Close

কমফর্ট জ’নক আপোনাক ধ্বংস কৰিবলৈ নিদিব

আমি সাধাৰণতে সেইবোৰ কামহে কৰিবলৈ ভাল পাও যিবোৰ আমাৰ বাবে কমফ’ৰটেবল অর্থাৎ আৰামদায়ক বা সুখকৰ৷ এই কামবোৰ আমাৰ কমফর্ট জ’নৰ ভিতৰৰ আৰু সেয়ে সেইবোৰ কৰোতে আমি অলপো অসুবিধা নাপাও৷

এটা সমস্যা

কিন্তু তাত এটা সমস্যা আছে৷ আমি যদি অকল কমফৰটেবল কামহে কৰোঁ, সদায়ে কৰি অহা কামহে কৰোঁ, তেতিয়া আমি সদায় যি ঠাইতে আছো সেই ঠাইতে থাকিম৷ ইমানদিনে যত আছোঁ তাতে থাকিম৷

ধৰি লওক আপুনি সূর্য নমস্কাৰ আৰম্ভ কৰিছে আৰু অলপ অলপকৈ কৰি কৰি আপুনি ১২ বাৰ সূর্য নমস্কাৰ কৰিব পৰা হ’লগৈ৷ এতিয়া সেই সময়ৰ পৰা যদি সদায় আপুনি কেৱল ১২ বাৰহে সূর্য নমস্কাৰ কৰে, তেনেহ’লে আপুনি সদায় একে ঠাইতে থাকি নাযাবনে? আপোনাৰ শৰীৰটোৱে সেয়া এডেপ্ট কৰি লোৱাৰ পিছত তাৰ পৰা পোৱা লাভ একে থাকি যাব বা হয়তো কমিহে যাব৷ আপুনি যদি সেয়া অনায়াসে কৰিব পাৰে কাৰণে, সেয়া আপোনাৰ বাবে কমফৰটেবল কাৰণে সদায় সেয়াই কৰে আপোনাৰ জানো অগ্ৰগতি হ’ব? আপুনি কেতিয়াবা তাতোকৈ বেছি সংখ্যক সুর্য নমস্কাৰ কৰিব পৰা হ’বনে?

আপুনি আজি যি কাম কৰে সদায় যদি সেয়া কামেই কৰি থাকে, নতুন কাম একো নকৰে বা নিশিকে, কামৰ পৰিমাণ বা সংখ্যা নবঢ়ায়, তেনেহ’লে আপোনাৰ চাকৰি বা কামত কিবা উন্নতি হ’বনে?

আপুনি কমফর্ট জ’নৰ পৰা বাহিৰ ওলাব লাগিব

শাৰীৰিক আৰু মানসিক দুয়ো ধৰণে আপুনি কমফর্ট জ’নৰ পৰা বাহিৰ ওলাব লাগিব৷ ভিডিঅ বা মবাইল গেম খেলি, চিপচ আৰু কল্ড ড্ৰিংকছ খাই ভাল লাগে আৰু সেইবোৰ আপোনাৰ কমফর্ট জ’নৰ ভিতৰৰ বস্তু কিন্তু বাকী কাম বাদ দি সেইবোৰ সদায় কৰি থাকটো আপোনাৰ বাবে ভাল হ’বনে?

আপুনি লাহে লাহে কমফর্ট জ’নৰ পৰিসৰ বা সীমা বৃদ্ধি কৰিব পাৰে৷

কমফর্ট জ’নক কেনেদৰে কামত ব্যৱহাৰ কৰিব পাৰি

আপুনি যদি দৌৰিব আৰম্ভ কৰিব খোজে প্ৰথম দিনা আপোনাৰ চিন্তা হ’ব- পাৰিম নে নাই, ভৰি বিষাব নেকি, আনৰ আগত লাজ পাম নেকি ইত্যাদি কথা মনলৈ আহিব৷ কিন্তু আপুনি যদি আৰম্ভ কৰে প্ৰথমতে সৰুকৈ আৰম্ভ কৰক, আৰু লাহে লাহে সেয়া কমফৰটেবল হৈ গ’লে অলপ আৰু দূৰত্ব আৰু সময় বঢ়াওক৷ এনেদৰে আপোনাৰ চাবকনচিয়াচ মনটোৱে এই দৌৰা কামটো আপোনাৰ কমফর্ট জ’নৰ ভিতৰত অন্তর্ভুক্ত কৰিব আৰু তেতিয়া কোনো ধৰণৰ চিন্তা নকৰাকৈ দৌৰা কামটো আপুনি কৰিব পাৰিব৷

