Close

এক সুন্দৰ দৈনন্দিন জীৱন

এক সুন্দৰ জীৱন আমি সকলোৱে বিচাৰোঁ, কিন্তু সেয়া কেনেদৰে পোৱাটো সম্ভৱ হ’ব পাৰে সেয়া আমি নাজানো৷ কিন্তু আপোনাৰ দৈনন্দিন জীৱনটো সুন্দৰ কৰি তোলাটো ইমান টান নহয়৷ দৈনন্দিন জীৱনত সুখ আৰু শান্তি লাভ কৰিবলৈ হ’লে আমি কেইটামান কথাৰ ওপৰত মনোযোগ দিব লাগিব৷  সেয়া হ’ল- শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য আৰু আধ্যাত্মিক স্বাস্থ্য৷

শাৰীৰিক স্বাস্থ্য

সুখ নাই সুখ নাই চিৰ ৰুগীয়াৰ

কবিয়ে আগতে কৈয়ে গৈছে৷ কথাটো সঁচা৷ যদি আপোনাৰ অনবৰতে কিবা নহয় কিবা এটা অসুখ হৈয়ে থাকে সুখী হোৱাটো বৰ টান হৈ পৰে৷ কিন্তু অলপ কষ্ট কৰি যদি আপুনি নিজৰ শৰীৰটো ভালে ৰাখিব পাৰে তেন্তে আপুনি নিজৰ দৈনন্দিন জীৱনটো অনন্দময় কৰি তুলিব পাৰে৷

শাৰীৰিক ব্যায়াম

বুদ্ধই কৈছিল, “তোমাৰ শৰীৰটো বৰ মূল্যবান৷ ই আমাৰ জাগৰণৰ বাহন৷ ইয়াৰ যত্ন ল’বা৷”

এইটো আটাইতকৈ গুৰুত্বপূর্ণ কামবোৰৰ এটা৷ এইটো নহ’লে নহ’ব৷ শাৰীৰিক ব্যায়াম কৰিবই লাগিব৷ আমাৰ অসমীয়া মানুহৰ ব্যায়াম কৰাৰ অভ্যাস অলপ কম যেন অনুভৱ হয়৷ কিন্তু যদি আপুনি ব্যায়াম নকৰে তেন্তে ডায়েবেটিছ, ষ্ট্ৰোক, উচ্চ ৰক্তচাপ, হার্টৰ আন সমস্যা আদিয়ে দেখা দিয়ে৷ এনেবোৰ সমস্যা যদি আপোনাৰ গাত থাকে আপুনি জানো সুখ আৰু শান্তিৰে জীৱন কটাব পাৰিব?

দেখাত ভাল হৈ থাকিবলৈ, বয়সৰ চাপ কমাই ৰাখিবলৈও আপোনাক শাৰীৰিক ব্যায়ামে সহায় কৰিব৷ শাৰীৰিক ব্যায়ামৰ বিভিন্ন লাভসমূহৰ কথা এবাৰ চাওঁ আহক-

• শাৰীৰিক ব্যায়ামে আপোনাৰ ওজন নিয়ন্ত্ৰিত কৰি ৰখাত সহায় কৰে৷ আপুনি অদৰকাৰী ওজনৰ পৰা বাচি থাকে৷ অপ্ৰয়োজনীয় কেলৰি পুৰি আপুনি নিজকে শকত আৰু মেদবহুল হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে৷

• ব্যায়ামে বেমাৰ আৰু শাৰীৰিক সমস্যাৰ পৰা আপোনাক মুক্ত কৰি ৰাখে৷ আপুনি নিয়মীয়াকৈ ব্যায়াম কৰিলে হার্টৰ সমস্যা, ষ্ট্ৰোক, ডায়েবিটিছ, ডিপ্ৰেচন, পৰিপাক ক্ৰিয়াৰ সমস্যা, কিছুমান কেঞ্চাৰ, আর্থাইটিছ আদি নানা বেমাৰ আৰু সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰে৷

