Close

আনক ইমপ্ৰেছ কৰিবলৈ আপুনি মিছা মাতে নেকি?

Do you lie to impress others?

আন মানুহক ইমপ্ৰেছ কৰিবলৈ আপুনি মিছা কথা কয় নেকি?

কিছুমান কাম নকৰাকৈ আপুনি নিজে কৰা বুলি কয় নেকি? কিছুমান বস্তু নথকাকৈ আছে বুলি কয় নেকি?

আপুনি যিমান কাম কৰিছে তাক আনৰ আগত বঢ়াই কয় নেকি? আপুনি যিমান সফলতা পাইছে তাতোকৈ বহুত বঢ়াই কয় নেকি?

যদি আপুনি তেনে কৰে তেন্তে কিয় কৰে? আন মানুহজনক ইমপ্ৰেছ কৰি কি হ’ব?

কোনোবা ল’ৰাই ছোৱালী এজনীক বা ছোৱালী এজনীয়ে ল’ৰা এজনক ইমপ্ৰেছ কৰিবলৈ কেতিয়াবা মিছা মাতে৷

ইংলেণ্ডত ১৫০০ ওঠৰ বছৰতকৈ ডাঙৰ মানুহৰ মাজত কৰা এক চার্ভে বিচাৰি পাইছিল যে প্ৰায় ৪৫% ই স্কাইডাইভিঙলৈ যোৱা বুলি মিছা মাতে, ১০% আন কাৰোবাক বচোৱা বুলি মিছা মাতে, আন বহু সংখ্যকে বাঞ্জি জাম্পিং লৈ যোৱা বুলি আাৰু সামৰিক বাহিনীত চাকৰি কৰা বুলি মিছা মাতে৷ আনহাতে ৪০% কোনোবা চেলিব্ৰেটিক লগ পোৱা বুলি মিছা মাতে৷

আমি মিছা মাতো নিজকে আনতকৈ বেছি ভাল বা ডাঙৰ বুলি দেখুৱাবলৈ৷ আমি ভাবো যে তেনকৰিলে আনে আমাক সন্মান কৰিব, বেছি গুৰুত্ব দিব আৰু ভাল পাব৷

কিন্তু মিছা মতাতকৈ আপুনি প্ৰকৃততে যি সেয়া ক’লে আপোনাৰ কিন্তু বহু কেইটা সুবিধাহে হ’ব৷ কেনে সুবিধা?

আপুনি চিন্তা কৰি থাকিব নলাগে যে কেতিয়াবা কোনোবাই, কেনেবাকৈ আপোনাৰ মিছা কথা ধৰা পেলাব৷ ধৰা পৰাৰ ভয়ত আপুনি অনবৰতে সন্ত্ৰষ্ট হৈ, উদ্বগ্ন হৈ কটাব নালাগে৷

এটা মিছা মাতিলে তাক লুকুৱাবলৈ আপুনি আৰু মিছা মাতিব লগীয়া হ’ব পাৰে৷ আৰু তেনেদৰে সেইটো লুকুৱাবলৈ আৰু মিছা মাতিব লাগিব পাৰে৷ সঁচা কথাটো প্ৰথমতেই ক’লে এইবোৰ আপুনি আৰু কৰিব নালাগে৷

আপুনি যদি মিছা মাতে আৰু পিছত ধৰা পৰে তেতিয়া আন মানুহে আৰু আপোনাক বিশ্বাস কৰিব পাৰিব নে? বিশ্বাস কৰিব নে? নকৰে৷ ধৰা পৰাৰ পিছত আপুনি জানো তেওঁলোকৰ লগত আগৰ দৰে মাতবোল কৰিব পাৰিব? একেদৰে চলিব পাৰিব? কোনোবাই যদি আপোনাৰ মিছা কথাত ভোল গৈ আপোনাৰ প্ৰেমতো পৰিল তেওঁ কথাবোৰ গম পোৱাৰ পিছত আপোনাক ভাল পাব পাৰিবনে, সন্মান কৰিব, বিশ্বাস কৰিব পাৰিবনে?

মিছা নামাতিলে আপুনি নিজৰ যেনেদৰে মন যায় তেনেদৰে জীৱনটো চলাব পাৰে৷ আন কাকোৱে বা কোনো কথাকে আপুনি ভয় কৰি চলিব নালাগে৷ ধৰা পৰিম বুলি উদ্বিগ্নতা নথকাৰ বাবে আপুনি শান্তিত জীৱনটো চলাই নিব পাৰিব৷

আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল আপুনি আনকনো কিয় ইমপ্ৰেছ কৰিবলৈ যত্ন কৰিব লাগে৷ আপোনাৰ ব্যক্তিত্ব, ব্যৱহাৰ যদি সঁচাকৈয়ে উচ্চমানদণ্ডৰ আন মানুহ সঁচাকৈয়ে ইমপ্ৰেচ হ’ব৷ আপুনি যেনেকুৱা তেনদৰেই ব্যৱহাৰ কৰিলে, তেনেদৰেই চলিলে বহু মানুহ তাৰ দ্বাৰাই ইমপ্ৰেচ হ’ব৷ যদি আপুনি ভাবে যে আজি আপুনি আনক ইমপ্ৰেচ কৰিব পৰা নহয়, তেনহ’লে নিজকে ইমান খিনি অৰু ভাল কৰি তোলক যাতে সকলোৱে আপোনাৰ ব্যক্তিত্বৰ দ্বাৰা, কামৰ দ্বাৰা, ব্যৱহাৰৰ দ্বাৰা ইমপ্ৰেচ হৈ পৰে আৰু আপোনাক আৰু ইমপ্ৰেচ কৰিবলৈ মিছা কথাৰ সহায় নালাগে৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top