আপুনি যদি প্ৰতিটো দিনেই জীয়াই থাকিব খোজে, প্ৰতিটো দিনেই যদি আপোনাৰ বাবে প্ৰডাক্টিভ হোৱাটো বিচাৰে, প্ৰতিটো দিনেই যদি উপভোগ কৰিব বিচাৰে আৰু প্ৰতিটো দিনেই যদি মনত থকা বিধৰ হোৱাটো বিচাৰে, তেন্তে আপুনি এটা কাম কৰিব লাগিব- তিনিটা প্ৰশ্ন প্ৰতিদিনে নিজকে সুধিব লাগিব৷
মই কিহৰ বাবে কৃতজ্ঞ
“আজিৰ দিনটোত মই কিহৰ বাবে কৃতজ্ঞ?” “এনে কি কথা আছে যাৰ বাবে মই কৃতজ্ঞ?” “এনে কোন মানুহ আছে যাৰ ওচৰত মই কৃতজ্ঞ?”- এনেদৰে প্ৰতিদিনে আপুনি নিজকে প্ৰশ্ন কৰিলে আপুনি গম পাব কাৰ ওচৰত আৰু কিয় আপুনি কৃতজ্ঞ৷ কৃতজ্ঞতা সুখী হোৱাৰ বাবে বৰ প্ৰয়োজনীয়৷ ৷ আৰু সেইবাবে আমি প্ৰতিদিনে মনত কৰাৰ চেষ্টা কৰিম আমি কৃতজ্ঞ হ’বলগীয়া কথাবোৰৰ৷ আপুনি যেতিয়া এই প্ৰশ্নটো সদায় ৰাতিপুৱা কৰিব অৰু তাৰ উত্তৰবোৰ বিচাৰিব তেতিয়া দিনটোত আপোনাৰ মনটো বেয়া লগাৰ সম্ভাৱনা বহু কম৷ আপোনাৰ মন এই কাৰণেই বেয়া নালাগে কাৰণ আপুনি আপোনাৰ জীৱনটোত কি কি ভাল কথা আছে, পজিটিভ কথা আছে সেয়া চাইছে, মন কৰিছে৷ তেনে অৱস্থাত আপোনাৰ মনটো বেয়া লগাৰ সম্ভাৱনা কেনেদৰে থাকিব? আপুনি যদি জীৱনটোৰ ভাল ভাল কথাবোৰ মন কৰিছে তেতিয়া আপোনাৰ জানো মনটো বেয়া লাগিব?
প্ৰথম অৱস্থাত আপুনি কামটো কৰিবলৈ অলপ টান পাব পাৰে৷ প্ৰথমতে কৃতজ্ঞ হ’বলগীয়া কোনো কথাকে আপুনি বিচাৰি নাপাব পাৰে৷ কোনো কথা নাই৷ অলপ সময় চেষ্টা কৰিলে আপুনি কৃতজ্ঞ হ’বলগীয়া এটা হলেও কথা বিচাৰি পাব৷
দিনটোত মই কি কি সৃষ্টি কৰিলো
আমি বেছিভাগেই কেৱল কনজিউম কৰোঁ বা উপভোগ কৰোঁ৷ মবাইল ফোনত ভিডিঅ, আন কিবা চোৱা, টিভিত নানা অনুষ্ঠান চোৱা, বাতৰি কাকত পঢ়া, খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি বেছিভাগ কামতেই আমি কেৱল লও বা কনজিউম কৰোঁ৷ কিন্তু আমি কোনোধৰণেই প্ৰডিউচ নকৰো, সৃষ্টি নকৰোঁ, বা উৎপাদন নকৰোঁ৷ কিন্তু অকল যদি কনজিউমে কৰি থাকো আৰু একোকে প্ৰডিউছ নকৰো তেনেহ’লে পাল্লাৰ এফালে ওজন বেছি হৈ নাযাবনে? আপুনি ইচ্ছা কৰিলে প্ৰতিদিনে কিবা নহয় কিবা এটা সৃষ্টি কৰিব