ই এক বেয়া গাইড

কমফ’র্ট জন আপোনাৰ জীৱনৰ বাবে এক বেয়া গাইড হ’ব পাৰে৷ ই আপোনাৰ জীৱনটো নষ্ট কৰি পেলাব পাৰে৷ ই আপোনাক একে ঠাইতে ৰাখি থৈ দিব পাৰে৷ আপুনি যদি সদায় কমফ’র্ট জনৰ কথাই চিন্তা কৰে, তাৰ ভিতৰতে থাকে তেতিয়া আপোনাৰ যিমানবোৰ সামর্থ, শক্তি, সম্ভাৱনীয়তা আছিল, সেই সকলোবোৰ এনেয়ে নষ্ট হ’ব পাৰে৷ তেতিয়া আপোনাৰ জীৱনটো কাৰো কামত নহা, কাকো একো সহায় কৰিব নোৱাৰা, এটা সাধাৰণ জীৱনৰ বাদে আন একো নহয়৷

কমফর্ট জ’নটোৱে আপোনাক ক’ব নোৱাৰে কোনটো আপোনাৰ বাবে ভাল আৰু কোনটো বেয়া৷ সেয়া আপুনি নিজে ঠিক কৰিব লাগিব৷ সেয়া ঠিক কৰিব পাৰি কনচিয়াচলি, আপোনাৰ কনচিয়াছ মনটো ব্যৱহাৰ কৰি৷ আপোনাৰ নিজৰ জীৱনৰ বাবে কোনটো ভাল, কোনটো বেয়া সেয়া ঠিক কৰা কামটো আপোনাৰ নিজৰ৷

আপোনাৰ বাবে কোনবোৰ কাম জৰুৰী সেইবোৰ বিচাৰি লৈ সেইবোৰ যদি কমফর্ট জ’নৰ বাহিৰৰ তথাপি সেইবোৰ কৰা আৰম্ভ কৰক

যদি কিবা এটা আপোনাৰ বাবে ভাল তেনেহ’লে সেয়া কমফর্ট জ’নৰ বাহিৰৰ হলেও আপুনি সেয়া কৰিবলৈ চেষ্টা কৰিব লাগিব৷ অৱশ্যে আপুনি আপোনাৰ কমফর্ট জ’নৰ বাহিৰৰ বাবেই সকলো কাম কৰিব নালাগে৷ কাম এটা কমফর্ট জ’নৰ বাহিৰৰ হলেও কৰক যদিহে ই আপোনাৰ বাবে জৰুৰী হয়৷

আপোনাৰ কাম কৰাৰ সামর্থ, সাহস, শক্তি বহু বাঢ়ি যাব যদি আপুনি কমফর্ট জ’নৰ বাহিৰৰ কাম কৰে৷ আপোনাৰ উন্নতি তেতিয়াহে সম্ভৱ যেতিয়া আপুনি আগতে নকৰা কাম কৰে; প্ৰত্যাহ্বানমূলক কাম কৰে; নিজৰ সামর্থ, শক্তি সকলো ব্যৱহাৰ কৰে কিবা এটা কৰিবলৈ৷ জীৱনটো আপুনি যি যি কাম কৰিব বিচাৰে তাৰে বহুবোৰ কাম আপোনাৰ কমফর্ট জ’নৰ বাহিৰৰ কাম হ’ব৷ কিন্তু সেই কামবোৰ কৰিলে, কৰিবলৈ চেষ্টা কৰিলে আপুনি অকল নভবা কামেই কৰিবলৈ সমর্থ নহ’ব লগতে আপোনাৰ নিজৰ কমফর্ট জ’নৰ পৰিসীমা বৃদ্ধি হৈ গৈ থাকিব আৰু এদিন কৰিব বিৰা সকলোবোৰ কামেই আপোনাৰ বাবে সহজ হৈ পৰিব৷  

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top