Close

Ask Bikash 9

মোৰ মাৰ বেমাৰ, সেয়া মোৰ বাবে এক ডিচট্ৰেকচন হৈ পৰে৷ কেনেদৰে মই মোৰ কাম কৰিব পাৰিম এনে দিচট্ৰেকচন বোৰ থকা স্বত্বেও

আপোনাৰ মাৰ বেমাৰ যদি আপুনি তেওঁৰ যিমান পাৰে সিমান যত্ন ল’ব লাগিব, যিমান সময় দিব পাৰে সিমান সময় দিব লাগিব৷ এয়া ডিচট্ৰেকচন বুলি ভবাতকৈ আপুনি আপোনাৰ দ্বায়িত্ব পালন কৰাৰ আৰু মৰম দেখুওৱাৰ এটা সুবিধা বুলিও ইয়াক গ্ৰহণ কৰিব পাৰে৷

এতিয়া কথা হ’ল যদি আপুনি আপোনাৰ কাম কৰিব বিচাৰে কিন্তু কিবা এটা কাৰণে কৰিব পৰা নাই তেতিয়া আপুনি কি কৰিব পাৰে৷ যিকোনো ডিচট্ৰেকচনৰ ক্ষেত্ৰত আনকি মবাইল ফোন, টিভি, আদিৰ ক্ষেত্ৰতো ই কাম কৰিব৷

ইয়াত দুটা ষ্টেপ আছে৷

প্ৰথম ষ্টেপত আপুনি জানিব লাগিব, বিচাৰি উলিয়াব লাগিব আপুনি যি কামটো কৰিব বিচাৰিছে সেয়া কিয় কৰিব বিচাৰিছে সেয়া কিয় কৰিব বিচাৰিছে৷ অর্থাৎ কামটো কৰাৰ কাৰণটো কি? আপুনি যি কামেই নকৰক কিয় সেই কামৰ ক্ষেত্ৰতে এই কাৰণটো লাগিবই৷ যদি এটা কাম কৰাৰ কাৰণটো আপোনাৰ বাবে ডাঙৰ নহয়, গুৰুত্বপূর্ণ নহয়, তেন্তে এনেয়েও কিছুদিন পিছত আপুনি সেই কামটো কৰাটো বাদ দিব৷ প্ৰথমে কাইলৈ কৰিম বুলি থব, তাৰ পিছত নানা অজুহাত দেখুৱাব নকৰাকৈ থকাৰ বাবে আৰু লাহে লাহে সেই কামটো কৰিবলৈ এৰিব৷ গুৰুত্বপূর্ণ কাৰণ এটা নাথাকিলে আপুনি কেতিয়াও কাম এটা নিয়মীয়াকৈ কৰি থাকিব নোৱাৰে৷ কাৰণটো গুৰুত্বপূর্ণ নহ’লে, ডাঙৰ নহ’লে ই নিয়মীয়াকৈ কৰিবলৈ আৰু আনকি কৰি থাকিবলৈও আপোনাক মটিভেট কৰিব নোৱাৰিব৷ গতিকে প্ৰথমতে সেই কাৰণটো বাচি লওক৷

কেতিয়াবা কাৰণ থকাৰ পিছতো নানা কাৰণত, নানা সমস্যাৰ মুখামুখি হৈ, আমি কৰিব বিচৰা কামবোৰ কৰিব নোৱাৰোঁ৷ তেতিয়া আপোনাক লাগিব দ্বিতীয় ষ্টেপটো৷

আপুনি বিচাৰি উলিয়াব লাগিব কোনকেইটা কাম আপোনাৰ বাবে গুৰুত্বপূর্ণ আৰু আপুনি সদায় সেই কেইটা কৰিব বিচাৰে৷ প্ৰয়োজন হ’লে সেইকেইটা এখন নোটবুকত লিখি লওক, অথবা টু ডু লিষ্ট এখন বনাই তাত মষ্ট ইম্পৰটেন্ট ৱর্ক ৰ ভিতৰত ভৰাই লওক৷ প্ৰতিদিনে আপুনি এই কেইটা কাম কৰিবই৷ তেনে কাম বেছি নহয় তিনি, চাৰি বা পাঁচটা মান হে হ’ব৷ আৰু এই কেইটা প্ৰতিদিনে আপুনি কৰিবই৷ কিন্তু কোন কেইটা কাম আপুনি কৰিব? এই কাম কেইটা আহিব ক’ৰপৰা? এই কেইটা সেই কেইটা কাম যিকেইটা কাম সদায় কৰিলে এইবোৰ লগ হৈ এটা সময়ৰ অন্তত আপুনি কৰিব বিচৰা কামবোৰ কৰাত সহায় কৰিব, আপুনি বিচৰা ফলাফল লাভ কৰাত আপোনাক সহায় কৰিব৷

মাৰ বেমাৰ হলে আপুনি এই কেইটা কাম কৰিব পাৰিব জানো? পাৰিব৷ আনকি মাৰ বেমাৰ হলেও আপুনি সেই কেইটা কাম কৰিব পাৰিব৷ মই এটা প্ৰশ্ন সোধো- মাৰ বেমাৰ বুলি আপুনি দিনটোৰ কিমান সময় মাৰ লগত খৰছ কৰিছে? এঘন্টা, দুঘন্টা, চাৰিঘন্টা? দিনটোত চবিবশ ঘন্টা থাকে৷ কামকেইটা কৰোতে যদি মাত্ৰ এঘন্টা বা দুঘন্টাহে লাগে তেতিয়াও নোৱাৰিব নে কৰিব সেই কেইটা কাম? আৰু হয়তো বেছিভাগ কাম আপোনাৰ হাতত থকা মবাইল ফোনটো বা এখন নোটবুকৰ সহায়তেই কৰিব পাৰি, মাত্ৰ হয়েতা আজি আপুনি নাজানে কেনেদৰে মবাইল ফোনটো বা নোটবুক এখনক টুল বা সঁজুলি হিচাপে ব্যৱহাৰ কৰিব পাৰি৷ সেয়া শিকি ল’লেই আৰু কৰিব বিচৰা প্ৰয়োজনীয়, গুৰুত্বপূর্ণ কামবোৰ কৰাটো সম্ভৱ হৈ পৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top