• শাৰীৰিক ব্যায়ামে আপোনাৰ মুড বা মানসিক অৱস্থা ভাল কৰি ৰাখে৷ যদি অপোনাৰ মনটো বেয়া লাগি আছে, অকণমান সময় ব্যায়াম কৰিলে আপোনাৰ মনটো ভাল লাগিবলৈ আৰম্ভ কৰে৷

• ই আপোনাৰ শাৰীৰিক শক্তি বঢ়ায়৷ মাংসপেশীৰ শক্তিৰ লগতে ই শৰীৰৰ সহনশীলতা বঢ়ায়৷ অক্সিজেন আৰু পৰিপুষ্টিৰ যোগান ভাল হয় বাবে আপোনাৰ শৰীৰে বেছি ভালদৰে কাম কৰিব পাৰে৷ গতিকে আপুনি দৈনিক কামবোৰ কৰিবলৈ বেছি শক্তি লাভ কৰে৷

• শাৰীৰিক ব্যায়াম কৰিলে আপোনাৰ টোপনি ভাল হয়৷ ব্যায়াম কৰিলে আপোনাৰ ভাগৰ লাগে৷ লগতে ই টোপনি নহাৰ কাৰণবোৰো নোহোৱা কৰে৷ গতিকে আপুনি শান্তিৰে টোপনি যাব পাৰে৷

• শাৰীৰিক ব্যায়াম কৰিলে আপুনি দেখাত বেছি ভাল আৰু ফিট হয়৷ লগতে আপোনাৰ শৰীৰৰ শক্তিও বাঢ়ে৷ দুয়োটাই আপোনাৰ যৌন জীৱনৰ বাবে ভাল৷ আপোনাৰ যৌন জীৱনো নানা ধৰণৰ অসুবিধাবোৰ আতৰ কৰি ই বেছি ভাল কৰি তোলে৷

যদি আপুনি বেছি ভাল অনুুভৱ কৰিব বিচাৰে, মনটো ভাল লগাটো বিচাৰে, জীৱনত বেছি শক্তি বিচাৰে, সুস্থভাৱে জীয়াই থাকিব বিচাৰে, তেতিয়াহ’লে সপ্তাহটোৰ অন্তঃত তিনিটা বা চাৰিটা দিন ভালদৰে শাৰীৰিক ব্যায়াম কৰাৰ চেষ্টা কৰক৷ যদি সপ্তাহটোৰ গোটেই কেইদিন ব্যায়াম কৰিব পাৰে তেন্তে আৰু ভাল কথা৷

Backpacker resting and drinking water

পানী খাওক

পানী খোৱাটো বৰ জৰুৰী৷ দেখাত কথাটো বৰ সৰু হ‘ব পাৰে, কিন্তু আপোনাৰ শৰীৰে প্ৰয়োজনীয় পানী নোপোৱা বাবে নান শাৰীৰিক আৰু লগতে মানসিক সমস্যাই দেখা দিব পাৰে৷ এনে শাৰীৰিক সমস্যাৰ ভিতৰত ভাগৰ লগা, অৱসাদ, কনষ্টিপেচন, হজম শক্তিৰ সমস্যা, ওজন বৃদ্ধি, পেটৰ আলচাৰ, ভালদৰে চিন্তা কৰিব নোৱাৰা, আদি প্ৰধান৷ ইয়াৰ ফলত আপোনাৰ মৃত্যুও হ’ব পাৰে৷

