Close

Ask Bikash 16

বিকাশক সোধক ১৬

What are some little things I can change in my lifestyle to lead a healthier life?

যিকোনো সালসলনি কৰিবলৈ হ’লে প্ৰথমতে আপুনি নিজৰ চিন্তা কৰাৰ পদ্ধতিক সলনি কৰিব লাগিব আৰু তেতিয়া আপুনি বিচৰা যিকোনো সলাসলনি কৰিবলৈ আপুনি সমর্থ হ’ব৷

আপুনি প্ৰথমে নিজকে বিশ্বাস জন্মাব লাগিব যে আপোনাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্য আপোনাৰ বাবে জীৱনৰ যিকোন সময়তে অতি গুৰুত্বপূর্ণ৷ এবাৰ সেই কথাটো আপুনি বুজি পালে সদায় এক্সাচাইজ কৰি নিজকে ফিট আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ, অতিৰিক্ত চর্বী আৰু ওজন কমাবলৈ, পেটত ওলমি পৰা চর্বী নোহোৱা কৰিবলৈ আৰু প্ৰতিদিনে এক্সাচাইজ কৰিবলৈ আপুনি অনুপ্ৰাণিত হ’ব৷

যেতিয়া আপুনি বুজি পাব যে আপোনাৰ স্বাস্থ্য আপোনাৰ জীৱনৰ আটাইতকৈ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়বোৰৰ এটা আৰু আপুনি ইয়াক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে, চম্ভালি ল’ব পাৰে, তেতিয়া আপুনি জীৱনত নানা ধৰণৰ স্বাস্থ্যৱান আৰু স্বাস্থ্যসন্মত পচন্দবোৰ বাচি ল’ব পাৰিব৷

যেন ধৰক

শাৰীৰিক স্বাস্থ্যৰ বাবে

দিনত প্ৰায় দুই লিটাৰ পানী খোৱা

প্ৰতিদিনে অলপ হলেও এক্সাচাইজ কৰা -যোগ, জিমলৈ যোৱা, খোজ কঢ়া, দৌৰা, ক্ৰছফিট, বডি বিল্ডিং, বডীৱেইট এক্সাচাইজ বা আন কিবা কৰা৷

মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ বাবে

কৃতজ্ঞতা প্ৰকাশ কৰা

কৃতজ্ঞতাৰ জার্ণেল এখন আৰম্ভ কৰা৷ যদি আপোনাৰ এই জার্ণেলখন নাই, তেতিয়াহ’লে এইখন লিখা আপুনি আৰম্ভ কৰিব পাৰে৷ ইয়াত কি থাকিব? আপুনি যি যি কথাৰ বাবে, যি যি মানুহৰ ওচৰত কৃতজ্ঞ সেই সকলোবোৰ কথা ইয়াত লিখিব পাৰে৷ আনকি আজি যে আপুনি জীয়াই আছে তাৰবাবেও আপুনি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰে নেদেখাজনক, ভগৱানক বা প্ৰকৃতিক৷

য়োগা

প্ৰতিদিনে অলপ সময় হলেও য়োগা অভ্যাস কৰিলে আপোনাৰ শৰীৰৰ লগতে মনটো ভালে থাকিব৷ ই লগতে আপোনাক আধ্যাত্মিক অনুভৱবোৰ কৰাত সহায় কৰিব আৰু আধ্যাত্মিকতাৰ পথত আগুৱাই লৈ যাব৷

মেডিটেচন

আধ্যাত্মিকতা আৰু মানসিক স্বাস্থ্যৰ বাবে ই অতি প্ৰয়োজনীয়৷ দুইটা ক্ষেত্ৰতে ই আাপোনাক সহায় কৰিব৷ মনটোক শান্ত কৰি ৰখাৰ লগতে আপুনি অনুভৱ কৰিব নোৱাৰা কথাবোৰ অনুভৱ কৰিবলৈ ই সহায় কৰিব৷

মাইণ্ডফুলনেছৰ অভ্যাস কৰা

মাইণ্ডফুলনেছ মানে আপুনি আপোনাৰ চাৰিওফালে চলি থকা সকলোবোৰ কথাকে মন কৰা আৰম্ভ কৰে৷ ইয়াৰ অভ্যাসে আধ্যাত্মিক পথত খোজকঢ়াত আপোনাক সহায় কৰিব৷

উশাহ লোৱা

নির্দিষ্ট পদ্ধতিত উশাহ-নিশাহ ল’বলৈ শিকি আপুনি নিজকে লক্ষ্য কৰিবলৈ আৰু জানিবলৈ শিকিব পাৰে৷ আত্মসচেতনতাৰ বাবে ই এক কার্যকৰী আহিলা হ’ব পাৰে৷

জার্নেলিং

এই বিষয়ে মই আগতেও কৈছোঁ৷ জার্নেলিঙ কৰা মানে নিজৰ মনৰ সকলো কথা, চিন্তা জার্নেল এখনত লিখি যোৱা৷ ই আপোনাৰ মানসিক শান্তি আৰু আধ্যাত্মিক অগ্ৰগতিক বহু গতি দিব পাৰে৷

এই সকলোবোৰ কাম, কথা নিজৰ জীৱনত আপুনি তেতিয়াহে যোগ দিব পাৰিব যেতিয়া আপুনি স্বাস্থ্য ঠিকে ৰখাটো এক ফিল’চফি বা দর্শন বুলি ভাবিব পাৰিব৷ সেইটো আটাইতকৈ গুৰুত্বপূর্ণ আৰু প্ৰথমতে কৰিবলগীয়া সালসলনি৷ সেয়া কৰিব পাৰিলে বাকীবোৰ নিজে নিজে আহিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top