Close

আপুনি কনজিউমাৰ নে প্ৰডিউচাৰ

আমি সকলো উপভোক্তা (কনজিউমাৰ), আমাৰ সমাজখন তেনেকুৱাই৷ আমি নতুন নতুন বস্তু কিনো; নতুন নতুন টিভি শ্ব চাও, ভিডিঅ চাও, চিনেমা চাও; আৰু সেয়া কৰি ফূৰ্তি পাও৷ তথ্য, বিনোদন, খবৰ, ছবি, ভিডিঅ আদি অলেখ শেষ নোহোৱা বস্তু আমি উপভোগ কৰোঁ, গ্ৰহণ কৰোঁ৷

এইবোৰ বেয়া কথা নহয়৷ কিছুমান বস্তু আমাক লাগে, কেতিয়াবা বিনোদন আমাৰ বাবে প্ৰয়োজনীয় হৈ পৰে৷ কিন্তু উৎপাদন কৰা আৰু উপভোগ কৰাৰ মাজত এক সমতা বা বেলেঞ্চ থকাটো বৰ প্ৰয়োজনীয়৷

যদি গোটেই জীৱনভৰ আমি কেৱল উপভোগহে কৰি যাও, অকল কনজিউমাৰহে হৈ থাকো, তেতিয়াহ’লে আমি নিজৰ লগত সংযুক্ত হ’বলৈ, নিজকে জানিবলৈ সময় নাপাম আৰু লগতে আমি সৃষ্টি কৰিব বিচৰা বস্তুবোৰো সৃষ্টি কৰিবলৈ সময় নাপাম৷ এই অভ্যাসটোৱে আমাৰ অনুভৱবোৰক হেঁচা মাৰি ধৰি থাকে আৰু আমাক প্ৰকৃত মনোযোগ দিবলগীয়া কথাবোৰৰ পৰা আঁতৰাই ৰাখে৷

আমাৰ মনৰ মাজত যি উৎসুকতা আছে, সৃষ্টিশীল এক তাৰণা, এক আৱেগ আছে সেয়া বাহ্যিক কিছুমান বস্তু বা বিনোদনেৰে আৱৰি পেলোৱাতকৈ আমি সেইবোৰ অনুভৱ কৰিবলৈ আৰু সেইবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ নিজৰ ভিতৰৰ পৰা বাহিৰ ওলাই অহা কিছুমান কাম, সৃষ্টিৰে৷

উৎপাদন কৰাৰ প্ৰয়োজনীয়তা

উৎপাদন কৰিবলৈ আপোনাৰ শাৰীৰিক আৰু মানসিক কষ্ট হ’ব, কচৰৎ হ’ব৷ সেয়ে বহুতে সেয়া কৰিবলৈ নাযায়৷  কিন্তু ই আপোনাৰ বাবে হ’ব এক সন্তুষ্টিৰ বিশাল উৎস৷ যিসকলে কিতাপ লিখিছে, নিজে নিজৰ খোৱা খাদ্য উৎপাদন কৰিছে, কাপোৰ-কানি বৈছে, মানুহক খোৱা যোগান ধৰিছে, তেওঁলোকক সুধিবচোন তেওঁলোক কিমান সন্তুষ্ট৷ কিন্তু তাৰ পৰা সন্তুষ্টি পাবলৈ এটা কথা মানি চলিব লাগিব৷ যিসকলে নিজৰ বাবে কোনো আকাংক্ষা নকৰাকৈ আনৰ সহায়ৰ বাবে এনে উৎপাদনমূলক কাম কৰে তেওঁলোকৰ বাবে ই হৈ পৰে এক সন্তুষ্টি আৰু সুখৰ আধাৰ৷ যিসকলে নিজৰ বাবে কিবা এটা আশা কৰি এই কামবোৰ কৰে, তেওঁলোকৰ বাবে ই সন্তষ্টি নানিবও পাৰে৷

আপুনি কি উৎপাদন কৰিব পাৰে?

