Close

একেবাৰে উন্নতি নকৰাতকৈ সৰুসুৰা উন্নতিও বহু ভাল

আপুনি যদি কিবা এটা কাম কৰি আছে আৰু তাত যিমান ফল বিচাৰিছে সিমান আপুনি লাভ কৰা নাই তেতিয়া আপোনাৰ খঙ উঠিব, হতাশ হ’ব৷

কিন্তু একেবাৰে উন্নতি নকৰাকৈ থকাতকৈ অলপ উন্নতি কৰাটো জানো বেয়া কথা?

তেনে উন্নতি আপুনি ভবা মতে নহ’ব পাৰে, আপুনি যিমান বিচাৰিছিল সিমান পাৰফেক্ট নহ’ব পাৰে, কিন্তু যদি অলপ উন্নতি নোহোৱাকৈ থকাতকৈ অলপমানো উন্নতি হৈছে সেয়া জানো বেয়া কথা হ’ব?

আপুনি যদি নতুনকৈ এক্সাচাইজ কৰা আৰম্ভ কৰিছে৷ কেতিয়াবা মাত্ৰ ১৫ মিনিট কৰিয়েই এলাহ লাগিব বা ভাগৰ লাগিব আৰু আপুনি সেয়া বাদ দিব৷ তেনেদৰে কেতিয়াবা ৰাতিপুৱা উঠিবলৈ মন নাযাব, কেতিয়াবা উঠিলেও এক্সাচাইজ কৰিবলৈ মন নাযাব৷ কিন্তু আপুনি এমাহৰ ভিতৰত যদি মাত্ৰ ১২ দিনো এক্সাচাইজ কৰিছে সেয়া আগতকৈ অর্থাৎ যেতিয়া আপুনি এদিনো এক্সাচাইজ কৰা নাছিল তাতোকৈ বহুত ভাল নহ’বনে? নিশ্চয় হ’ব৷ লাহে লাহে আপুনি সেয়া বঢ়াই গৈ থাকিব পাৰিব৷ কাইলৈ হয়তো আপুনি ১৫ মিনিটৰ ঠাইত ৩০ মিনিট সময় এক্সাচাইজ কৰিব পৰা হ’ব৷ তেনেদৰে ইয়াক বঢ়াই গ’লে আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ নপৰিবনে?

আপুনি নতুনকৈ ইংৰাজী ক’বলৈ শিকিছে আৰু এতিয়াও ভালদৰে ক’ব পৰা হোৱা নাই, কিন্তু আপুনি চেষ্টা কৰি ভঙা ভঙাকৈ সেয়া ক’ব পৰা হৈছে৷ সেয়া জানো ইংৰাজী বুলি ক’লেই ডিঙি শুকাই যোৱা, মনত ভয় লগা অৱস্থাতকৈ ভাল নহয়৷ কাইলৈ কৰবাত ক’বলগীয়া হ’লে অন্তত আপুনি অলপ হলেও ক’ব পাৰিব৷ লাজতে মুখ জপাই থাকি আনৰ আগত লাজত পৰিবলগীয়া নহয়৷ আৰু আজি যদি অলপমান ক’ব পৰা হৈছে, সদায় অভ্যাস কৰি থাকিলে কেইমাহমান পিছত জানো আপুনি ভালদৰে ইংৰাজীই ক’ব পৰা নহ’ব?

মাত্ৰ কাম কৰাটো এৰি নিদিব৷ ভালদৰে চাওকচোন যিটো কামতে আগতে আপুনি নকৰিছিল, ভয়তে বা লাজতে কৰিব নোৱাৰিছিল, সেই কামটো অলপ হলেও, কমকৈ হলেও জানো আপুনি কৰা নাই? কৰিছে৷ সেয়া জানো ভাল নহয়?

কিবা এটা ক্ষেত্ৰত ০ তকৈ ৩, ৪ বা ৭ ভাল নহ’ব জানো? আপুনি ১০ কৰিব পৰা নাই, কোনো কথা নাই৷ কিন্তু আপুনি চেষ্টা কৰিছে আৰু সেইবাবে ৩, ৪ বা ৫ পাইছেগৈ৷ এনেদৰে গৈ থাকিলে এদিন গৈ ১০ পাবগৈ৷ আৰু যিমানে কামটো কৰাৰ আপোনাৰ অভিজ্ঞতা হ’ব, যিমানে আপুনি নিজকে কামটো কৰি থাকিবলৈ বাধ্য কৰিব পাৰিব সিমানে এই ফলাফলটো ১০ স্কেলৰ শেষৰ ফালে অর্থাৎ ১০ ৰ ফালে আগবাঢ়ি গৈ থাকিব৷

এই যে অকল হলেও উন্নতি হৈছে বা অলপ হলেও ফলাফল আপুনি লাভ কৰিছে, তাক জানো নিজকে মটিভেট কৰাৰ বাবে আপুনি ব্যৱহাৰ কৰিব নোৱাৰে? তাৰমানে আপোনাৰ কষ্টৰ অলপ হলেও ফল আপুনি পাইছে৷ আৰু কষ্ট কৰিলে তেনেদৰে তাৰ ফলো আপুনি পাব৷ যদি আপুনি বিচৰা ধৰণে ফলাফল লাভ কৰা নাই তেতিয়া হয়তো আপোনাৰ প্ৰচেচ বা প্ৰক্ৰিয়াটো অলপ সলনি কৰিব লাগিব৷ সেয়া কৰিলে আপোনাৰ ফলাফল আগতকৈ ভাল হ’ব আৰু বিচৰা ধৰণৰ হ’ব৷

আপুনি যদি অলপ হলেও উন্নতি কৰিছে, সৰু সুৰা উন্নতি কৰিছে তেন্তে সেয়াও এক উদযাপন কৰিবলগীয়া বিষয়৷ আপুনি হয়তো নানা ধৰণৰ বিপদ বিঘীনি আৰু সমস্যাৰ মাজত সেয়া কৰিছে৷ যদি কথাটো তেনে হয় সেয়া আপোনাৰ বাবে এক ডাঙৰ কথা৷ মাত্ৰ, অলপহে উন্নতি হৈছে বাবে বা বিচৰা ধৰণে ফলাফল নোপোৱা বাবে হতাশাত নুভুগিব, নিৰাশ নহ’ব৷ গিলাচ এটাত আধা পানী থকা দেখিলে গিলাছটো আধা খালি বুলি ভবাতকৈ আধা ভর্তি বুলি ভাবিব পাৰিলেহে আপুনি নানা সমস্যাৰ মাজতো নিজৰ কামবোৰ কৰি গৈ থাকিব পাৰিব আৰু তেতিয়াহে ইমানবোৰ সমস্যা, অসুবিধা, বাধাৰ মাজতো নিজে বিচৰা ফলাফল এদিন পাবগৈ পাৰিব৷

কেতিয়াব ৰাস্তাৰে গৈ থাকোতে পথত স্পিড ব্ৰেকাৰ থাকে, কেতিয়াবা অলপ সময় বেলেগ এটা ৰাস্তা ল’বলগীয়া হ’ব পাৰে, কেতিয়াবা গাড়ীখন অলপ লাহে লাহে চলাব লগীয়া হ’ব পাৰে৷ সেইবুলি আপুনি জানো নিজৰ যাত্ৰা আধাতে শেষ কৰিব, যাবলগীয়া ঠাইলৈ আৰু নাযাও বুলি ৰাস্তাতে ৰৈ দিব?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top