Close

আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ প্ৰায়’ৰিটিবোৰ কি কি?

আপোনাক যদি মই সোধো “আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূর্ণ প্ৰায়’ৰিটি বা অগ্ৰাধিকাৰবোৰ কি কি?” তাৰ উত্তৰ আছে নে আপোনাৰ হাতত? যদি আছে সেয়া খুব ভাল কথা কাৰণ এই অগ্ৰাধিকাৰবোৰে আমাৰ জীৱনৰ সঠিক পথৰ দিশ নির্ণয় কৰাত আমাক সহায় কৰে৷ আপুনি যদি জানে আপোনাৰ জীৱনৰ প্ৰায়’ৰিটিবোৰ কি কি, তেতিয়া আপুনি সদায় সঠিক পথতে খোজ দি থাকিব, কৰিবলগীয়া সঠিক কামবোৰ কৰি থাকিব৷

জীৱনত কি কি টপ প্ৰায়’ৰিটি থাকিব পাৰে?

জীৱনৰ উদ্দেশ্য

আপোনাৰ জীৱনটোৰ এটা উদ্দেশ্য থাকিলে ই জীৱনৰ কম্পাছৰ নিচিনা কাম কৰিব অৰু জীৱনটোক সঠিকভাৱে পৰিচালিত কৰিবলৈ সহায় কৰিব৷ জীৱনৰ উদ্দেশ্য বুলি ক’লে ই আপোনাৰ লক্ষ্যবোৰতকৈ ওপৰৰ কিবা এটাৰ বুজায়৷ হয়তো আপুনি আনৰ বাবে কি কৰিব বিচাৰে, জীৱনত কি কি এনে কাম কৰিব বিচাৰে যাৰ কথা ভাবিলে আপোনাৰ নিজৰ ওপৰতে গর্ব হ’ব সেই কথাবোৰকে বুজায়৷ ই আপোনাক সদায় ওপৰলৈ টানি থাকিব আৰু সেইবাবে আপুনি সদায় অনুপ্ৰাণিত হৈ ডাঙৰ কিবা এটাৰ উদ্দেশ্যি কাম কৰি গৈ থাকিব পাৰিব৷ ই জীৱনটোক এটা অর্থ দিব৷

শাৰীৰিক স্বাস্থ্য


আপোনাৰ যদি শাৰীৰিক স্বাস্থ্য বেয়া বা আপোনাৰ কিবা নহয় কিবা বেমাৰ হৈয়ে থাকে তেন্তে আপোনাৰ জীৱনত সুখ-শান্তিৰ লগতে আন বহু বস্তু নাই৷ আমাৰ সমাজত শাৰীৰিক স্বাস্থ্যত ইমান গুৰুত্ব নিদিয়ে৷ কিন্তু আপুনি গুৰুত্ব দিব লাগিব কাৰণ স্বাস্থ্য ভালে থাকিলেহে আপুনি কৰিব বিচৰা কামবোৰ কৰিব পাৰিব, হ’ব বিচৰা মানুহজন হ’ব পাৰিব৷ আপোনাৰ যেতিয়া শৰীৰটো ভালে থাকে আৰু দেখাত ভাল হয়, তেতিয়া শৰীৰ আৰু মনত শক্তি পোৱাৰ লগতে নিজৰ শৰীৰটো দেখি ভাল লাগে, তাৰ পৰা অনুপ্ৰেৰণা পোৱা যায়৷ শাৰীৰিক স্বাস্থ্যৰ বাবে নিয়মীয়াকৈ কিবা নহয় কিবা এটা এক্সাচাইজ বা শাৰীৰিক ব্যায়াম কৰিব লাগিব৷ ই আপোনাৰ জীৱনৰ এটা অংগ হৈ পৰিব লাগিব৷