আপুনি যি ক্ষেত্ৰত কাম কৰি আছে বা যি ক্ষেত্ৰত আপোনাৰ স্কিল আছে সেই ক্ষেত্ৰতে আপুনি কিবা নহয় কিবা এটা উৎপাদন কৰিব পাৰে৷ এই উৎপাদন কার্য দৰাচলতে নিজকে প্ৰকাশ কৰাৰ এক মিডিয়াম৷

দুটামান উদাহৰণ দিছোঁ

খেতি কৰা কাম সকলোৱে বুজি পোৱা উংপাদন কার্য বা প্ৰডাকচন কৰা কাম৷ খেতি কৰাজনে অকল নিজৰ বাবে খেতি নকৰে, তেওঁ নিজৰ বস্তু আনকো দিয়ে৷ এবাৰ ভাবি চাওকচোন তেওঁ যদি কেৱল নিজৰ বাবেহে বা কমকৈ খেতি কৰিলেহেঁতেন তেতিয়া কি অৱস্থা হ’লহেঁতেন?

আপুনি ভালদৰে খেতি কৰিব জানে, ভালদৰে খেতি কৰিলে, উৎপাদন কৰিলে আৰু লগতে আন দুজনমানকো খেতি কৰিবলৈ শিকালে৷ আপুনি কাঠৰ বস্তু বনাব জানে, সেয়া বনালে, লগতে আন দুজনমানকো সেয়া শিকালে৷ আপুনি ভালদৰে কথা পাতিব জানে, মানুহে আপোনাৰ কথা শুনিবলৈ আহি গোট খায়, আপুনি আন কেইজনমানক কথা পতাৰ কলা শিকালে৷

আপুনি ভিডিঅ তৈয়াৰ কৰাত ভাল, তেন্তে ভিডিঅ তৈয়াৰ কৰক৷ এনে ভিডিঅ তৈয়াৰ কৰক যিবোৰ আনৰ কামত আহে৷ আপুনি লিখাত ভাল তেনেহ’লে লিখক- বাতৰিকাকত, আলোচনী, ব্লগত লিখক৷ কোনোবাই কথা কোভাত ভাল পডকাষ্ট কৰক৷ কোনোবাই আর্টত ভাল তেনেহ’লে সেয়া কৰক৷ কোনোবাই ক’ব পাৰে এইবোৰ কৰি কি লাভ হ;ব, এইবোৰতো খাব নোৱাৰি৷ প্ৰতিটো ভাল প্ৰডাকচনৰে কিবা নহয় কিবা এটা মূল্য আছে যদিহে ই আনৰ কামত আহে.

মাত্ৰ প্ৰডাকচন কৰোতে নিজকে এটা প্ৰশ্ন সুধিব- “ইয়াৰ দ্বাৰা মই আনক কি লাভ দিব পাৰিম? ” যদি একো লাভ নাই বুলি আপুনি নিজে উত্তৰটো পাইছে, তেন্তে সেইটো নকৰিব৷ কিন্তু যদি আপুনি মনৰ ভিতৰৰ পৰা উত্তৰটো পাইছে যে ই কামত আহিব তেন্তে সেয়া কৰক৷ যদি কিতাপখন লিখি আপুনি মাত্ৰ লিখক হিচাপে নিজৰ নামটো লগাব বিচাৰিছে বা পিছলৈ সাহিত্যক পেন্সনৰ বাবেহে সেয়া কৰিছে, তেন্তে ই ভাল গুণগতমানৰ উৎপাদন নোহোৱাৰ সম্ভাৱনাই বেছি৷

কোনো ধৰণৰ ‘ফায়দা’ বা নিজৰ সুবিধা বা লাভ হ’ব বাবে কামটো নকৰি আনৰ কি লাভ হ’ব সেয়া ভাবি কামটো কৰিলে ই আনৰ কামত আহিব৷ মই অনলাইন তেনে কিছুমান মানুহক দেখি আছোঁ যিয়ে আনৰ সহায় কৰি আছে৷ আমি সাধাৰণতে বেয়া বুলি ভবা ফেইচবুকৰ জৰিয়তে তেনে লোকে কেনেদৰে গাহৰি, মাছ, ছাগলী, ভালদৰে, বিজ্ঞানসন্মতভাৱে পুহিব পাৰি, খেতি কেনেদৰে ভালদৰে কৰিব পাৰি সেই বিষয়ে সবিশেষ জনাই থাকে যিবোৰ অনুসৰণ কৰি যিকোনো মানুহে লাভজনকভাৱে তেনে ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ সাধাৰণ এটা ষ্টেটাচ আপডেটৰ দ্বাৰাও কিছুমান মানুহে আনক কাম এটা কেনেকৈ সহজে কৰিব পাৰি, ক’ৰবালৈ অসুবিধা নোপোৱাকৈ কেনেকৈ যাব পাৰি সেই বিষয়ে জনাই থাকে৷ সেয়াও উৎপাদন- মাত্ৰ ৰূপটো বেলেগ৷

মই কি কৰিম?

