Close

দুটা পথ

জীৱনৰ যিকোনো সময়তে আপুনি দুটা ৰাস্তা দেখিবলৈ পাব৷ আপুনি কিবা সমস্যাৰ সন্মুখীন হৈছে, কিহবাত পৰাজিত হৈছে, কিবা কৰিব বিচাৰিছে কিন্তু কৰিব পৰা নাই, বা আন যিকোনো পৰিস্থিতি বা সময়ত আপোনাৰ সন্মুখত দুটা পথ খোলা থাকিব৷ এই দুটা পথৰ কোনটো আপুনি গ্ৰহণ কৰিব সেয়া সিদ্ধান্ত কৰিব লাগিব আপুনি৷ আৰু আপুনি যি সিদ্ধান্ত কৰিব তাৰ ওপৰতে নির্ভৰ কৰিব আপোনাৰ বর্তমান আৰু ভবিষ্যতটো কেনে হ’ব৷

কি এই দুটা পথ?

দ্বিতীয় পথ

আপুনি হাৰ মানি লয়৷ আপুনি মনতে চিন্তা কৰিব পাৰে – – মই নোৱাৰোৱে, মোৰ দ্বাৰা নহ’ব, মই নোৱাৰিম বুলিতো মোৰ লগৰ বিলাকে /ওচৰ-চুবুৰীয়াই/ মা-দেউতাই/ শিক্ষকসকলে কৈছেই, মই জানোৱে মই নোৱাৰে, মই আগতেও পৰা নাই এতিয়াও নোৱাৰোঁ ইত্যাদি৷ আৰু চিন্তা কৰি কৰি এই কথাবোৰ মানি ল’ব পাৰে৷ এই কথাবোৰ মানি ল’লে এইবোৰ আপোনাৰ বিশ্বাসত পৰিণত হ’ব আৰু এই বিশ্বাসে নির্ণয় কৰিব আপোনাৰ এটিটিউড (মনোভাৱ) কেনে হ’ব আৰু এটিটিউডে নির্ণয় কৰিব আপোনাৰ ভবিষ্যতৰ চিন্তা, ব্যৱহাৰ, কাম-কাজ সকলোবোৰ কেনে হ’ব৷ আপুনি সকলো কথাই নিগেটিভ ভাৱেই ভাবিবলৈ ল’ব, আত্মবিশ্বাস নোহোৱা হ’ব আৰু আপুনি তাতেই থাকিযাব যেতিয়ালৈকে আপুনি এই পথতো সলনি নকৰে৷

এতিয়া আনটো পথৰ কথা চাও আহক৷

প্ৰথম পথ

আপুনি কিবা এটা কাম কৰিব পৰা নাই৷ আপুনি জানে যে আপুনি আনতকৈ পিছ পৰি আছে, সেয়া আপুনি মানিও লৈছে৷ কিন্তু আপুনি এটা কথা কেতিয়াও মানি নলয় – সেয়া হ’ল- আজি আপুনি পৰা নাই কাৰণে কালিও নোৱাৰিব৷ এতিয়া আপুনি কি কৰিব? এতিয়া আপোনাৰ ফ’কাছ এটা কথাতে- “মই নিজকে উন্নীত কৰিব লাগে, ইমপ্ৰুভ কৰিব লাগে, আগতকৈ ভাল কৰিব লাগে৷” আপুনি প্ৰতিদিনে নিজকে উন্নীত কৰাৰ কামত লাগিল৷ আপুনি এদিনতে সকলোবোৰ কৰিব নিবিচাৰে কাৰণ আপুনি জানে সেয়া সম্ভৱ নহয়৷ আপুনি সৰু সৰু কিছুমান লক্ষ্য বান্ধি ল’লে আৰু সেইবোৰ লাভ কৰিবলৈ প্ৰতিদিনে চেষ্টা কৰিলে, ফলত প্ৰতিদিনে অলপ অলপকৈ আপোনাৰ কৌশল, সাহস, আৰু লগতে ব্যক্তিত্ব উন্নীত হৈ যাব ধৰিলে৷ তিনিমাহ পিছত আপুনি দেখিলে যে আপুনি আগতকৈ বেছি ভালকৈ কামটো কৰিব পাৰিছে, অগতকৈ বেছি ভাল ব্যক্তিত্বৰ গৰাকী হৈ পৰিছে, আগতকৈ বেছি ভাল হৈ পৰিছে৷ তিনিমাহতে আপুনি থমকি ৰোৱা নাই৷ সদায় অলপ অলপকৈ উন্নতি কৰাটো আপোনাৰ এক অভ্যাস ইতিমধ্যে হৈ পৰিছে, আৰু সেয়া আপুনি এৰা নাই৷ ফলত যি ক্ষেত্ৰত আপুনি বিচাৰিছিল আৰু কাম কৰা আৰম্ভ কৰিছিল সেই ক্ষেত্ৰত আপুনি এবছৰৰ ভিতৰত ইমান অগ্ৰগতি লাভ কৰিলে যে আপোনাৰ ঘৰৰ মানুহ, ওচৰ-চুবুৰীয়া, বন্ধু-বান্ধৱ, স্কুল বা কলেজ বা অফিচৰ সকলো আচৰিত হৈ পৰিল৷