পানী খালে ই আপোনাক শকত নোহোৱাকৈ থকাৰ লগতে গাৰ চৰ্বী কমোৱাতো সহায় কৰে৷ পানী খালে আপুনি আন খাদ্য কমকৈ খাবলগীয়া হয়৷ আনহাতে পানীত কেলৰি নাথাকে৷ অর্থাৎ পানী খালে আপোনাৰ শৰীৰত কেলৰি যোগ নহয়, কিন্তু কাম কৰোতে, চলাফুৰা কৰোতে কেলৰি খৰছ হয়৷ গতিকে আপুনি চৰ্বী কমাবলৈ সক্ষম হোৱাৰ লগতে ক্ষীণাবও পাৰিব যদিহে আপুনি যাবলগীয়া পানী খায়৷ পানী খালে ই আপোনাৰ শৰীৰত থকা টক্সিন বা বিষাক্ত দ্ৰব্য কিছুমানো উলিয়াই দিয়ে৷ পানী খালে আপোনাৰ পৰিপাক প্ৰক্ৰিয়াই ঠিকমতে কাম কৰি থাকে৷ দুগিলাচ পানীয়ে আপোনাৰ পৰিপাক প্ৰক্ৰিয়াটো 30ãশতাংশ বঢ়াব পাৰে৷ তেতিয়া ব্যায়াম নকৰাকৈও আপোনাৰ শৰীৰে বেছিকৈ কেলৰি পুৰিব পাৰে আৰু ফলত আপুনি শকত আৰ বেমাৰী হোৱাৰ পৰা বাচিব পাৰে৷ ৰাতিপুৱা শুই উঠিয়েই আপুনি দুগিলাছ পানী খাব পাৰিলে তাৰ সুফল বেছি পাব৷

মানসিক ভালৰ বাবে শাৰীৰিক সক্ৰিয়তা

শাৰীৰিক সক্ৰিয়তাৰ ফলত আপোনাৰ শৰীৰ ভালে থাকে আৰু আপুনি ফিট হৈ থাকে, আপোনাৰ বেমাৰ-আজাৰ কমকৈ হয়৷ তাৰ লগতে ই আপোনালৈ আন এটা সুবিধাও কঢ়িয়াই আনে৷ সেয়া হ’ল- ই আপোনাক মানসিক ভাবেও সুস্থ কৰি ৰাখে৷ এনে হোৱাৰ কাৰণ হ’ল মন আৰু শৰীৰ দুয়োটাৰে অতঃপ্ৰোত সম্পর্ক আছে৷

কেনেদৰে শাৰীৰিক সক্ৰিয়তাই মানসিক অৱস্থা ভাল কৰি ৰাখে

আপুনি যদি শাৰীৰিক ব্যায়াম আদি কৰে, তেন্তে ই আপোনাক সৰু সুৰা ডিপ্ৰেচনৰ সমস্যা নাইকিয়া কৰাত সহায় কৰে৷ ই আপোনাৰ উদ্বেগ কম কৰাতো সহায় কৰে৷ শাৰীৰিক ব্যায়ামৰ ফলত আপোনাৰ মগজুত কিছুমান ৰাসায়নিক সালসলনি ঘটে যাৰ ফলত আপোনাৰ মুডৰ সালসলনি ঘটে৷ ই আপোনাৰ আত্মসন্মান বৃদ্ধি কৰাৰ লগতে আপোনাৰ নিজৰ ওপৰত বিশ্বাসো বৃদ্ধি কৰে৷

কেনেধৰণৰ শাৰীৰিক ব্যায়াম কৰিব?

আপুনি যে জিম যাবই লাগিব তেনে কথা নাই৷ নানাধৰণৰ শাৰীৰিক পৰিশ্ৰমে আপোনাক নানা ধৰণৰ ফল লাভ কৰাত সহায় কৰিব৷ খোজ কঢ়া, চাইকেল চলোৱা, যোগ, বডীবিল্ডিং, ৱেইট লিফটিং, ফ্ৰিহেণ্ড এক্সাৰচাইজ, বডীৱেইট এক্সাচাইজ বা আন যিকোনো এক্সাচাইজ আপুনি কৰিব পাৰে৷ ইয়াত মূল কথাটো হ’ল আপুনি কি কৰি ভাল পায় আৰু কি কৰিলে আপোনাৰ কামত আহে৷ এসপ্তাহত আপুনি কমেও 150 ৰ পৰা 200 মিনিট এক্সাচাইজ কৰিব লাগে৷

