Close

কঠিন সময়ৰ পৰা জীৱনৰ অমিয়া সুধা

আমাৰ জীৱনত নানা সময়ত নানা ধৰণৰ দুখ, যন্ত্ৰণা আহে, বেয়া সময় আহে৷ এনে কঠিন সময়ত আমাৰ মনলৈ অহা কিছুমান সাধাৰণ চিন্তা এনেধৰণৰ- জীৱনটোৰ কোনো মূল্য নাই, সকলোবোৰ বেয়া মোৰ লগতহে ঘটে, মোৰ জীৱনটোত সদায় বেয়াই হয়, মোৰ জীৱনটো ইমান কঠিন, মোৰ জীয়াই থাকিবলৈ ইচ্ছা নাই, কিমান আৰু কষ্ট খাই থাকিম, জীৱনটোত কিমান কষ্ট কৰি থাকিম ইত্যাদি৷ আপুনি অকলশৰীয়া নহয়, বহু মানুহৰে এনে ধৰণৰ চিন্তাই আহে৷ কঠিন সময় আপোনাৰ জীৱনত থাকিবই৷ কিন্তু এই কঠিন সময়ৰ মাজতে লুকাই আছে জীৱনৰ অমিয়া৷ সেই সুধা আপুনি পান কৰিব পাৰে নে নোৱাৰে সেয়া আপোনাৰ ওপৰত৷

দুখৰ মাজতো সুখ বিচাৰিব পাৰিনে? বেয়া সময়ৰ মাজতো কিবা ভাল বিচাৰি পাব পাৰিনে? বেয়া সময়বোৰ ভালদৰে পাৰ কৰিব পাৰিনে? উত্তৰটো কিন্তু নির্ভৰ কৰিব আপোনাৰ ওপৰতহে, পৰিস্থিতিৰ ওপৰত নহয়৷

বেয়া সময়ত আপুনি দুখী হয়৷ কিন্তু এই দুখৰ অন্তৰালত কিছুমান কাৰণ থাকে৷ প্ৰথমতে চাও আহকচোন আপোনাৰ দুখ লাগে কিয়৷

আপুনি কিয় দুখী হয়?

আপুনি নানা কাৰণত দুখী হ’ব পাৰে, আপোনাৰ মন বেয়া লাগিব পাৰে৷ উপৰুৱা কাৰণবোৰ বাদ দি যদি আমি ভিতৰৰ কাৰণৰবোৰ চাবলৈ যত্ন কৰোঁ তেতিয়া আমি দেখিম যে মানুহ এজনক নানা কাৰকে প্ৰভাৱিত কৰি তেওঁ মনটো বেয়া লগাব পাৰে বা দুখী কৰি তুলিব পাৰে৷ প্ৰথম কাৰণটো হ’ল আপোনাৰ মগজুত উৎপন্ন হোৱা কিছুমান ৰাসায়নিক পদার্থ৷ গৱেষকসকলে নানা গৱেষণা কৰি পাইছে যে যদি আপোনাৰ মগজুত চেৰ’টনিন আৰু নোৰিপাইনেফ্ৰিন নামৰ পদার্থ দুবিধৰ পৰিমাণ যদি কমি যায়, তেতিয়া আপুনি দুখ আৰু হতাশা অনুভৱ কৰে৷ আপুনি হয়তো আৰু মন কৰিছে যে কিছুমান মানুহে সহজে এনে দুখী, হতাশাজনক, বেয়া পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰে আৰু কিছুমানে নোৱাৰে৷ এই পার্থক্যটো দেখা যায় গালানিন নামৰ আন এবিধ পদার্থ আপোনাৰ মগজুৱে কেনেদৰে প্ৰচেচ কৰে তাৰ ওপৰত৷