সুৰজিতৰ কথা

সুৰজিতৰ সকলোৰে আগত কথা কোৱাৰ বা বত্ত্নৃতা দিয়াৰ বৰ মন৷ আনে ইমান সুন্দৰকৈ শ শ মানুহৰ আগত ইমান ভাল লগাকৈ কথা কয়, সেয়া দেখি তাৰো মন যায়৷ কিন্তু সি নোৱাৰে৷ স্কুলত সি ষ্টেজত উঠি কথা কোৱাৰ চেষ্টা এবাৰ কৰি চাইছিল, কিন্তু এটা বাক্য কোৱাৰ পিছতে সি নার্ভাছ হৈ পৰিল, ভয় লাগিল আৰু সকলো কথা পাহৰি গ’ল৷ তাৰ মুখৰ পৰা আৰু এটা শব্দও নোলাল৷ ঘটনাটো ঘটাৰ পিছত সুৰজিতে দ্বিতীয় ৰাস্তাটো বাচি ল’লে৷ তাৰ মনলৈ কেৱল আহিল, “মই নোৱাৰোঁ, মোৰ দ্বাৰা নহ’ব, মোৰ কাম নাই, আনে পাৰে মইহে নোৱাৰোঁ, কিয় মোৰ লগতহে এনে হয়” ইত্যাদি নানা চিন্তা৷ কিছুদিন এনেদৰে নিগেটিভ চিন্তা কৰাৰ ফলত লাহে লাহে তাৰ মনত ডিপ্ৰেচনে ঘৰ কৰিবলৈ অৰম্ভ কৰিলে৷

সুৰজিত কিন্তু হাৰ মান বিধৰ ল’ৰা নহয়৷ সি বিচাৰি বিচাৰি পালে যে কেনেদৰে মানুহৰ সন্মুখত কথা কোৱাৰ অভ্যাস গঢ়িব পাৰি আৰু কেনেদৰে সেই ক্ষেত্ৰত আৰু ভাল কৰিব পাৰি৷ সি গম পালে যে কথাবোৰ মাত্ৰ পড়ি কেনেকৈ কৰিব লাগে সেয়া জানিলৈই নহ’ব, তাৰ অভ্যাস কৰিলেহে সি সেইবোৰ কৰিব পৰা হ’ব৷ চাইকেল চলাবলৈ যাওতে চাকেল কেনেকৈ চলায় সেয়া জানিলেই নহ’ব, চাইকেলখন ব্যৱহাৰিকভাৱে চলাবলৈ অভ্যাস কৰিলেহে ল’ৰা এটাই বা ছোৱালী এজনীয়ে চাকেলখন চলাব পাৰিব৷ সেইবোৰ অভ্যাস কৰিবলৈ সি স্কুলত, ঘৰৰ ওচৰত, দূৰত সকলোতে যি আকস্মিক বত্ত্নৃতা, বা আন বত্ত্নৃতা দিয়াৰ সুবিধা পায় সেয়া সকলোবোৰ লোৱা আৰম্ভ কৰিলে৷ ঘৰতো সি নিজে নিজে অভ্যাস আৰম্ভ কৰিলে৷ প্ৰথমতে তাৰ লক্ষ্য আছিল মাত্ৰ এক মিনিট সময় একেৰাহে কথা কোৱা, তাৰ পিছত সেয়া সি দুই মিনিট কৰিলে৷ দুই মিনিট লক্ষ্য লাভ কৰাৰ পিছত তাক সি তিনি মিনিট কৰিলে আৰু যেতিয়া তিনি মিনিটৰ লক্ষ্য সি সহজতে লাভ কৰিব পৰা হ’ল তেতিয়া সি লক্ষ্য বঢ়াই চাৰিমিনিট সময় একৰাহে কথা কোৱাৰ লক্ষয় কৰিলে৷ এনেদৰে ক্ৰমান্বয়ে সময়ৰ পৰিমাণ বঢ়াই গৈ থাকিল৷ প্ৰতিবাৰ বত্ত্নৃতা দিয়াৰ আগতে সি নিজকে কয় “মই অলপ ওচৰপ মুর্খই গতিকে যদি মই ক’ব নোৱাৰো বা মাজতে পাহৰি গৈ মনে মনে থাকো আৰু মানুহে তাকে দেখি হাঁহে তাৰ বাবে লাজ পাবলগীয় বা মন বেয়া কৰিবলগীয়া একো নাই৷ বৰঞ্চ মই চেষ্টা কৰিম যাতে এইবাৰ যোৱাবাৰতকৈ বেছি ভাল কৰিব পাৰোঁ৷” মাজে মাজে সুৰজিতে কথা ক’ব পৰা নাছিল, মাজে মাজে পাহৰি গৈছিল, মানুহে তাক হাঁহিছিল, কিন্তু সুৰজিত এক কথাৰ মানুহ৷ সি মন বেয়া কৰাৰ সলনি আগতকৈ এইবাৰ আৰু বেছি ভাল কৰাত আৰু তাৰ লক্ষ্যবোৰ লাভ কৰাতহে বেছি গুৰুত্ব দিছিল৷ এবছৰৰ পাছত আজি সুৰজিতে যিকোনো বিষয়ৰ ওপৰত মানুহে শুনি ভাল পোৱাকৈ একেৰাহে, অলপো ভয় নকৰাকৈ দীঘলীয়া সময়ৰ বাবে কথা ক’ব পাৰে৷

