Close

ব্যক্তিগত জয় আৰু ৰাজহুৱা জয়

ৰাজহুৱা জয়ৰ বহু আগতে ব্যক্তিগত জয় আৰম্ভ হয়৷

কেতিয়াবা কোনোবা এজন খেলুৱৈ, গায়ক বা শিল্পী একে ৰাতিতে জনপ্ৰিয় হৈ উঠে৷ সকলোৱে তেওঁৰ কাম চাব বিচাৰে, তেওঁক লগ পাব বিচাৰে, তেওঁ ভাল পাবলৈ আৰম্ভ কৰে৷ এয়া হ’ল তেওঁৰ ৰাজহুৱা জয়৷ তেওঁৰ কামৰ শলাগ মানুহে লোৱা আৰম্ভ কৰে, তেওঁ কষ্টৰ ফল ৰাজহুৱাকৈ দেখিবলৈ আৰম্ভ কৰে৷ কিন্তু তেওঁ সেই ফলাফল এদিনতে লাভ কৰা নাই, তেওঁৰ ৰাজহুৱা জয় এদিনতে সম্ভৱ হোৱা নাই৷

মানুহে ব্যক্তিগত জয় বোৰ দেখা নাপায়, তেওলোকে দেখা পায় মাত্ৰ ৰাজহুৱা জয়বোৰহে৷ কিন্তু যিজনে এই কামবোৰ কৰি আছে, কষ্ট কৰি আছে তেওঁ নিজেহে আৰু মাত্ৰ তেওঁৰ লগত ওতঃপ্ৰোতভাৱে জড়িত দুই এজনে তেওঁত ব্যক্তিগত জয়বোৰ দেখা পায়৷

কিন্তু ব্যক্তিগত জয় কি নো?

আপুনি কোনোবা গায়ক হওক, এক্টৰ হওক, চিত্ৰশিল্পী হওক, আন্ট্ৰিপ্ৰনাৰ হওক বা কর্মচাৰী হওক, আপুনি প্ৰতিদিনে কষ্ট কৰে৷ আপুনি যি কাম কৰিব বিচাৰে সেই কাম কৰোতে, যিবোৰ ফলাফল লাভ কৰিব বিচাৰে সেইবোৰ লাভ কৰাৰ বাবে আপুনি কাম কিছুমান প্ৰতিদিনে কৰিব লাগে৷ এনে কামবোৰ কৰোতে সদায় ৰেজিষ্টেনচ বা প্ৰতিৰোধৰ বিপক্ষে আপুনি যুদ্ধ কৰে ৷ প্ৰতিৰোধৰ বিপক্ষে যুদ্ধ কৰাটো ইমান সহজ নহয়৷ প্ৰতিদিনে ইয়াৰ বিপক্ষে আপুনি যুজে আৰু বেছিভাগ দিনতে আপুনি জয়ী হৈছে৷ এয়া আপোনাৰ প্ৰতিদিনৰ ব্যক্তিগত জয়৷

আপুনি নিজৰ বাবে কিছুমান ভাল অভ্যাস গঢ়িছে, সেইবোৰ প্ৰতিদিনে কৰি গৈ আছে৷ এই অভ্যাসবোৰৰ বাবেহে আপুনি সফল হ’ব পাৰিছে৷ কিন্তু অভ্যাসবোৰ গঢ়োতে আৰু সেইবোৰ সদায় কৰি থাকোতে আপোনাৰ যথেষ্ট কষ্ট হৈছে৷ কিন্তু তথাপিও আপুনি সেইবোৰ কৰিছে আৰু অভ্যাসবোৰ গঢ়াৰ কামত সফল হৈছে৷

উদাৰণ স্বৰূপে, ৰাতিপুৱা আনে উঠাৰ আাগতে আপুনি উঠিছে, উঠি নিজৰ কামত ধৰিছে, যি সময়ত আন মানুহে আৰামেৰে শুই আছে৷ আনে যেতিয়া টিভি বা মবাইলত এটাৰ পিছত এটাকৈ হাহি উঠা ভিডিঅ চাই সময় কটাইছে তেতিয়া আপুনি নিজৰ কামত লাগি আছে৷

