Close

হাইকু আৰু জীৱনৰ সীমাবদ্ধতা

হাইকু একধৰণৰ চুটি জাপানী কবিতা যত মাত্ৰ 17 টা চিলেবল (syllable) আৰু 3 টা শ্লোকেৰে (বাক্য) গঠিত৷ চুটি কিন্তু সুমধুৰ আৰু সুন্দৰ এই কবিতা বহুতে ভাল পায় ইয়াৰ অন্তর্নিহিত অর্থৰ বাবে৷ দুটামান উদাহৰণ চাও আহক৷

Grasses wilt:

the braking locomotive

grinds to a halt.

– Yamaguchi Seishi, loose translation by Michael R. Burch

ঘাঁহবোৰ মৰহি যায়

ব্ৰেক মৰা বাহনখনে

লাহে লাহে ৰৈ যায়

শৰতৰ মৰহি যাব ধৰা ঘাঁহবোৰ আৰু ব্ৰেক মাৰি ৰৈ যোৱা বাহনখনে সময়, বার্ধক্য আৰু মৃত্যুৰ আগজাননীৰ কথাকে কোৱা নাই জানো?

Life: a solitary butterfly

swaying unsteadily on a slender stalk of grass,

nothing more. But so exquisite!

– Nishiyama Soin (1605-1682), loose translation by Michael R. Burch

জীৱনঃ এক অকলশৰীয়া পখিলা

ঘাঁহৰ এক ক্ষীণ পাতত অস্থিৰভাৱে ঝুলিছে

আন একো নাই৷ কিন্তু কিমান কোমল তীব্ৰভাৱে ধুনীয়া!

“On a leafless branch

A crow comes to rest –

Autumn nightfall”

-Basho

ইয়াৰ অর্থ এনেধৰণৰ হ’ব- আমি আমাৰ সমস্যাবোৰৰ কথা, কাইলৈৰ কথা ভাবি ইমান ব্যস্ত যে এতিয়া আমাৰ চাৰিওফালে ঘটি থকা কথাবোৰ মন কৰিবলৈ সময়ে নাপাও৷

“I write, erase, rewrite,

Erase again, and then

A poppy blooms”

-Hokushi

আমি মানুহ আৰু সেয়ে আমি ভুল কৰোঁ৷ আমি আমাৰ মানৱতা গ্ৰহণ কৰিব লাগিব৷ আৰু ভুল হলেও আমি নতুনকৈ সকলো আৰম্ভ কৰিব পাৰোঁ৷ আৰু সেয়া কৰিলে এদিন আমি বিচৰা ফলাফল লাভ কৰোঁ, অদ্ভূত সুন্দৰ কিবা এটা লাভ কৰোঁ৷

সীমাবদ্ধতা আৰু হাইকু   

হাইকু লিখাসকলে যথেষ্ট সীমবদ্ধতাৰ মাজত লিখিব লগীয়া হয় কাৰণ তেওঁলোকে মাত্ৰ 17 টা চিলেবল (syllable) আৰু 3 টা শ্লোকহে (বাক্য) ব্যৱহাৰ কৰিব পাৰে৷ এটা শব্দেৰে আপুনি বহু অর্থ বুজাব লগা হয়৷ বাচি বাচি এনে শব্দ ল’বলগীয়া হয় যিটোৱে আপুনি বুজাব খোজা কথাখিনি এটা বা দুটা শব্দতে বুজাব পাৰে৷ সাধাৰণতে লিখা কবিতাৰ নিচিনাকৈ আপুনি মনৰ ইচ্ছামতে যিমান শব্দ বা যিমান বাক্য লিখিব খোজে সিমান লিখিব নোৱাৰে৷ কিন্তু এনে সীমবদ্ধতাৰ মাজতো ইমান অর্থপূর্ণ, মনোগ্ৰাহী, অতুলনীয় হাইকুৰ ৰচনা অতীজৰে পৰা আজিলৈকে হৈয়ে আছে৷

