এদিন আপুনি মৰিবই
এই সৰু কথাটো মনত ৰাখিব- “এদিন মই মৰিমেই”
এদিন আমি সকলো মৰিম৷
আপুনি সম্ভৱত কথাটো জানে৷ নহয় জানো? কিন্তু এই বিষয়ে আপুনি কি কৰিছে?
আমি যে এদিন মৰিম এই কথাটোৱে কাৰোবাৰ মনটো বেয়া লগাই দিব পাৰে৷ আৰু আনহাতে আন কাৰোবাক কাম কৰিবলৈ, জীৱনটো জীয়াই থাকিবলৈ সাংঘাটিক ধৰণে মটিভেট কৰিব পাৰে৷
ই দুখ কৰিবলগীয়া কথা নে?
এদিন যে আমি মৰিম সেয়া সঁচাকৈয়ে দুখ কৰিবলগীয়া কথা নে? কিছুমান এক্সপার্টৰ মতে আমি মৰাৰ সময়ত আনন্দহে পাব লাগে যে এই মিছা মায়াৰ জীৱন এৰি আমি জাবলৈ ওলাইছোঁ৷ এনেদৰে এটাৰ পিছত এটা জীৱন শেষ কৰি এদিন আমি আমাৰ পৰম পুৰুষ ভগভানৰ/আল্লাৰ/গডৰ ওচৰ পামগৈ৷ যদি মই পূণ্য কৰিছোঁ তেতিয়াহ’লে বাৰে বাৰে জন্ম লোৱাৰ যি চক্ৰ সেয়া ত্যাগ কৰি মই মুক্তি পাম আৰু পৰম পুৰুষ ভগৱানৰ ওচৰলৈ, মোৰ নিজৰ ঘৰলৈ ঘূৰি যাম৷ যদি আপুনি আধ্যাত্মিক বা ধর্মীয় কথাবতৰা মানে, শুনে তেতিয়া এই কথাটো আপুনি বিশ্বাস কৰিব পাৰে৷ আনহাতে আপুনি যদি এইবোৰ নামানে তেতিয়াও বিচাৰিলে মৃত্যুত আপুনি এটা ভাল কথা বিচাৰি পাব পাৰে–এই পৃথিৱীৰ নানা যন্ত্ৰণা, দুখ-কষ্টৰ পৰা মুক্ত হোৱাৰ সময় আহিছে আৰু মই যদি এতিয়া বেমাৰ-আজাৰ বা আনা কাৰণত কষ্ট পাই আছোঁ, যদি শৰীৰটো চলাই ৰখাত মই কষ্ট পাই আছোঁ তেতিয়া কিছুমান ক্ষেত্ৰত মৃত্যু তাতকৈ বেছি ভাল হ’ব পাৰে৷
মৃত্যুৰ পৰা মটিভেচন
“মই এদিন মৰিম”- এই কথাটোৱে আপোনাক কিন্তু আপুনি কৰিব বিচৰা সকলো ধৰণৰ কাম কৰিবলৈ খুব মটিভেট কৰিব পাৰে৷ আপুনি যদি সুন্দৰ জীৱন এটা নিজৰ বাবে সৃষ্টি কৰি ল’বলৈ বিচাৰিছে, আপুনি যদি নিজৰ লিগেচী এৰি থৈ যাব বিচাৰিছে, আপুনি যদি নিজৰ পৰিয়ালৰ লগত খুব ধুনীয়াকৈ সময়বোৰ কটাব বিচাৰিছে, আপুনি যদি কিবা এটা বিশেষ কাম কৰিব বিচাৰিছে, আপুনি যদি মনত লুকুৱাই থোৱা এটা সপোন লাভ কৰিব বিচাৰিছে, বা আন যি কৰিব বিচাৰিছে সেয়া কৰিবলৈ আৰম্ভ কৰাত, কৰি গৈ থকাত আৰু ফলাফল লাভ কৰাত ই আপোনাক সহায় কৰিব পাৰে৷
কিবা এটা কাম কৰিম নে নকৰিম, এতিয়াই কৰিম নে পিছত কৰিম সেই কথাবোৰৰ সিদ্ধান্ত লোৱাতো “এদিন মই মৰিম” কথাষাৰে আপোনাক সহায় কৰিব পাৰে৷
আমাৰ হাতত আছে এক নির্দিষ্ট সময়
জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে আমাৰ হাতত আছে এক নির্দিষ্ট সময়৷ কাৰোবাৰ হাতত আছে কম সময়, কাৰোবাৰ বেছি৷ কিন্তু কাৰো হাতত অফুৰন্ত সময় নাই, শেষ নোহোৱা সময় নাই৷
এইখিনি সময় কেনেদৰে ব্যৱহাৰ কৰিব সেয়া আপোনাৰ কথা৷ আপুনি বহুত সময় আছে বুলি এনেয়ে নষ্ট কৰিব পাৰে অথবা এই সময়খিনি আপোনাৰ বাবে যিমান ভালদৰে পাৰি সিমান ভালদৰে ব্যৱহাৰ কৰিব পাৰে৷
এই যিখিনি সময় আমি পাইছোঁ তাৰ সম্পূর্ণ সদ্বব্যৱহাৰ কৰাটো আমাৰ হাতত আছে৷ তাৰবাবে যি কৰিব লাগে সেয়া কৰিবলৈ আমাৰ মাজতে শক্তি আছে৷ এই সময়খিনি “এদিন মৰিমেই” বুলি দুখতে কতাব নালাগে৷ কাৰণ আপুনি যদি মৰাৰ কথা ভাবি দুখতে জীৱনটো কটায় বা তাকে ভাব ভাবি কেইবছৰমান নষ্ট কৰে তেতিয়াও আপুনি মৰিব৷ তাতোকৈ প্ৰতিদিনে আপুনি যেনেদৰে আনন্দ পায়, সুখ পায় তেনেদৰে জীয়াই থকাটো জানো বেছি ভাল নহ’ব?
কামবোৰ কৰক, জীৱনটো উদযাপন কৰক
আপুনি জীৱনত যিবোৰ কাম কৰিব বিচাৰে সেইবোৰ কৰক৷ মৃত্যুৰ কথা ভাবিলে আপুনি কাম পিছলৈ পেলাই নথয়৷ যিটো কাম আপোনাৰ বাবে জৰুৰী, জীৱনৰ বাবে জৰুৰী, আপোনাৰ মৃত্যুৰ আগতে কৰাটো জৰুৰী সেই কামটো জানো আপুনি পিছলৈ পেলাই থব পাৰিব৷ কাইলৈ বা থাকেনে নাথাকে সেইটো যিহেতু আপুনি নাজানে আৰু সেই কথাটো আপুনি বুজি পাইছে, তেনেহ’লে তেনে কামবোৰ আপুনি কেতিয়াও পিছলৈ পেলাই নথয়৷ বহু মানুহৰে তেনে খুব গুৰুত্বপূর্ণ কামবোৰ পিছলৈ থওতে থওতে কৰাই নহয়গৈ৷ আপোনাৰ কিন্তু তেনে অৱস্থা নহয়৷
এবাৰ “এদিন মৃত্যু হ’বই” এই কথাটো গ্ৰহণ কৰিব পাৰিলে আপোনাক আন ভয়বোৰে আৰু ভয় খুৱাব নোৱাৰে৷ কিছুমান সৰু সৰু ভয়ৰ বাবে আপুনি কৰিব বিচৰা কামবোৰ নকৰাকৈ নাথাকে, চাকৰি এৰি যদি নিজৰ কাম কৰিব বিচাৰিছিল তেন্তে সেয়া ভয়তে নকৰাকৈ নাথাকে, কেৰিয়াৰ যদি সলনি কৰিব বিচাৰিছিল তেতিয়া সলনি নকৰাকৈ নাথাকে৷ কোনোধৰণৰ ভয়ে আপোনাক আপুনি সঁচাকৈয়ে বিচৰা কামবোৰ কৰাৰ পৰা বাধা দি, আতৰাই ৰাখিব নোৱাৰে৷
আনন্দ নামৰ চিনেমাখনত ৰাজেশ খান্নাৰ চৰিত্ৰ আনন্দে ডাক্তৰৰ চৰিত্ৰ কৰা অমিতাভ বচ্চনক কৈছিল-
“বাবু মোশাই, জীৱন বঢ়ি হোনী চাহিয়ে, লম্বি নেহী”
জীৱনটো ডাঙৰ হ’ব লাগে, দীঘল নহয়৷