Close

30 Day Challenge Pay someone a compliment

আনে যেতিয়া আপোনাৰ বিষয়ে কিবা ভাল কথা এটা কয়, আপোনাৰ গুণৰ বিষয়ে কয় তেতিয়া আপোনাৰ কেনে লাগে? মনটো ভাল লাগে, লগতে মানুহজনৰ প্ৰতি আমাৰ মনটো অলপ হলেও পজিটিভ হৈ পৰে৷ আমি এইবাৰ তাকে কৰিম৷

আমাৰ এইবাৰৰ চেলেঞ্জ- দিনটোত এজন হলেও আন মানুহক প্ৰশংসা কৰা আৰু সেয়া আমি কৰিম ৩০ দিনৰ বাবে

এই আন মানুহজন জেণ্ডাৰ নিউট্ৰেল মানে আপুনি পুৰষ আৰু মহিলা দুয়োকে প্ৰশংসা কৰিব পাৰে৷ দিনটোত মাত্ৰ এজন মানুহক এবাৰ হলেও প্ৰশংসা কৰিব৷ মনটো বেয়া লাগি থাকিলেও, ইচ্ছা নগলেও আন এজনক প্ৰশংসা কৰি এটা বাক্য হলেও ক’ব৷

কিন্তু কাক প্ৰশংসা কৰিব? প্ৰশংসা কৰিবলৈ মানুহ বিচাৰি পোৱা নাই? আপোনাৰ স্বামী বা স্ত্ৰী, সহকর্মী, সম্পর্কীয় কোনোবা, ল’ৰা-ছোৱালী, মা-দেউতা বা ইচ্ছা কৰিলে কোনোবা অচিনাকি মানুহকো আপুনি প্ৰশংসা কৰিব পাৰে৷ সদায় একেজনকো কৰিব পাৰে বা বেলেগ বেলেগ মানুহ এজনকো কৰিব পাৰে৷

কিন্তু কিয় প্ৰশংসা কৰিব লাগে?

কাৰণ ই যাক প্ৰশংসা কৰে তেওঁক মটিভেট কৰে, তেওঁৰ মনটো ভাল লগায়৷ কাৰোবাৰ যদি মনটো আপোনাৰ এটা বাক্যই ভাল লগাব পাৰে তেনেহ’লে সেয়া আপুনি নকৰিবনে? আপুনি কাৰোবাক প্ৰশংসা কৰিলে তেওঁৰ মনত ডপামাইন নামৰ নিউৰ’ট্ৰেনচমিটাৰ ৰিলিজ হয় যিয়ে মগজুৰ ফুর্তি বা আনন্দৰ কেন্দ্ৰক নিয়ন্ত্ৰণ কৰে আৰু আমাৰ মনটো ভাল লগায়৷

প্ৰশংসা কৰা কামে আপোনাৰ সম্পর্কবোৰ আৰু ভাল কৰি তোলে৷ প্ৰশংসা লাভ কৰা মানুহজনে নিজৰ কাম আৰু ভালদৰে, বেছি ভালদৰে কৰিব৷ আৰু সেই কামটোৰ ফলাফল আৰু প্ৰভাৱ দুইটাই ভাল হ’ব৷

ই আপোনাকো সহায় কৰিব, ভাল কৰি তুলিব৷ প্ৰশংসা কৰিব লাগিলে আপুনি নিজৰ চাৰিওফাল আৰু চাৰিওফালৰ মানুহবোৰ লক্ষ্য কৰা আৰম্ভ কৰিব৷ আপুনি আন মানুহৰ পজিটিভ কথাবোৰ মন কৰিবলৈ আৰম্ভ কৰিব৷ লগতে আনক এনেদৰে প্ৰশংসা কৰিব পৰা কথাটোৱে আপোনাক পজিটিভ ফালে মানে পজিটিভ চিন্তা, পজিটিভ বিশ্বাসৰ ফালে অলপ হলেও ঢাল খুৱাব৷

কেনেদৰে আপুনি সেয়া কৰিব পাৰে সেয়া চাও আহক

আপোনাৰ মাই দিনটো পাকঘৰত কাম কৰে, আপোনালোকক সকলোকে সময়ত খুব টেষ্টী খোৱা-বোৱা যোগান ধৰি থাকে৷ তেওঁক জানো তেওঁ ইমান কষ্ট কৰা বাবে এটা হলেও প্ৰশংসাসূচক কথা আমি ক’ব নোৱাৰোঁ৷ “মা আজি বৰ তৰকাৰী, আঞ্জা, ভাজি বঢ়িয়া বনাইছ দে, একদম জাক্কাছ…” বা আপুনি ক’ব পাৰে “তুমি আমাৰ ঘৰখনৰ হিৰইন, বাকী সব চাইড এক্টৰ”৷ মায়ে আপোনাক ক’ব পাৰে “যাহ, কি কথা কও”, কিন্তু মনে মনে মায়ে ভাল নাপাবনে? নিশ্চয় পাব৷ মায়ে এইবুলি ভাল পাব যে মাৰ ইমান কষ্টৰ মোল দিওতা, বুজি পাওতা কোনোবা হলেও আছে৷ আপুনি তেওঁৰ কষ্টখনিক স্বীকৃতি দিছে৷

অফিচৰ কোনোবা সহকর্মী এজনক সঁচাকৈয়ে ভাল দেখিছে, স্মার্ট দেখিছে৷ তেওঁক আপুনি অকৃত্ৰিমভাৱে সেই কথাটো ক’ব পাৰে৷ সঁচাকৈয়ে যদি লাগিছে তেতিয়াহ’লে “অপোনাক আজি বৰ স্মার্ট দেখাইছে” বা “তোমাক এই শাৰীখনেৰে বিৰাট ধুনীয়া দেখিছে” বুলি সকলোৰে আগত ক’ব পাৰি৷

মাত্ৰ প্ৰশংসা কৰা কামটো অকৃত্ৰিমভাৱে কৰিব, মাত্ৰ ক’ব লাগে কাৰণে নক’ব৷ আজি আৰম্ভ কৰক আৰু পৰৱর্তী ৩০ দিনৰ বাবে এয়া কৰি থাকিব৷

আপুনি সাজু নে আজিৰ এই চেলেঞ্জটো ল’বলৈ?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top