Close

ভালদৰে জীয়াই থকা এটা জীৱন

এতিয়া ঠাণ্ডাৰ সময়ত, বছৰটো পাৰ হৈ যাবলৈ ধৰা সময়খিনি নিজৰ জীৱনৰ বিষয়ে চিন্তা কৰাৰ, নিজৰ বিষয়ে চিন্তা কৰাৰ এক ভাল সময়৷ আপুনি এতিয়ালৈকে কি কৰিলে,  জীৱনটো এতিয়ালৈ কেনেদৰে পাৰ হৈ গ’ল, আগলৈ আপুনি কি কি কৰিব বিচাৰে এই সকলোবোৰ চিন্তা কৰিব পৰা সময় এয়া৷ আৰু তাতে আপোনাৰ হাতত অলপ সময়ো থাকে কাৰণ নানা ধৰণৰ বন্ধৰ বাবে আপুনি দুদিনমান নিজৰ কামৰ পৰা আতৰি বহিবলৈ সময় পায়৷

এই সময়খিনি আপোনাৰ নিজকে আন এক প্ৰশ্ন কৰাৰো সময়- “জীৱনটো মই এতিয়ালৈকে কেনেদৰে জীয়াই আছো?”

জীৱনটো ভালদৰে জীয়াই থকা বুলি ক’বলৈ সকলোৰে চর্ত বেলেগ বেলেগ- কাৰোবাৰ বাবে এক ডাঙৰ উদ্দেশ্য লৈ, কিছুমান লক্ষ্য লৈ সেইবোৰ পূৰণ কৰিব পাৰিলে, ডাঙৰ-ডাঙৰ কাম কৰিব পাৰিলে, বহুত টকা-পইচা ঘটিব পাৰিলে বা মানুহৰ সন্মান লাভ কৰিব পাৰিলে জীৱনটো ভালদৰে পাৰ হৈছে বুলি কয়৷ আন কাৰোবাৰ বাবে হয়তো খাই বৈ, ভালদৰে চলি থাকিব পাৰিলেই সেয়া এক ভাল জীৱন বুলি ক’ব পাৰি৷

কেৱল খাই-বই, কোনো কষ্ট নোহোৱাকৈ, কোনো অশান্তি নোপোৱাকৈ চলিব পাৰিলেই কোনোবা সুখী হ’ব পাৰে আৰু জীৱনটো ভালদৰে কটোৱা  বুলি ভাবিব পাৰে৷ তাত কোনো আপত্তিৰ কাৰণ থাকিব নোৱাৰে৷ তেওঁৰ বাবে হয়তো সেয়াই যথেষ্ট৷

মোৰ বাবে এক উদ্দেশ্য লৈ সেই উদ্দেশ্য লাভ কৰিব পৰাটো জৰুৰী জীৱনটো ভালদৰে পাৰ হৈ আছে বুলি ক’বলৈ৷ মানুহ হিচাপে আমি কেৱল কোনোমতে জীয়াই থাকিবলৈ জন্ম গ্ৰহণ কৰা নাই, বা কেবল চাকৰি কৰি, খাই-বই বাচি থাকি মৃত্যুৰ অপেক্ষা কৰাৰ বাবেও আমাৰ জন্ম হোৱা নাই বুলি মোৰ বিশ্বাস৷ আৰু মই ভাবো যে প্ৰতিজন মানুহৰে জন্ম গ্ৰহণ কৰাৰ অন্তৰালত এক বিশেষ উদ্দেশ্য আছে৷ আমাৰ কাম হ’ল সেই বিশেষ কামটো বিচাৰি উলিওৱা আৰু আটাইতকৈ ভালকৈ কৰা৷

আপোনাৰ জীৱনটো ভালদৰে কেনেদৰে জীয়াই থাকিব পাৰি সেয়া চাও আহক৷

ভালদৰে জীয়াই থাকিব কেনেকৈ পাৰি?

