Close

নতুন বছৰ নতুন জীৱন

নতুন ইংৰাজী বছৰ এটা আহিছে৷ নতুন বছৰটোৰ লগে লগে আমাৰ মনলৈ আহিছে নতুন আশা, চিন্তা, সপোন৷ এই নতুন বছৰটোৰ লগতে আমাৰ মনলৈ যি এক নতুন ভাব আহিছে, আশাই দেখা দিছে তাৰ সহায়ত আমি নিজৰ এক নতুন জীৱন আৰম্ভ কৰিব পাৰোঁ৷ বর্তমানৰ জীৱনটো যদি ভাল নালাগে তাক সম্পূর্ণৰূপে সলাই পেলাব পাৰোঁ, যদি ই ভালে আছে মাত্ৰ অলপ সৰু সৰু অসুবিধা বা অশান্তি আছে তাক নোহোৱা কৰিব পাৰোঁ৷ সেয়া মানুহৰ ক্ষমতাৰ ভিতৰতৰ কথা৷ 

নতুন বছৰটোত নতুন জীৱন এটাৰ আৰম্ভণি হ’ব আপোনাৰ চিন্তাত আৰু সপোনত৷ যদি আপুনি নিজে বিচাৰে তেতিয়াহে জীৱনটো বেলেগে হ’ব, আগতকৈ ভাল হ’ব, নহ’লে নহয়৷ আৰু আজি আপোনাৰ জীৱনটো যেনেকুৱাই নহওক ই সদায় আগতকৈ ভাল হ’ব পাৰে৷ অলেখ অযুত সম্ভাৱনাৰে ই সদায় ভৰপূৰ৷ 

কিন্তু নতুন বছৰত জীৱন এটাৰ সৃষ্টি আমি কেনেদৰে কৰিব পাৰিম? নানা ধৰণৰ সংকট, সমস্যা, বর্তমানৰ ভয়ক আওকাণ কৰি আমি কিদৰে নিজৰ জীৱনটো ভাল কৰিব পাৰোঁ আৰু তাৰ জৰিয়তে সমাজক, দেশক নিজৰ অৱদান আগবঢ়াব পাৰোঁ?

এটা নতুন ভার্চন

নতুন বছৰত নিজৰ নতুন ভার্চন এটা তৈয়াৰ কৰোঁ আহক৷ এই ভার্চন বা সংস্কৰণটো আগতকৈ ভাল হ’ব৷ আগৰ যিটো সংস্কৰণে আপোনাক এইখিনি পোৱাইছে আহি সেই সংস্কৰণটোৱে আপোনাক আপুনি যলৈ যাব খুজিছে তালৈ যোৱাত সহায় কৰিব নোৱাৰে৷ গতিকে এইবছৰত আপুনি যলৈ যাব বিচাৰিছে বা গৈ পাবলৈ বিচাৰিছে তালৈ যাবলৈ হ’লে আপুনি নিজকে আৰু ভাল কৰি তুলিব লাগিব, নতুন নতুন স্কিল কিছুমান শিকিব লাগিব, নিজৰ আত্মবিশ্বাস বঢ়াব লাগিব, নিজৰ বিশ্বাসবোৰ চালিজাৰি চাই বেয়াবোৰ গুচাই নতুন কিছুমান গঢ় দিব লাগিব, চিন্তা কৰাৰ পদ্ধতি দৰকাৰ হ‘লে সলাব লাগিব, নিজৰ এটিটিউড প্ৰয়োজন অনুসৰি ঠিক থাক কৰি ল’ব লাগিব, কিছুমান নতুন অভ্যাস প্ৰয়োজনীয় হ’লে গঢ়িব লাগিব৷ এই কামবোৰেই নিজৰ এক নতুন আৰু আগতকৈ ভাল সংস্কৰণ গঢ়াত আপোনাক সহায় কৰিব৷