আপোনাৰ শৰীৰৰত যদি ভিটামিন ডি ৰ পৰিমাণ কম তেতিয়াও আপুনি সহজে হতাশা আৰু সুখত সহজে ভূগিব পাৰে৷ বহু মানুহৰ ওপৰত বতৰৰো এক ডাঙৰ প্ৰভাৱ থাকে৷ বহুজনৰ ঠাণ্ডাৰ দিনকেইটাত মন বেয়া হৈ থাকিব পাৰে কিন্তু গৰম কালি বা শৰৎকাল অহাৰ লগে লগে তেওঁলোকৰ মনবোৰো লাহে লাহে ভাল হৈ আহিব পাৰে৷ আমাৰ শৰীৰত থকা হৰম’নবোৰেও আমাৰ মনটোৰ অৱস্থা ভাল হ’ব নে বেয়া হ’ব সেয়া বহুখিনি ঠিৰাং কৰে৷ হৰমনৰ তাৰতম্যৰ বাবেই ৰজস্বলাঃ মহিলাৰ কেইদিনমান মুডৰ সঘন উঠা-নমা হয় বুলি গৱেষকসকলে আগতেই তেওঁলোকৰ সিদ্ধান্ত জনাইছে৷ তেনেদৰে হৰম’নৰ তাৰতাম্যৰ বাবে পুৰুষৰো মনৰ অৱস্থাৰ সালসলনি ঘটিব পাৰে৷ পুৰণি কিছুমান ঘটনা (সৰুকালৰ ঘটনাকে আদি কৰি) ইও আপোনাৰ মনটো ভাল লাগি আছে নে বেয়া লাগিছে তাক নিৰূপণ কৰিব পাৰে৷ অৱশ্যে এনে ঘটনাবোৰৰ প্ৰভাৱ ক্ষণস্থায়ী নহৈ দীর্ঘস্থায়ী হোৱাৰ সম্ভাৱনাহে বেছি৷ আপুনি বহুত বেছি ষ্ট্ৰেছত ভূগি থাকিলেও আপোনাৰ মনৰ অৱস্থা ভালে নাথাকিব পাৰে৷

আন এটা কাৰক যিয়ে আপোনাৰ মনৰ অৱস্থাক প্ৰভাৱিত কৰে, সি হ’ল প্ৰত্যাশা (এক্সপেক্টেচন)৷ আপুনি যেনেদৰে কিবা এটা ফলাফল হ’ব বুলি ভাবিছিল বা যেনেদৰে ঘটনা এটা ঘটিব বুলি ভাবিছিল, তেনেদৰে ই নঘটিলে বা তেনে ফলাফল নাপালেও আপোনাৰ মনটো বেয়া লাগিব পাৰে, দুখ লাগিব পাৰে৷

কঠিন বা বেয়া সময়ত আপুনি কি কি কৰিব পাৰে?

আপুনি কি কৰিব পাৰে

মন বেয়া লগা, দুখ লগা সময়তো মনটো ঠিকে ৰাখিবলৈ, মনৰ অৱস্থা সলনি কৰিবলৈ আপুনি কি কৰিব পাৰে? তাৰ উপায় বহুত আছে, কিন্তু তাৰে ভিতৰত কিছুমান উপায়েহে আপোনাৰ ক্ষেত্ৰত কাম কৰিব আৰু সেই উপায়কেইটা আপুনি বিচাৰি উলিয়াব লাগিব৷

যন্ত্ৰণা বেয়া নহয়

কেনেকৈ? কঠিন সময়ত যি দুখ আৰু যন্ত্ৰণা আমি পাও, ই আমাক শক্তিশালী কৰে৷ ই আমাৰ মাজত থকা ভাল কথাবোৰ, ভাল বস্তুবোৰ উলিয়াই আনে৷ ই আমাক পুৰি পুৰঠ কৰি তোলে৷ যেনেকৈ জুইত পুৰি সোণ আৰু উজ্বল হয়, বেছি পৰিষ্কাৰ হয়, তেনেদৰে কঠিন সময়বোৰে আমাক আৰু বেছি পৰিপক্ক কৰি তোলে৷ যদি ই আপোনাক মাৰি নেপেলায়, তেন্তে ই আপোনাক আৰু টান বা মজবুত (মানসিক ভাৱে) কৰি তুলিব আৰু ভবিষ্যতে আপুনি তেনেধৰণৰ সমস্যাবোৰ সহজতে চম্ভালি ল’ব পাৰিব৷ দুখ, বেয়া সময়, যন্ত্ৰণা জীৱনত থাকিবই৷ এইবোৰে আপোনাক জগাই তুলিব৷ আপুনি কিমান শক্তিশালী হ’ব পাৰে সেয়া আপুনি গম পাব যেতিয়া আপুনি এনে বেয়া বা কঠিন সময়ত পৰে৷

আগৰ এটা খণ্ডত মই এবাৰ ষ্টইক দর্শনৰ কথা লিখিছিলোঁ৷ এই ষ্টইক দর্শন এনে দুখ-যন্ত্ৰণা সহ্য কৰি মনটো স্থিৰ কৰি ৰখাত যথেষ্ট সহায়ক হ’ব পাৰে৷