ভালদৰে জীৱনটো জীয়াই থাকিবলৈ হ’লে এনে এটা জীৱনৰ সৃষ্টি কৰক যিটো জীয়াই থাকি আপুনি ভাল পায় আৰু যিয়ে সুখ আৰু শান্তি আনে আপোনাৰ ওচৰলৈ৷

তলৰ এই কথাবোৰ সম্পূর্ণৰূপে মোৰ নিজৰ কথা৷ জীৱনটো ভালদৰে জীয়াই থাকিলোঁ বুলি ক’বলৈ আপোনাৰো যে এনেকুৱা জীৱন এটাই হ’ব লাগিব তেনে কোনো ধৰা বন্ধা কথা নাই৷ কি লাগে সেয়া আপুনি বিচাৰ কৰিব ৷

কিবা এটা অর্থ পূর্ণ কাম কৰক

আপোনাৰ জীৱনটোত থাকিল কি বাৰু যদি তাৰ কোনো অর্থই নাই? জীৱনটোত আমি কিছুমান এনে অর্থপূর্ণ কাম কৰিম যে জীৱনটোত কিবা এটা কৰিলোঁ, জীৱনটো কামত আহিল বুলি এটা সন্তুষ্টিৰ ভাৱে জীৱনটো আৱৰি থাকে৷ “আনক সহায় কৰিম”- এই মনোভাৱ লৈ আনৰ বাবে কিবা কৰিব পাৰিলে মোৰ জীৱনটো অর্থপূর্ণ হৈ নপৰিবনে? এই অর্থটো আপুনি নিজেহে দিব পাৰিব কাৰণ জীৱনটো আপোনাৰহে৷ এনে এক অর্থপূর্ণ কাম কেনেদৰে আপুনি বাচি উলিয়াব পাৰিব সেই বিষয়ে মই আগৰ লিখনিত লিখিছোৱে৷

আপোনাৰ বাবে গুৰুত্বপূর্ণ সকলৰ বাবে সময় উলিয়াওক

যিবোৰ কাম আপোনাৰ বাবে গুৰুত্বপূর্ণ সেইবোৰ কামৰ বাবে সময় উলিয়াওক, যিসকল লোক আপোনাৰ বাবে গুৰুত্বপূর্ণ তেওঁলোকৰ বাবে সময় উলিয়াওক৷ যদি পৰিয়াল আপোনাৰ বাবে গুৰুত্বপূর্ণ তেন্তে পৰিয়ালৰ বাবে সময় উলিয়াওক৷ যদি কিতাপ পঢ়াটো আপোনাৰ বাবে গুৰুত্বপূর্ণ, তেন্তে পঢ়িবলৈ সময় উলিয়াওক৷ নহ’লে এটা বয়সত এই গুৰুত্বপূর্ণ কামবোৰ নকৰাৰ বাবে আপোনাৰ অনুশোচনা হ’ব৷ তেতিয়া আকৌ সেইবোৰ কৰিবলৈ সময় নাথাকিব৷ অনুশোচনাৰ সংখ্যা যদি বেছি হয়, তেতিয়া আপুনি জানো জীৱনটো ভালদৰে পাৰ কৰিলোঁ বুলি ক’ব পাৰিব?

বেয়াৰ অৱস্থাৰ মাজতো কিবা ভাল বিচাৰি পোৱাটো

আপুনি হয়তো কোনোবা এটা সমস্যাত পৰিছে বা এনে এটা বেয়া অৱস্থাত পৰিছে যে তাৰ পৰা বাহিৰ হোৱাৰ কোনো উপায় নাই যেন লাগিছে৷ ফলত মন আৰু শৰীৰ দুয়োটাই বেয়া৷ কিন্তু আপুনি এনে ধৰণৰ সমস্যা বা বেয়া অৱস্থাৰ মুখামুখি জীৱনৰ বিভিন্ন সময়ত হ’বই লাগিব৷ তেতিয়াহ’লে আপুনি কি কৰিব৷ সমস্যা হলেই, বেয়া অৱস্থাত পৰিলেই মন, শৰীৰ বেয়া কৰি কোনোমতে বাচি থাকিব? সেয়া কেনেধৰণৰ জীৱন হ’বনো? জীৱনটো দেখোন ভাল সময়ৰ অপেক্ষা কৰি থাকোতেই পাৰ হৈ যাব৷ তাতোকৈ বেয়াৰ মাজত থকা ভালবোৰ বিচৰিবলৈ শিকিলে জানো সময়টো ভালদৰে পাৰ নহ’ব?

