Close

ফুটবল আৰু আমাৰ জীৱন

ফুটবল খেল আৰু আমাৰ জীৱনৰ মাজত বহুত মিল আছে৷ এই খেল চলে প্ৰায় 90 মিনিটৰ বাবে আৰু জীৱনটো হয়তো চলে 90 বছৰৰ (বহুতৰ বাবে) বাবে৷

যিসকল তাৰকাক আমি আজি চিনি পাও তেওঁলোকৰ জীৱনবোৰৰ পৰা শিকিবলগীয়া আৰু শিকিব পৰা বহু কথা আছে৷ তেনে দুজনমান ফুটবলাৰৰ কথাকে চাও আহকচোন৷

গেব্ৰিয়েল জিচাচ

এক ব্ৰাজিলিয়ান ফুটবলাৰ৷ ব্ৰাজিল জাতীয় দল আৰু মানচেষ্টাৰ চিটী টিমত খেলে৷ 2014 চনত গেব্ৰিয়েলক দেখা গৈছিল ব্ৰাজিলৰ ৰাস্তাত ৰাস্তা ৰঙ কৰি থকা অৱস্থাত৷ তেতিয়া তেওঁৰ উপার্জন আছিল বছৰত 3,500 পাউণ্ড৷ মাত্ৰ তিনিবছৰ পিছত তেওঁ এতিয়া এক আন্তঃৰাষ্ট্ৰীয় ফুটবল তাৰকা যি প্ৰতি সপ্তাহত 75,000 পাউণ্ড উপার্জন কৰে৷ ৰাস্তাত ৰঙ কৰা অৱস্থাত তেওঁৰ বয়স আছিল 17 Áবছৰ আৰু তেতিয়ালৈকে 22 খন খেলত তেওঁ গ’ল কৰিছিল 37 টা৷ ব্ৰাজিলে অলিম্পিকৰ ফুটবলত প্ৰথম সোণৰ পদক পোৱাতো তেওঁৰ অৰিহণা আছিল যথেষ্ট৷ ছয়খন খেলত তেওঁ গল কৰিছিল তিনিটা৷

এলেক্সিজ চানচেজ

চিলিৰ উত্তৰৰ এক কয়লাখনি এলেকাত জন্মগ্ৰহণ কৰা এলেক্সিজে দেউতাকৰ কথা ভালদৰে নাজানিছিল৷ তেওঁক ডাঙৰ-দীঘল কৰিছিল মাকে, যিয়ে পুত্ৰই পঢ়া স্কুলখনতে চাফাই কৰ্মীৰ কাম কৰিছিল৷ সৰুৰে পৰাই তেওঁৰ ফুটবল খেলাত ৰাপ আছিল, কিন্তু জীৱন ধাৰণৰ বাবে গাড়ী ধূৱাৰ নিচিনা কাম কৰিবলগীয়া হৈছিল৷ সৰুতেই নিজৰ অৱস্থা দেখি আৰু ফুটবল খেলি সৰু ল’ৰাটোৱেঅনুুভৱ কৰিছিল যে ফুটবলেহে তাক সেই অৱস্থাৰ পৰা বাহিৰ ওলাবলৈ আৰু মাকক সহায় কৰিবলৈ উপায় দিব৷

“মায়ে যেতিয়া স্কুলঘৰ চাফা কৰিছিল, তেতিয়া মই লুকাইছিলোঁ কাৰণ তেওঁক তাত দেখি মই ভাল নাপাইছিলোঁ৷”

“ফুটবল খেলুৱৈ নোহোৱা হ’লে মই কিজানি কয়লাখনিতে কাম কৰিব লাগিলহেঁতেন ৷ বা হয়তো আন কিবা টান কাম কৰিব লাগিলহেঁতেন, কিন্তু মই কিবা নহয় কিবা কৰিলোঁহেঁতেন৷

সৰুৰে পৰাই এলেক্সিজৰ পৰিয়াল আছিল আটাইতকৈ দুখীয়াৰ ভিতৰৰ এটা পৰিয়াল৷ সি সৰুৰে পৰাই নিজে বিচৰা বস্তু পাবলৈ সংগ্ৰাম কৰিব লগীয়া হৈছিল৷ কেতিয়াবা বেলেগৰ গাড়ী ধূই, কেতিয়াবা কেইটকা মানৰ কাৰণে ৰাস্তাত জিমনাষ্টিকছৰ কলা-কৌশল দেখুৱাই সি অলপ টকা-পইচা ঘটিবলগীয়া হৈছিল৷ কেতিয়াবা খুব ভোকত থকা ল’ৰাটোৱে ওচৰ-চুবুৰীয়াৰ পৰা খোৱা বস্তুও খুজি খাব লগীয়া হৈছিল৷ কেতিয়াবা সি ৰাস্তাত বক্সিঙৰ কৌশল দেখুৱাই আমোদ দি পইচা গোটাইছিল৷

