আপোনাৰ যদি কেতিয়াবা, কোনো পৰিস্থিতিত হাত দাঙি দিবৰ মন যায়, পৰাজয় স্বীকাৰ কৰি ল’বলৈ মন যায়, তেন্তে হাত দঙাৰ আগতে এয়া কৰক৷ এই কুকি জাৰ মেথডটোৱে আপোনাক সহায় কৰিব সাংঘাটিক পৰিস্থিতিতো পৰাজয় স্বীকাৰ নকৰি আপুনি কৰি থকা কামটো কৰি যাবলৈ৷
কেতিয়াবা আমি এনে পৰিস্থিত পাওগৈ যত আমাৰ মগজুটোৱে আমাক কয় “তুমি এয়া কৰিব নোৱাৰা,” বা “এয়া পিছত কেতিয়াবা কৰিবা”৷ আপোনাৰ মনটোৱে কামটো বাদ দিবলৈ, এৰি দিবলৈ কলেও তেনে নকৰিব৷ “আৰু নোৱাৰোঁ” যেন লাগিলেও, হাত দাঙি দিবলৈ মন গ’লেও তেতিয়াও আমাৰ ভিতৰত তেতিয়াও কিছু শক্তি থাকে, সাহস থাকে, সামর্থ থাকে৷ এই শক্তি, সাহস, সামর্থক আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু সেয়া কৰি কৰি থাক কামটো শেষলৈকে বা বিচৰা ফলাফল নোপোৱালৈকে কৰি যাব পাৰে৷
কুকি জাৰ পদ্ধতিটো জনাৰ আগতে কেনেদৰে এই পদ্ধতিটোৰ আৰম্ভণি হ’লে সেয়া জানো আহক৷
ডেভিড গগিনছ এই ধাৰণাটোৰ আৱিষ্কাৰক৷ তেওঁ এই পৃথিৱীৰ আটাইতকৈ কঠিন মানুহ বা টাফেষ্ট মেন৷ তেওঁ এজন উচ্চখাপৰ এথলিট যিয়ে ৬০ তাতকৈও বেছি আলট্ৰামাৰাথন, ট্ৰায়থলন আৰু আলট্ৰা ট্ৰায়থলন দৌৰিছে৷ ২৪ ঘন্টাৰ ভিতৰত ৪০৩০ পুল আপ কৰা গিনীজ ৱর্ল্ড ৰেকর্ড তেওঁ কৰিছিল৷
গগিনছে এবাৰ স্পেচিয়েল অপাৰেচনচ ৱাৰিয়ৰ ফাউণ্ডেচনৰ বাবে ফাউণ্ডেচনৰ বাবে টকা-পইছা উঠাব বিচাৰিছিল
তেওঁ ভাগ লৈছিল বেডভাটাৰ ১৩৫ ৰেচত যত দৌৰিব লাগে ১০০ মাইল ৷
১০০ মাইল = চাৰিটা মাৰাথনৰ সময়
২৫ মাইলৰ পিছত তেওঁৰ আাৰু নোৱাৰো যেন লাগিছিল কিন্তু তেতিয়াও দৌৰি গৈ আছিল৷ ৭০ মাইলৰ পিছত আৰু এটা খোজো ল’ব নোৱাৰা হৈ পৰিছিল৷ তথাপি তেওঁ দৌৰ শেষ কৰিছিল৷
কুকি জাৰ
কুকি জাৰটোত থাকে আপোনাৰ অতীতৰ সাফল্যবোৰ আৰু আপুনি অতিক্ৰম কৰি অহা বিফলতাবোৰ৷
যেতিয়া আপোনাৰ হাত দাঙি দিবলৈ মন যায় তেতিয়া আপুনি এই কুকি জাৰটোৰ কথা মনত পেলাব৷ আগৰ সফলতাবোৰ আৰু আপুনি আগতে বিফলতাবোৰ কেনেদৰে অতিক্ৰম কৰি আহিছে সেই কথাবোৰ এই কুকি জাৰটোত থাকে৷ তাৰপৰা তেনে এটা কুকি লওক, অর্থাৎ আগৰ তেনে সফলতা এটা মন কৰক৷
এখন নোটবুক লৈ তাত লিখি যাওক৷ কি কি লিখিব?
১. আগতে আপুনি লাভ কৰা সফলতাবোৰৰ কথা লিখক
২. আগতে আপুনি সফলতাৰে অতিক্ৰম কৰি অহা বিফলতাবোৰ বা বাধাবোৰ৷ এই বাধাবোৰ যিকোনো কথা হ’ব পাৰে- আপোনাৰ শাৰৰিৰিক কিবা বাধা, কিবা অসুখ, ডিপ্ৰেচন বা আন কিবা অসুবিধা, টকা-পইচাৰ সমস্যা ইত্যাদি
৩. আপুনি আগতে কঠিন পৰিস্থিতিত কেনেদৰে যুদ্ধ কৰি জয়ী হৈছিল সেয়া লিখক,
৪. আগতে অসম্ভৱ বুলি ভবা কাম এটা আপুনি কেনেদৰে কৰিছিল সেয়া লিখক,
৫. হাত দাঙি দিব লগীয়া পৰিস্থিতিটো কেনেদৰে আপুনি হাত দাঙি দিয়া নাছিল সেয়া লিখি লওক৷
ই বহুত ডাঙৰ কিবা হ’বই লাগিব বুলি কথা নাই৷ আপোনাৰ জীৱনৰ তেনে সৰু সৰু কথাবোৰৰ কথাও লিখিব পাৰিব যিবোৰে আপোনাক যুদ্ধ চলাই যাবলৈ, সংগ্ৰাম চলাই যাবলৈ সাহস দিছিল, মটিভেট কৰিছিল৷
আমাৰ সকলোৰে জীৱনত এনে কুকি জাৰ এটা থাকেই৷
যেতিয়া প্ৰয়োজন হয় তেতিয়া এই কুকি জাৰ টোৰ পৰা এটা কুকি উলিয়াই একামোৰ খাব, মনত পেলাব আগৰ সফলতাৰ কথা আৰু এতিয়া তাৰ পৰা উৎসাহ লাভ কৰিব, নিজকে মটিভেট কৰিব৷ যেতিয়াই আৰু নোৱাৰো যেন লাগে তেতিয়াই কুকি জাৰটোৰ পৰা এটা কুকি উলিয়াই ল’ব অৰু আকৌ দুগুণ উৎসাহেৰে নিজৰ কৰি থকা কামটোত লাগি যাব৷ আপোনাৰ জয় হ’বই৷