Ask Bikash 33
মই পঢ়িব বিচাৰো, কিন্তু নোৱাৰোঁ৷ অলপ সময় বহাৰ পিছতে মোৰ মনটো ইফালে-সিফালে যায়৷ মবাইল ফোনটো উলিয়াই লও আৰু তাত লাগি থাকো৷ কেনেদৰে মই পঢ়িব পাৰিম?
প্ৰথমতে আমি মনটোক পঢ়াত বা কৰিবলগীয়া কাম এটাত কেনেদৰে লগাব পাৰোঁ সেয়া চাম আৰু তাৰ পিছত এটা টেকনিক ব্যৱহাৰ কৰিম নিজৰ কাম কৰি থাকিবলৈ৷
প্ৰথমতে আপুনি নিজকে এই প্ৰশ্নটো সুধিব লাগিব- “মই কিয় পঢ়ি আছোঁ? কি কাৰণে” আপুনি যদি কাম এটা কৰিব বিচাৰে কিন্তু পৰা নাই, তেতিয়াহ’লে নিজকে সুধিব লাগিব, “মই এই কামটো কিয় কৰি আছোঁ বা কৰিব বিচাৰোঁ? কি কাৰণে?”
এই প্ৰশ্নটোৰ উত্তৰ পোৱাটো বৰ জৰুৰী৷ কিবা এটা কাৰণ নাথাকিলে আমি কাম এটা নকৰো বা কোনোবাই কৰিবলৈ বাধ্য কৰিলেও সেয়া ভালদৰে নকৰোঁ৷ আৰু এই কাৰণটো মোৰ বাবে শক্তিশালী কাৰণ এটা হ’ব লাগিব৷ ই সম্পূর্ণৰূপে মোৰ নিজৰ কাৰণ এটা হ’ল ভাল হয়৷ মোৰ মা-দেউতাৰ সপোন পূৰণৰ বাবে, ভাল মানুহ হবৰ কাৰণে, নিজকে ভালকৈ নিয়োজিত কৰিবৰ বাবে.. মোৰ কামত নিজে পাৰ্গত হবৰ বাবে—এনেধৰণৰ কাৰণবোৰতকৈ একেবাৰে নিজৰ কিবা কাৰণ হ’লে বেছি ভাল হ’ব৷ এনেধৰণৰ উত্তৰবোৰ অলপ অস্পষ্ট৷ আপোনাক একেবাৰে স্পেচিফিচ উত্তৰ এটা লাগিব৷ এনে এটা কাৰণ লাগিব যিটো ডাঙৰ, যিটোৱে আপোনাক মটিভেট কৰে৷ অৱশ্যে যদি মা-দেউতাৰ সপোন পূৰণ কৰাটোৱে আপোনাক মটিভেট কৰে তেতিয়া কথাটো বেলেগ৷
এই উত্তৰটো বিচাৰিবলৈ অলপ সময় লাগে৷ বিচাৰি পালে কি কৰিব? ভালদৰে চিন্তা কৰি উত্তৰটো বিচাৰি পালে সেয়া সদায় দেখি থকা ঠাই এটুকুৰাত লিখি বা প্ৰিন্ট কৰি লগাই থব৷ আপুনি যদি ছাত্ৰ বা ছাত্ৰী তেতিয়া পঢ়া টেবুলৰ সন্মুখত, আপুনি যদি চাকৰি কৰে বা নিজৰ কাম কৰে, তেতিয়া কাম কৰা টেবুল বা ঠাইটুকুৰাত দেখাকৈ সেয়া লগাই থব৷ লগাই থোৱাৰ কাৰণটো হ’ল সেয়া যাতে আপুনি সদায় দেখি থাকে, প্ৰতিদিনে সেয়া আপোনাৰ মনত পৰি থাকে৷
পঢ়ি থকা ছাত্ৰ-ছাত্ৰী আৰু চাকৰি আৰম্ভ কৰি বা কৰিবলৈ ওলোৱা মানুহকো “মই কেৰিয়াৰত কি কৰিব বিচাৰোঁ?” এই প্ৰশ্নটোৱে তেনেদৰে সহায় কৰিব নিজকে মটিভেট কৰি ৰখাৰ বাবে৷
এনেদৰে প্ৰশ্নটোৰ উত্তৰ পালে ই আপোনাক প্ৰতিদিনে মানসিক প্ৰতিৰোধ অতিক্ৰম কৰি নিজৰ কৰিবলগীয়া কামটো বা কামবোৰ কৰাত সহায় কৰিব৷
এতিয়া আহো টেকনিকটোৰ কথালৈ৷
পঢ়িবলৈ বহিলে বা কাম কৰিবলৈ আৰম্ভ কৰিলে যদি আপোনাৰ মনলৈ আন নানা চিন্তা আহে বা মবাইল ফোনটোলৈ হাতখন যায়, তেতিয়া আপুনি সেয়া প্ৰতিৰোধ কৰিব পাৰে বা বাধা দিব পাৰে এটা সহজ টেকনিকেৰে৷ এই টেকনিকটোৱে আপোনাক নিজৰ কামবোৰ কৰি যোৱাত, আগবঢ়াই লৈ যোৱাত সহায় কৰিব৷ এই সৰু, সহজ-সৰল টেকনিকটো কি বাৰু?
