আপুনি কোনটো বাচি ল’ব- কামৰ কষ্ট নে অনুতাপৰ কষ্ট
কামৰ কষ্ট- ই কষ্টকৰ কিয়?
কাম এটা কৰিবলৈ গ’লে আপুনি নানা ধৰণৰ বাধা বা প্ৰতিৰোধৰ সন্মুখীন হয়৷ প্ৰতিদিনে ইয়াক কৰি থকাটো টান কাম৷ বহু সময়ত আপোনাৰ কামটো কৰিবলৈ মন নাযাবও পাৰে৷ তথাপিও এইবোৰ আওকাণ কৰি কাম এটা কৰি যোৱাটো টান কাম৷
কেতিয়াবা আপোনাৰ ভাৱ হ’ব “আনে ফূর্তি কৰি আছে আৰু মই এয়া কষ্ট কৰি কাম কৰি আছোঁ৷”
বহুতে এইবোৰ কাম নকৰাকৈ, ইমান কষ্ট নকৰাকৈ আৰামত আছে দেখোন, মই কিয় কষ্ট কৰিব লাগে?
কেতিয়াবা আপোনাৰ নিজৰ ওপৰতে সন্দেহ হ’ব- “ইমান কষ্ট কৰি কি লাভ?”
সেয়া হ’ল কামৰ কষ্ট
অনুতাপৰ কষ্ট
কিছুমান কাম কৰি আপোনাৰ অনুতাপ হ’ব পাৰে কিন্তু কৰি হোৱা অনুতাপতকৈ কাম নকৰাৰ বাবে হোৱা অনুতাপ বহুত বেছি ডাঙৰ, শক্তিশালী, ভয়ানক৷
যি সময়ত আপোনাৰ অনুতাপ হৈছে সেই সময়ত আৰু কাম কৰাৰ কোনো সময় নাই, সময় পাৰ হৈ গ’ল৷ এই সকলোবোৰ অনুতাপৰ কাৰণ আছে অতীতত৷
মোৰ লগৰ এজনে কৰিলে, কিন্তু মই নকৰিলোঁ, কৰিব নোৱাৰিলোঁ৷ মোৰ ক্ষমতা, সামর্থ সকলো আছিল কিন্তু মই তথাপি নকৰিলোঁ৷ জীৱনটো এনেকুৱা ধুনীয়া হ’ব পাৰিলেহেঁতেন কিন্তু নহ’ল
যিটো জীৱন হ’ব পাৰিলেহেঁতেন তাৰ লগত বর্তমানৰ জীৱনটোৰ তুলনা আৰু প্ৰায় ক্ষেত্ৰতে এই বর্তমানৰ জীৱনটো হ’ব পৰা জীৱনটোৰ তুলনাত ভাল নহয়৷ কেতিয়াবাতো বর্তমানৰ জীৱনটো তুলনাই কৰিব নোৱাৰি৷
জীৱনত অনুতাপত ভূগি গোটেই জীৱনটো কষ্ট পোৱাতকৈ কাম কৰি কষ্ট পোৱাটো বেছি ভাল নহ’বনে? কাম কৰোতে কষ্ট কৰিলে আপুনি যিবোৰ ফলাফল লাভ কৰিব বিচাৰিছে, যেনেকুৱা হ’ব বিচাৰিছে, তেনেকুৱা হোৱাটো সম্ভৱ হ’ব৷ আপুনি বিচৰা ধৰণৰ জীৱন এটা লাভ কৰিবলৈ আপুনি কষ্ট কৰি কাম কৰিবই লাগিব৷ আৰু কেতিয়াবা আন কিবা কাৰণত আপুনি বিচৰা ফলাফল নাপায়, তেতিয়াও কামটো কৰিবলৈ যে আপুনি ইমান কষ্ট কতিছিল, ইমান চেষ্টা কৰিছিল সেই কথাটো লৈ আপুনি নিজকে শ্ৰদ্ধা আৰু সন্মান কৰিব পাৰিব৷ আন মানুহেও আপোনাক সন্মান আৰু শ্ৰদ্ধা কৰিব৷
আপোনাৰ জীৱনটো আপোনাৰ দ্বায়িত্ব৷ আন কোনেও ইয়াৰ দ্বায়িত্ব নলয়৷ আপুনি আনক দ্বায়িত্ব দিব পাৰে, কিন্তু তেতিয়া ই কেনে হ’ব তাৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাথাকিব৷ আৰু যাৰ ওপৰত দ্বায়িত্ব দিলে তেওঁ বিভিন্ন কাৰণত ইমান মনোযোগ দিবলৈ সময় নাপাব পাৰে৷ তাৰোপৰি তেওঁ আপোনাৰ সমানে গুৰুত্ব দিবনে কামটোত? নিদয়ে৷ তাৰমানে আপুনি নিজে কষ্ট কৰিবই লাগিব৷
অনুতাপ- আপোনাৰ অনুতাপ হ’ব পিছৰ বয়সত৷ সেই অনুতাপৰ জুই সাংঘাটিক৷ সেই জুইত বছৰৰ পিছত বছৰ পুৰি থকাতকৈ আপুনি আজি অলপ কামৰ কষ্ট খোৱাই বেছি ভাল হ’ব৷
অনুতাপৰ কষ্ট নাখাব, তাতোকৈ কামৰ কষ্ট বহুগুণে ভাল৷