Close

সুখী হ’ব বিচাৰে যদি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰক

কৃতজ্ঞতা প্ৰকাশ কৰা কামটো আপোনাৰ জীৱনৰ বাবে বহু ভাল হ’ব পাৰে৷

আপুনি যেতিয়া এখন কৃতজ্ঞতাৰ জার্নেল লিখা আৰম্ভ কৰে তেতিয়া তাত আপুনি কি কি কথাৰ বাবে কেনেদৰে কাৰ কাৰ ওচৰত কৃতজ্ঞ সেয়া লিখিবলৈ লয়৷ এই লিখা কামটো আপুনি ৰাতিপুৱা কৰিব পাৰে আৰু নিজৰ মর্ণিং ৰিচুৱেলৰ অন্তর্ভুক্ত কৰিব পাৰে৷ বা ৰাতি শোৱাৰ আগতেও কৃতজ্ঞতাৰ জার্ণেল লিখা কামটো কৰিব পাৰে৷ এই সৰু কামটোৱে আপোনাৰ জীৱনটো সাংঘাটিক ধৰণে পজিটিভ কৰি তুলিব পাৰে৷

কিন্তু কিয় আপুনি কিহৰ বাবে কৃতজ্ঞ সেই কথাবোৰ লিখিব লাগে?

আপুনি যি কথাত ফ’কাছ কৰে সেই কথাবোৰ আপুনি বেছিকৈ দেখে, শুনে, মন কৰে৷

আপুনি যদি এখন নতুন গাড়ী এখন কিনিম বুলি খাটাং কৰিছে, তেন্তে ৰাস্তাৰে খোজ কাঢ়ি যাওতে, বাছেৰে যাওতে, গাড়ীৰে যাওতে আপুনি তেনে গাড়ীকে বেছিকৈ দেখিবলৈ পাব৷ আপুনি যেতিয়া কৃতজ্ঞতাৰ ওপৰত ফ’কাছ কৰে তেতিয়া আপুনি তেনে কৃতজ্ঞ হ’বলগীয়া আৰু নানা ঘটনা ঘটিব অর্থাৎ আপোনাৰ জীৱনত এনে নানা ভাল ঘটনা ঘটিব যাৰ বাবে আপুনি আনৰ ওচৰত, ভগৱানৰ ওচৰত বা নিজৰ ওচৰতে কৃতজ্ঞ হ’ব লাগিব৷

তাৰ লগতে আপুনি যেতিয়া কৃতজ্ঞতাবোৰ বিচাৰি উলিয়াবলৈ চেষ্টা কৰে তেতিয়া আপুনি বাধ্য হৈ পৰে আপোনাৰ জীৱনত ঘটা ভাল ঘটনা, ভাল কথা, ভাল মানুহবোৰৰ কথা মনত পেলাবলৈ৷ আপোনাৰ জীৱনত ঘটা কিছুমান ভাল ঘটনা হয়তো আপুনি পাহৰি গৈছিল, কিন্তু এতিয়া সেইবোৰ আপুনি মনত পেলাব আৰু ফলত দেখিব যে আপোনাৰ জীৱনত দৰাচলতে বহু ভাল কথা আছে৷ আপুনি এইবোৰ হয়তো মন কৰা নছিল বা পাহৰি গৈছিল৷ এতিয়া আকৌ সেইবোৰ আপোনাৰ মনত পৰিব৷