মানসিক স্বাস্থ্য

মানসিক স্বাস্থ্য আপোনাৰ বাবে দ্বিতীয় প্ৰয়োজনীয় কথা৷ মানসিক স্বাস্থ্যৰ সমস্যা থাকিলেও আপুনি সুখ আৰু শান্তি পাব নোৱাৰিব আৰু দৈনন্দিন জীৱনটো নৰক হৈ পৰিব পাৰে৷ যিদৰে ব্যায়াম বা এক্সাচাইজ নকৰিলে শাৰীৰিক স্বাস্থ্য হানি হয়, তেনেদৰে কিছুমান মানসিক ব্যায়াম নকৰিলে মানসিক স্বাস্থ্যও ঠিকে নাথাকিব৷

মানসিক স্বাস্থ্যৰ বাবে

ৰাতিপুৱা মেডিটেচন

মেডিটেচন কৰিলে  আপোনাৰ মনৰ শক্তি বাঢ়ে, আপুনি কথাবোৰ ভালদৰে চিন্তা কৰিব পৰা হয়, বুজিব পৰা হয়৷ ই আপোনাক ৰিলেক্স বা শান্ত কৰে, আপোনাৰ ষ্ট্ৰেছ কমায়৷ ইয়াৰ ফলত আপুনি আনৰ লগত সুন্দৰভাৱে যোগাযোগ কৰিব পৰা হয়৷ ই আপোনাৰ শৰীৰ আৰু মন পুনৰ সতেজ কৰি তোলে৷ মেডিটেচনৰ ফলত নানা স্বাস্থ্য সম্বন্ধীয় লাভো হয়৷ ই আপোনাৰ ব্লাড প্ৰেচাৰ কমায়, উদ্বেগ নোহোৱা কৰে, দুঃচিন্তা নোহোৱা কৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায়৷ মেডিটেচনে আপোনাক সুখী হোৱাত সহায় কৰে, ক্ৰিয়েটিভিটি বঢ়ায়, মগজুৰ শক্তি বৃদ্ধি কৰে৷

ডায়েৰী

ডায়েৰী লিখাটো এটা খুব ভাল অভ্যাস৷ ডায়েৰীখনত আপুনি নিজৰ মনৰ সকলো কথা, আনকি আনক ক’ব নোৱাৰা কথাও লিখিব পাৰে৷ ই আপোনাৰ মনৰ বোজা পাতল কৰি আপোনাৰ মনটো শান্ত কৰি তোলে৷ আনক ক’ব নোৱাৰা কথাবোৰোৰ লগতে মনত ৰাখিবলগীয়া কথাবোৰো আপুনি ডায়েৰীখনত লিখি থব পাৰে৷ কেতিয়াবা আপোনাৰ কথাবোৰ শুনিবলৈ কোনো মানুহ নাথাকে৷ তেতিয়াও আপুনি কথাবোৰ ডায়েতৰীত লিখি যাব পাৰে৷ এই সৰু অভ্যাসটোৱে আপোনাক নানা মানসিক সমস্যাৰ পৰা বচাই ৰাখিব পাৰে৷ সদায় শোৱাৰ আগতে মাত্ৰ 5 মিনিট সময় দি আপুনি দিনটোৰ প্ৰয়োজনীয় কথাবোৰ লিখি ৰাখিব পাৰে৷ এইবোৰ কথা যেতিয়া আপুনি পিছত পঢ়ি চাব, তেতিয়া আপোনাৰ মনটো ভাল লাগিব৷

