Close

ষ্ট্ৰেটেজিক ব্ৰেইক

আপুনি যদি নিজৰ কামবোৰ বেছি ভালদৰে কৰিব বিচাৰে আৰু দিনটো আৰু কামবোৰ উপভোগ কৰিব বিচাৰে, তেনেহ’লে ষ্ট্ৰেটেজিক ব্ৰেইকে আপোনাক তেনে কৰিবলৈ সহায় কৰিব পাৰে৷ ইয়াক কামৰ মাজে মাজে লোৱা কিছুমান ষ্ট্ৰেটেজিক জিৰণি বুলি ক’ব পাৰি৷ ই আপোনাৰ প্ৰডাক্টিভিটি বঢ়োৱাৰ লগতে দিনটো কাম কৰি ব্যতিব্যস্ত নোহোৱাকৈ সময়বোৰ উপভোগ কৰাতো সহায় কৰিব৷ এই কৌশলটো অফিচৰ কর্মচাৰী, নিজৰ ব্যৱসায় কৰা সকলৰ লগতে ঘৰত থাকি কাম কৰা সকলে, হাউচৱাইফসকলেও ব্যৱহাৰ কৰিব পাৰে৷

ষ্ট্ৰেটেজিক ব্ৰেইক কেনে হ’ব লাগে?

ষ্ট্ৰেটেজিক ব্ৰেইক এটা বেছি দীঘল হ’ব নালাগে, চুটিও হ’ব নালাগে৷ কেতিয়াবা ইয়াক এক নির্দিষ্ট সময়ত ল’লে ভাল কিন্তু কেতিয়াবা তেনেদৰে এটা সময় ঠিক কৰি লোৱাতকৈ যেতিয়াই প্ৰয়োজনীয় তেতিয়াই ইয়াক ল’লেহে ই বেছি কাম কৰিব৷ ই কেনে হ’ব সেয়া নির্ভৰ কৰিব আপোনাৰ কামৰ ওপৰত অর্থাৎ আপুনি কি কাম কৰে৷ ইয়াক লবই লাগিব বুলি কথা নাই৷ মাত্ৰ যেতিয়া আপুনি অনুভৱ কৰে যে ইয়াৰ প্ৰয়োজন হৈছে তেতিয়া তাক ল’ব লাগে৷ তাৰবাবে মাইণ্ডফুলনেছ লাগিব যাৰ সহায়ত আপুনি সহজে গম পাব যে আপোনাক এটা ষ্ট্ৰেটেজিক ব্ৰেইকৰ বৰ প্ৰয়োজন হৈছে৷ কেতিয়াবা হয়তো আপুনি ৩-৪ টা তেনে ষ্ট্ৰেটেজিক ব্ৰেইক লাগিব আৰু কেতিয়াবা মাত্ৰ এটা৷

ষ্ট্ৰেটেজিক ব্ৰেইকত কি কৰিব লাগে, কি কৰিব নালাগে?

চকীত বহি থকাৰ পৰা ঠিয় হওক আৰু অলপ ইফালে সিফালে খোজ কাঢ়িব পাৰে৷ অফিচৰ ভিতৰত যদি আন আন ঠাইত আপোনাৰ বন্ধু-বান্ধৱী আছে তেওঁলোকক লগ কৰিবলৈ যাব পাৰে৷ কথা পতাও হ’ব, মনটো ভাল লাগিব আৰু লগতে খোজ কঢ়াও হ’ব৷ মাত্ৰ ফোনটো পাৰিলে এৰি থৈ যাব বা পকেটত থৈ দিব, হাতত লৈ নাথাকিব৷ আপুনি যদি কম্পিউটাৰৰ সন্মুখত বেছি সময় কাম কৰে, তেতিয়া এই সময়খিনি আপোনাৰ বাবে কম্পিউটাৰ স্ক্ৰিণৰ পৰা আতৰি থকাৰ এক উপায় হ’ব৷