অলপ ডাঙৰকৈ, বেছিকৈ উৎপাদন কৰক

খেতি কেৱল নিজে কৰাতকৈ যদি আনেও খাব পৰাকৈ কৰে, তেন্তে আপোনাৰ লগতে আনৰো যিদৰে লাভ হয়, তেনেদৰে আপুনি যি উৎপাদন কৰে সেই কামটো অলপ ডাঙৰকৈ কৰিলে আনৰো লাভ হ’ব৷ ইয়াত অলপ তাত অলপ কৰাতকৈ পৰিকল্পনা কৰি কৰিলে এনেদৰে সৰু সৰু কাম কৰি কৰি এটা সময়ত বহু কাম সম্পন্ন হ’লহেঁতেন৷

গুণগতমান বেয়া নহ’বনে?

সংখ্যাৰ যিমানে বাঢ়ি যাব সিমানে গুণগতমান বঢ়াৰ সম্ভাৱনা বেছি৷ উদাহৰণ স্বৰূপে, আপুনি যিমানে লিখি যাব, সিমানে আপোনাৰ লিখনিবোৰ আগতকৈ ভাল হৈ যোৱাৰ সম্ভাৱনা থাকে৷ আপুনি আৰম্ভণিৰ সময়ত কৰা ভিডিঅ এটা আৰু এবছৰমান পিছত কৰা ভিডিঅ এটাৰ গুণগতমানৰ মাজত আকাশ-পাতাল পাৰ্থক্য থাকিব পাৰে৷ অৰ্থাৎ আপুনি অভ্যাস কৰি গৈ থাকিব লাগিব৷ যদি আপোনাৰ নিজৰ বা আপোনাৰ সঁচা সমালোচকসকলৰ এনে লাগে যে আপোনাৰ প্ৰাৰম্ভিক উৎপাদনৰ গুণগতমান খুব এটা ভাল হোৱা নাই সেয়া প্ৰকাশ নকৰিলে হ’ল৷ প্ৰথমে যদি আপোনাৰ লিখাবোৰ ভাল নহয় যেন লাগে তেতিয়া সেইবোৰ প্ৰকাশ নকৰিলে হ’ল৷ যেতিয়া ভাল হৈছে যেন লাগে তেতিয়া প্ৰকাশ কৰিলেই হ’ল৷

সকলোৱে যদি নিজ সাধ্যানুসাৰে উৎপাদন কৰিবলৈ লও আৰু ই লাহে লাহে অভ্যাসত পৰিণত হয় আমাৰ নিজৰ বহু সমস্যা নোহোৱা হোৱাৰ লগে লগে সমাজৰো বহু সমস্যাৰ সহজে সমাধান হ’লহেঁতেন৷ অকল উপভোক্তা (বা গ্ৰহণকাৰী) নহৈ সৰুৰে পৰা উৎপাদন কৰিবলৈ সঠিক শিকালে বহু ল’ৰা-ছোৱালীযে আৰু ডাঙৰসকলেও অনবৰতে ভিডিঅ চাই, গেম খেলি বহু সময় নষ্ট নকৰিলহেঁতেনে৷ উৎপাদন কৰাটো ভাল কাম বুলি শিকা হ’লে বিভিন্ন বয়সত কিছু পুৰুষ-মহিলাৰ জীৱনটো খালী-খালী লগাৰ দৰে, একো নাই যেন অনুভৱ নহ’লহেঁতেন৷ বৰঞ্চ জীৱনত মইয়ো কিবা এটা কৰিছোঁ বুলিহে তেওঁলোকৰ ভাব হ’লহেঁতেন, জীৱনবোৰ আগতকৈ বহু ভাল হৈ পৰিলহেঁতেন৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top