আপুনি যদি নিজৰ কামটো বা চাকৰিটো ভাল নাপায় তেতিয়া কি কৰিব পাৰে?
আপুনি সেই চাকৰিটো বা কামটো বাদ দিব পাৰে৷ কিন্তু কেতিয়াবা সেয়া সম্ভৱ নহয় কাৰণ আপোনাৰ পৰিয়াল আছে, ই এম আই দিবলৈ আছে বা আন কিবা ঘৰুৱা বাধা আছে৷ তেনেহ’লে আপুনি কি নিজৰ সপোনবোৰ একেবাৰে বা দি দিব নেকি? সকলো এৰি জীৱনটোত আৰু একো কৰা নহ’ব বুলি সকলো এৰি হাত দাঙি দিব নেকি?
নালাগে৷ আৰু এটা উপায় আছে যিয়ে আপোনাক আপুনি বিচৰা কাম বা নিজৰ কাম কৰিবলৈ সুবিধা দিব৷
এই উপায়টো হ’ল মুনলাইটিং৷ কোনোবা কোনোবাই হয়তো এই নামটো শুনিছে৷
নিজৰ কামটো কৰি যদি আপুনি কোনো উত্তেজনা অনুভ নকৰে, কামটো কৰি যদি ভাল নালাগে আৰু যদি আপুনি ভবিষ্যতে কেতিয়াবা নিজৰ কাম কৰিব বিচাৰে তেন্তে আপুনি সেয়া কৰিব পাৰিব৷
আপুনি নানা ধৰণৰ সপোন দেখি থাকে, নানা পৰিকল্পনা কৰে কিন্তু কিছুমান কাৰণত আজিও আপুনি আৰম্ভ কৰিব পৰা নাই৷ কিন্তু সেইবাবে আপুনি নিৰাশ হ’ব নালাগে৷
চাকৰি কৰি থাকোতেও আপুনি নিজৰ ভবিষ্যতৰ কামৰ বাবে সাজু হ’ব পাৰে৷ আপুনি যদি এদিন নিজৰ কাম কৰিব বিচাৰে তাৰবাবে নিজকে সাজু কৰিব পাৰে৷ আৰু বর্তমানৰ চাকৰিটো বা কামটো এৰাৰ আগতে আপোনাৰ নিজৰ ভবিষ্যতৰ কামক একেবাৰে গজগজীয়া কৰিব পাৰে৷
মুনলাইটিং মানে আপোনাৰ আজৰি সময়ত নিজে বাচি লোৱা কোনো এক চাইড প্ৰজেক্টত তেতিয়ালৈকে কাম কৰা যেতিয়ালৈকে ই আপোনাক সন্তুষ্টি নিদিয়ে বা ইমান গুৰুত্বপূর্ণ হৈ পৰে যে ই আপোনাৰ মুখ্য কাম হৈ পৰে৷ হয়তো ই আপোনাৰ চাকৰিটোৰ সমান টকা-পইচা ঘটাত সুবিধা দিয়ে বা ই আপোনাক ইমান সন্তুষ্টি প্ৰদান কৰে যে আপোনাৰ জীৱনটোৰ কিবা এটা অর্থ আছে যেন লাগে৷
মুনলাইটিঙে আপোনাক সম্পূর্ণ নতুন জীৱন এটা সৃষ্টি কৰিবলৈ সুবিধা দিব৷ আপুনি যিকোনো কাৰণতে যদি বর্তমানৰ কামটো সম্পূর্ণৰূপে এৰি বেলেগ কাম এটাত জপিয়াই পৰিব নোৱাৰে তেন্তে ই আপোনাক নিজে কৰিব বিচৰা কামটো আৰম্ভ কৰি লাহে লাহে গৈ থাকিবলৈ সুবিধা দিয়ে৷ ইয়াৰ সহায়ত আপুনি অলপ অলপকৈ আগবাঢ়ি গৈ থাকিব পাৰে৷ লগতে আপুনি আপোনাৰ আইডিয়াটো টেষ্ট কৰি চাবলৈ এটা সুবিধা পায়৷ আপুনি যিটো কাম কৰিম বুলি ভাবিছে সি চলিব নে নচলিব সেয়া টেষ্ট কৰাৰ এটা উপায় হ’ল মুনলাইটিং৷
কিন্তু কেতিয়া কৰিব পাৰিব মুনলাইটিং?