মাক মার্টিনাই নিজৰ চাৰিওটা সন্তান নিজেই ডাঙৰ-দীঘল কৰিছিল কাৰণ এলেক্সিজৰ দেউতাকে সি কেচুৱা হৈ থাকোতেই এৰি থৈ গৈছিল৷ মাকে নানা ধৰণৰ কাম কৰি নিজৰ আৰু ল’ৰা-ছোৱালী কেইটাৰ পেটৰ ভোক নিবাৰণ কৰিছিল৷ কেতিয়াবা তেওঁ আনৰ বাবে মাছ ধূই, কেতিয়াবা ফুল বিক্ৰী কৰি খাবলৈ পইচা গোটাইছিল৷ এলেক্সিজৰ বাবে নানা দুখ-কষ্ট লাঘৱ কৰাৰ এটাই উপায় আছিল- খালী ভৰিৰে ৰাস্তাত ফুটবল খেলা৷

জেইমি ভার্ডি

ভার্ডিয়ে প্ৰিমিয়াৰ লীগ খিতাপ জিকিছিল লেইচেষ্টাৰ চিটি দলৰ বাবে 2015-16 চনত৷ সেই চিজনত তেওঁ আছিল দ্বিতীয় শ্ৰেষ্ঠ গল দিওতা৷ কিন্তু তেওঁৰ জীৱনটো কিয় প্ৰেৰণাদায়ক?

ভার্ডিয়ে নিজৰ 2007 কেৰিয়াৰ আৰম্ভ কৰিছিল ষ্টকছব্ৰিজ পার্ক ষ্টিলৰ দলৰ সৈতে, যি আছিল ইংলিছ ফুটবল লীগ ৰ 8তম খলপাত৷ মাত্ৰ 30 পাউণ্ডৰ দৰমহাৰে চলিবলৈ নাটে কাৰণে তেওঁ 12 ঘন্টাৰ শ্বিফটত কাম কৰিছিল এটা ফেক্টৰীত৷ কেইতামান ভাল প্ৰদর্শন কৰা চিজনৰ পিছত তেওঁ আন দলৰ চকুত পৰিল৷ 2010 চনত এফ চি হলিফেক্স টাউন দলে তেওঁক চাইন কৰিলে৷ এই টিমটো আছিল ইংলিছ ফুটবল লীগ ৰ 7তম খলপাত৷ তেওঁৰ 24 টা গলৰ সহায়ত সহায়ত সেইবাৰ দলটো খিতাপ অর্জন কৰিলে আৰু ফলত ক্লাবটো 7îম ৰ পৰা 6ষ্ঠ খলপালৈ উন্নীত হ’ল৷ 2011 চনত তেওঁক চাইন কৰিলে ফ্লিটৱুড টাউন টিমটোৱে যিটো আছিল 5তম খলপাৰ টিম৷  তেওঁৰ গলৰ সহায়েৰে দলটোৱে খিতাপ অর্জন কৰিলে আৰু দলটো 4র্থ খলপালৈ উন্নীত হ’ল৷ 31 টা গলেৰে তেওঁ আছিল সেই চিজনৰ সর্বশ্ৰেষ্ঠ গল দিওতা৷