কোনো সমস্যা বা বেয়া অৱস্থা পৰিলে আপুনি চাবলৈ শিকক তাৰ ভিতৰত আপোনাৰ বাবে কিবা ভাল কথা আছে নেকি? সেয়া থাকিবই, মাত্ৰ আপুনি বিচাৰি উলিয়াব জানিব লাগে৷ সেয়া শিকি ল’লেই আপোনাৰ বেয়া সমসয়বোৰ পাৰ হোৱালৈ অপেক্ষা কৰি থকাতকৈ নিজৰ বাবে ভাল কিবা বিচাৰি উলিয়াই সেই সময়খিনিকো কামত লগাব পাৰিব আৰু তাৰ পৰা কিবা এটা ভাল ফল লাভ কৰিব পাৰিব৷

দৈনিক জীৱনটো ভালদৰে জীয়াই থকাটো

আপোনাৰ দৈনন্দিন জীৱনটো বৰ গুৰুত্বপূর্ণ কাৰণ ইয়াৰ সমষ্টিয়ে হ’ব আপোনাৰ জীৱনটো৷ গতিকে যদি আপুনি দৈনন্দিন জীৱনটোৰ ভালদৰে যত্ন লয়, তেতিয়া জীৱনত কৰিব বিচৰা, লাভ কৰিব বিচৰা কামবোৰ, কথাবোৰ নিজে নিজে হৈ যাব৷ আজিৰ দিনটো আপোনাৰ জীৱনটাৰ এটা সৰু সংস্কৰণৰ বাহিৰে আন একো নহয়৷ গতিকে আজিৰ দিনটোৰ যত্ন লওক, জীৱনটোৱে নিজে নিজে নিজৰ যত্ন ল’ব৷

অত্যাৱশ্যকীয় বস্তুবোৰৰ ওপৰত গুৰুত্ব

জীৱনটো আৰু সহজ হৈ পৰিব যদিহে আমি অত্যাৱশ্যকীয় বা প্ৰয়োজনীয় কথাবোৰৰ ওপৰত গুৰুত্ব দিবলৈ শিকোঁ৷ তাৰবাবে প্ৰথমতে আমি আমাৰ বাবে কোনবোৰ কথা, কাম,বস্তু বেছি প্ৰয়োজনীয় সেয়া জানিব লাগিব৷ তাৰবাবে লাগিব নিজৰ বিষয়ে জ্ঞান বা আত্মোপলব্ধি৷ আমাৰ জীৱনটো বহু অলাগতীয়াল বস্তুৰে ভৰি থাকে যিবোৰক আমি বৰ গুৰুত্বপূর্ণ বা প্ৰয়োজনীয় বুলি ভুলকৈ ভাবি থাকো৷ হয়তো আপোনাৰ ত্ৰিশৰ পৰা পঞ্চাশ যোৰ কাপোৰ আছে আৰু তাৰে মাত্ৰ পাঁচ যোৰ হে আপুনি পিন্ধে৷ হয়তো আপোনাৰ ঘৰত দহ টা দিনাৰ চেট আৰু দহ টা কাপ-প্লেটৰ চেট আছে যাৰ মাত্ৰ দুটা বা তিনিটাহে আপুনি ব্যৱহাৰ কৰে৷ বছৰটোত মাত্ৰ দহ পোন্ধৰদিন ব্যৱহাৰ কৰিবলৈ আমি পাঁচ বা দহ লাখটকীয়া গাড়ী এখন কিনো৷ আৰু এইবোৰৰ ওপৰত গুৰুত্ব দিও বেছিকৈ৷ আনহাতে যিবোৰ কথা আমাৰ বাবে প্ৰকৃততে গুৰুত্বপূর্ণ (ল’ৰা-ছোৱালী, জীৱন সংগী, আপুনি নিজে, স্বাস্থ্য, বন্ধু-বান্ধৱ, হাঁহি, আপুনি কি কৰিব বিচাৰে, আপুনি কি ভাল পায় ইত্যাদি) সেইবোৰৰ বাবে আমাৰ সময় নাথাকে৷