জীৱনত থকা ভাল ভাল কথাবোৰ মনত পৰিলে বা মন কৰিলে আপোনাৰ মনটো কেনে লাগিব? ভাল নালাগিবনে৷ আপোনাৰ জীৱনৰ নানা পজিটিভ কথাবোৰ মনত পৰাৰ পিছত আপোনাৰ মনটো এই পজিটিভ কথাবোৰ ভাবি ভাল লাগিব৷ আপোনাৰ এনে লাগিব যে আপোনাৰ জীৱনটো খালী নহয়, আপোনাৰ জীৱনটো একো নোহোৱা নহয়, ইয়াৰ ভিতৰত বহু কথা আছে, বহু ভাল ভাল কথা আছে৷ এনে ভাববোৰ মনলৈ আহিলে আপোনাৰ মনটো জানো বেয়া লাগিব৷ নালাগে৷ এইবোৰ কথা মনত পৰিলে আপোনাৰ মনটো ভাল লাগিব৷ তেনেদৰে সদায় যদি এইবোৰ কথা মনত পৰে, সদায় আপোনাৰ মনটো ভাল লাগি থাকিব৷ তেনেস্থলত মনটো বেয়া লগা বা ডিপ্ৰেচনৰ ভাবে জানো আপোনাক হেঁচা মাৰি ধৰিব পাৰিব? নোৱাৰে৷

কৃতজ্ঞতাই আপোনাৰ মনলৈ সুখ আনে৷ ই কেৱল যাক আপুনি কৃতজ্ঞতা জনাইছে তেওঁকে সুখী নকৰে, ই আপোনাকো সুখী কৰে৷ আনক কৃতজ্ঞতা জনোৱাৰ ফলত আপোনাৰ মনতো পজিটিভ আৱেগবোৰৰ সৃষ্টি হয়৷

ইয়াৰ ফলত আন মানুহৰ লগত আপোনাৰ সম্পর্ক ভাল হয় ঘৰত আৰু কর্মক্ষেত্ৰত দুয়ো ঠাইতে৷ অফিচত কৃতজ্ঞতাৰ ফলত আন সহকর্মীৰ লগত আপোনাৰ সম্পর্ক ভাল হ’ব, আৰু লগতে আপুনি তেওঁলোকৰ লগত এক ঘনিষ্ঠতা অনুভৱ কৰিব৷

কৃতজ্ঞতাই টক্সিক আৱেগৰ অনুভববোৰৰ পৰা আপোনাক মুক্ত কৰে৷ ফলত মন বেয়া লগা, দুখ লগা আদি কথাবোৰ চম্ভালি ল”বলৈ আপোনাৰ সুবিধা হয়৷ আপুনি যদি কৃতজ্ঞতাৰ কথাটো যাৰ প্ৰতি কৃতজ্ঞ তেওঁক নোকোৱাকৈও থাকে তেতিয়াও কেৱল সেয়া নিজে চিন্তা কৰিলে আৰু লিখি ল’লে ই আপোনাক সহায় কৰিব৷

কৃতজ্ঞতা জনোৱাৰ অভ্যাসে আপোনাৰ স্বাস্থ্যও ভালে ৰাখে৷ কৃতজ্ঞতাৰ জার্ণেল এখনে আপোনাৰ ষ্ট্ৰেছ কমাব পাৰে, টোপনি আগতকৈ ভাল কৰিব পাৰে আৰু আপোনাৰ আৱেগিক সচেতনতা বঢ়াব পাৰে৷

কৃতজ্ঞতাৰ প্ৰকাশ কৰিলে আমাৰ মগজুটোৱে ডপামাইন আৰু চেৰ’টনিন মগজুত এৰি দিয়ে৷ এই দুটা নিউৰ’ট্ৰেনচমিটাৰে আমাৰ আৱেগবোৰক নিয়ন্ত্ৰণ কৰে আৰু এই দুটাৰ বাবে আমাৰ মনটো ভাল লাগে৷ আমাৰ বেয়া লাগি থকা মনটো ততালিকে ভাল লাগি যাব পাৰে আৰু ইহঁতে আমাক ভিতৰৰ পৰা সুখী কৰি তোলে৷

আমি যেতিয়া নিজে ইচ্ছা কৰি কৃতজ্ঞতাৰ অভ্যাস কৰোঁ তেতিয়া মগজুৰ এই নিউৰেল পাথৱে বোৰ আগতকৈ শক্তিশালী কৰি তুলিব পাৰোঁ আৰু দীর্ঘদিন তাৰ অভ্যাস কৰি এক স্থায়ী কৃতজ্ঞ আৰু পজিটিভ প্ৰকৃতি নিজৰ মাজত গঢ়ি তুলিব পাৰোঁ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top