আপুনি যদি আজিৰ দিনটো সম্পূর্ণৰূপে জীয়াই থাকিব বিচাৰে, জীৱনটোৰ পৰা যিমান পাৰি সিমান ৰস গ্ৰহণ কৰিব বিচাৰে, দিনটো মনত থকা দিন কৰিব বিচাৰে তেনেহ’লে আপুনি এটা সৰু কাম কৰিলে হ’ল৷
আপুনি মাত্ৰ প্ৰতিদিনে ৰাতিপুৱা শুই উঠাৰ পিছতে মনতে ভাবিব——— “আজিৰ দিনটো মোৰ জীৱনৰ শেষ দিন”
তেতিয়া আপোনাৰ জীৱনটো কেনে হ’ব?
মৃত্যুৰ কথা পাহৰি নাযাও
আমাৰ যে এদিন মৃত্যু হ’ব সেই কথা আমি পাহৰি নাযাও৷ গতিকে ই আমক সাংঘাটিক ধৰণে মটিভেট কৰি থাকিব জীৱনটো আমি বিচৰা ধৰণে সৃষ্টি কৰিবলৈ আৰু সেই সৃষ্টি কৰা কাম আজিয়ে আৰম্ভ কৰিবলৈ৷ মৃত্যুৰ কথা মনত ৰাখিলে আমি কেতিয়াও আমাৰ বহুমূলীয়া সময়বোৰ এনেয়ে নষ্ট নকৰোঁ, কাৰণ আমি গম পাম যে এই সময়বোৰ পাৰ হৈ গ’লে আৰু ঘূৰি নাহে৷ আমাৰ চিন্তাধাৰা, আচাৰ-ব্যৱহাৰ, কাম সকলো যেইতয়া কৰিব লাগে আমি তেতিয়াই কৰিম, জীৱনটো ভালদৰে জীয়াই থাকিবলৈ আমি চেষ্টা কৰিম৷
কাম পিছলৈ পেলাই থম জানো?
যদি মই জানো যে আজি মোৰ জীৱনৰ শেষ দিন তেতিয়া মই যিবোৰ কাম কৰিব বিচাৰোঁ, যিবোৰ কাম মোৰ বাবে সঁচাকৈয়ে প্ৰয়োজনীয়, মই সেইবোৰ কাম জানো পিছলৈ পেলাই থম? নথও৷ আজি তাৰ যিমান কৰিব পাৰোঁ, সিমান কাম মই কৰিম৷ আপুনি মনতে ভাবিব পাৰে যে মই বর্তমান কৰি থকা কামটো ভাল নাপাও, গতিকে আজি মৰিম বুলি জানিলে সেই কামটো বেছিকৈ মই কিয় কৰিম? আপোনাৰ কথাটো শুদ্ধ৷ তেনেহ’লে সম্ভৱত আপুনি আন এটা কামহে কৰিব লাগিব- আপুনি বর্তমান কৰি থকা কামটো সলাই আপুনি ভালপোৱা কাম এটা কৰিব লাগিব৷
মনটো বেয়া কৰিম জানো?
আমি মৰিম বুলি গম পালে ই এটা ইমান ডাঙৰ কথা যে তাৰ আগত আন সকলো সৰু-ডাঙৰ দুখৰ, কষ্টৰ কথাই তুচ্ছ হৈ পৰে৷ কোনো কথাই আৰু আামৰ মনটো বেয়া লগাব নোৱাৰে৷ নহ’লে এনেয়ে নানা ধৰণৰ সৰু সৰু কথাতে আমি আমৰ মনবোৰ বেয়া কৰি বহি থাকো৷ কিন্তু আজি যদি মোৰ শেষ দিন বুলি মই ভাবি ল’ব পাৰোঁ তেতিয়া এনে ধৰণৰ কথাবোৰে মোৰ মনটো আৰু বেয়া কৰিব নোৱাৰে৷ আনে কি কৰিছে বা পৰিস্থিতিটো মই সলনি কৰিব নোৱাৰোঁ কিন্তু মই মোৰ চিন্তাবোৰ সলাব পাৰোঁ আৰু সলনি কৰা চিন্তাবোৰে এনেধৰণৰ নিগেটিভ কথাক আৰু মোক প্ৰভাৱিত কৰিবলৈ নিদিয়ে৷
কাম কৰিবলৈ ৰৈ থাকিম জানো?
