Close

Ask Bikash 14

মই জীৱনটোক কেনদৰে সহজ-সৰল কৰি তুলিব পাৰোঁ?

এই বিষয়ে মই এটা দীঘলীয়া ভিডিঅ কৰিছোঁ, আপুনি সেইটোও চাব পাৰে

আপুনি যদি জীৱনটো সহজ-সৰল কৰি তুলিব বিচাৰিছে, তেন্তে জীৱনটোৰ সকলো দিশকে- সামাজিক, অর্থনৈতিক, সম্পর্কবোৰ ইত্যাদিক আপুনি সহজ-সৰল কৰি তুলিব লাগিব৷

এজন সহজসৰল ৰুটিন তৈয়াৰ কৰি লওক

ইয়াত কিছুমান সহজ কথা অন্তর্ভুক্ত কৰিব পাৰিব৷ যেনে,

ৰাতিপুভা ৫ টা বজাত উঠা- তাৰ পিছত এক্সাচাইজ কৰা- একাপ ৰঙা চা বা গ্ৰীন টি খোৱা-অলপ পঢ়া- আপোনাৰ প্ৰজেক্টবোৰ কাম অলপ কৰা-আপোনাৰ সংগীগৰাকীৰ লগত বা বাচি লোৱা দুই চাৰিজন বন্ধু-বান্ধৱৰ লগত কথা পতা- একন ভাল কিতাপ পঢ়া- কিবা এটা ভাল অনুষ্ঠান চোৱা- গান শুনা ইত্যাদি

বেলেগ বেলেগ মানূৰ বাবে এই ৰুটিনখন বেলেগ বেলেগ হ’ব পাৰে

এজন মিনিমিলিষ্ট হওক

আপোনাৰ যিমান কম বস্তু থাকিব সিমানে কম দুচিন্তা থাকিব

আপোনাৰ টিভিটো, পাৰিলে গাড়ীখন, বেছিকৈ থকা কাপোৰ-কানি, অদৰকাৰী ফার্ণিচাৰ, আন অদৰকাৰী বস্তু যিমান পাৰি সিমান বাদ দিয়ক৷

টিভিটো এটা প্ৰধান বস্তু যিটো আপুনি বাদ দিব লাগিব৷

যদি গাড়ী নহলেও হয়, তেতিয়া গাড়ীখন বাদ দি খোজ কাঢ়ক বা চাইকেল চলাওক

ইনফৰমেচন গোটোৱা বা চোৱা কমাওক৷ অনবৰতে টিভি বা মবাইল দেখা সকলো খবৰ আপোনাক নালাগে৷ ইনফৰমেচন বাচি নল’লে ই আপোনাৰ জীৱনটো সদায় নিয়ন্ত্ৰণ কৰি থাকিব৷ আপুনি ইনফৰমেচনক নিয়ন্ত্ৰন কৰা আৰম্ভ কৰক, কমাওক৷

মাত্ৰ এসপ্তাহৰ বাবে এয়া কৰি চাওকচোন, কেনে লাগে৷ ভাল পালে তাক কনটিনিউ কৰি থাকিব৷

কম বস্তু মানে কম টকাপইচা

আপোনাক কম বস্তু লাগিলে তাৰবাবে টকা-পইচাৰো কমকৈ প্ৰয়োজন হ’ব৷ অর্থাৎ এতিতয়া মন নাথাকিলে, মন নোযোৱা কাম আপুনি অকল পইচাৰ বাবে নকৰিলেও হ’ব৷ জীয়াই থাকিবলৈ আপোনাক কম টকা-পইচা হলেও যেতিয়া হ’ব এতিতয়া আপুনি নিজৰ পচন্দৰ কাম কৰিব পাৰিব৷ তেতিয়া আপুনি যি কৰি ভাল পায় তেনে কাম কৰিব পাৰিব৷

সৰুকৈ আৰম্ভ কৰক

ইয়াত  কোৱা বহু বস্তুৱে আপোনাৰ বাবে আচহুৱা বা নতুন হ’ব পাৰে৷ গতিকে আপোনাৰ মনত সন্দেহো থাকিব পাৰে৷ সৰুকৈ আৰম্ভ কৰক৷ মাত্ৰ এসপ্তাহৰ বাবে এয়া কৰি চাওকচোন৷ কিজানি আপুনি এনে জীৱন এটা ভাল পায়েইবা৷ যদি তেনে হয় তেতিয়া আপোনাৰ জীৱনটো কিমান সহজ-সৰল কিন্তু আকর্ষণীয় হৈ পৰিব চাবচোন৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top