আপোনাৰ আজৰি সময়ত
আপুনি যদি ১০ ঘন্টা কাম কৰে, ৭ ঘন্টা শোৱে তেতিয়া আপোনাৰ হাতত প্ৰতিদিনে ৭ ঘন্টা সময় থাকি যায় দৈনন্দিন কামবোৰ কৰিবলৈ আৰু তাৰ মাজৰে পৰা এঘন্টা বা দুঘন্টা আপুনি নিজৰ কামত দিব পাৰে৷
যিমান সময় পায় সিমান সময় আপুনি খুব প্ৰডাক্টিভ হ’ব লাগিব৷ সময়ক সোণৰ দৰে মূল্য দিব লাগিব
মুনলাইটিং ৰ বিষয়ে দুটা উদাহৰণ চাও আহক-
এফ স্কট ফিটজাৰেল্ড
প্ৰিনচটনৰ পৰা গৈ ফিটজাৰেল্ডে সেনাবাহিনীত যোগ দিলে আৰু প্ৰথম বিশ্বযুদ্ধত নিজৰ সেৱা আগবঢ়াইছিল৷ ছাত্ৰ অৱস্থাত যি লিখাৰ কাম তেওঁ আৰম্ভ কৰিছিল সেয়া তেওঁ নিজৰ ট্ৰেইনিঙৰ মাজতো চলাই আছিল৷ প্ৰতি সপ্তাহতে যেতিয়া লগৰ সৈন্যবোৰে নাচ আৰু বাৰলৈ গৈছিল তেতিয়া ফিটজাৰেল্ডে অফিচাৰচ ক্লাবৰ এখন টেবুলত বহি লিখা আৰম্ভ কৰিছইল- শনিবাৰে আবেলি ১ টা বজাৰ পৰা মাজৰাতিলৈ আৰু ৰবিবাৰে ৰাতিপুভা ৬ টা বজাৰ পৰা সন্ধিয়া ৬ টা বজালৈ৷ তিনিমাহ এই ৰুটিন অনুসৰণ কৰাৰ ফল আছিল ১২০,০০০ শব্দ থকা “দিচ চাইড অব পেৰাডাইজ” কিতাপখনৰ ড্ৰাফট৷
ফিল নাইট
ফিল নাইট বুলি ক’লে আপুনি নাজানিব পাৰে কিন্তু নাইকি কোম্পানীটোৰ কথা নইশ্চয় আপুনি শুনিছে৷
নাইকি কোম্পানীৰ গৰাকী ফিল নাইটেও মুনালাইটিঙৰ জৰিয়তে ইমান ডাঙৰ কোম্পানী এটা সফল কৰিব পাৰিছিল৷ ষ্টেনফর্ডত এম বি এ কৰি থাকোতে নাইটৰ মনত জাপানী দৌৰৰ জোতা আমেৰিকাত বিক্ৰী কৰাৰ চিন্তাটো আহিল৷ কথা মতে কাম৷ পঢ়ি থাকোতে এবাৰ গোটেই পৃথিৱী ভ্ৰমণ কৰিবলৈ যাওতে তেওঁ জাপানলৈ গ’ল আৰু তাত তেওঁ টাইগাৰ ব্ৰেণ্ডৰ জোতা তৈয়াৰ কৰা সকলক লগ কৰিলে৷ আমেৰিকাত সেই ব্ৰেণ্ডৰ জোতা ডিষ্ট্ৰিবিউট কৰাৰ অধিকাৰ তেওঁ সংগ্ৰহ কৰিলে৷ কোম্পানীটোৱে তেওঁক জোতাৰ চেম্পল পঠিয়াম বুলি ক’লে৷
সেই জোতা আহি পাওতে পাওতে এবছৰ লাগিল৷ ইতিমধ্যে নাইটে চি পি এ নামৰ ফাইনেন্স বিষয়ক এক ডিগ্ৰীৰ বাবে নামভর্তই কৰিছিল আৰু এক একাউন্টিং ফার্মত চাকৰি কৰা আৰম্ভ কৰিছিল৷ জোতাবোৰ আহি পোৱাৰ পিছত নাইটে ইউনিভার্ছিটি অব অৰেগন ৰ ট্ৰেক কোচৰ লগ লাগিল আৰু ব্লু ৰিবন স্পর্টছ নামৰ কোম্পানী এটা আৰম্ভ কৰিলে ১৯৬৪ চনত৷
