আপোনাৰ মনটো অনবৰতে কামৰ ফলাফলতকৈ কেৱল আনৰ ক’ত, কি দোষ আছে, কোনে কি ভুল কৰিলে তাত থাকিব৷ ফলত বিচৰা ফলাফল আপুনি লাভ নকৰে৷ লগতে আন মানুহৰ লগতো আপোনাৰ সম্পর্কবোৰ বেয়া হ’ব৷ 

পাৰফেক্ট হোৱাৰ প্ৰয়োজন এৰি দিয়ক

বহুতে বিশ্বাস কৰে যে কাম এটা কৰিলে তাত পাৰফেক্ট হ’ব লাগে৷ সেয়া ভাল কথা৷ কিন্তু সকলো কথাতে যদি আপুনি পাৰফেকচন বিচাৰে তেতিয়া কিছুমান সমস্যা হ’ব পাৰে৷ আপোনাৰ অজস্ৰ সময় নষ্ট হোৱাৰ লগতে সাংঘাটিক ধৰণৰ মানসিক অশান্তিও হ’ব পাৰে এই অভ্যাসটোৰ কাৰণে৷ অভ্যাসটো বেয়া নহয় কিন্তু তাক সকলো কথাতে খটুৱাবলৈ গ’লে নানা সমস্যাৰ সৃষ্টি হ’ব৷ তাতোকৈ আপুনি যিমান ভালদৰে কামটো এতিয়া কৰিব পাৰিছে, সিমান ভালদৰে কৰি কামটো শেষ কৰিব লাগে আৰু তাৰ পিছৰ প্ৰয়োজনীয় কামটোলৈ যাব লাগে৷ সকো কথাতে পাৰফেক্ট হোৱাৰ প্ৰয়োজন এৰি দিব পাৰিলে আপুনি নিজে শান্তিৰে জীৱন কটোৱাৰ লগতে, কৰিব বিচৰা কামৰ বেছিখিনি কৰিব পাৰিব৷

আনক জাজ কৰা বা বিচাৰ কৰা অভ্যাস এৰি দিয়ক

আনক জাজ কৰা মানে আন এজন মানুহ কেনে সেয়া বিচাৰ কৰা আৰু তেওঁৰ বিষয়ে একোটা ধাৰণা কৰি লোৱা৷ এনে কৰাৰ ফলত সেই মানুহজন বা মানুহগৰাকীৰ লগত আমাৰ ব্যৱহাৰ সেই ধাৰণা মতে হৈ পৰে৷ আৰু সেই ধাৰণা শুদ্ধ নহ’বও পাৰে৷ লগতে আমি কাৰোবাক জাজ কৰো আমাৰ নিজৰ বিশ্বাস, ধাৰণা, চিন্তা আদিৰ ওপৰত নির্ভৰ কৰি৷ যিটো কথা আমাৰ বাবে সঁচা নহয় সেয়া আন এজনৰ বাবে সঁচা হ’বও পাৰে, যিটো কথা আমাৰ বাবে শুদ্ধ নহয় সেয়া আনৰ বাবে হ’বও পাৰে৷ অনবৰতে আনক জাজ কৰি থকা বাবে আমি কাকো ভাল পাব নোৱাৰোঁ, আৰু লাহে লাহে সেই অভ্যাসটো আনৰ দোষবোৰৰ ওপৰত ফ’কাছ কৰা এটা অভ্যাসলৈ সলনি হৈ পৰে৷ আপুনিযদি কাকো ভাল নাপায়, সকলোৰে বেয়াহে দেখে তেতিয়া কেনেদৰে আন মানুহৰ লগত আপুনি সম্পর্ক গঢ়িব পাৰিব৷

ভবিষ্যতৰ বাবে দুঃচিন্তা কৰা এৰি দিয়ক

ভবিষ্যতৰ বাবে চিন্তা কৰাটো ভাল, পৰিকল্পনা কৰাটো ভাল, কিন্তু দুঃচিন্তা কৰাটো নহয়৷ ভবিষ্যতৰ বাবে দুঃচিন্তা কৰি থাকিলে আজি আপুনি কেনেকৈ শান্তিৰে থাকিব? আজিৰ দিনটো যিমানে ভাল নহওক কিয় আপুনি জানো সেয়া উপভোগ কৰিব পাৰিব? আৰু ডাঙৰ কথাটো হ’ল আমি বাস্তৱত যিমান যন্ত্ৰণা পাও তাতোকৈ বেছি যন্ত্ৰণা পাও কল্পনাত৷ আমি নানা ধৰণৰ নিগেটিভ কথা ভবিষ্যতে ঘটিব বুলি কল্পনা কৰি কৰি নিজকে তিলতিলকৈ যন্ত্ৰণা দি থাকো কিন্তু পিছত দেখা যায় যে তেনে নিগেটিভ ঘটনাৰ বেছিভাগেই নঘটে৷ যদি ভবিষ্যতে কিবা তেনে ঘটনা ঘটে সেয়া আমি সহ্য কৰিব পাৰিম, চম্ভালি ল’ব পাৰিম৷ সিমানখিনি সামর্থ আমাৰ মাজত আছে৷

আনক সন্তুষ্ট কৰাৰ অভ্যাস এৰি দিয়ক

আপুনি যদি কেৱল আনক সন্তুষ্ট কৰিবলৈ সকলো কাম কৰে তেনেহ’লে আপোনাৰ জীৱনটো আনক সন্তুষ্ট কৰোতেই যাব৷ তেনে জীৱন এটা সদায় আনৰ মতে চলোতেই শেষ হ’ব৷ আপুনি তেতিয়া আনৰ মতে চলিব কাৰণ তেওঁলোকৰ মতে চলিলেহে, জীৱনটো চলালেহে তেওঁলোক সন্তুষ্ট হ’ব৷ জীৱনটো যিহেতু আপোনাৰ গতিকে নিজৰ জীৱনটো আপুনি আপোনাৰ মতে চলোৱাটোৱেই জানো ভাল নহ’ব? নহ’লে এটা সময়ত আপোনাৰ ভাব হ’ব জীৱনটোত দেখোন একোৱেই নাই, ই একেবাৰে খালী৷ আনক সন্তুষ্ট কৰোতে কৰোতে আপুনি নিজৰ সকলো সপোন, ইচ্ছা জলাঞ্জলি দিওতে দিওতে আপোনাৰ জীৱনটোত একোৱে বাকীয়েই নাথাকিবগৈ৷ বাদ দিয়ক আনক সন্তুষ্ট কৰা কামটো৷ আপোনাৰ জন্ম আনক সন্তুষ্ট কৰিবলৈ হোৱা নাই৷ আপোনাৰ জন্ম হৈছে কিবা এটা বিশেষ কাম কৰিবলৈ৷ তাত মন দিয়ক, সেয়া কৰক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top