আপোনাৰ সীমাবদ্ধতা

হাইকুৰ যেনেকৈ সীমবদ্ধতা থাকে, আপোনাৰো নানা ধৰণৰ সীমবদ্ধতা থাকিবই৷ কেতিয়াবা হয়তো টকা-পইচাৰ সীমাবদ্ধতা, কেতিয়াবা দিশ নির্দেশ কৰা (পথ দেখুওৱা) মানুহৰ সীমাবদ্ধতা, কেতিয়াবা আপোনাৰ চিন্তাৰ পৰিধিৰ সীমাবদ্ধতা, কেতিয়াবা শিক্ষাৰ সীমাবদ্ধতা ইত্যাদি নানা ধৰণৰ সীমাবদ্ধতা থাকিবই৷ এনে সীমাবদ্ধতা আছে বুলি আপুনি জানে বা ভাবি লয় আৰু সেইবাবে কিছুমান কাম কৰিব নোৱাৰে বুলি ধৰি লয়৷ তেনেদৰে বহু মানুহে আপোনাক বুজাবলৈ চেষ্টা কৰিব যে আপুনি বিচৰা কাম, বিচৰা ফলাফল, বিচৰা জীৱনটো পাব নোৱাৰে কাৰণ আপোনাৰ কিবা এটা নহয় এটা সীমাবদ্ধতা আছে- হয়তো আপোনাৰ পঢ়া-শুনা কম বা নাই, হয়তো আপুনি দুখীয়া ঘৰ এখনত জন্ম লাভ কৰিছে, হয়তো আপুনি ইংৰাজী ক’ব নাজানে, আপুনি হয়তো বিদেশৰ স্কুল-কলেজত পঢ়া শুনা কৰা নাই, আপোনাৰ হয়তো কোনো গডফাডাৰ নাই, আপোনাৰ এপার্টমেন্ট বা ঘৰ নাই, বা আন কিবা এটা নাই৷ আপোনাৰ হয়তো এটা নহয় আৰু বেছি সীমাবদ্ধতা আছে৷  হাইকু এটা আৰু আপোনাৰ জীৱনৰ মাজত কিবা মিল দেখিছেনে?

হাইকু এটাৰ ক্ষেত্ৰত মাত্ৰ কেইটামান শব্দৰ ভিতৰতে ইমান সুন্দৰভাৱে কিমান কথা কয় চাওকচোন৷ কম শব্দৰ জৰিয়তেও ইমানবোৰ কথা ক’ব পাৰি৷ কম শব্দৰ কৰিয়তেও সকলোৰে মনত থকাকৈ, অজৰ-অমৰ কবিতা আৰু লিখনি লিখিব পাৰি৷ তেনেদৰে আপোনাৰ জীৱনত নানা সময়ত নানা সীমাবদ্ধতা থাকে আৰু থাকিবই, কিন্তু তাৰ মাজতো আপুনি এনে কিছুমান কাম কৰিব পাৰে যিবোৰে এই সাধাৰণ সীমাবদ্ধতা অতিক্ৰম কৰি এক পৰিচয় সৃষ্টি কৰাত আপোনাক সহায় কৰিব৷

সীমাবদ্ধতাৰ মাজত কি কৰিব?

“আমিনো কি কৰিব পাৰোঁ”- এই প্ৰশ্নটো আপুনি মোক কৰিব পাৰে৷ আপোনাৰ হয়তো বহুত সীমাবদ্ধতা আছে, কিন্তু আপুনি সেই সীমাবদ্ধতাৰ ক্ষেত্ৰত তিনিটা কাম কৰিব নোৱাৰেনে-

(ক) সীমাবদ্ধতাবোৰ আছে বুলি মানি লৈও, তাৰ মাজতে আপুনি কি কি কৰিব পাৰে সেই বিকল্প ব্যৱস্থাবোৰ কথা চিন্তা কৰিব নোৱাৰেনে?

(খ) সীমাবদ্ধতাবোৰত ফ’কাছ কৰাতকৈ আপুনি কি কৰিব খোজে তাত ফ’কাছ কৰিব নোৱাৰেনে?

(গ) সীমাবদ্ধতাবোৰ লৈয়ো হাইকু নিচিনাকৈ সুন্দৰ কিবা এটাৰ সৃষ্টি কৰিব নোৱাৰেনে?