আপুনি যদি এথলিট, তেতিয়া আপুনি আনে ভাবিব নোৱাৰা ধৰণে কষ্ট কৰিছে, জিমত নিজৰ শৰীৰৰ ঘাম সদায় মাটিত পেলাইছে আৰু তাৰ পিছতহে আপুনি জয়ী হ’ব পাৰিছে৷

ৰাতিপুৱা উঠি আপুনি সদায় মেডিটেচন কৰিছে, সদায় শাৰীৰিক ব্যায়াম কৰিছে আৰু তাৰ ফলত আপুনি বয়সতকৈ দেখাত সৰু হৈ আছে বা কোনো ধৰণৰ অসুখ-বিসুখ নোহোৱাকৈ আছে৷ আনে সেয়া দেখা নাপায়৷

আপুনি কিতাপ এখন লিখিছে, বা চিনেমা এখন নিৰ্মাণ কৰিছে বা ভালদৰে বিজনেচ এটা কৰিব পাৰিছে, সেয়া কৰোতে আপোনাৰ সাংঘাটিক কষ্ট হৈছে, মানুহে সেয়া দেখা নাপায়, তাৰবাবে আপুনি কোনো স্বীকৃতিও নাপায় যেতিয়ালৈকে শেষ ফলাফলটো সকলোৱে নেদেখে৷

সকলোৰে ক্ষেত্ৰত তেনেকুৱাই হয়৷ 

কিন্তু আনে নাজানিলেও আপুনিতো জানে কিমান কষ্ট, কিমান ত্যাগৰ ফলত আপুনি সেয়া লাভ কৰিছে৷ ৰাজহুৱা জয় অহাৰ বহু আগতে এনে ব্যক্তিগত জয়বোৰ আপুনি লাভ কৰিবলৈ সমৰ্থ হ’ব৷

ৰাজহুৱা জয় আহোতে সময় লাগিব পাৰে৷ আনে স্বীকৃতি দিয়ালৈকে, সকলোৱে আপোনাৰ কথা গম পোৱালৈকে সময় লাগিব পাৰে৷ কেতিয়াবা আপুনি ৰাজহুৱা জয় লাভ নকৰিলেও এই ব্যক্তিগত জয়বোৰো জানো আপোনাৰ বাবে ডাঙৰ হ’ব নোৱাৰে?

ৰাজহুৱা জয়বোৰত গুৰুত্ব দিয়াতকৈ আপুনি ব্যক্তিগত জয়বোৰত গুৰুত্ব দিলে বেছি ভাল নহ’বনে? ব্যক্তিগত জয়বোৰৰ পৰা ৰাজহুৱা জয় এটা সময়ত আহিবই৷ প্ৰতিদিনে লাভ কৰা ব্যক্তিগত জয়বোৰ আপুনি উপভোগ কৰিব নোৱাৰেনে? প্ৰতিদিনে আপুনি ব্যক্তিগত জয় লাভ কৰিছে আৰু সেইবোৰ কৰা বাবে আনন্দ পাইছে- সেই কথাটো বেছি ভাল নহ’বনে?

ব্যক্তিগত জয়ে আপোনাক বেছি আনন্দ দিব৷ এইবোৰ জয় যে আপুনি লাভ কৰিছে সেই কথাটোত আপুনি গর্ব কৰিব পাৰে৷ এনে জয়বোৰে আপোনাৰ নিজৰ প্ৰতি সন্মান বঢ়াব৷ মানুহ হিচাপে আমি যি যি কালজয়ী কাম কৰিব পাৰো সেই সকলোবোৰ সম্ভৱ এনে ধৰণৰ ব্যক্তিগত বিজয়ৰ পৰাহে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top