এই নতুন সংস্কৰণটোৰ প্ৰয়োজন হ’ব আগতকৈ সকলোফালেই ভাল কৰিবলৈ৷ অফিচত, নিজৰ বিজনেচত, ঘৰত, সমাজত সকলো ফালেই ভাল কৰিবলৈ হ’লে আপোনাৰ বর্তমানৰ মানুহজন সলনি হ’ব লাগিব৷ আপুনি নিবিচাৰিলেও ই নিজে নিজে সলনি হ’ব, কিন্তু তেনে সালসলনি আপুনি ভাল নাপাবও পাৰে৷ তাতোকৈ বেছি ভাল হ’ব যদি আপুনি বিচৰা ধৰণে ইয়াক আপুনি সলনি কৰি লয়৷ ইয়াৰ লাভৰ এটা সৰু উদাহৰণ দিছোঁ৷ নিজৰ নতুন সংস্কৰণ এটা গঢ়ি নিজকে উন্নীত বা আপগ্ৰেড কৰা মানুহ এজনে কেতিয়াও ৰাস্তাত জাবৰ দলিয়াই নেপেলায়৷ আনকি ৰাতি বা কোনেও চাই নাথাকিলেও তেওঁ সেই কাম নকৰে৷ আইন কানুনলৈ ভয় কৰি নহয়, তেওঁ সেয়া নকৰে কাৰণ সেয়া ভাল কাম নহয়৷ তেওঁ নিজকে ইমান সন্মান কৰে যে তেওঁ কেতিয়াও তেনে কাম নকৰে৷ তেনে আপগ্ৰেডেড মানুহ এজনে দেশৰ বা জাতিৰ প্ৰতি অৱদান আগবঢ়াবলৈ দ্বিতীয়বাৰ চিন্তা নকৰে ৷ নিজৰ কামৰ লগতে দেশ আৰু জাতিৰ প্ৰতি কাম কৰিবলৈ তেওঁৰ সময় ওলায়৷

নিজৰ দ্বায়িত্ব নিজে লওক

এই বছৰটোত এই কথাটো বুজি লওক যে নিজে নিজৰ জীৱনৰ দ্বায়িত্ব নল’লে আন কোনেও নলয়৷ কিবা ভুল কৰিলে এশ শতাংশ তাৰ দ্বায়িত্ব লও আহক৷ জীৱনত যি হৈ আছে তাৰ যদি এশ শতাংশ দ্বায়িত্ব আমি ল’বলৈ আৰম্ভ কৰো তেতিয়া আমি বিচৰা ফলাফলবোৰ, সপোনবোৰ আমি লাভ কৰিবলৈ আৰম্ভ কৰা যাত্ৰাৰ ই প্ৰথম খোজ হ’ব৷ আৰু আপুনি নিজৰ দ্বায়িত্ব লোৱাৰ লগে লগে লাহে লাহে ই আগতকৈ ভাল হ’বলৈ আৰম্ভ কৰিব৷ ই হোৱাৰ কাৰণ হ’ল নিজৰ জীৱনটোৰ বাবে আনক দোষ দি বা আন কিবা অজুহাত উলিয়াই কাম নকৰাকৈ থকাৰ সলনি সকলো দোষ আৰু দ্বায়িত্ব মূৰ পাতি লৈ আপুনি সেয়া সলনি কৰি প্ৰয়োজনীয় কাম কৰা আৰম্ভ কৰে৷ কাম যদি আপুনি কৰে তেন্তে তাৰ ফলাফল আপুনি লাভ কৰিবই৷

যদি আপুনি আজি যি অৱস্থাত আছে সেই অৱস্থা আপুনি ভাল পায় তেন্তে তাক আপুনি নসলালেও হ’ব৷ কিন্তু যদি এয়া আপুনি ভাল নাপায় তেন্তে তাক সলনি কৰাৰ দ্বায়িত্ব আপোনাৰ নিজৰ৷ আন কোনেও সেয়া নকৰে, বা কৰিবলৈ চেষ্টা কৰিলেও কৰিব নোৱাৰিব৷ আৰু মাক বাদ দি আপোনাতকৈ আন কোনে আপোনাক ভাল পাব বাৰু? গতিকে নিজৰ আটাইতকৈ ডাঙৰ শুভচিন্তক হিচাপে, আটাইতকৈ ডাঙৰ বন্ধু হিচাপে আপুনি নিজৰ দ্বায়িত্ব ল’লেহে আপোনাৰ জীৱনটো যিমান ভাল হ’ব পাৰি সিমান ভাল হোৱাৰ সম্ভাৱনা আছে৷

