Close

এম’ৰ ফাটি

যি ঘটি আছে সকলোবোৰকে ভাল পাবলৈ শিকক৷

কথাটো সহজ নহয়, বিশেষকৈ যদি আপোনাৰ জীৱনত বর্তমান বেয়া কিবা কিবি ঘটি আছে৷ কিন্তু অকণমান ভালদৰে মন কৰিলে আপুনি দেখিব যে এয়া বেয়া সময়তো আনকি নিজকে ঠিক ৰখাৰ আপোনাৰ নিজৰ বাবেই খুব ভাল এটা উপায় ৷ ভাল সময়ত যি ঘটি আছে সেয়া ভাল পোৱাটো আপোনাৰ বাবে সহজ হ’ব৷

আমাৰ লগত ভাল কিবা এটা হ’লে আমি ভাল পাওঁ, মন ভাল লাগে, সেই সময়খিনি ভাল লাগে৷ আপুনি চাকৰি পালে, বিচৰা সংগীজনক লাভ কৰিলে, প্ৰমোচন হ’ল, নতুন সন্তান জন্ম হ’ল, ল’ৰা-ছোৱালীয়ে পঢ়া বা খেলাত ভাল ফলাফল প্ৰদর্শন কৰিছে বা আন কিবা ভাল লগা ঘটনা ঘটিছে৷ তেতিয়া আমৰ মনটো ভাল লাগে৷

কিন্তু যেতিয়া কিবা এটা বেয়া হয়- কোনোবা ঢুকালে, চাকৰি গ’ল, টকা-পইছাৰ সমস্যা, ঘৰুৱা সমস্যা, কাৰোবাৰ অসুখ বিসুখ আদি হ’লে আমি এইবোৰ সহ্য কৰোঁ, এইবোৰ কোনোমতে পাৰ কৰোঁ৷ কিন্তু এইবোৰক কোনোমতে সহ্য কৰি সময়খিনি নষ্ট নকৰি এইবোৰক ভাল পাবলৈও শিকিব পাৰি৷

এম’ৰ ফাটি ষ্টইক দর্শনৰ এটা গুৰুত্বপূর্ণ অংশ৷ ই কয় যে এয়া ভাগ্য৷

যি ঘটিছে সেয়া আপুনি নোহোৱা কৰিব নোৱাৰে৷ আপুনি হাজাৰ কান্দক, মন বেয়া কৰক, দুখ কৰক, যন্ত্ৰণা পাওক, খঙ কৰক, আপুনি সেয়া নোহোৱা কৰিব নোৱাৰে, বা হেৰোৱা বস্তু ঘূৰাই আনিব নোৱাৰে৷

আজি যদি আপোনাৰ পঢ়া-শুনা বেছি নাই, ভাল চাকৰি নাই, আপুনি স্মার্ট নহয়, আপোনাৰ ব্যক্তিত্ব নাই, আপুনি দেখাত বেয়া বা আপোনাৰ গাৰ ৰঙ ক’লা আৰু আপুনি ভাৰতত থাকে, বা আপোনাৰ অৱস্থা আন ধৰণে বেয়া, তথাপিও আপোনাৰ অৱস্থাটোক ভাল পাব পাৰি৷ আৰু এনে কৰাৰ প্ৰয়োজন আছে কাৰণ তেতিয়া আপুনি শান্তিত সেই সময়খিনি কটাব পাৰিব৷ খঙ, বেয়া লগা, দুখ, যন্ত্ৰণাৰ মাজেৰে সেই সময়খনি কটাবলগীয়া নহয়৷

ইয়াক ভাল পোৱা মানে এয়া নহয় যে আপুনি ইয়াতকৈ ভাল কৰাৰ বা নিজকে আৰু উন্নীত কৰাৰ চেষ্টা নকৰিব৷ নিশ্চয় কৰিব, কিন্তু খঙ, দুখ, যন্ত্ৰণাত মনটো বেয়া কৰি, টেঙা কৰি, তিতা কৰি নহয়৷

এবাৰ থমাছ এলভা এডিছনৰ ফেক্টৰীত জুই লাগিল আৰু গোটেই ফেক্টৰিটো পুৰি শেষ হ’ব ধৰিলে৷ তাকে দেখি আন মানুহৰ লগতে তেওঁৰ পুত্ৰইও শোকত ম্ৰিয়মাণ হৈ পৰিল৷ এডিছনে কিন্তু বিচলিত নহৈ নিজৰ ল’ৰাক ক’লে, “যোৱা আৰু তোমাৰ মা আৰু তেওঁৰ বান্ধৱীসকলক মাতি আনা৷ তেওঁলোকে এনে জুই আৰু দেখা নাপাব৷” পিছদিনা তেওঁ ফেক্টৰিটো আকৌ সজাৰ বিষয়ে ৰিপর্টাৰৰ আগত কৈছিল, “ই মোক ব’ৰ হোৱাৰ পৰা ৰক্ষা কৰিব৷ মোৰ জীৱনৰ ই এটা নতুন কাম হ’ব৷” আৰু এডিছনে নিজৰ ফেক্টৰিটো আকৌ সাজি লৈছিল৷

আপোনাৰ যি সমস্যা, দুখ, যন্ত্ৰণা, দুর্ভাগ্য আপুনি লাভ কৰিছে তাক ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ এই ইন্ধনে আপোনাক জীৱনটো ভালদৰে জীয়াই থকাত, জীৱনটো বর্তমানতকৈ ভাল কৰাৰ, আপুনি লাভ কৰিব খোজা ফলাফলবোৰ লাভ কৰাত আপোনাক উৎসাহ দিব পাৰে৷

আপুনি কেতিয়াও এনে দুর্ভাগ্য, দুখজনক ঘটনাক আপোনাক বাধা দিবলৈ অনুমতি দিব নালাগিব৷ নহ’লে ই আপোনাক আৰু আপোনাৰ জীৱনটো একে ঠাইতে বাধা দি ৰখাই দিব৷

যিসকলে এই এম’ৰ ফাটি ধাৰণাটো বুজি পায়, আপুনি দেখিব যে তেওঁলোকে বেয়া সময়তো আপত্তি কৰা নাই, কন্দা নাই, দুখ কৰি বহি থকা নাই, দুঃচিন্তা কৰি বহি থকা নাই৷

এই কথাটো শিকিব পাৰিলে এই পৃথিৱীত জীৱনটো কটাওতে আপুনি সুন্দৰভাৱে কটাব পাৰিব আৰু জীৱনটো উপভোগ কৰিব পাৰিব৷ জীৱনত যিবোৰ বেয়া অৱস্থা, পৰিবেশ, বস্তু আপুনি লাভ কৰে সেইবোৰক কিবা এটা ভাললৈ সলনি কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top