ৰাজীৱ নামৰ সৰু ল’ৰা এটা নিজৰ মাকৰ লগত এঠাইত বাস কৰিছিল৷ তাৰ সদায়ে মনত অশান্তি৷ তাৰ মনটো সদায়ে ভবিষ্যতত৷ সৰু হৈ থকাটোত তাৰ আপত্তি৷ কোনো কথাতে সি শান্তি নাপায়৷ লগৰ সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ লগত খেলি, ফূর্তি কৰি তাৰ ভাল নালাগে৷ তাৰ মতে সোনকালে ডাঙৰ হ’ব লাগে, ডাঙৰ হৈ ডাঙৰে কৰা কামবোৰ কৰিব লাগে৷
এদিন গৰমকালি দূপৰীয়া ৰাজীৱ শুই আছিল৷ হঠাতে সি এজন বুঢ়া মানুহৰ মাত শুনিলে৷
“ৰাজীৱ, তোমাক এটা যাদুকৰী বস্তু লাগিবনে?”
প্ৰথমে ৰাজীৱে ভয় খালে কিন্তু সি দেখিলে যে মানুহজন ভয়লগা নহয়৷ গতিকে সাহস গোটাই সি ক’লে- ‘‘কি বস্তু?”
“এনে এটা যাদুকৰী শক্তি যাৰ সহায়ত তুমি ভবিষ্যতলৈ অনায়াসে গুচি যাব পাৰা৷”
“লাগিব৷”
“ঠিক আছে,” বুঢ়া মানুহজনে ক’লে, “তোমাক মই এটা শক্তি দিছো৷ তুমি মাত্ৰ মনতে তোমাৰ ভবিষ্যতৰ কোনটো সময়লৈ যাব খোজা তাক চিন্তা কৰি তিনিবাৰ হাত চাপৰি বজাবা এনেকৈ৷” এইবুলি বুঢ়া মানুহজনে তাক দেখুৱাই দিলে৷
“ঠিক আছে…কিন্তু…” এইবুলি কিবা এটা সুধিব খুজি ৰাজীৱে মানুহজনৰ ফালে ঘূৰিলে কিন্তু মানুহজন ইতিমধ্যে তাৰ পৰা নোহোৱা হ’ল৷ কোনো কথা নাই, এবাৰ কথাটো সঁচানে পৰীক্ষা কৰি চাওঁ বুলি সি ভাবিলে৷
ৰাজীৱৰ সৰু হৈ থাকি আমনি লাগিছিল, গতিকে সি ভাবিলে 15-16 বছৰীয়া হ’ব পাৰিলে জীৱনটো সুন্দৰ হ’ব৷ গতিকে সি মনতে ভাবিলে আৰু তিনিবাৰ শিকাই দিয়া মতে হাত চাপৰি বজালে৷ লগে লগে ৰাজীৱ ভবিষ্যতলৈ গুচি গ’ল অঅৰু এক 15-16 বছৰীয়া ল’ৰাত পৰিণত হ’ল৷ সেই সময়ত সি এক ধুনীয়া ল’ৰা, স্কুলৰ পৰীক্ষাত সি ভাল কৰিছে, সি ভাল গিটাৰ বজায়, অভিনয় কৰে৷ কিছুদিনৰ পিছতে সেই ভাল কথাবোৰেও তাক আমুৱালে আৰু সি ভাবিলে এইবাৰ ডেকা হোৱা যাওক৷ ভবা মতে কাম৷ মুহূর্ততে সময়বোৰ পাৰ হ’ল আৰু ৰাজীৱ 28-29 বছৰীয়া এক যুৱকত পৰিণত হ’ল৷ ইতিমধ্যে সি চাকৰি কৰা আৰম্ভ কৰিছে, তাৰ সুন্দৰী এক পত্নী আছে, দুটা ল’ৰা-ছোৱালী আছে, সি যথেষ্ট টকা-পইচা গোটাইছে৷ কিন্ত ৰাজীৱৰ স্বভাৱ সলনি হোৱা নাই. গতিকে সি তাতো সন্তুষ্ট নহ’ল৷ এইবাৰ সি