আপুনি যেতিয়া পঢ়িবলৈ বহিব বা কৰিবলগীয়া কাম এটা কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া তাক মাত্ৰ ১০ মিনিটৰ বাবে কৰক৷ এই ১০ মিনিট সময় একান্তমনে, অর্থাৎ সম্পূর্ণৰূপে ফ’কাছ কৰি কামটো কৰক বা পঢ়ক৷ ১০ মিনিট সময় যিমান চিন্তা মনলৈ আহে আহক, যিমান মবাইল ফোনটো ব্যৱহাৰ কৰিব মন যায় যাওক, যিমান উঠি যাবলৈ মন যায় যাওক, আপুনি কিন্তু লৰচৰ নকৰিব৷ নিজৰ কামটো কৰি থাকিব৷ ১০ মিনিট এনেদৰে পঢ়াৰ পিছত বা কামটো কৰাৰ যদি মনটো ঠিকে থাকে আৰু আপুনি পাৰে তাক মাত্ৰ আৰু ৫ মিনিট বঢ়াব৷ অর্থাৎ মুঠ ১৫ মিনিট সময় একেৰাহে সেয়া কৰি থাকিব৷ যদি তাৰ পিছত আৰু নোৱাৰে, তেতিয়া তাৰ পিছত উঠি যাওক, গৈ ৫ মিনিটৰ বাবে কিবা এটা কৰক৷ সেই ৫ মিনিটৰ পিছত আহি আকৌ ১০ মিনিটৰ বাবে পঢ়ক বা নিজৰ কামটো কৰক৷ মন নগলেও নিজকে আকৌ পঢ়া টেবুলত বা কাম কৰা ঠাইলৈ টানি আনক৷ এয়া কৰোতে মাত্ৰ এটা নিয়ম মনতে ঠিক কৰি ল’ব- এই ১০ মিনিট সময় মই মবাইলো নুলিয়াও, উঠিও নাযাও, আৰু অকল এই কামটোহে কৰিম৷
হ’বনে?
এইটো এটা সহজ কাম৷ পাৰিবনে কৰিব? নিশ্চয় পাৰিব৷ ইমান সহজ আৰু সৰল, কিয় নোৱাৰিব? এতিয়াই কৰি চাওকচোন৷
কেইঘণ্টা পঢ়িব পাৰিলে বা কাম কৰিলে সেই কথা নাভাবিব৷ মাত্ৰ সেই ১০ মিনিট সময় একান্তমনে কামটো কৰিবলৈ চেষ্টা কৰক৷ মাত্ৰ সেই ১০ বা ১৫ মিনিটতহে নিজৰ ফ’কাছটো ৰাখক৷
পাৰিবনে? নিশ্চয় পাৰিব৷ চিন্তা নকৰিব৷ এবাৰ কৰি চাওকচোন ই কিমান সহজ৷ আপুনিও পাৰিব৷