কৃতজ্ঞতাৰ জার্নেল

আপুনি কাৰ কাৰ প্ৰতি কি কি কাৰণে কৃতজ্ঞ, সেয়া লিখি ৰাখিলে ই আপোনাক সেই কথাবোৰ মনত ৰখাত সহায় কৰিব আৰু লগতে সুখী হোৱাতো সহায় কৰিব৷ কৃতজ্ঞ মানুহবোৰ সুখী হয়৷ তেওঁলোকে জীৱনত কি কি নাই সেই কথাতকৈ কি কি আছে তাৰ ওপৰত বেছিকৈ মনোযোগ দিয়ে, ফলত জীৱনটো তেওঁলোকৰ বাবে সুন্দৰ আৰু উপভোগ্য হৈ পৰে৷ এই জাণের্লখনত আপুনি আনে আপোনাৰ বাবে কৰা ভাল কামৰ কথা লিখিব যিবোৰ পঢ়িলে আপোনাৰো আনক সহায় কৰিবলৈ মন যাব৷ লগতে আপুনি জীৱনত আনৰ তুলনাত কিমান কি পাইছে সেয়া লক্ষ্য কৰিবলৈও আপুনি সুবিধা পাব৷

পুৰণি বন্ধু এজনৰ লগত কথা পাতক

পুৰণি  বন্ধু এজনৰ লগত কথা পাতিলেও আৰু মনটো ভালে থাকিব৷ তেওঁৰ লগত কথা পতাৰ লগে লগে নানা ধৰণৰ আৱেগ-অনুভূতি আহি আপোনাৰ মনটো বুৰাই পেলাব৷ এনে ধৰণৰ আৱেগ অনুভূতি অনুভৱ কৰাটো অঅপোনাৰ মানসিক স্বাস্থ্যৰ বাবে ভাল কথা৷

নিজৰ বাবে অলপ সময়

আপুনি যিমানে ব্যস্ত নহওক কিয়, অলপ সময় নিজৰ বাবে উলিয়াবই লাগিব৷ নহ’লে এটা সময়ত ব্যস্ততা আৰু ষ্ট্ৰেছৰ লগতে আপোনাৰ ভাব হ’ব “মই জীৱনত কি পালোঁ, সদায় মই আনৰ বাবেহে কাম কৰোঁ, মোৰ নিজৰ বাবে অলপো সময় নাই৷” প্ৰতিদিনে অলপ সময় “মোৰ নিজৰ সময়” বুলি বেলেগকৈ ৰাখক৷ এইখিনি সময় আপুনি যি কৰি ভাল পায় তাকেহে কৰক৷ মহিলাসকলৰ বাবে এইটো এটা খুব প্ৰয়োজনীয় কথা হ’ব পাৰে কাৰণ প্ৰায়ে দেখা যায় যে পৰিয়াল আৰু নানা কামৰ মাজত তেওঁলোকৰ নিজা সময় বোলা কোনো সময়েই নাথাকে৷ গতিকে নিজৰ যত্ন ল’বলৈ, নিজৰ কথা চিন্তা কৰিবলৈ তেওঁলোকে কোনো সময়েই নাপায়৷ তেনেদৰে পুৰুষসকলকো এনে “মোৰ নিজৰ সময়ৰ প্ৰয়োজন,” যত তেওঁলোকে নিজে ভাল পোৱা কাম এটা কৰিব পাৰে৷

ভালদৰে শোওক

চালদৰে টোপনি অহাটো যিকোনো বয়সৰ মানুহৰ বাবে অতি প্ৰয়োজনীয় এটা কথা৷ আপোনাৰ দৈনন্দিন জীৱনটোৰ লগতে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় সময়খিনি শোৱাটো প্ৰয়োজনীয়৷ ই খোৱা আৰু শাৰীৰিক ব্যায়ামৰ সমানে প্ৰয়োজনীয়৷ ভাল টোপনি নহ’লে কি হয়-