নিজক ভালদৰে ৰখা

নিজক ভালদৰে ৰাখিবলৈ হ’লে আপুনি কিছুমান স্বাস্থ্য সম্পৰ্কীয় নীতি-নিয়ম মানি চলিব লাগিব৷ সদায় ব্যায়াম কৰা (জিম, যোগ, ৱেইট লিফটিং, খোজ কঢ়া, দৌৰা বা তেনে আন কিবা), খাদ্য সাৱধানে বাচি পৰিমিত ভাৱে খোৱা আদি অভ্যাস থাকিলেহে আপুনি ভালে থাকিব পাৰিব৷ এইবোৰ কেৱল বাধ্যত পৰি কৰা কাম হ’ব নালাগে৷ এইবোৰ হ’ব লাগে আপুনি কৰিব বিচৰা কাম৷  উদাহৰণ স্বৰূপে আপোনাৰ যদি ডায়েবেটিচ আছে আৰু তাৰ বাবে মিঠা আৰু শর্কৰা জাতীয় খাদ্যবোৰ বেয়া বুলি আপুনি জানে, তেন্তে আনে কোৱাতকৈ আপুনি নিজে সেইবোৰ খাবলৈ এৰিব লাগিব বা কমাব লাগিব৷ তেনেদৰে সদায় ব্যায়াম কৰা ভাল বুলি আপুনি জানে কিন্তু তথাপিও এলাহৰ বাবে বা সময় নোহোৱাৰ বাহানা উলিয়াই সেয়া নকৰাকৈ থাকে৷ ফলত নানা বেমাৰে আপোনাকা আগুৰি ধৰিছে৷ তেতিয়া জানো আপুনি সুখত থাকিব পাৰিব৷ আন এটা ভাল অভ্যাস হ’ল যথেষ্ট পৰিমাণে পানী খোৱা৷ আপুনি মানে নে এই অভ্যাসটো?

নিজকে ভালদৰে ৰাখিবলৈ যদি আনে আপোনাক জোৰ কৰিব লাগে তেন্তে আপুনি সঁচাকৈয়ে ভালদৰে জীয়াই আছেনে?

এটা সৰু কিন্তু গুৰুত্বপূর্ণ কথা

যিবিলাক কাম আপুনি কৰিব বিচাৰে সেইবোৰ ঠিক কৰি লওক৷ তাৰ পিছত আহিব তাতোকৈ ডাঙৰ কাম- “কাম আৰম্ভ কৰা”৷ একচন লোৱা কামটো৷ যদি আপুনি কামবোৰ কৰিবলৈ হাতত নলয়, আপুনি যিমানে মনতে নাভাবক, যিমানে পৰিকল্পনা নকৰক কিয় একো কামেই সম্পন্ন নহ’ব৷ বহুতে নতুন বছৰত নতুন নতুন কাম কৰিবলৈ পৰিকল্পনা কৰে, ৰিজোলুচন লয়, কিন্তু বহুতৰে এই কামবোৰ কৰা হৈ নুঠে৷ কাৰণ তেওঁলোকে কামবোৰ হাতত নলয়, আৰু হাতত ললেও সেইবোৰ প্ৰতিদিনে কৰি নাথাকে৷ আপুনি যিহেতু বুদ্ধিয়ক মানুহ আপুনি কিন্তু আনে কৰা ভুলবোৰ নকৰিব৷ কামবোৰ অকল পৰিকল্পনা কৰিয়েই নেৰিব- কামবোৰ কৰা আৰম্ভ কৰক৷

জীৱনটো ভালদৰে জীয়াই থকা বুলি ক’ব পৰা হ’বলৈ আপুনি কি কৰিব পাৰে তাৰ আৰম্ভণি কৰিবলৈ এই কথাবোৰে আপোনাক সহায় কৰিব৷ আমাৰ জীৱনবোৰ কেৱল মাত্ৰ পাৰ নকৰি ভালদৰে জীয়াই থাকো আহক৷

বছৰটো শেষ হ’বৰ হলেই৷ এই বছৰটো আপোনাৰ কেনে গ’ল?

আপোনাৰ জীৱনটো কেনেদৰে পাৰ হৈ গৈ আছে? লগতে আপোনাৰ বাবে ভালদৰে জীৱনটো জীয়াই থকা বুলি ক’বলৈ হ’লে কি কি লাগিব?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top