আকৌ সময় সলনি কৰিলে আৰু নিজৰ আদহীয়া অৱস্থা পালেগৈ৷ সেই সময়ত তাৰ ল’ৰা-ছোৱালীয়ে ইতিমধ্যে ঘৰ এৰি নিজৰ নিজৰ পঢ়া-শুনা আৰু চাকৰি কৰিবলৈ গৈছে৷ ঘৰত মাত্ৰ সি আৰু তাৰ পত্নী৷ তাতো ৰাজীৱ ৰ’ব খোজা নাই৷ সি আকৌ হাত চাপৰি বজালে আৰু নিজৰ বৃদ্ধাৱস্থা পালেগৈ৷ সেই সময়ত ৰাজীৱৰ কিছুমান চিন্তা মনলৈ আহিল৷
সি তেতিয়াহে অনুভৱ কৰিলে যে ইমানদিনে সি জীৱনটো জীয়াই থকাই নাছিল, মাত্ৰ ইটো অৱস্থাৰ পৰা সিটো অৱস্থালৈ ফটাফট পাৰ হৈ গৈ আছিল৷ সি যেন বহুত বস্তু হেৰুৱালে, বহুত কাম যেন সি নকৰিলেই৷ সৰুতে লগৰবোৰৰ লগত খেল-ধেমালি ফূর্তি নকৰিলে, যিবোৰ বস্তু উপভোগ কৰিব পাৰিলহেঁতেন সেইবোৰ কথাত মনেই নিদিলে, পিছৰফালে নিজৰ পত্নীৰ লগত জীৱনৰ পৰিকল্পনা কৰা, নিজৰ ল’ৰা-ছোৱালীৰ লগত ধেমালি কৰা, সিহঁতক ফুৰাবলৈ নিয়া, নিজৰ মাক-দেউতাকৰ যত্ন লোৱা, জীৱনৰ বিভিন্ন সময়ত অহা এনে নানা আনন্দ, সুখ, শান্তিবোৰ যেন সি কেতিয়াও ভালদৰে অনুভৱ কৰিব নোৱাৰিলে, সেইবোৰৰ মজা সি নাপালে৷ কথাবোৰ ভাবি ভাবি অনুশোচনাত তাৰ চকুৰে চকুপানী বৈ আহিল৷ তাৰ জীৱনটো যেন এনেয়ে গ’ল, সি যেন একোকে নকৰিলে৷ সি চেষ্টা কৰি চালে কিন্তু নাই সময়বোৰ সি পুনৰাই ঘূৰাই পাব নোৱাৰিলে৷
হঠাতে সি আকৌ বুঢ়া মানুহজনৰ মাত শুনিলে- “কি হ’ল বোপা? মোৰ উপহাৰটো তুমি ভাল পোৱা নাই যেন পাইছোঁ৷”
“মোক এই উপহাৰটো নালাগে৷ মোক মাত্ৰ মোৰ সৰুকাললৈ ঘূৰি যাব লাগে৷ মোৰ জীৱনটো এনেয়ে গ’ল৷ মোক আৰু একো নালাগে মাত্ৰ মোৰ সময়বোৰ ঘূৰাই দিয়া৷ মই আকৌ সেই সৰু ল’ৰাটো হ’ব খোজো, জীৱনৰ বিভিন্ন সময়বোৰ উপভোগ কৰিব খোজো৷ মোক আকৌ সৰু কৰি দিয়া৷”
“ঠিক আছে বাৰু, মই তোমাৰ পৰা সেই উপহাৰটো ঘূৰাই ল’লোঁ৷ কিন্তু চাবা এইবাৰ আকৌ ভুল কৰিলে তুমি যোৱা সময়বোৰ ঘূৰাই নাপাব৷”
“এইবাৰ মই তেনে নকৰো৷ যি সময়ত যি ভাল বস্তু থাকে তাৰ পৰা আনন্দ আৰু সন্তুষ্টি ল’ম৷”
“ঠিক আছে৷”
অলপ সময় একো শব্দ নাই৷ তাৰ পিছত মাকৰ মাত শুনি ৰাজীৱে নিজৰ চকু মেলিলে৷ নিজৰ ফালে চাই দেখে যে সি সৰু হৈয়ে আছে৷ আনন্দ মনেৰে সি খেলিবলৈ ওলাই গ’ল৷
(সংগৃহীত)