টোপনি ভাল নহ’লে আপুনি শকত হৈ পৰিব পাৰে৷ টোপনি ভালদৰে নহা সৰু ল’ৰা-ছোৱালী আৰু ডাঙৰ মানুহৰ শকত হোৱাৰ প্ৰৱণতা 55 ৰ পৰা 89 শতাংশ বেছি৷ ভালদৰে টোপনি অহা মানুহৰ মনোযোগ আৰু কাম কৰাৰ শক্তি বেছি হয়৷ ভালদৰে টোপনি নহা মানুহৰ হার্টৰ বেমাৰ আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি৷ তেনে মানুহৰ ডায়েবিটিছ হোৱাৰ সম্ভাৱনাও অধিক৷ যদি আপোনাৰ ডিপ্ৰেচন হৈছে তেন্তে ভালদৰে টোপনি নোহোৱাতো তাৰ এটা কাৰণ হ’ব পাৰে৷ টোপনি ঠিকমতে হোৱা মানুহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বেছি৷ ভালদৰে টোপনি নহ’লে যে সামাজিক সক্ৰিয়তা আৰু আৱেগৰ ওপৰতো প্ৰভাৱ পৰে সেয়া বিভিন্ন সময়ত হয়তো আপুনি নিজেই প্ৰমাণ পাইছে৷

গতিকে প্ৰয়োজনীয় টোপনি লাভ কৰাৰ বাবে যিবোৰ ব্যৱস্থা ল’ব লাগে সেয়া লওক আৰু টোপনি সঠিক হোৱাটো নিশ্চিত কৰক৷

সপ্তাহন্তৰ চুটি

সপ্তাহটোৰ শেষত এদিন চুটি লওক৷ আপুনি সপ্তাহটোত যদি বহু কষ্ট কৰিলে এদিন সময় নিজৰ বাবে, নিজৰ ভালপোৱা সকলৰ বাবে আৰু পৰিয়ালৰ বাবে থওক৷ এইদিনটোত অফিচ বা বিজনেচৰ কাম নকৰি আপুনি ভালপোৱা কিবা এটা কৰক৷

শিকি থাকক

কিবা নহয় কিবা এটা নতুন কথা শিকাত নিজকে ব্যস্ত কৰক৷ ইয়াৰ ফলত আপোনাৰ মগজুটো ভালদৰে কামত লাগি থাকে৷ ফলত আপোনাৰ মানসিক শক্তি অটুট থাকিব৷ আনকি বুঢ়া বয়সতো আপুনি নতুন নতুন কথা শিকি থাকিব পাৰে৷ এই কথাটোৱে মানুহক মানসিক ভাৱে ডেকা হৈ থকাত সহায় কৰে৷ আপুনি নতুন চাকৰি এটা কৰিব পাৰে, নিজে ভালপোৱা কাম বা হবী এটা গ্ৰহণ কৰিব পাৰে, বা ভলন্টিয়াৰ হিচাপে কাম কৰিব পাৰে৷ এয়া কৰিবলৈ অপাুনি নতুন নতুন কথা শিকিব লাগিব আৰু ফলত আপুনি মানসিক ভাবে সক্ৰিয় আৰু শক্তিশালী হৈ থাকিব৷

আধ্যাত্মিক স্বাস্থ্য

এই লিখনিটোত আমি আধ্যাত্মিক কথাৰ বেছি গভীৰলৈ নাযাও৷ কিন্তু এটা কথা আপুনি বুজি পাব লাগিব৷ সেয়া হ’ল- আধ্যাত্মিক চিন্তা চর্চা মানে ধৰ্মীয় চিন্তা চর্চা নহয়৷ এই কথাটো বুজি পোৱাতো খুব প্ৰয়োজনীয়৷ আধ্যাত্মিক কথা ধর্মীয় কথাতকৈ বহু বেলেগ৷ আধ্যাত্মিক ভাৱৰ আৰম্ভণি হয় নিজকে জনাৰ পৰা যাক আমি কও আত্মসচেতনতা৷

