Close

Spontaneous trait transference

কোনোবা এজনে আপোনাক তৃতীয়, তাত উপস্থিত নথকা মানুহ এজনৰ কথা সুধিলে৷ আপুনি সেই তৃতীয় মানুহজনৰ বিষয়ে কি কয় সেই বিষয়ে খুব সাৱধান হ’ব লাগিব৷ কিয়? আপোনাক সোধা জনে গৈ সেই তৃতীয় মানুহজনক আপুনি ক’লে সেই কথা কৈ দিব কাৰণে?

নহয়৷ ইয়াৰ কাৰণ হ’ল আপুনি আন মানুহ এজনৰ কথা যি ধৰণে বর্ণনা কৰে, আপোনাৰ কথা শুনি থকা মানুহবোৰে আপোনাকো তেনে বুলিয়ে ভাবে৷ মানে?

তাৰমানে আপুনি যদি এজন মানুহৰ বিষয়ে কৈছে, “তাৰ কাম নাই, সি এলেহুৱা, তাৰ মূৰত একো নাই, অি অভাৰ কনফিডেন্ট” তেনেহ’লে যিসকল মানুহে আপোনাৰ কথা শুনি আছে তেওঁলোকে আপোনাৰ গাতো সেই দোষবোৰ আছে বুলি ধৰি লয় বা ভাবে৷

আনৰ বিষয়ে কথা

কেইজনমান মানুহ যেতিয়া লগ হয় তেতিয়া প্ৰায়ে আন মানুহৰ কথা তাত আলোচনা হয়৷ তাত আন মানুহৰ বিষয়ে ভাল আলোচনাও হয়, কিন্তু লগতে তেওঁলোকৰ বিষয়ে আলোচনা কৰা কেইজনৰ নিজৰ মতামত দিওতে নানা ধৰণৰ নিগেটিভ কথাও ওলায়৷ আপুনি যেতিয়া আনৰ বিষয়ে নিগেটিভ মন্তব্য এটা দিয়ে তেতিয়া আপুনি এক ঈর্ষাপৰায়ণ, হিংসাকুৰীয়া, তিক্ত মানুহ যেন লাগিব পাৰে৷ আপুনি যিবোৰ গুণ বা দোষ আন মানুহক দিয়ে সেই একেবৰো আপোনাৰ ওপৰতো আৰোপিত হয়৷

ইয়াক স্পনটেনিয়াচ ট্ৰেইট ট্ৰেন্সফাৰ নামৰ এটা পৰিঘটনাৰে বুজিব পাৰি৷

স্পনটেনিয়াচ ট্ৰেইট ট্ৰেন্সফাৰ

১৯৯৮ চনত প্ৰকাশিত স্কৱৰনস্কি আৰু তেওঁৰ সহযোগীসকলৰ গৱেষণা অনুসৰি ইয়াক স্পনটেনিয়াচ ট্ৰেইট ট্ৰেন্সফাৰ বুলি কোৱা হয়৷ তেওঁলোকৰ মতে আমি আন মানুহৰ গাত যি বৈশিষ্ট্য আৰোপ কৰোঁ, সেই বৈশিষ্ট্য আমাৰ গাতো আৰোপিত হয়৷

সেই বৈশিষ্ট্যবোৰ বা বিশেষকৈ দোষবোৰ আপোনাৰ গাত আপুনি নাই বুলি ভাবিব পাৰে৷ কিন্তু আপুনি যিয়েই নাভাবক কিয় সেই লৈ কোনো কথা নাই৷ এনে দোষবোৰ আপোনাৰ লগত সংযুক্ত কৰা হ’বই আৰু এনেধৰণৰ সংযোজন চিন্তা কৰি কৰা কাম নহয়৷

বন্ধুত্ব গঢ়িবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰে

আনে কি ভাবিছে সেই কথাত আপুনি গুৰুত্ব নিদিব পাৰে, কিন্তু কিছুমান ক্ষেত্ৰত আপোনাক কিছুমান মানুহে কি ভাবিছে সেই কথা আপোনাৰ বাবে গুৰুত্বপূর্ণ হ’ব পাৰে যদিহে সেই মানুহজন আপোনাৰ ঘৰৰ কোনোবা হয় বা আপোনাৰ ব্যৱসায়ৰ বাবে গুৰুত্বপূর্ণ হয়৷ আৰু মানুহ হিচাপে আমি আনৰ লগত সম্পর্ক গঢ়িব বিচাৰোঁ, আন মানুহৰ সংগ বিচাৰোঁ৷ আমি আনৰ লগত বন্ধুত্ব গঢ়িব বিচাৰোঁ৷ তেনে কৰিব লাগিলে আনে আমাৰ বিষয়ে কি ভাবে সেই কথাতো গুৰুত্বপূর্ণ হ’ব পাৰে৷ তেতিয়া আপুনি সাৱধান হ’ব লাগিব৷

কিন্তু তাৰমানে আপুনি কি কৰিব? সদায় আনৰ বিষয়ে অকল ভাল কথাই ক’ব নেকি? একো ভাল নেদেখিলেও মিছাকৈয়ে ভাল কথাই ক’ব নেকি? নালাগে, মিছাকৈ, বনাই মেলি ভাল কথা ক’ব নালাগে৷ কিন্তু ইয়াত আপোনাৰ বাবে এটা সুবিধাও আছে৷ আন মানুহৰ গাত সহজে চকুত নপৰা কিছুমান ভাল কথাও থাকিব পাৰে৷ আপুনি তেতিয়া এই গুণবোৰ চাবলৈ শিকিব, যদিহে আপুনি সঁচাকৈ মানুহ এজনৰ বিষয়ে কিবা ভাল কথা ক’ব লগা হয় বা ক’ব বিচাৰে৷

আপুনি কৰবাত কিজানি শুনিছে বা আপোনাৰ মা-দেউতাই হয়তো কেতিয়াবা কৈছিল, “যদি ক’বলৈ একো ভাল নাথাকে মুখখন জপাই থকাই ভাল৷” ই এটা খুব ভাল উপদেশ৷ আপুনি যদি কাৰোবাৰ বিষয়ে সঁচাকৈ ভালকৈ ভাবে তেনেহ’লে সেই কথা তেওঁৰ বিষয়ে কোৱাই ভাল৷ কিন্তু যদি আনজনৰ বিষয়ে ক’বলৈ একো ভাল বা পজিটিভ কথা নাই তেনেহ’লে আপুনি মনে মনে থকাই সম্ভৱত বেছি ভাল৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top