মাত্ৰ এটা কথা মন কৰিব৷ আপুনি যদি আন কাৰোবাক লগ কৰিবলৈ গৈছে, তেতিয়া তেওঁক মাত দিয়াৰ আগতে চাব সেই মানুহজনৰ বডী লেংগুৱেজ কেনেকুৱা৷ যদি তেওঁ খুব মোনযোগেৰে এটা ফ্ল’ ষ্টেটত কাম কৰি আছে তেওঁক মাতি মনোযোগ ভংগ নকৰাই ভাল হ’ব৷

ষ্ট্ৰেটেজিক ব্ৰেইকৰ গুণগতমান বেছি প্ৰয়োজনীয় –কিমানটা ব্ৰেইক লৈছে সেয়া ডাঙৰ কথা নহয়, ব্ৰেইকটো কেনে সেয়াহে জৰুৰী

ষ্ট্ৰেটেজিক ব্ৰেইকৰ পৰা কি লাভ হ’ব?

বার্ণআউট আৰু উদ্বেগ কমিব

কেতিয়াবা একেৰাহে কাম কৰি থাকিলে ই আপোনাক মানসিকভাৱে অৱসাদগ্ৰস্ত কৰি তুলিব পাৰে৷ ফলত উদ্বেগৰ সৃষ্টি কৰিব পাৰে৷ দুয়োটা কথাই আপোনাৰ বাবে বেয়া৷ ষ্ট্ৰেটেজিক ব্ৰেইকে এনেধৰণৰ মানসিক অৱসাদগ্ৰস্ততা আৰু উদ্বেগ দুয়োটাকে কমাই আপোনাৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভালে ৰাখিব পাৰে৷

প্ৰডাক্তিভিটি বাঢ়িব

ই আপোনাৰ প্ৰডাক্টিভিটি বঢ়াব৷ মনৰ মাজত গোট খোৱা জংঘল আৰু জালবোৰ আতৰাবলৈ ই সহায় কৰিব আৰু নতুনকৈ কামত ফ’কাছ কৰিবলৈ সহায় কৰিব৷ অকণমান ৰ’লে ই মনটো ৰিফ্ৰেছ কৰিব আৰু এক সতেজ মন লৈ আপুনি আকৌ কাম কৰিবলৈ বহিব পাৰিব৷

মানসিক স্বাস্থ্য বেছি ভাল হ’ব

ষ্ট্ৰেটেজিক ব্ৰেইকে আপোনাৰ ষ্ট্ৰেছ কমাই আপোনাক সহায় কৰিব৷ বহু সময়ৰ বাবে একেৰাহে কাম কৰি থাকিলে ই উদ্বেগ, হার্ট সমস্যা, ডিপ্ৰেচন, শকত হোৱা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ এনেধৰণৰ ব্ৰেইক লোৱাৰ ফলত ই আপোনাক তেনে সমস্যাৰ পৰা আতৰাই ৰখাত সহায় কৰিব৷

ক্ৰিয়েটিভিটি বাঢ়িব

আপুনি এটা কামৰ পৰা অন এটা কামলৈ যাব লগা হ’লে মাজত অলপ সময় ষ্ট্ৰেটেজিক ব্ৰেইক এটা ল’লে ই আপোনাক নিজৰ ক্ৰিয়েটিভিটি বঢ়োৱাত সহায় কৰিব৷ তেতিয়া এটা কামৰ পৰা আন এটালৈ যাবলৈ সহজ হ’ব আৰু নতুন কামটোৰ ফলাফল বেছি ভাল হ’ব৷ বহু ভাল ভাল কোম্পানীয়ে নিজৰ কর্মচাৰীসকলক তেনে কিছুমান ষ্ট্ৰেটেজিক ব্ৰেইক দিয়ে কাৰণ তেওঁলোকে জানে যে ই ক্ৰিয়েটিভিটি বঢ়ায়৷

আপুনি ঘৰৰ কামেই হওক বা অফিচৰ কামেই হওক, নানা কাম কৰোতে আৰু এটা কামৰ পৰা আন এটালৈ যাওতে এনেদৰে কিছুমান ষ্ট্ৰেটেজিক ব্ৰেইক ল’ব পাৰে যিয়ে আপোনাক মানসিক স্বাস্থ্য ঠিকে ৰখাৰ লগতে আপোনাক কামবোৰ কৰিবলৈ মটিভেট কৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top