Close

Ask Bikash 11

What is the most simple routine that I can follow and make a big difference to my life?

এনে এক সাধাৰণ ৰুটিন আছেনে যি মই অনুসৰণ কৰিলে মোৰ জীৱনত এক গভীৰ আৰু ডাঙৰ প্ৰভাৱ পৰিব আৰু জীৱনটো আৰু বহুত ভাল হৈ পৰিব?

আপুনি এক দেখাত অতি সাধাৰণ কিন্তু বিৰাট কার্যকৰী ৰুটিন অনুসৰণ কৰিব পাৰে যিয়ে আপোনাৰ জীৱনটো আগতকৈ কেইবাগুণে ভাল কৰি তুলিব

প্ৰথম ষ্টেপ- থিৰাং কৰক আপুনি কি কৰিব বিচাৰে

দ্বিতীয় ষ্টেপ- সেয়া লাভ কৰিবলৈ এটা সহজ পৰিকল্পনা কৰি তাৰমতে কাম আৰম্ভ কৰক

তৃতীয় ষ্টেপ- কনটিয়াছ ইমপ্ৰূভমেন্ট ক কামত লগাওক

প্ৰথম ষ্টেপ- থিৰাং কৰক আপুনি কি কৰিব বিচাৰে

আপুনি যি কৰিব বিচাৰে সেয়া প্ৰথমতে থিৰাং কৰি লওক৷ এই কি কৰিব বিচাৰে সেই কথাটো আহিব পাৰে আপোনৰ সপোনবোৰ বা জীৱনৰ উদ্দেশ্যৰ পৰা৷ নিজৰ বিষয়ে জ্ঞান থাকিলে অর্থাৎ চেলফ এৱাৰনেছ থাকিলে আপুনি সঁচাকৈয়ে কি বিচাৰে সেই কথাটো জনাত সহজ হ’ব৷

দ্বিতীয় ষ্টেপ- সেয়া লাভ কৰিবলৈ এটা সহজ পৰিকল্পনা কৰি তাৰমতে কাম আৰম্ভ কৰক

আপুনি কি বিচাৰে সেয়া ঠিক হোৱাৰ পিছত এতিয়া সেই বিচৰা ফলাফলটো কেনেদৰে লাভ কৰিব সেই বিষয়ে এটা সহজ পৰকল্পনা কৰি লওক৷ এই পৰিকল্পনাটোৱে আপোনাক সহায় কৰিব কেনেদৰে, কেতিয়া, কি কাম কৰিলে আপুনি বিচৰা ফলাফলটো লাভ কৰিব পাৰিব সেই বিষয়ে গম পোৱাত৷

তৃতীয় ষ্টেপ- কনটিয়াছ ইমপ্ৰূভমেন্ট ক কামত লগাওক

অবিৰত ভাৱে আপুনি কৰা কামটোৰ গুনগত মান বঢ়াই যাবলৈ অর্থাৎ ইয়াক কনটিনিউৱাচলি ইমপ্ৰূভ কৰি যাবলৈ চেষ্টা কৰক৷ আগতে কামটো যিমান ভাল হৈছিল তাৰ তুলনাত আৰু ভাল কৰি যাবলৈ ছেষ্টা কৰক৷

এটা উদাহৰণ চাও আহক- আপুনি এজন খুব নাম থকা, সকলোৱে চিনি পোৱা, খুব ভাল অভিনেতা হ’ব খোজে৷ বহুত চিন্তা কৰি মেলি, নিজৰ বিষয়ে জানি, আত্মসচেতনতাৰ পৰা আপুনি গম পালে যে সেয়া আপোনাৰ সপোন৷ এতিয়া আপুনি কেনেদৰে তেন এজন অভিনেতা হ’ব পাৰে সেই বিষয়ে চিনাত কৰিলে, ৰিচার্চ কৰিলে আৰু বিচাৰি পালে যে আপুনি যদি অভিনেতা হ’বলৈ সেই বিষয় এক্টিং ক্লাছলৈ গৈ এক্টিং শিকে তেন্তে সেয়া আপোনাৰ বাবে সহজ হ’ব, বেছি ভাল হ’ব৷ সেইবাবে আপুনি ভাৰতৰ আটাইতকৈ ভাল এক্টিং স্কুল, ইন্সিষ্টিটিউটৰ খবৰ গোটালে, তাত চিট পাবলৈ কি কৰিব লাগে সেয়া সকলো কৰিলে, প্ৰয়োজনীয় অভিজ্ঞতা আৰু প্ৰমাণ গোটালে আৰু এদিন গৈ তাত এক্টিং শিকিলে গৈ৷ কিন্তু অকল তাতে থমকি নৰৈ আপুনি প্ৰতিদিনে নিজৰ এক্টিং আৰু ভাল কৰিবলৈ চেষ্টা কৰি গৈ থাকিল৷ প্ৰতিদিনে আপুনি অভ্যাস কৰে আৰু নিজৰ এক্টিং আগতকৈ আৰু অলপ হলেও ভাল কৰে৷ যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি সাংঘাটিক ভাল অভিনেতা এজন বা অভিনেত্ৰী এগৰাকী হ’বগৈ আৰু তাৰবাবে ভাল ভাল নাটক, থিয়েটাৰ, চিনেমাত কাম কৰিব, টখা-পইচা, নাম, সন্মান পাব৷ তেতিয়া জীৱনটো ভাবিব নোৱাৰা ধৰণে ভাল হৈ নপৰিবনে?

এই সহজ উপায়টোৱে আপোনাক ভাবিব নোৱাৰা ধৰণে আগবঢ়াত, আগতকৈ ভাল কৰাত সহায় কৰিব৷ আপুনি যিকোনো ক্ষেত্ৰতে ইয়াক কামত লগাব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top