Close

পৰাৰ পৰা উঠি খোজ কাঢ়ো আহক

(হেৰুৱাবলৈ একো নথকা মানুহৰ বাবে এখন ৰচনা)

“Only when you’ve lost everything, you are free to do anything.”

Fight Club

এটা টিভি অনুষ্ঠানত জীৱনৰ কথা আলোচনা কৰোতে মই এবাৰ এটা উদাহৰণ দিছিলোঁ, যিটো মই ভাবো সকলোৰে বাবে অত্যন্ত প্ৰয়োজনীয়৷ সেই উদাহৰণটো আছিল, “আপুনি যদি হঠাতে উজুটি খাই ৰাস্তাত পৰি গ’ল৷ এতিয়া আপুনি কি কৰিব? ধূলি-বালি, থু-খেকাৰত লেটি লৈ তাতে পৰি থাকিব, নে লগে লগে উঠি ধূুলি-বালি জোকাৰি উঠি নিজৰ কাম কৰিবলৈ পুনৰ অগ্ৰসৰ হ’ব?”

আপুনি হয়তো ভাবিছে -“এইটো আকৌ কি কথা? ইয়াত চিন্তা কৰিবলগীয়া কি আছে? মই লগে লগে উঠিম আৰু ধূলি-বালি জোকাৰি নিজকে চাফা কৰিম৷ তাৰ পিছত নিজৰ কৰিবলগীয়া কাম কৰিবলৈ যামগৈ৷” হয়, আমি হয়তো প্ৰায় সকলোৱে তাকেই কৰিম৷ আপুনিও কৰিব৷ তেতিয়াহ’লে যেতিয়া জীৱনত কিবা এটা ডাঙৰ সমস্যাই দেখা দিয়ে, আপোনাৰ সুকলমে চলি থকা জীৱনৰ গতিত কিবা এটা বাধা আহি পৰে, তেতিয়া আপুনি সকলো বাদ দি হাত সাৱটি বহি থাকে কিয়? তেতিয়া আপুনি হাৰ মানি লৈ হাত দাঙি দিয়ে কিয়? সেয়া জানো মাটিত পৰি থকাৰ নিচিনাই কথা নহ’ল?

নহয়নে?

তেনেহ’লে আপুনি কিয় ডাঙৰ সমস্যা এটাৰ মুখামুখি হ’লে সকলো শেষ বুলি হাত দাঙি দিয়ে? কিয় সময়বোৰ কঠিন হৈ পৰিলে আপুনি আত্মসমর্পণ কৰি হাৰ মানি লয়? জীৱনটোত এতিয়ালৈকে একো হোৱা নাই কাৰণে আগলৈকো একো নহ’ব বুলি কিয় ভাবি লয়? ইমানদিনে অকৃতকার্য হৈছে বুলি আগলৈকো অকৃতকার্য হ’ব বুলি কিয় বিশ্বাস কৰি লয়?

এনে মাটিত পৰি যোৱা, জীৱনে মাৰি মাটিত পেলাই দিয়া ঘটনা জীৱনৰ যিকোনো সময়তে সংঘটিত হ’ব পাৰে৷ তাৰ ৰূপ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু ই আমাৰ জীৱনৰ সমগ্ৰ সত্তাক সম্পূর্ণভাৱে জোকাৰি জীৱনৰ অর্থৰ বিষয়ে আমাক সন্দিহান কৰি তোলে৷ এনে ঘটনা আৰু সময়ে আমাৰ বিশ্বাস, মূল্যবোধ, চিন্তাক গভীৰভাৱে প্ৰভাৱিত কৰে অঅৰু কেতিয়াবা কেতিয়াবা এইবোৰক সলনিও কৰি পেলাব পাৰে৷

আপুনি এনে সময় আৰু এনে সমস্যাৰ সন্মুখীন হ’লে কি কৰিব সেয়া নির্ধাৰণ কৰিব আপোনাৰ এটিটিডডে (মনোভাৱ)৷ আৰু ই আপোনাৰ জীৱনটো কেনে হ’ব তাৰ এটা অত্যন্ত গুৰুত্বপূর্ণ দিশনির্দেশকাৰী কাৰক৷ সেইবাবেই আপুনি সাৱধান হ’ব লাগিব আপোনাৰ এটিটিউডৰ ক্ষেত্ৰত যাতে আপোনাৰ এটিটিউডটো সঠিক হয় আৰু যদি নহয় তেন্তে আপুনি তাক সঠিক ৰূপত গঢ়িব লাগিব৷