বর্তমান সময় বাদ দি আপোনাৰ হাতত আন একো নাই

এই সময়খিনি বাদ দি আপোনাৰ হাতত আন কি আছে? অতীতলৈ আপুনি ঘূৰি যাব নোৱাৰে, অতীতত আপুনি একো কৰিব নোৱাৰে৷ ভবিষ্যতৰ

কথা আপুনি একো নাজানে৷ কাইলৈ যিকোনো ঘটনা ঘটিব পাৰে, আৰু আপোনাৰ জীৱনটো সম্পূর্ণৰূপে সলনি হৈ যাব পাৰে৷ গতিকে অতীত বা ভবিষ্যতত আপুনি একো কৰিব নোৱাৰে৷ কিন্তু আজিৰ দিনটো বা বর্তমানটো আপোনাৰ হাতত আৰু আপুনি এই মুহূর্তত কি কৰিব সেয়া আপুনি ঠিৰাং কৰিব পাৰে৷ আপুনি দুখ কৰি, মন বেয়া কৰি আজি হাতত থকা সময়খিনি নষ্ট কৰিব পাৰে অথবা আজিৰ এই সময়খিনিৰ সদব্যৱহাৰ কৰিব পাৰে৷ আপুনি আগতে কি বেয়া বা ভুল কাম কৰিছিল তাকে বাৰে বাৰে চিন্তা কৰি মনটো নষ্ট কৰাতকৈ আপুনি এই মুহূর্তটো ভালদৰে জীয়াই নাথাকে কিয়? ভবিষ্যতৰ বাবে পৰিকল্পনা কৰক, কিন্তু জীয়াই থকাটো থাকক আজিৰ দিনটোত, আজিৰ সময়খিনিত৷ আৰু আজি যি কঠিন সময় আপুনি পাৰ কৰি আছে সিও এদিন পাৰ হৈ যাব৷ ভবিষ্যতে কিবা বেয়া ঘটিব বুলি যদি আপোনাৰ চিন্তা হৈছে, চিন্তা নকৰিব, কাৰণ আমি ভবিষ্যতে ঘটিব বুলি ভবা বেছিভাগ বেয়া ঘটনাই বাস্তৱত কেতিয়াও নঘটে৷

আটাইতকৈ ডাঙৰ ভয়বোৰ নঘটে এয়া মোৰ কথা নহয়৷ আপুনি নিজেও ভালদৰে মন কৰিলে দেখিব যে যিবোৰ ঘটনা ভবিষ্যতে ঘটিব বুলি আপুনি ভয় খাই আছিল তাৰ বেছিভাগেই আপোনাৰ ক্ষেত্ৰত ঘটাই নাই৷ তেনেদৰে আপুনি যিবোৰ বেয়া ঘটনা ঘটিব বুলি ভাবি আছে সেইবোৰৰো বেছিভাগেই কেতিয়াও নঘটে৷ গতিকে সেইবোৰ ভবিষ্যতে ঘটিব বা ঘটিব পাৰে বুলি ভয় খাই বহি থাকি আজিৰ সময়টো কিয় নষ্ট কৰে? কিবা ঘটিলেও আপোনাৰ এটিটিউডে (মনোভাৱে) আপোনাক সহায় কৰিব তেনে ঘটনাৰ মুখামুখি হ’বলৈ, সেইবোৰৰ মোকাবিলা কৰিবলৈ৷ গতিকে ইয়াৰ বেছি জৰুৰী কথাটো হ’ল সেই হাৰ নমনা এটিটিউড এটাৰ সৃষ্টি কৰাটোহে৷

দ্বায়িত্ব গ্ৰহণ কৰা

চিগমণ্ড ফ্ৰয়েডে কৈছিল যে বেছিভাগ মানুহেই স্বাধীনতা নিবিচাৰে কাৰণ স্বাধীনতাৰ লগতে আহে দ্বায়িত্ব আৰু বেছিভাগ মানুহেই দ্বায়িত্ব ল’বলৈ ভয় কৰে৷ কঠিন সময়ৰ পৰা বিজয়ী হৈ ওলাবলৈ কিন্তু আপুনি দ্বায়িত্ব ল’ব লাগিব৷ কঠিন সময়ৰ বাবে যদি আপুনি আন কাৰোবাক দোষী সাব্যস্ত কৰিছে, তেন্তে আপুনি দ্বায়িত্ব লোৱাৰ পৰা হাত সাৰিছে৷ এই কামটো বাদ দি যদি আপুনি নিজে ইয়াৰ দ্বায়িত্ব লয় আৰু তাৰ পৰা বাহিৰ ওলোৱাৰ দ্বায়িত্বও লয়, তেতিয়া কিন্তু ভাল সময় লাভ কৰাৰ পৰা, সুখী হোৱাৰ পৰা কোনেও আপোনাক ৰখাব নোৱাৰিব৷ যিমুহূর্ততে আপুনি নিজৰ জীৱনৰ দ্বায়িত্ব নিজে ল’ব সেই মুহূর্তৰে পৰা আপোনাৰ ভয় ভাব্বোৰ নোহোৱা হ’ব আৰু আপুনি মনত লাভ কৰিব এক অদ্ভূত শক্তি আৰু এই শক্তিয়ে কঠিন সময়তো ভাল কিবা বিচাৰি পোৱাৰ লগতে এই ময়খিনি ভালদৰে পাৰ কৰাত আপোনাক সহায় কৰিব৷