পাৰে, প্ৰডিউচ কৰিব পাৰে৷ খেতি কৰি খাদ্য উৎপাদন কৰিব পাৰিলে ভাল কথা কিন্তু সকলোৱে সেয়া কৰিব নোৱাৰিব পাৰে৷ তেতিয়াহ’লে আপুনি কি উৎপাদন কৰিব, সৃষ্টি কৰিব? গল্প, কবিতা, নাটক বা তেনে কিবা আদি আপুনি প্ৰতিদিনে সৃষ্টি কৰিব পাৰে৷ মাত্ৰ এটা কথা মনত ৰাখিব আপুনি যি সৃষ্টি কৰে সি আন মানুহৰ ভালৰ বাবেহে, আন মানুহৰ কামত অহাৰ বাবেহে সৃষ্টি কৰিব, নিজৰ ইগ’ক সন্তুষ্ট কৰাৰ বাবে নহয়৷ আপুনি আনকি নিজে কৰা কিবা এটা কামৰ কথা বিস্তৃতভাৱে ফেচবুকতো যদি লিখে যাৰ পৰা আন দুজন মানুহৰ লাভ হয় তেনেহ’লে সেয়াও আপোনাৰ সৃষ্টি হ’ব পাৰে৷ আপুনি যদি ঘৰত পাচলি বা ফুলৰ বাগিছা এখন কৰিছে সেয়াও প্ৰডাকচনেই হ’ব৷
দিনটো মই যিমান সম্ভৱ সিমান ভালদৰে জীয়াই থাকিলোনে?
আজি যিটো দিন মই পাৰ কৰিলোঁ সেই দিনটো যিমান ভালদৰে জীয়াই থাকিব পাৰি মই সিমান ভালদৰে জীয়াই থাকিলোনে? নে দিনটো এনেয়ে অবাবত নষ্ট কৰিলোঁ? ভবিষ্যতৰ দুঃচিন্তা কৰি আজিৰ দিনটো নষ্ট কৰিলোঁ নেকি? নে অতীতৰ কথা ভাবি বহি থাকি দিনটো শেষ কৰিলোঁ? যদি ইয়াৰে যিকোনো এটা কৰিলোঁ তেতিয়াহ’লে আজিৰ দিনটোৰ সম্ভাৱনাটো মই সম্পূর্ণৰূপে ধ্বংস কৰিলোঁ৷ আজি যি হ’ব পাৰিলেহেঁতেন সেয়া নহ’ল কাৰণ মই অতীত বা বর্তমানৰ নিগেটিভ কথা ভাবি তাত কটালোঁ৷ আজি দিনটো যিমান কাম কৰিব পাৰি সিমান কৰিলোনে, যিমান হাঁহিব পাৰি সিমান হাঁহিলোনে, যিমান আন কাৰোবাক সহায় কৰিব পাৰি সিমান কৰিলোণে, যিমান মনটোক আশাবাদী কৰিব পাৰি সিমান কৰিলোনে- এনেধৰণৰ কিছুমান চিন্তাই আপোনাৰ এই তিনি নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিব৷
এনেয়ে দিনটো কটোৱাতকৈ মই যদি আজিৰ দিনটোৰ কথা পৰিকল্পনা কৰি সেইমতে কাম কৰোঁ তেতিয়া মই বেছি ভাল কৰিব পাৰিম৷ আযি যদি দিনটো হাঁহি ফূর্তি কৰি, মই বিচৰা ধৰণে জীয়াই থকাৰ সম্ভাৱনা আছিল, মই সেইমতে জীয়াই থাকিব পাৰোঁ৷
তেনে দিন এটা কটোৱাৰ পিছত আপুনি সন্তুষ্টি পাব, আপোনাৰ মনটো ভাল লাগিব আৰু আটাইতকৈ ডাঙৰ কথা ই আপুনি বিচৰা জীৱনটোৰ সৃষ্টিৰ পিনে আপোনাক আগুৱাই লৈ যাব৷