এটিটিউড

আপোনাৰ এটিটিউড কেনে? এবাৰ কাম এটা নোৱাৰিলে, আপুনি ভবা মতে ফলাফল নহ’লে আপুনি হাত দাঙি দিয়ে নেকি? একেবাৰে বেয়া অৱস্থাত পৰিলে আপুনি ঈশ্বৰক দোষ দি, গালি পাৰি সকলো বাদ দিয়ে নেকি? নে হতাশ হলেও আপুনি আকৌ নতুনকৈ কাম আৰম্ভ কৰে? ভবা মতে কাম নহলেও, আপুনি বিচৰা ধৰণে নহলেও আপুনি কামটো এৰি নিদিয়ে, ফলাফল লাভ নকৰালৈকে কৰিয়েই থাকে?

এই দুইধৰণৰ মানুহৰ মাজত পার্থক্যটো মাত্ৰ এটা৷ তেওঁলোকৰ এটিটিউডৰ৷ যদি আপোনাৰ এনে এক হাৰ নমনা এটিটিউড আছে বা এনে এক এটিটিউড আপুনি বিকাশ কৰি ল’ব পাৰিছে, তেন্তে আপোনাক আন কোনেও ৰখাব নোৱাৰে আৰু কোনেও মাটিত পেলাই ৰাখিব নোৱাৰে৷ এটিটিউডৰ বিষয়ে ইতিমধ্যে মই আগৰ এটা লিখাত লিখিছোৱে যদিও এতিয়াও এই বিষয়ে ক’বলগীয়া অঅৰু বহু কথা আছে৷

যদি আপোনাৰ হেৰুৱাবলৈ আৰু একো নাই

আপোনাৰ যদি হেৰুৱাবলৈ একো নাই, তেন্তে এয়াও আপোনাৰ বাবে এক ভাল খবৰেই৷

জীৱনে যদি আপোনাক মাৰি মাটিত পেলাই দিছে, তাৰ অর্থ এইটো হ’ব পাৰে যে আপুনি বহু কিবাকিবি হেৰুৱাইছে৷ আপোনাৰ হয়তো হেৰুৱাবলৈ আৰু একো নাই৷ যদি সঁচাকৈয়ে তেনে হয়, তেন্তে মই আপোনাক অভিনন্দন জনাব লাগিব, কাৰণ যদি আপোনাৰ হেৰুৱাবলৈ একোৱেই নাই, তেন্তে আপুনি ফ্ৰি বা স্বাধীন৷ কি কৰিবলৈ? আপুনি যি কৰিব বিচাৰে সেয়াই কৰিবলৈ৷ আপোনাৰ আৰু হেৰুৱাবলৈ একোৱেই নাই, গতিকে আপুনি যি কৰিব বিচাৰে তাকে কৰক৷ হেৰুৱাবলৈ একো নাই, গতিকে আপোনাৰ ভয়ো নাই৷ আপুনি যি বিচাৰে তাকে কৰিব পাৰিব৷ অন্তঃত আপুনি সফল নহ’ব বুলি ভয় খাবলৈ, কিবাকিবি হেৰুৱাব বুলি ভয় খাবলৈ আৰু ভয় খাই একো নকৰাকৈ থাকিবলৈ আৰু কোনো কাৰণ নাই৷ গতিকে আপুনি লগে লগে আপুনি ইমানদিনে কৰিব বিচৰা কামবোৰ কৰা আৰম্ভ কৰিব পাৰিব৷

আপুনি সদায় নিজৰ কাম কৰিম বুলি ভাবিছিল, কিন্তু আপুনি কেতিয়াও সেয়া আৰম্ভ কৰাই নাই কাৰণ বিফল হোৱাৰ ভয়, খাবলৈ একো নথকাৰ ভয়, পৰিয়ালক খুৱাব নোৱাৰাৰ ভয়, মানুহে আপোনাক হঁহাৰ ভয়, আনৰ তুলনাত কম টকা-পইচা থকাৰ ভয়, মানুহে আপোনাক আনতকৈ তলৰ বুলি ধাৰণা কৰাৰ ভয়- এনে নানা ধৰণৰ ভয়ে আপোনাক আপুনি বিচৰা কাম কৰাৰ পৰা আতৰাই ৰাখে৷ এনে ভয়বোৰৰ কাৰণ হ’ল আপুনি ভাবে আপোনাৰ হেৰুৱাবলগীয়া বহু কথা আছে, যেনে সন্মান, টকা-পইচা, পৰিয়াল, সমাজৰ স্থান, সুখ-সুবিধা, সুৰক্ষা ইত্যাদি৷