ইমনৰ কথা

ইমনৰ আত্মবিশ্বাস অলপ কম৷ তাই সদায় ভাবে আনে ইমান আত্মবিশ্বাসেৰে, ইমান স্মার্ট ভাৱে কেনেদৰে কথা কয়, কামবোৰ কৰে৷ এনে নহয় যে তাই কথাবোৰ নাভাবে৷ কিন্তু তাই মনে মনে ভাবেহে, কামটো আৰম্ভ কৰিবই নোৱাৰে৷ তাইৰ মনত অনবৰতে আনে তাইক কি ক’লে, আনে আগতে কি কি কথা লৈ হাঁহিলে এইবোৰ কথা আহি থাকে৷ ফলত যিকোনো কাম এটা কৰাৰ আগতে বা কথা কোৱাৰ আগতে তাইৰ মনত সেই কথাবোৰহে আহি থাকে৷ ফলত তাই কেতিয়াও আত্মবিশ্বাসী হৈ কথা ক’ব নোৱাৰে বা  কাম কৰিব নোৱাৰে৷

ইমান দিনে ইমনে দ্বিতীয় পথটো লৈ আছিল৷ আত্মবিশ্বাসহীন হৈ থাকি থাকি তাইৰ ভাগৰ লাগি আহিছিল৷ সেয়ে তাই থিৰাং কৰিলে এইবাৰ তাই প্ৰথম পথটো বাচি ল’ব৷ যেনে কথা তেনে কাম৷ ইমনে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ কেইটামান উপায় এজন কাউঞ্চেলৰ (বা কোচ বা প্ৰশিক্ষকৰ) পৰা শিকি ল’লে আৰু সেয়া প্ৰতিদিনে ব্যৱহাৰ কৰাত লাগিল৷ প্ৰথমতে কামটো বিৰাট টান যেন লাগিছিল, কাৰণ সেয়া তাই কেতিয়াও কৰা নাই, এইবোৰ নতুন ধৰণে চিন্তা কৰা বা কাম কৰা উপায়৷ মাজে মাজে সকলো বাদ দি আকৌ আগৰ চিন্তা আৰু কাম কৰাৰ ধৰণলৈ ঘূৰি যাবলৈ মন গৈছিল৷ কিন্তু তাইক দিয়া বুদ্ধিমতে তাই কিছুমান সৰু সৰু লক্ষ্য বান্ধি ল’লে৷ ফলত তেনে সৰু সৰু লক্ষ্যবোৰ লাভ কৰাটো বহু সহজ হৈ পৰিল৷ তিনিমাহ সময় ইমনে তাকেই কৰিলে৷ তিনিমাহৰ পাছৰ ইমন আৰু আগৰ ইমনৰ মাজৰ বহু পার্থক্য৷ আজি ইমনে কাম এটা কৰোতে বা আনৰ লগত কথা পাতোতে সম্পূর্ণ আত্মবিশ্বাসেৰে কথা পাতিব পাৰে৷

ইমনৰ নিচিনাকৈ এইধৰণৰ নিজকে আৰু উন্নীত কৰা কামবোৰ যিকোনো মানুহেই কৰিব পাৰে৷ এইবোৰ কষ্টকৰ কিন্তু কৰিব পৰা কাম৷ যদি আপুনি সেয়া নকৰে তেন্তে আপুনি সেই একে ঠাইতে থাকি যাব বা তাতোকৈ তললৈ পৰি যাব৷ কিন্তু যদি কৰিমেই বুলি ঠিক কৰি লয়, আৰু নিজকে উন্নীত কৰিবলৈ কাম কৰা আৰম্ভ কৰে (এক্সন লয়) তেন্তে তেওঁ তাৰ পৰা ওপৰলৈ উঠিবই৷

এই পথ দুটা বাচি লোৱাৰ সুবিধা আপুনি সদায় পাব৷ মাত্ৰ কথাটো হ’ল আপুনি কোনটো বাচি ল’বলৈ বিচাৰে৷ দুটা পথৰ দ্বিতীয়টো বেছিসংখ্যকে লয়৷ কাৰণ দ্বিতীয়টো সহজ৷ আপোনাৰ কষ্ট কম, কৰিবলগীয়া বেছি নাই৷ প্ৰথমটো বহু কম মানুহেহে লয় (The road less travelled)৷ এই পথটো কষ্টকৰ কিন্তু তাৰ শেষত এক গভীৰ প্ৰশান্তি আৰু নিজৰ ওপৰত গভীৰ বিশ্বাসৰ সৃষ্টি হয়৷

কোনটো পথ আপোনাৰ বাবে? আপুনি কোনটো পথ ল’ব?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top