তেনেদৰে মই যদি ভাবো যে “আজিৰ দিনটো মোৰ জীৱনৰ শেষ দিন” তেতিয়া মই জানো কৰিব বিচৰা কামবোৰ কৰিবলৈ ৰৈ থাকিম? মই যিবোৰ কাম কৰিব বিচাৰোঁ, যিবোৰ কাম কৰি মই ভাল পাওঁ, যিবোৰ কাম মই কামে মোক সুখী কৰে সেইবোৰ কাম পিছত কেতিয়াবা কৰিম বুলি ভাবি ৰৈ থাকি জানো৷ আজিয়েই শেষ কৰিব নোৱাৰিলেও মই জানো আজিয়েই কামটো আৰম্ভ নকৰিম৷
মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ ৰৈ থাকিম জানো?
মোৰ মনত আনৰ প্ৰতি যদি মৰম-ভালপোৱা, প্ৰেম, সন্মান, আদি আছে সেই কথাবোৰ জনাবলৈ মই ৰৈ নাথাকো যেতিয়া মই আজিৰ দিনটো মোৰ জীৱনৰ শেষ দিন বুলি ধৰি লৈ চলিম৷ আনৰ প্ৰতি আমাৰ মনত থকা এনে পজিটিভ আৰু ভাল ভাৱবোৰ আমি আনজন মানুহক নজনাও বেলেগ বেলেগ কাৰণৰ বাবে – লাজৰ বাবে, ভয়ৰ বাবে, পিছত জনাম বুলি ভবা বাবে বা আন কাৰণত৷ আজিৰ দিনটো মোৰ শেষ দিন বুলি ধৰিলে মই লগে লগে মোৰ মনত থকা সকলো পজিটিভ ভাবৰ কথা যাৰ প্ৰতি মনত তেনে ভাৱ হৈছে তেওঁক নজনাম জানো?
সৰু সৰু কথাবোৰ ধৰি থাকিম জানো?
কোনোবাই মোক বেয়াকৈ ক’লে, কোনোবাই মোৰ কথা বেয়াকৈ ভাবে, মোৰ বেয়া কৰিবলৈ চেষ্টা কৰে, এনেধৰণৰ কথাবোৰৰ কিবা জানো মূল্য থাকিব যদি মই জানো যে আজি মই মৰিম৷ আনকি মোৰ বেয়া কৰা মানুহবোৰকো মই জানো ক্ষমা কৰি দিব নোৱাৰিম? মই যদি জানো যে মোৰ হাতত মাত্ৰ আজিৰ দিনটো আছে তেতিয়াহ’লে তেনে সৰু সৰু কথাবোৰ চিন্তা কৰি মই জানো বহি থাকিম৷ সেইবোৰ মন কৰিবলৈ মোৰ হাতত জানো সময় থাকিব? সেই সময়খিনি মই ভালপোৱা লোকসকলৰ লগত, ভালপোৱা কাম কৰি কটাবলৈ চেষ্টা নকৰিম জানো?
এই এটা চিন্তাই আপুনি দিনটো কেনেদৰে কটায়, জীৱনটো কেনেদৰে কটায় সেয়া সম্পূর্ণৰূপে সলনি কৰি পেলাব পাৰে৷ চাওকচোন এয়া কৰি, আপুনিও এই নতুন জীৱনটো জীয়াই থাকি বহুত ভাল পাব৷