Close

আপুনি ইম’চনেলি ইন্টেলিজেন্ট হয় নে নহয় চাও আহক

আপুনি ইম’চনেলি ইন্টেলিজেন্ট হয় নে নহয় চাও আহক

আপুনি সফল হ’ব বিচাৰিলে আৰু সুখী হ’ব বিচাৰিলে আপোনাক ইমোচনেল ইন্তেলিজেন্স লাগিব৷

ইমোচনেল ইন্টেলিজেন্স মানে আৱেগবোৰক বুজি পোৱা, ব্যৱহাৰ কৰা আৰু সেইবোৰক সঠিকভাৱে মেনেজ কৰিব পৰা সামর্থ৷ ই আপোনাক ষ্ট্ৰেছ নোহোৱা কৰিবলৈ, সঠিকভাৱে কমিউনিকেচন কৰিবলৈ, আনৰ লগত হোৱা কনফ্লিক্ট নোহোৱা কৰিবলৈ, প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ, আনক বুজি পাবলৈ সহায় কৰে৷

এতিয়া আপুনি কিমান ইম’চনেলি ইন্টেলিজেন্ট সেয়া পৰীক্ষা কৰি চাও আহক-

(১) আপুনি আৱেগবোৰৰ কথা ভাবে

আপুনি তেতিয়াহে ইম’চনেলি ইন্টেলিজেন্ট হ’ব যেতিয়া আপোনাৰ আত্মসচেতনতা আৰু সামাজিক সচেতনতা থাকে৷ অকল আপোনাৰ নিজৰ আৱেগবোৰৰ কথাই নহয়, আপুনি আনৰ আৱেগবোৰৰ কথাও ভাবে৷ আপোনাৰ যদি খঙ উঠিছে, ভয় লাগিছে, মনটো বেয়া লাগিছে, আপুনি এইবোৰৰ কথা ভাবে আৰু তাৰ কাৰণবোৰ বুজিবলৈ চেষ্টা কৰে৷ তেনেদৰে আনৰ মনত কেনে ধৰণৰ আৱেগে এটা সময়ত ক্ৰিয়া কৰি আছে সেয়া আপুনি বুজিবলৈ চেষ্টা কৰে আৰু সেইমতে প্ৰতিক্ৰিয়া কৰে৷

(২) আপুনি নিজৰ চিন্তাবোৰক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে

আপোনাৰ চিন্তাবোৰে আপোনাক নিয়ন্ত্ৰণ কৰাৰ সলনি আপুনি সেইবোৰক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে৷ কি চিন্তা মনলৈ আহিছে সেয়া আপুনি লক্ষ্য কৰে আৰু প্ৰয়োজন অনুসৰি সেয়া সালসলনিও কৰিব পাৰে৷ ধৰি লওক কেতিয়াবা আপোনাৰ খঙ উঠিছে, তেতিয়া কাৰোবাক বেয়া ব্যৱহাৰ কৰাৰ সলনি, বেয়াকৈ কোৱাৰ সলনি আপুনি নিজৰ খঙটোক নিয়ন্ত্ৰণ কৰে৷

(৩) কথা কোৱাৰ আৰু কাম কৰাৰ আগতে আপুনি চিন্তা কৰে

কিবা এটা কোৱাৰ আগতে আপুনি চিন্তা কৰে আৰু তাৰ পিছতহে কথাটো কয়৷ তেনেদৰে কাম এটা কৰাৰ আগতে আপুনি ভাবি চিন্তি লয় আৰু তাৰ পিছত কামটো কৰে৷ এনে অভ্যাসে আপোনাক বেয়া, লাগ পাবপৰা পৰিস্থিতিৰ পৰা বচাই ৰাখে৷ লগতে আন মানুহে আপোনাৰ কাম বা কথাৰ দ্বাৰা মনত আঘাত নাপায়৷

(৪) আপুনি আনৰ কথা ভাবে আৰু বুজে

আন মানুহে কিয় এক বিশেষ পৰিস্থিতিত এক বিশেষ ব্যৱহাৰ কৰিছে সেয়া আপুনি বুজি পায় বা বুজিবলৈ চেষ্টা কৰে৷ আন মানুহৰ মানসিক স্থিতিৰ বইষয়ে আপুনি চিন্তা কৰে আৰু সেইমতে ব্যৱহাৰ কৰে৷

(৫) আপুনি ক্ষমা কৰে আৰু পাহৰি যায়

কোনোবাই আপোনাৰ বিপক্ষে কিবা বেয়া কৰিলে বা কিবা বেয়াকৈ ক’লেও আপুনি অনবৰতে সেয়া ধৰি নাথাকে৷ বৰঞ্চ আপুনি আপোনাৰ অন্যায় কৰা মানুহক ক্ষমা কৰি দিয়ে আৰু তেন নিগেটিভ ধৰণে আপোনাক প্ৰভাৱিত কৰিব পৰা কথাবোৰ পাহৰি যায়৷

(৬) আপুনি কথা দিলে কথা ৰাখে

আপুনি যদি কাৰোবাক কিবা কথা দিছিল আপুনি যিকোনো পৰিস্থিতিতে কথাটো ৰাখে৷ আপোনাৰ কথাৰ গুৰুত্ব আছে আৰু সেয়া আপুনি প্ৰতিবাৰেই প্ৰমাণ কৰে৷ কমিটমেন্ট কৰাৰটো আপোনাৰ বাবে ডাঙৰ কথা আৰু এবাৰ কমিটমেন্ট কৰিলে আপুনি তাক ৰক্ষা কৰে৷

(৭) আপুনি আনক সহায় কৰে

আপুনি যেতিয়া, যেনেকৈ পাৰে আন মানুহক সহায় কৰে৷ আন মানুহ বিপদত পৰিলে আপুনি কোনো ৰিটার্ণৰ আশা নকৰাকৈ তেওঁক সহায় কৰে৷

আপোনাৰ যদি এই লক্ষণবিলাক আছে তেতিয়াহ’লে আপুনি যথেষ্ট ইম’চনেলি ইন্টেলিজেন্ট৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top