Close

শুবলৈ যাওতে সন্তুষ্টিৰে যাওক

Wake up with determination. Go to bed with satisfaction.

ৰাতিপুৱা শুই উঠোতে অপোনাৰ মনটো কেনেকুৱা হৈ থাকে? ভাল লাগি থাকে নে বেয়া লাগি থাকে?

আপুনি ৰাতিপুৱা যেতিয়া শুই উঠে তেতিয়া উঠক দৃঢ়তাৰে৷ মনত অকণমান দৃঢ়তা লৈ আজিৰ দিনটোৰ বাবে, দিনটো এটা ভাল, মনত ৰাখিবলগীয়া দিন কৰি তোলাৰ বাবে৷

দৃঢ়তা

দৃঢ়তা এইবাবে যে আজিৰ দিনটোত মোৰ প্ৰয়োজনীয় কামবোৰ মই কৰিমেই৷ যিবোৰ কামে মোক নিজৰ লক্ষ্যবোৰৰ পিনে আগবঢ়াই লৈ যাব সেইবোৰ কৰিমেই৷ দৃঢ়তা এইবাবে যে যিবোৰ কাম মোৰ দীর্ঘদিনীয়া সপোনবোৰৰ বাবে বা উদ্দেশ্যৰ বাবে প্ৰয়োজনীয় সেইবোৰৰ অলপ হলেও কাম মই আজি কৰিমেই৷ আৰু দৃঢ়তাৰ প্ৰয়োজন এইবাবেই যে নহ’লে আমৰ কামবোৰ কৰা নহয়৷ আমি হয়তো সদায়েই ভাবো “এই কামবোৰ কৰিবলগীয়া আছে, আজি এইবোৰ কৰিম”, কিন্তু দিনটো আগবঢ়াৰ লগে লগে নানা ধৰণৰ সমস্যা, বাধা আদি আহি আমাৰ এই আশাক ভাঙি চিঙি চুৰমাৰ কৰি দিয়ে৷ কেতিয়াবা কোনোনবাই আমাৰ সময়বোৰ নষ্ট কৰে, কেতিয়াবা কামবোৰ কৰিবলৈ মন নাযায়, কেতিয়াবা এলাহ লাগে, কেতিয়াবা আন কিবা কথাৰ বাবে আমি কামবোৰ কৰিব নোৱাৰোঁ৷ সন্ধিয়ালৈ আমাৰ ভাগৰ লাগে আৰু “কাইলৈ কৰিম” বুলি কামবোৰ পিছলৈ থৈ দিও৷ কেতিয়াবা তেনেদৰে থওতে থওতে কামবোৰ থাকিয়েই যায়, কৰা আৰু নহয়৷  

কিন্তু যদি আপুনি কামবোৰ কৰিব পাৰে, দিনটোৰ বাবে বিচৰা ফলাফল লাভ কৰে, তেতিয়া সেই দিনটোৰ শেষত আপুনি সন্তুষ্টি নাপাবনে? ৰাতি শোৱাৰ সময়ত সন্তুষ্টিৰে শুব নোৱাৰিবনে?

দিনটো নষ্ট কৰিছে নেকি?

কেতিয়াবা আপুনি নিজেই দিনটো নষ্ট কৰে৷ আপুনি কৰিবলগীয়া কামবোৰ ঠিক কৰি নলয় তেতিয়া আপুনি কি কাম কৰিব? কেতিয়াবা ঠিক কৰি ল’লেও আপোনাৰ কামবোৰ কৰ নহয় কাৰণ হঠাতে আপুনি নিজৰ মবাইল ফোনটোত ধুনীয়া ভিডিঅ এটা দেখিলে আৰু এটাৰ পিছত এটা চাওতে ২ ঘন্টামান পাৰ হৈ গ’ল৷ তাৰ পিছত আপোনাৰ মন নগ’ল বা ভাগৰ লাগিল৷ আপোনাৰ মনলৈ ভাব আহিল এই কামটো ৰাতিপুৱা কৰিলেহে বেছি ভাল হ’ব, গতিকে তাক কাইলৈ থলে৷ কেতিয়াবা দিনটো অমাৰ আন কাম কিছুমানত নষ্ট হয় যিবোৰ আমাৰ বাবে দৰাচলতে কোনোমতেই প্ৰয়োজনীয় নহয়৷

কাইলৈ সাৰ নাপাবও পাৰোঁ

আজি ৰাতি শোৱাৰ সময়ত আমি কাইলৈৰ কথা এবাৰ হ’লেও ভাবো৷ কিন্তু আমি কাইলৈ সাৰ নাপাবও পাৰোঁ৷ সেইবাবে প্ৰতিদিনে যদি আমি নিজৰ কামৰ পৰা, কৰা কামৰ পৰা সন্তুষ্টি পাব পাৰো সেয়া বহু ভাল কথা৷ আজিৰ দিনটোৰ কথাহে যিহেতু আমি জানো গতিকে আজি যদি সন্তুষ্টি থাকে খুব ভাল কথা৷

সন্তুষ্টি

কিন্তু কিহৰ সন্তুষ্টি? এই সন্তুষ্টি যে দিনটো ভালদৰে কাম কৰিলোঁ ৷ এই সন্তুষ্টি যে মই দিনটো নষ্ট কৰা নাই৷ এই সন্তুষ্টি যে আজি মই বহু কাম কৰিলোঁ৷ এই সন্তুষ্টি যে মই যি যি কাম কৰিব খোজো সেই কামবোৰ কৰিলোঁ৷ আপুনি যদি নিজৰ লক্ষ্যৰ পিনে আগুৱাই গৈ থাকে তেতিয়াহ’লে এক অদ্ভূত সন্তুউষ্টি আপুনি লাভ কৰিব পৰিব এইবুলি যে মই মোৰ লক্ষ্যবোৰৰ পিনে আগুৱাই গৈ আছোঁ৷

মাত্ৰ এটা কথা – দিনত দৃঢ়তাৰে কাম কৰিলেহে আপুনি শোৱাৰ সময়ত সন্তুষ্টি লাভ কৰিব পাৰিব

Wake up with determination. Go to bed with satisfaction.

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top