চেলেজ্ঞ হিচাপে লওক

এইটো সেইসকল লোকে পাৰে যিসকলৰ মনটো ডাঠ, যিসকলৰ নিজৰ ওপৰত বিশ্বাস আছে৷ ই এটিটিউডৰ কথা৷ কঠিন সময়বোৰ আপোনাৰ কেনেদৰে পাৰ হ’ব সেয়া সম্পূর্ণৰূপে নির্ভৰ কৰিব আপোনাৰ এটিটিউডটো কেনে তাৰ ওপৰত৷ আপুনি যদি এই সময়খিনিক প্ৰত্যাহ্বান বুলি সঁচাকৈয়ে ভাবি ল’ব পাৰে, তেন্তে ই সেই বেয়া সময়খিনি বা বেয়া পৰিস্থিতিটোৰ লগত যুঁজিবও পাৰিব আৰু তাত জয়ী হ’বও পাৰিব৷ কঠিন সময়খিনি আপোনাৰ পুৰি আৰু উজ্বল কৰিবৰ বাবে এক সুবিধা বুলি গ্ৰহণ কৰি আপোনাৰ সন্মুখত থিয় হোৱা প্ৰত্যাহ্বানত জয়ী হ’বলৈ যি যি কৰিব লাগিব অলপ অলপকৈ সেইবোৰ কৰা আৰম্ভ কৰক৷

জীয়াই থকা কথাটোত ফূর্তি লওক

আজি যে আপুনি জীয়াই আছে, সেইটো এটা কম ডাঙৰ কথানেহ্ল এই মুহূর্ততে এনে বহু মানুহ হয়তো আছে যাৰ কেঞ্চাৰ বা তেনে আন কিছুমান বেমাৰ হৈছে যাৰ বাবে তেওঁৰ হাতত হয়তো মাত্ৰ কেইদিনমান, কেইসপ্তাহমান বা কেইমাহমান সময়হে আছে৷ এনে কিছুমান মানুহ আছে যাৰ হাত-ভৰি বা শৰীৰৰ আন এটা অংগ নাই৷ এই মুহূর্ততে এনে বহু মানুহ আছে যাৰ এবেলা খালে আন এবেলালৈ খাবলৈ পাবনে নাই তাৰ নিশ্চিতি নাই৷ তেওঁলোকৰ তুলনাত আপোনাৰ হয়তো বহুত আছে, আপুনি ইমান চিন্তা কেতিয়াও কৰিব লগা হোৱা নাই৷ তেওঁলোকৰ তুলনাত আপোনাৰ জীৱনটো এক আশীর্বাদৰ নিচিনা৷ নহয়নে? এইটো এটা সত্য কথা, ই কোনো কল্পনাৰ কথা নহয়৷ জীয়াই থাকিবলৈ হাতত মাত্ৰ কেইটামান দিন থাকিলে আপুনি আজিৰ দিনটোৰ গুৰুত্ব আৰু ভালদৰে বুজিলেহেঁতেন৷ ইমানবোৰ ভাল ভাল বস্তু আপোনাৰ জীৱনত আছে, ইমানবোৰ বেয়া বস্তু-কথাৰ পৰা আপুনি আতৰত আছে, সেই কথাটোত আপুনি শান্তি আৰু সুখ পাব নোৱাৰেনে? আপুনিযে আজি জীয়াই আছে সেই কথাটো সঁচাকৈয়ে এক ডাঙৰ কথা নহয়নে?

আপুনি মাত্ৰ এটা কথা মনত ৰাখিলেও কঠিন সময়বোৰ পৰা কৰাটো আপোনাৰ বাবে সহজ হৈ পৰিব৷ সেয়া হ’ল-

 Tough Times Never Last, but Tough People Do!- Robert H. Schuller

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top