আজি যদি আপুনি এনে এটা পর্যায়ত আছে যত আপুনি আৰু হেৰুৱাবলগীয়া একো নাই, তেতিয়াহ’লে আপোনাৰ ভয়ো আৰু একো নাই৷ তেনে অৱস্থাত আপুনি জানো কিবা কাম ভয় কৰি নকৰাকৈ থাকিব৷ ভাবি চাওকচোন তেনে এক অৱস্থাত আপুনি কি কি কৰিব পাৰিব৷ ইমানদিনে যিবোৰ ভয় বা বান্ধোনে আপোনাক আপুনি বিচৰা কামবোৰ কৰাত বাধা দিছিল, আপুনি বিচৰা ধৰণে জীৱনটো জীয়াই থাকিবলৈ বাধা দিছিল, সেইবোৰ নোহোৱা হৈ থাকিলে আপুনি জীৱনটো আপুনি বিচৰা ধৰণে জীয়াই থাকিব নোৱাৰিব নে, বিচৰা কামবোৰ কৰি জীৱনটো নিজৰ বাবে সুখৰ আৰু ভাল কৰি তুলিব নোৱাৰিব নে?

যদি আপোনাৰ সকলো শেষ, যদি আপোনাৰ হেৰুৱাবলৈ আৰু একো নাই, তেন্তে এতিয়া, ইয়াৰ পিছত আপুনি বিচৰা যিকোনো কামেই কৰিব পাৰিব৷ মাত্ৰ আপুনি সেয়া কৰিম বুলি সিদ্ধান্ত ল’ব লাগে আৰু কামটো কৰিবলৈ আৰম্ভ কৰিব লাগে৷

ভয়হীন এক অৱস্থা আপোনাৰ বাবে এক বৰদানৰ নিচিনা৷ যদি আপুনি সেই অৱস্থাত উপনীত হৈছে, তেন্তে তাৰ পৰা লাভ কৰিবপৰা সকলোবোৰ সুবিধা গ্ৰহণ কৰক৷ সমগ্ৰ জীৱনটোকে সলনি কৰি আপুনি বিচৰাৰ দৰে গঢ়িবলৈ ই উপযুক্ত সময়৷ লো গৰম হৈ আছে, অঅপুনি মাত্ৰ হাতুৰি মাৰি তাত বিচৰা আকৃতি আৰু অঅকাৰ দিব লাগে৷

আৰু তললৈ যাবলৈ ঠাই নাই

আপুনি হয়তো তললৈ পৰি পৰি গৈ এনে এক অৱস্থাত উপনীত হৈছে যে ইয়াতকৈ তললৈ পৰিবলৈ আৰু ঠাই নাই৷ যিমান বেয়া হ’ব পাৰে সকলোবোৰ আপোনাৰ লগত হৈছে৷ আপোনাৰ লগত সকলোবোৰ কাম, কথা বেয়াই হৈছে৷ এতিয়া মাত্ৰ তাৰ পৰা ওপৰলৈ উঠিবলৈহে ঠাই আছে আৰু আপুনি সেইবাবে ওপৰলৈ উঠাৰ বাহিৰে আপোনাৰ আৰু কোনো উপায় নাই৷ ইমানদিনে যদিও আপুনি তলত আছিল, তললৈ গৈ আছিল, এতিয়া ওপৰলৈ উঠাৰ সময়, গতিকে ওপৰলৈ উঠো আহক৷ কিমাননো আৰু তললৈ গৈ থাকিব, সদায় জীৱনত হাৰিয়েই থাকিব৷ এতিয়া জিকাৰ সময়৷

আপুনি কি কৰিব সেয়া সিদ্ধান্তটো আপোনাৰ কাৰণ জীৱনটো আপোনাৰ৷ মাত্ৰ আপুনি মনত ৰাখিব লাগিব যে আপুনি যি ঠিক কৰে, আপোনাৰ জীৱনটোও তেনেকুৱাই হ’ব৷

“Only when you’ve lost everything, you are free to do anything.”

-Fight Club

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top