সীমাবদ্ধতা থাকিলে আপুনি কাম কৰিব পাৰিব নে নাই সেয়া আমাৰ ওপৰত নির্ভৰ কৰিব৷ যদি আমি সীমাবদ্ধতা আছে বুলি সীমাবদ্ধতাৰ ওপৰতেই গুৰুত্ব দি থাকো (বা ফ’কাছ কৰি থাকো), তেতিয়া আমাৰ একো কৰা নহ’ব, কেৱল সীমবদ্ধতাৰ কথা ভাবি মনটো বেয়া লাগি থাকিব৷ আনহাতে যি সীমাবদ্ধতা আছে তাৰ মাজতেই যদি আমি কি কৰিব পাৰোঁ আৰু সেই কাম কিমান ভালদৰে কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিও, তেন্তে আমিও সম্ভৱত হাইকুৰ নিচিনাকৈ এনেকুৱা সুন্দৰ, অজৰ-অমৰ কিবা এটাৰ সৃষ্টি কৰিব পাৰিম৷ সীমাবদ্ধতা যিদৰে আছে, তেনেদৰে তাৰ কিবা নহয় কিবা এটা বিকল্পও আছে৷ কথাটো হ’ল সেই বিকল্পবোৰ বিচাৰিবলৈ সময় আৰু ইচ্ছা লাগে৷

আপোনাৰ সীমাবদ্ধতা যিয়েই নহওক কিয় আপুনি নিজৰ কৰিব পৰা কামটো যদি ভালদৰে কৰে তেতিয়া তাৰ পৰা তেনে উৎকৃষ্ট গুণৰ কাম কৰিব নোৱাৰিবনে? আপুনি পৃথিৱীৰ আটাইতকৈ ডাঙৰ কামটো কৰিব নালাগে আপুনি যিটো কৰিব তাকে ভালকৈ কৰিব নোৱাৰিনে? আপুনি যদি শিক্ষক (স্কুলৰ, কলেজৰ, বিশ্ব্বিদ্যালয়ৰ), তেন্তে এনেদৰে পঢ়াব নোৱাৰেনে যে আপোনাতকৈ আৰু ভাল শিক্ষক সেই বিষয়টো কোনো নাথাকে আৰু ছাত্ৰ-ছাত্ৰীসকলে আপোনাৰ বিষয়টো অতি সহজে বুজি পায়? আপুনি যদি বেংকত কাম কৰে, আপুনি দ্ৰুত গতিত, হাঁহি মাৰি আটাইতকৈ ভাল সেৱা আগবঢ়াব নোৱাৰেনে? আপুনি যদি কৰবাৰ চিকিউিৰিটি গার্ডৰ কাম কৰি আছে, আপুনি হাঁহি মাৰি সুন্দৰকৈ নিজৰ কামটো আটাইতকৈ ভালকৈ কৰিব নোৱাৰেনে? পাৰে, আপুনি কৰিম বুলি ক’লে নিশ্চয় পাৰে, অৱশ্যে কৰিব নে নকৰে সেয়া আপোনাৰ হাতত৷ আপুনি নিজৰ কাম কৰোতে, চাকৰি কৰোতে নিশ্চয় বহুত সুবিধা নাপায়, বহুত সীমাবদ্ধতা থাকে কিন্তু তাৰ মাজতে এনেদৰে কাম কৰিব নোৱাৰিনে যে মানুহে এবাৰ আপোনাক লগ পালে আৰু নাপাহৰে?

সীমাবদ্ধতা আছে বাবে কবিতা নিলিখি থকাটো বেয়া কাম হ’ব, বৰঞ্চ হাইকুৰ নিচিনা চুটি, অর্থপূর্ণ, গভীৰ কবিতা লিখিবলৈ অন্তঃত চেষ্টা কৰাটো বেছি ভাল হ’ব৷ সীমাবদ্ধতা থাকিবই, কিন্তু এনে সীমাবদ্ধতাবোৰক কিয়নো আপোনাৰ জীৱনটো সীমিত আৰু সীমাবদ্ধ কৰিবলৈ দিয়ে? সীমাবদ্ধতা থাকক, কিন্তু তাৰ মাজতে জীৱনটো এটা হাইকুৰ নিচিনা অর্থপূর্ণ আৰু সুন্দৰ কৰি তোলো আহক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top