2012 চনত তেওঁ গ’ল লেইচেষ্টাৰ চিটি দললৈ যি সেই সময়ত আছিল ইংলিছ ফুটবল লীগ ৰ 2য় খলপাত৷ এয়া আছিল সঁচা অর্থত প্ৰফেচনেল ফুটবল লীগ৷ সেইবাৰ কিন্তু তেওঁৰ ফর্ম ভাল নাছিল আৰু সমর্থকৰ পৰা তেওঁ বহুত নিন্দিত হৈছিল৷ পিছৰ বছৰ ভার্ডিয়ে 16 টা গল কৰি ক্লাবটোক দ্বিতীয় ডিভিজনৰ খিতাপ অর্জন কৰাত সহায় কৰিছিল৷ লগতে এই জয়েৰে তেওঁ ক্লাবটোক ইংলিছ ফুটবল লীগ ৰ আটাইতকৈ ওপৰৰ খলপা প্ৰিমিয়াৰ লীগলৈ উন্নীত কৰিছিল৷ 2015 চনত ভার্ডিয়ে নিষ্টেলৰুয়ৰ প্ৰিমিয়াৰ লীগৰ একেৰাহে দহটা গল কৰা ৰেকর্ড ভাঙিছিল৷ তেওঁৰ 24 টা গলৰ সহায়ত লেইচেষ্টাৰে প্ৰথম বাৰৰ বাবে প্ৰিমিয়াৰ লীগৰ খিতাপ জিকিছিল সেই লীগৰ মহাৰথীসকলক হৰুৱাই৷ সেইবছৰে তেওঁ প্ৰথমবাৰৰ বাবে দেশত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল৷

এই কাহিনীটো এইকাৰণেই চমকপ্ৰদ আৰু অনুপ্ৰেৰণামূলক কাৰণ সেই একেজন খেলুৱৈয়ে মাত্ৰ কেইবছৰমান আগতে ইংলিছ ফুটবল লীগ ৰ 8তম খলপাত খেলিছিল৷ আন আন খেলুৱৈয়ে হয়তো মাত্ৰ অলপ সময়তে জিলিকি উঠি তাৰকা হৈ পৰিছে, কিন্তু ভার্ডিয়ে একেৰাৰে বহু বছৰ ধৰি কষ্ট, ধৈর্য, সাহস, অধ্যবসায় আৰু দৃঢ়তাৰ প্ৰদর্শন কৰি একেবাৰে তলৰ পৰা আহি একেবাৰে ওপৰ পাইছেহি৷

আপুনি যদি একেবাৰে তলতো নিজৰ জীৱন আৰম্ভ কৰিছে, তাৰমানে এয়া নহয় যে আপুনি সদায় তাতেই থাকিব৷ ওপৰলৈ উঠিবলৈ আপুনি কি কৰিছে, কিমান কষ্ট কৰিছে, ওপৰলৈ উঠাৰ হেপাহ আপোনাৰ কিমান, আপোনাৰ প্ৰদর্শন কেনে এই সকলোবোৰ কথাই নিশ্চিত কৰিব আপুনি জীৱনৰ এক তাৰকা (ষ্টাৰ) হ’ব নে নহয়৷ জীৱন খেলত আপোনাৰ ষ্টাৰ প্লেয়াৰ হ’বলৈ মন আছে নে এক সাধাৰণ, কোনেও মন নৰখা, ৰিজার্ভৰ লিষ্টত বা বেঞ্চত বহি থকা খেলুৱৈ হ’বলৈ আপোনাৰ মন আছে?

আপুনি যদি এনে এক পৰিস্থিতিত আছে যিটো গোটেই জীৱনৰ বাবে নিবিচাৰে, তেন্তে সেয়া সলনি কৰিবলৈ কি কৰিব পাৰে সেয়া চাওক আৰু উপায় এটা বিচাৰি পালে সমগ্ৰ শক্তি সেই কামতে লগাওক৷ ওলাই আহিব পৰা সেই সুবিধাটোত সমগ্ৰ শক্তি, সমগ্ৰ সাহস, সমগ্ৰ চিন্তা লগাওক আৰু তাৰ পিছত চাওকচোন কোনে আপোনাক ৰখাব পাৰে৷

ভবিষ্যতৰ এক নিগেটিভ চিত্ৰৰ দ্বাৰাও আপুনি নিজকে তাৰ পৰা ওলাবলৈ চেষ্টা কৰিবলৈ মটিভেট কৰিব পাৰে৷ যদি আপুনি দুখীয়া হৈ আছে, জীৱনত যদি একো কৰিব পৰা নাই, তেন্তে এনেদৰে থাকিলে পিছলৈ আপোনাৰ অৱস্থা কেনে হ’ব সেয়া যদি আপুনি ভালদৰে কল্পনা কৰি ভয় খাই গৈছে, সেই ভয়কো আপুনি কামত লগাব পাৰে সেই অৱস্থাত নপৰিবলৈ আৰু নিজৰ জীৱনটো ভাল কৰিবলৈ, উন্নীত কৰিবলৈ৷

ভোকত থাকক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top