মানসিক স্বাস্থ্য

শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব, কাৰণ মানসিক স্বাস্থ্য ঠিকে নাথাকিলে আপুনি কেনেদৰে জীৱনটো আনন্দৰে কটাব, কেনেদৰে সুখী হ’ব? সেয়ে মানসিক স্বাস্থ্য ঠিকে ৰখাৰ বাবে যি যি কৰিব পাৰি যেনে মেডিটেচন, পজিটিভ চিন্তা, পজিটিভ এফাৰমেচন, জার্ণেলিঙ আদি নিয়মীয়াকৈ কৰিলে আপোনাৰ মানসিক স্বাস্থ্য ঠিকে থাকিব৷ আনক সহায় কৰিলেও আপুনি নিজৰ বিষয়ে ভাল অনুভৱ কৰিব আৰু সেই অনুভৱে মানসিক স্বাস্থ্য ঠিকে ৰখাত সহায় কৰিব৷

টকা-পইছা

টকা-পইছা আপোনাক লাগিবই৷ নহ’লে আপুনি চলিব নোৱাৰিব৷ টকা-পইচাৰ অভাৱে বহু মানুহৰে জীৱন আৰু স্বভাৱ নষ্ট কৰে৷ কিমান টকা-পইচা লাগিব সেয়া আপুনি নিজে ঠিক কৰি ল’ব লাগিব৷ আৰু সেয়া কেনেদৰে ঘটিব সেয়াও আপুনি নিজেই ঠিক কৰিব লাগিব৷ কিন্তু চাব মাত্ৰ ইয়াকে জীৱনৰ সকলো বুলি ধৰি নল’ব৷ তেতিয়া টকা-পইছা ঘটাৰ চিন্তাত অনবৰতে সময় কটালে আপুনি আন বহু বস্তু, কথা দেখাই নাপাব আৰু জীৱনৰ গুৰুত্বপূর্ণ মুহূর্তবোৰ পাৰ হৈ যোৱা গমেই নাপাব৷

পার্চনেল ডেভেলপমেন্ট বা চেলফ ইমপ্ৰুভমেন্ট

মানুহ হিচাপে জন্ম লোৱা মানে অকল কেনেবাকৈ জীয়াই থকা বা জীয়াই থকা সময়খিনি পাৰ হোৱাই নহয়৷ আমাৰ ভিতৰত এনে কিছুমান শক্তি আছে, সামর্থ আছে যিবোৰ আমি জগাই তুলিব লাগিব, যিবোৰক বঢ়াব লাগিব৷ তেনে কাম কৰিব পাৰি পার্চনেল ডেভেলপমেন্ট বা চেলফ ইমপ্ৰুভমেন্ট ৰ দ্বাৰা৷ নিজকে আগতকৈ উন্নীত নকৰিলে, ভাল নকৰিলে আপুনি কেতিয়াও নিজৰ সম্পূর্ণ সামর্থ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু হ’ব পৰা মানুহজন কেতিয়াও হ’বগৈ নোৱাৰিব৷

সম্পর্কবোৰ

সম্পর্কবোৰ নাথাকিলে জীৱনত বহুত বস্তুৱে নাথাকিব৷ আপোনাৰ সম্পর্ক কম হ’ব পাৰে কিন্তু এইবোৰ থাকিব লাগিব৷ আৰু সম্পর্কবোৰ ভালদৰে ৰাখিবলৈ হ’লে কিছুমান কাম কৰিব লাগিব আৰু কিছুমান নকৰাকৈ থাকিব লাগিব৷ স্বামী-স্ত্ৰী, সংগী, মা-দেউতা, ভাই-ভনী, বন্ধু-বান্ধৱ আদিৰ লগত থকা সম্পর্কই আপোনাক জীৱনটো ভালদৰে জীয়াই থাকিবলৈ, ইয়াক উপভোগ কৰিবলৈ সহায় কৰিব৷

বিভিন্ন মানুহৰ জীৱনৰ প্ৰায়’ৰিটিবোৰ বেলেগ বেলেগ হ’ব পাৰে৷ নিজৰ জীৱনটো অনুসৰি নিজৰ প্ৰায়’ৰিটিবোৰ নিজে ঠিক কৰি লওক৷

এতিয়া আপোনালৈ প্ৰশ্নটো হ’ল- আপোনাৰ নিজৰ জীৱনৰ প্ৰায়’ৰিটিবোৰ কি কি?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top