সেই সময়ত নাইটৰ বয়স ২৬ বছৰ৷ হাতত মাত্ৰ ৩০০ জোৰ টাইগাৰ ব্ৰেণ্ডৰ জোতা যিবোৰ তেওঁ জমা কৰি ৰাখিছিল নিজৰ মাক-দেউতাকৰ ঘৰত৷ নিজৰ একাউন্টিঙৰ চাকৰি বাদ দি সেই জোতাবিলাক নিজৰ গাড়ীৰ ডিকিত ভৰাই লৈ দূৰ দূৰণিৰ বিভিন্ন ঠাইত হোৱা ট্ৰেক মিটবোৰত ভুমুকি মৰা আৰম্ভ কৰিলে, কোচ আৰু দৌৰবিদবিলাকৰ লগত কথা পতা আৰম্ভ কৰিলে আৰু টাইগাৰ জোতাবিলাক ব্যৱহাৰ কৰি চাবলৈ দিলে৷ সোনকালেই জোতাবোৰ জনপ্ৰিয় হ’বলৈ ধৰিলে৷ মানুহে ফোন কৰি, চিঠি লিখি, আনকি তেওঁৰ ঘৰলৈ আহিও জোতা কিনিবলৈ আৰম্ভ কৰিলে৷ নাইটে সেই সময়ত এজন চেলচমেন ল’লে এই কামবোৰ চাবৰ বাবে আৰু আন আন ঠাইত জোতাবিলাক বিক্ৰী কৰাৰ চেষ্টা কৰাৰ বাবে৷ ১৯৬৫ চনত সমস্যাৰ আৰম্ভণি হ’ল৷ জোতাবোৰ জনপ্ৰিয় হৈছিল, বিক্ৰীও হৈছিল, কিন্তু কোম্পানীয়ে প্ৰায়ে টকা-পইচা ধাৰ ল’ব লগীয়া হৈছিল৷ প্ৰতিবাৰতে জোতাৰ অর্ডাৰ কৰিবলৈ নাইটে ধাৰ কৰিবলগীয়া হৈছিল, কিন্তু বেংকে তেওঁৰ ব্যৱসায় নচলিব বুলি তেওঁক ধাৰ দিবলৈ অমান্তি হৈছিল৷
ফলত নাইটে নিজৰ চি পি এ পৰীক্ষাটো দি আকৌ একাউনটেন্ট হিচাপে চাকৰি ল”বলগীয়া হৈছিল৷ নিজৰ দৰমহাৰ এক ডাঙৰ অংশ তেওঁ ব্লু ৰিবন কোম্পানীত ইনভেষ্ট কৰিবলগীয়া হৈছিল৷
নাইটে সেই সময়ত মাহত ১৪ ঘন্টা সামৰিক বাহিনীৰ প্ৰশিক্ষণো ল’বলগীয়া হৈছিল৷ তাৰ লগতে আছিল চাকৰি আৰু লগেত ব্লু ৰিবন স্পর্টছ কোম্পানীৰ কাম৷ কিন্তু সময়ৰ ইমান নাটনি স্বত্বেও তেওঁ নিজৰ সপোন এৰি দিয়া নাছিল৷ সাপ্তাহিক চুটিৰ সময়ত, ৰাতি আৰু বন্ধৰ দিনবোৰত তেওঁ ব্লু ৰিবনক আৰু চাৰিওফালে বঢ়াই নিয়াৰ কামত লাগি থাকিছিল৷ ১৯৬৬ চনত তেওঁ এটা ৰূমৰ এটা এপার্টমেন্ট ল’লে আৰু তাত মজিয়াৰ পৰা চিলিঙলৈকে নিজৰ জোতাৰ ষ্টকবোৰ সজাই থবলৈ আৰম্ভ কৰিলে৷ এবছৰৰ ভিতৰতে তেওঁক আৰু ঠাই লগা হ’ল আৰু তেওঁ এটা ডাঙৰ ঠাইলৈ যাবলগীয়া হ’ল যত এটা সৰু অফিচ আৰু গুদামঘৰ আছিল৷ ১৯৬৭ চনত নাইটৰ তলত ৪ জন কর্মচাৰী আছিল, দুটা ৰিটেইল ষ্টৰ আছিল আৰু দুটা অফিচ আছিল কিন্তু তেতিয়াও তেওঁ একাউন্ট হিচাপে কাম কৰি আছিল৷ ১৯৬৮ চনত তেওঁ এচিচেন্ট প্ৰফেচাৰ হিচাপে পর্টলেণ্ড ষ্টেট ইউনিভার্ছিটিত চাকৰি লৈছিল একমাত্ৰ এইবাবে যে ভাল দৰমাহা পোৱাৰ লগতে তেওঁ আগতকৈ বহু বেছি সময় পাইছিল৷ অৱশেষত ১৯৬৮ চনত, প্ৰথম টাইগাৰ জোতাৰ চেম্পল অর্ডাৰ দিয়াৰ ৭ বছৰ পিছত নাইটে আনৰ চাকৰি এৰিলে আৰু সেইবাৰ ব্লু ৰিবন স্পর্টছৰ পৰা প্ৰথমবাৰৰ বাবে নিজৰ দৰমহা ল’ব পাৰিলে৷
আপুনিও এনে কৰিব পাৰিব কিন্তু তাৰবাবে আপোনাক সাংঘাটিক ডিচিপ্লিন লাগিব আৰু আপুনি কৰিব খোজা কামটো আপোনাৰ পেচন হ’ব লাগিব৷ আপুনিও এনে কৰিব পাৰিব যদিহে আপুনি কৰিব বিচাৰে৷