আত্মসচেতনতা

আত্মসচেতনতা আধ্যাত্মিকতাৰ প্ৰথম খোজ৷ আত্মসচেতনতা মানে নিজৰ বিষয়ে সচেতন হোৱা৷ অর্থাৎ আপুনি নিজকে জানিবলৈ চেষ্টা আৰম্ভ কৰিছে৷ “মই কোন” এই প্ৰশ্নটোৰ উত্তৰ জানিবলৈ পুৰুষৰ পিছত নান পুৰুষে চেষ্টা কৰা নাই জানো৷ নিজৰ বিষয়ে জনাটো এই প্ৰশ্নটোৰ উত্তৰ পোৱাৰ পিনে আপোনাৰ আৰম্ভণিৰ খোজ৷ আপুনি যেতিয়া নিজৰ বিষয়ে সচেতন হয়, তেতিয়া আপুনি আপোনাৰ শৰীৰ আৰু মন দুয়োটাৰ বিষয়ে গম পাবলৈ আৰম্ভ কৰে৷ আপুনি কি ভাল পায়, কি বেয়া পায়, কি খাই ভাল পায়, কি খাই বেয়া পায়, কেনে কাম কৰি ভাল পায়, কেনে কাম কৰি বেয়া পায় ইত্যাদি কথা আপুনি জানিব পাৰে৷

আত্মসচেতনতাৰ বাবে আপোনাক লাগিব পর্যবেক্ষণ কৰাৰ ক্ষমতা৷ এই ক্ষমতা আয়ত্ব কৰিবলৈ আপুনি নিজকে অলপ সময় দিব লাগিব৷ লাহে লাহে অভ্যাস কৰিলে আপুনি আগতে মন নকৰা নানা কথা মন কৰিবলৈ আৰম্ভ কৰিব৷ নিজৰ বিষয়ে নানা কথা মন কৰাৰ লগতে আপুনি আনৰ বিষয়ে আৰু আন বস্তুবোৰৰ বিষয়েও নানা কথা মন কৰিবলৈ আৰম্ভ কৰিব৷ আৰু তেতিয়া আপুনি আন মানুহ, কথা আৰু বস্তুবোৰক বেছি ভালদৰে বুজি পাব পাৰিব৷ তাতোকৈ ডাঙৰ কথা হ’ল আপুনি নিজৰ বিষয়ে বহু কথা গম পাব৷ নিজৰ বিষয়ে নজনাৰ বাবেই আমাৰ নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়৷ নিজৰ বিষয়ে জানিলে আপুনি নানা ধৰণৰ সিদ্ধান্ত আৰু ভালদৰে ল’ব পাৰিব৷

মেডিটেচন

মেডিটেচন কৰিলে ই আপোনাক আধ্যিাত্মিভাৱেও সহায় কৰে৷ ই অসীমৰ লগত মিলি যাবলৈ শিকায়, এই বিশ্ব্ব্ৰহ্মাণ্ডৰ এক অংশ হিচাপে নিজকে চিনি পাবলৈ শিকায়৷ মেডিটেচন কৰি থকা অৱস্থাত আপুনি এক শান্তি, সুখ আৰু অসীম অৱস্থাত ব্যাপ্ত হৈ থাকে৷ আৰু মনৰ এই অৱস্থাকে আপুনি বাহিৰৰ পৃথিৱীলৈ বিকিৰণ কৰে৷ ই আপোনাৰ সঁচা ব্যক্তিগত সমৃদ্ধি ঘটায়৷ আপুনি নিজৰ বিষয়ে বেছিকৈ জানিব পাৰে আৰু নিজৰ বিষয়ে বেছিকৈ আৱিষ্কাৰ কৰিবলৈ ধৰে৷ গতিকে মেডিটেচনৰ ফলত আপোনাৰ আধ্যাত্মিক উন্নতি হয়৷

নিজৰ দৈনন্দিন জীৱনটো সুন্দৰ কৰি তোলক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দি৷ ইয়াৰ লাভ মাত্ৰ এদিন বা কেইদিনমানতে সীমাবদ্ধ নহয়, ই গোটেই জীৱন জুৰি থাকিব৷ নিজৰ আজি আৰু কালিৰ ভালৰ বাবে আজি অলপ কষ্ট কৰক৷  নকৰিবনে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top