নিজৰ দ্বায়িত্ব লোৱা মানে নিজৰ সকলো কামৰ ফলাফল, নিজৰ দোষ, নিজৰ গুণ সকলো কথাৰে দ্বায়িত্ব লোৱা৷ তেনে এজন মানুহে নিজকে আৰু ভাল কৰিবলৈ, নিজৰ জীৱনটো আৰু ভাল কৰিবলৈ যিমান যি কৰিব লাগে সিমান কাম কৰিব, যিমান সময় লাগে দিব, যিমান কষ্ট কৰিব ালগে সিমান কষ্ট কৰিব৷ সেই কাম আনে আপোনাৰ বাবে নকৰে আৰু নিজৰ দ্বায়িত্ব নোলোৱা মানুহ এজনেও নিজৰ বাবে সেয়া নকৰে৷ গতিকে নিজৰ দ্বায়িত্ব লোৱা আজিৰ দিনটোৰ পৰাই আৰম্ভ কৰোঁ আহক৷

কাম কৰা আৰম্ভ কৰক

কাম কৰা আৰম্ভ কৰক৷ ষ্টাষ্র্ট টেকিং এক্সন৷ কাম নকৰিলে তাৰ পৰা একো ফলাফল নাপাব, নাহিব৷ আপুনি যিমানে চিন্তা নকৰক কিয়, যিমানে প্লেন নবনাওক কিয়, তাৰ পৰা একো লাভ নহয়, যদিহে আপুনি তাৰ ওপৰত কাম কৰা আৰম্ভ নকৰে৷ নতুন বছৰত আমি নানা কাম কৰিম বুলি নানা ৰিজ’লুচন লও ৷ আমাৰ বহুতৰে নতুন বছৰৰ ৰিজ’লুচনবোৰে কিয় কাম নকৰে বাৰু? কাৰণ আমি তাৰ ওপৰত কাম কৰা আৰম্ভ নকৰোঁ৷ কেতিয়াবা আৰম্ভ কৰিলেও এসপ্তাহ বা এমাহ পিছত সেই কাম কৰা কমাই আনো আৰু লাহে লাহে বাদ দিও৷ যদি কামেই নকৰোঁ তেন্তে তাৰপৰা কি ফল লাভ কৰিব পাৰিম বাৰু?

আপুনি যদি নিজৰ নতুন এটা ভার্চন তৈয়াৰ কৰিব বিচাৰিছে, নিজৰ জীৱনটো সলাব বিচাৰিছে, আগতকৈ ভাল কৰিব বিচাৰিছে, তেন্তে তাৰবাবে কিছুমান কাম কৰিব লাগিব৷ সেই কামবোৰৰ এখন লিষ্ট কৰি লৈ, কামবোৰ কৰা আৰম্ভ কৰিলেহে আপুনি সেই দিশত কিছুমান ফল দেখা আৰম্ভ হ’ব৷ আৰু এইবোৰ কৰি গৈ থাকিলে ক্ৰমান্বয়ে জীৱনটো ভাল হৈ গৈ থাকিব৷ ইয়াৰ বাবে সময় লাগিব, কষ্ট লাগিব, ই এদিনতে নহ’ব, কিন্তু কৰি গৈ থাকিলে প্ৰতিদিনে ই অলপ অলপকৈ ভাল হৈ গৈ থাকিব৷

আৰম্ভ কৰোঁ আহক৷

 ওম, সর্বে ভৱন্তু সুখিনাহ ৷

নতুন বছৰটো সকলোৰে ভাল হওক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top